পুষ্টিকৰ খাদ্যবোৰৰ ভিতৰত গাখীৰ অন্যতম। গাখীৰৰ প্ৰধান উপাদানবোৰ হ’ল-পানী, মাংসসাৰ, শৰ্কৰা আৰু ধাতৱলোণ। অন্যান্য উপাদানবোৰ হ’ল-ফছফোলিপিদছ, ষ্টেৰ’লছ, ভিটামিন, এনজাইমছ, পিগমেণ্টছ ইত্যাদি।
সকলোবোৰ গাখীৰতেই একে ধৰণৰ উপাদান থাকে। কিন্তু সেইবোৰৰ পৰিমাণ বিভিন্ন হয়। সাধাৰণতে, গাখীৰৰ চৰ্বীয়ে প্ৰতিদিনে আটাইতকৈ বেছি বিভিন্নতা দেখুৱায়। গাখীৰৰ উপাদানবোৰত প্ৰভাৱ কৰা কাৰকবোৰ হ’ল- শ্ৰেণী বা জাতি, সঁচ, নিজস্বতা, গাখীৰ খিৰণৰ ব্যৱধানতা, গাখীৰ খিৰণৰ সম্পূৰ্ণতা, গাখীৰ খীৰণৰ তাৰতম্যতা, অনিয়মিত গাখীৰ খীৰণ, জন্তুৰ ৰোগ, বয়স, বতৰ, পোৱালি জগোৱাৰ সময়ত গাইৰ অৱস্থা, উত্তেজনা, ঔষধ বা হৰমণৰ ব্যৱহাৰ আদি।
গাখীৰ এবিধ আদৰ্শ আহাৰ, ইয়াৰ উচ্চ পুষ্টিকাৰক মূল্য আছে। ই দেহ গঠনৰ কাৰণে মাংসসাৰ, হাড় গঠনৰ কাৰণে ধাতৱলোণ, স্বাস্থ্য ৰক্ষাৰ কাৰণে ভিটামিন আৰু শক্তি প্ৰদানৰ কাৰণে শৰ্কৰাৰ যোগান ধৰে। কিছুমান অত্যৱশ্যকীয় ফেটি এছিড যোগান ধৰাৰ উপৰিও গাখীৰত উপৰোক্ত নিউট্ৰিজেনসমূহ সহজে হজম হ’ব পৰাকৈ সানমিহলি হৈ থাকে। এই সকলোবোৰ ধৰ্মই গাখীৰক উঠি অহা শিশু, ডেকা, বৃদ্ধ আৰু ৰোগীৰ কাৰণে এবিধ অতি দৰকাৰী খাদ্য ৰুপে পৰিগণিত কৰিছে।
উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
গাখীৰৰ গুণাগুণ
গাখীৰ দিয়া গাইৰ নিৰ্বাচন
অধিক গাখীৰ উৎপাদনৰ বাবে থলুৱা জাতৰ গৰুৰ উন্নতিকৰন
গাখীৰ উৎপাদনেৰে লক্ষাধিক টকা উপাৰ্জন কৰে গুৱালজান ...