অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অমিতাৰ শত্ৰু মিলি বাগ পতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থা

অমিতাৰ শত্ৰু মিলি বাগ পতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থা

মিলিবাগৰ আক্ৰমনৰ ফলত অমিতা গছৰ পাতবোৰ সোতোৰা-মোতোৰা হৈ পৰে৷ অমিতাৰ পাত আৰু ফলবোৰ মধু কনা বা “হনি দিউ” আৰু বগা কপাহৰ দৰে “চুটি ম’ল্ড”ৰ আচ্ছাদনে ঢাকি ধৰে৷ আক্ৰমন বাঢ়ি যোৱাৰ লগে লগে উদ্ভিদ জোপা মৰহি যাবলৈ ধৰে৷ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত গছৰ তলত ঠিয় হ’লে মধুকনা সৰি পৰা পৰিলক্ষিত হয়৷ অৱশ্যে সামান্য ক্ষতিকাৰী অৱস্থাত পাত, ফুল আৰু ফলত পতংগ অৱস্থিতি পৰিলক্ষিত হয়৷

এই পতংগৰ আক্ৰমণৰ বিষয়ে ১৯৯২ চনত জনা গৈছিল৷ Papaya.jpgসেউজ হালধীয়া বৰণৰ এই পতংগৰ আক্ৰমণ প্ৰথমাৱস্থাত মেক্সিক’, বেলিজ, গোৱাটেমালা আদি অঞ্চলত পৰিলক্ষিত হৈছিল৷ পাছত পৰ্যায়ক্ৰমে আন আন দেশলৈ বিয়পি ভাৰততো প্ৰবেশ ঘটে৷ অমিতাকে ধৰি অন্যান্য প্ৰায় ৫৫ বিধ উদ্যান শস্য বিশেষকৈ ভেন্দি, বেঙেনা, মধুৰী, আম, ডালিম, শিমলু আলু, ৰঙালাও আদিক ক্ষতি কৰা এই পতংগ ২০০৮ চন মানত দক্ষিন ভাৰতত দেখা গৈছে৷ পৰৱৰ্তী সময়ত বেংগালুৰুস্থিত “নেশ্চনেল ব্যুৰু অফ এগ্ৰিকালচাৰেলি ইম্পৰটেন্ট ইনচেক্ট” নামৰ প্ৰতিষ্ঠানৰ নেতৃত্বত এই পতংগৰ সমস্যা বহু পৰিমানে নিৰ্মূল কৰিবলৈ সক্ষম হৈছে৷ বিভিন্ন মাধ্যমেৰে এই পতংগ বৰ্তমান অসমতো প্ৰবেশ কৰিছে৷

মিলিবাগৰ মতা আৰু মাইকী পতংগৰ আকৃতি ভিন্ন ভিন্ন হয়৷ অধিক উষ্ণতাত ইহতৰ বংশ বৃদ্ধি দ্ৰুত হয়৷ এই পতংগই পৰুৱাৰ জড়িয়তে চলাচল কৰা দেখা যায়৷ “নেশ্চনেল ব্যুৰু অফ এগ্ৰিকালচাৰেলি ইম্পৰটেন্ট ইনচেক্ট” নামৰ প্ৰতিষ্ঠানে চলোৱা এক সমীক্ষা মতে মিলি বাগৰ আক্ৰমনৰ ফলত ভাৰতীয় হিছাপত প্ৰতি বছৰে প্ৰায় ১৫০০ কোটি টকাৰ অপচয় হয়৷ উক্ত প্ৰতিষ্ঠানে মিলিবাগৰ নিয়ন্ত্ৰণৰ বাবে “একাৰ’ফেগাচ পাপায়ি” নামৰ এক সুক্ষ্ম পৰজীৱি মেক্সিক’ৰ পৰা আমদানি কৰি ভাৰতত মেলি দিয়ে৷ এই কাৰ্যসূচী কিছু পৰিমানে সফল হৈছে যদিও ৰাসায়নিক কীটনাশকৰ দ্বাৰা তেনেই নাম মাত্ৰ সফলতাহে পোৱা গৈছে৷

যাতায়াত ব্যৱস্থাই এই পতংগ এঠাইৰ পৰা আনঠাইলৈ বিয়পি যোৱাত সহায় কৰে৷ নতুন খেতিত ব্যৱহৃত পুলিবোৰ পতংগমুক্ত হোৱা উচিত৷ ৰোগাক্ৰান্ত উদ্ভিদৰ অৱশিষ্ট অংশত এই পোক বাহ লৈ অন্য নিৰোগী গছলৈ বিয়পিবলৈ সুবিধা পায়৷ এই পতংগ নিৰাময়ৰ বাবে “ম’ন’ক্ৰটফচ”, “মিথাইল ডিমেটন”, “ডাইমিথয়েট”, “এচিফেট”, আৰু “মিথ’মিল” আদি চিষ্টেমিক কীটনাশক; “ফেন্থিয়ন”, “ইমিডাক্ল’প্ৰিড” আৰু “থায়’মিথক্সাম” আদি ট্ৰেন্সলেমিনাৰ পতংগনাশক; “ক্ল’ৰপাইৰিফজ”, “কুইনলফজ”, “ডাইক্ল’ৰভচ”, “কাৰ্বাৰিল” আৰু “মালাথিয়ন” আদি কন্টেক্ট কীটনাশক ব্যৱহাৰ কৰি সুফল পাব পাৰি৷ কীটনাশকৰ লগত আঠা বা ষ্টিকাৰ মিহলোৱা উচিত৷ ফলৰ পৰা পতংগ ৰোধৰ বাবে কন্টেক্ট কীটনাশক ব্যৱহাৰ কৰা প্ৰয়োজন৷

লিখকৰ পৰিচয়ঃ

ৰুদ্র নাৰায়ণ বৰকাকতি

পতংগতত্ব বিশেষজ্ঞ

কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাট

অসম কৃষি বিশ্ববিদ্যালয়

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate