অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কীটনাশক দৰৱ প্ৰয়োগৰ সময়ত লʼবলগীয়া সাৱধানতা

কীটনাশক দৰৱ প্ৰয়োগৰ সময়ত লʼবলগীয়া সাৱধানতা

১) ল’ৰা-ছোৱালীয়ে বিছাৰি নোপোৱা ঠাইত কীটনাশক ঔষধ সাৱধানে ৰাখিব৷

২) দৰবৰ বিষাক্ত গুণ সৰ্ম্পকে পৰিয়ালৰ সকলোৱে অবগত কৰাব ৷

৩) দৰব ব্যৱহাৰ কৰাৰ পূৰ্বে দৰবৰ পাত্ৰত লিখা নিৰ্দেশ সমুহ ভালকৈ পঢ়ক ৷

৪) দৰব স্প্ৰে কৰা যন্ত্ৰটি ভালকৈ পৰীক্ষা কৰি লব ৷ স্প্ৰেয়াৰ বেয়া হ’লে ভাল কৰি লব ৷

৫) দৰব প্ৰয়োগৰ সময়ত মূখা, এপ্ৰন ও ৰবৰৰ হাতমোজা ইত্যাদি পিন্ধি লব ৷

৬) সঠিক মাত্ৰাত দৰব পানীত মিহলাই স্প্ৰে কৰিব ৷

৭) পথাৰত দৰব প্ৰয়োগ কৰা সময়ত পানী বা খাদ্য নাখাব, ধুমপান নকৰিব অথবা চকু নোমোহাৰিব ৷

৮) বতাহ বলা ফালে দৰব প্ৰয়োগ কৰিব ৷

৯) বতাহৰ ওলতা ফালে দৰব প্ৰয়োগ কৰিলে দৰববোৰ আপোনাৰ গাত পৰি অনিষ্ট কৰিব ৷

১০)স্প্ৰেয়াৰ নলী বন্ধ হ’লে মুখেৰে নুফুৱাব, এডাল তাঁৰেৰে বন্ধ কৰি চাফা কৰিব ৷

১১) সাধাৰণতে দৰব ৰাতিপুৱা বা গধুলি সময়ত প্ৰয়োগ কৰিব৷

কীটনাশক দৰব প্ৰয়োগৰ পিচত লবলগীয়া সাবধানতা

১) স্প্ৰেয়াৰত থকা দৰবৰ মিশ্ৰণ সম্পৰ্কে ভাবে শেষ কৰিব ৷

২) প্ৰয়োগৰ পাচত দৰবৰ খালি টেমা, বটল পুতি পেলাই ধবংশ কৰিব ৷

৩) যন্ত্ৰপাতি বোৰ ভালকৈ ছাফা কৰিব আৰু মানুহে সহজে পাব নোৱাৰা ঠাইত সযত্নে ৰাখিব ৷

৪) দৰব প্ৰয়োগ কৰাৰ কিছুসময়ৰ পাচলৈ যাতে মানুহ, গৰু ইত্যাদি সোমাব নোৱাৰে তালৈ লক্ষ্য ৰাখিব ৷

৫) পিন্ধা কাপোৰবোৰ ধুই পেলাব ৷

৬) নিজৰ শৰীৰ চাবোনেৰে ধুই পৰিস্কাৰ কৰিব যাতে বিষাক্ত বাষ্পিকণা বিয়পিব নোৱাৰে ৷

৭) পিন্ধা কাপোৰ আৰু যন্ত্ৰপাতি পানী খোৱা পুখুৰীত কেতিয়াও নুধুব ৷

৮) দৰব প্ৰয়োগ কৰা পথাৰখনলৈ সদায় চকু দিব ৷

৯) দৰব প্ৰয়োগৰ পিচত নিৰ্দ্ধাৰিত সময় পাৰ নোহোৱা পৰ্যন্ত গছৰ পৰা ফল বা পাচলি নিচিঙিব ৷

১০) দৰবৰ পৰা মানুহৰ শৰীৰত বিষক্ৰিয়া হ’লে পিন্ধা কাপোৰ খুলি উশাহ লবলৈ আৰু বমি কৰিবলৈ মানুহজনক সহায় কৰিব ৷

১১) ইয়াৰ পাচত ব্যক্তিজনক ডাক্তৰৰ ওচৰলৈ বা হস্পিতাললৈ নিব

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate