অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক পদ্ধতিৰে ধানৰ বৌখাজ্ঝলা বেমাৰৰ নিৰাময়

অশেষ কষ্টেৰে কৰা ধাননিডৰাত বেমাৰৰ আৰ্বিভাৱ হলেই খেতিয়ক সকলে ৰাসায়ণিক ঔষধৰ দ্বাৰা নিয়ন্ত্ৰণৰ বাবে ঢাপলি মেলা দেখা যায়৷ যধে মধে আৰু  বিবেচনাহীন ভাবে  প্ৰয়োগ কৰা ৰাসায়ণিক ঔষধসমূহে আগন্তুক প্ৰজন্মৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি কৰে ৷ যেনে:

  • ৰাসায়ণিক ঔষধৰ প্ৰতি বেমাৰৰ কাৰকৰ প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি৷
  • উৎপাদিত শস্যত ৰাসায়ণিক ঔষধৰ অৱশিষ্ট৷
  • বায়বীয় প্ৰদুষন ইত্যাদি৷

বৰ্তমানৰ অব্যাহত কৃষি প্ৰণালীত ( Sustainable Agriculture) কৃষি খণ্ডত ৰাসায়ণিক ঔষধৰ সলনি পৰিবেশ শৃংখলত অপকাৰ নকৰা জৈৱিক নিয়ন্ত্ৰণ ব্যৱহাৰৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হয়৷

জৈৱিক নিয়ন্ত্ৰণ

উদ্ভিদৰ বিভিন্ন অনিষ্টকাৰী কাৰকবোৰ (যেনে : ভেঁকুৰ, বেক্টেৰিয়া, ভাইৰাচ, কীট-পতঙ্গ আৰু অপতৃৰ্ণ) জৈৱিক জীৱাণু বা কীট-পতঙ্গৰ সহায়ত পৰিবেশ শৃংখলাৰ মমতাত ক্ষতি নোহোৱাকৈ সম্পূৰ্ণ বা আংশিকভাৱে ধ্বংস কৰি শস্যৰ পৰা আশানুৰূপ ফচল পোৱাত সহায় কৰাকে জৈৱিক নিয়ন্ত্ৰণ বোলে ৷

জৈৱিক নিয়ন্ত্ৰণৰ মুখ্য সুবিধা সমূহ

  • ৰাসায়নিক ঔষধৰ তুলনাত ই কম খৰচী ৷
  • ই পৰিৱেশ প্ৰদুষণ নকৰে৷
  • কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই ৷
  • অন্যান্য নিয়ন্ত্ৰণ ব্যৱহাৰ সৈতে একেলগে প্ৰয়োগ কৰিব পাৰি ৷
  • শস্যৰ শ্ৰী বৃদ্ধি আৰু ফচল উৎপাদন বৃদ্ধিত সহায় কৰে ৷
  • ৰোগ সৃষ্টি কাৰী কাৰক বোৰ এই পদ্ধতিৰে বিপৰীতে প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰিব নোৱাৰে৷

জৈৱিক নিয়ন্ত্ৰণৰ উপাদানসমূহৰ ব্যৱসায়িক নাম

কেইবিধমান ভেঁকুৰ যেনে, ট্ৰাইক’ডাৰমা, এচপাৰজিলাক্ষ আৰু বেক্টেৰীয়া যেনে, চিউচমনাচ আৰু বেচিলাচ আমি প্ৰধানকৈ ভেঁকুৰনাশক হিচাবে ব্যৱহাৰ কৰিব পাৰো ৷ ইয়াৰ ট্ৰাইক’ডাৰমা বিধ, ট্ৰাইক’জেন, ট্ৰাইক’ডুৱেলচ, ইকফিট, ভিৰিকন-এল, ভিৰিভিন, এফ ষ্টপ, ট্ৰাইক’পেল, ট্ৰাইক’ছিল, এন্টাগম-কস্বি, ছান-ডাৰ্মা, প্লিয়গাৰ্ড আদি নামেৰে বজাৰত পোৱা যায় ৷ জৈৱিক নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা চিউউমনাচ নামৰ বেক্টেৰিয়া বিধ বায়’ছেভ-১০০, কনকুৱেৰ, কনটানচ, ইন্টাৰছেন্ট আদি নামেৰে কৃষি ৰাসায়ণিক বিক্ৰেতা বিপনীত জনাজাত ৷ ইয়াৰোপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ব্যাধি বিভাগত বায়ফৰ-এফ নামেৰে এই বেক্টেৰিয়া বিধ বিক্ৰি হয়৷ ইয়াৰ বাহিৰে বেচিলাচ নামৰ বেক্টেৰিয়াবিধক এপিক, কডিয়াক, ৰইজপ্লাচ, ছেৰেনাও, ছিছটেম-৩ ইত্যাদি নামেৰে পোৱা যায় ৷

বৌখা জ্বলা বেমাৰৰ লক্ষণ

  • এই ৰোগৰ আক্ৰান্ত গছজোপাৰ পত্ৰ আৱৰণী বা বৌখাত হয়;
  • ৰোগৰ আক্ৰমণ পানীৰ পৃষ্টভাগৰ ওপৰত, পৈণত গছৰ বৌখাত হয়;
  • আক্ৰান্ত অংশবোৰ পাতল সেউজীয়া বা মাটিৰঙৰ চকলা চকল হয়;
  • ১ ৰ পৰা ৩ ছে:মি: এই দাগবোৰৰ দাঁতি মুগাবৰণীয়া আৰু মাজঅংশ ধোঁৱা বৰণীয়া হয় (চিত্ৰ ১);
  • বেছিকৈ আক্ৰান্ত গছত পতান ধানৰ থোক দেখা যায় ৷

ৰোগৰ বাবে অনুকুল অৱস্থা

  • খেতি পথাৰত হোৱা অপতৃৰ্ণ, যি ভেঁকুৰবিধ থাকিবৰ বাবে স্থান কৰে;
  • ঘনকৈ হোৱা পথাৰত এই ৰোগৰ বৃদ্ধি বেছিকৈ হয়;
  • বেছি আদ্ৰতা (৯০%) আৰু বেছি উষ্ণতা (২৫-৩০ C) এই ৰোগৰ বাবে অনুকুল;
  • সোনকালে পৈণত হোৱা জাতবোৰ বেছিকৈ আক্ৰান্ত হয়৷

ধানৰ এই বেমাৰৰ প্ৰতিৰোধৰ বাবে জৈৱিক ভেঁকুৰনাশক বোৰ তলত দিয়া ধৰণে প্ৰয়োগ কৰিব পাৰি ৷

১. বীজশোধন: শস্যৰ বীজ সিচাঁৰ আগতে গ্ৰাম জৈৱিক ঔষধ (চিত্ৰ ২) এক কি:গ্ৰা: বীজৰ সৈতে পাত্ৰ এটাত ভালদৰে মিহলাব লাগে৷ ফলত শস্যৰ বীজৰ ওপৰত ঔষধৰ পাতল আৱৰণীয় মাটিত বা শস্যৰ বীজত থকা জীৱাণুৰ আক্ৰমণৰ পৰা বীজবোৰক বা গজালি ওলোৱাৰ পাছত পুলিবোৰক নিৰাপদে ৰাখে৷ জৈৱিক পদ্ধতিৰ দ্বাৰা নিয়ন্ত্ৰণৰ অন্যান্য পদ্ধতিবোৰৰ ভিতৰত বীজ শোধনৰ সফলতা আটাইতকৈ বেছি আৰু অতি সহজতে কৰিব পাৰি৷ ধানৰ বীজ কঠিয়াৰ বাবে পানীত তিয়াই গাপ দিয়াৰ সময়ত বীজ শোধন কৰিলে অধিক সফল হোৱা দেখা যায়৷

২. জৈৱিক ঔষধৰ স্প্ৰে : শস্যৰ পথাৰত জৈৱিক ঔষধৰ স্প্ৰে অতিশয় গুনদায়ক হয় ৷ ৰাসায়ণিক ঔষধৰ দৰে জৈৱিক ঔষধ বোৰো (চিত্ৰ ২) সঠিক পৰিমাণ (১-২ গ্ৰাম) ১ লিটাৰ পানীত মিহলাই ৰোগৰ লক্ষণৰ বাবে অনুকুল বতৰত ৰোগ লক্ষণ পৰিলক্ষিত নহলেও স্প্ৰে মেচিনৰ সহায়েৰে স্প্ৰে কৰিব লাগে ৷ এইদৰে গোটেই শস্যতলিত ২০-২৫ দিনৰ অন্তৰে অন্তৰে দুবাৰ স্প্ৰে কৰিলে ভাল ফল পোৱা যায় ৷ স্প্ৰে কৰাৰ সময়ত গছৰ পাত আৰু গা-গছ তিতি যোৱাকৈ স্প্ৰে কৰিব লাগে ৷

৩. জৈৱিক ঔষধৰ মাটিত প্ৰয়োগ : শস্যৰ বীজ সিচাঁৰ আগতে বা মাটি তৈয়াৰ কৰাৰ সময়ত ১০০-১৫০ গ্ৰাম জৈৱিক ঔষধ (চিত্ৰ ৩) ৩০-৪০ কি:গ্ৰা: পচন সাৰৰ সৈতে ভালদৰে মিহলাই এটা দম কৰি এখন প্লাষ্টিকেৰে দমটো ঢাকি ৰাখিব লাগে ৷ এনে কৰিলে জৈৱিক ভেঁকুৰ গোটেই দমটোতে গজি উঠিব ৷ এইদৰে ২০-২৫ দিন  বাকী ৰখাৰ পাছত কোৰ এখনেৰে ভালদৰে মিহলাই এক বিঘা মাটিত ছটিয়াব লাগে ৷ জৈৱিক ঔষধ মাটিত প্ৰয়োগ কৰিব পাৰিলে বেমাৰ নিয়ন্ত্ৰণৰ সফলতা বেছি হয় যদিও এই পদ্ধতি ব্যয়বহুল সেয়েহে সাম্ভৱতা অনুযায়ী উপৰুক্ত যিকোনো এটা পদ্ধতি অৱলম্বন কৰিলেই হ'ব ৷

বিশেষ মন কৰিবলগীয়া কথা এয়ে যে ধান বৌখা জ্বলা বেমাৰৰ জৈৱিক নিয়ন্ত্ৰণৰ বাবে বীজ শোধন আৰু স্প্ৰে এই দুবিধ পদ্ধতিহে ফলপ্ৰসু ৷

জৈৱিক ঔষধ প্ৰয়োগৰ আগতে বৌখা জ্বলা ৰোগৰ আক্ৰান্ত ধান গছ

জৈৱিক ঔষধ প্ৰয়োগৰ পাছত বৌখা জ্বলা ৰোগত কমকৈ আক্ৰান্ত ধান গছ

জৈৱিক জীৱাণুৰ বিশেষ মাধ্যমত বংশ বৃদ্ধি কৰণ

জৈৱিক বীজাণুৰ মিত্ৰত পাউদাৰ জাতীয় ঔষধ বীজশোধন আৰু স্প্ৰেৰ বাবে ব্যৱহাৰ কৰা হয়

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 5/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate