অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জাট্রফাৰ পুলি উৎপাদনৰ পদ্ধতি

জাট্রফাৰ পৰা জৈৱ - ইন্ধন

আমাৰ দেশত জৈৱ - ইন্ধনৰ বাবে জাট্রফাক সবাতোকৈ সম্ভাৱনাপূর্ণ উদ্ভিদ হিচাপে চিনাক্ত কৰা হৈছে । ভাৰতবর্ষত পোৱা মুঠ নটা প্রজাতিৰ ভিতৰত কাৰকাছ নামৰ প্রজাতি বিধ জৈৱ - ডিজেলৰ উত্স হিচাপে গুৰুত্ব দিয়া হৈছে । জাট্রফাৰ গুটিত থকা প্রায় ৩০ ৰ পৰা ৪০ শতাংশ খোৱাৰ অনুপযোগী তেলক অতি সহজতে জৈৱ - ডিজেললৈ সলনি কৰিব পৰা যায় । এই জৈৱ - ডিজেলক পেট্রলিয়াম ডিজেলৰ লগত ২০ শতাংশলৈ মিহলি কৰিলে (B20 ডিজেল) ইঞ্জিনৰ কোনো পৰিৱর্তন নকৰাকৈ ব্যৱহাৰ কৰিব পাৰি । জাট্রফাৰ পৰা তৈয়াৰ কৰিব পৰা জৈৱ - ডিজেল প্রদূষণমুক্ত ইন্ধন ,কিয়নো ইয়াৰ দহনত কোনো ধৰণৰ অপকাৰী গেছ নির্গত নহয় ।

জাট্রফাৰ বৈজ্ঞানিক আৰু সাধাৰণ নাম

উদ্ভিদ বিজ্ঞানত জাট্রফাক জাট্রফা কুৰকাছ বুলি জনা যায় । অসমত ইয়াক ঠাই বিশেষে ভোট - এৰা , বঙালী - এৰা , এৰেণা , ভেৰেণা , ভেৰেণ্ডা আদি নামেৰে জনা যায় । জাট্রফাক ইংৰাজীত জাট্রফাক ফিজিকনাট আৰু হিন্দীত ৰতনজ্যোত বুলি জনা যায়।

জাট্রফাৰ উপযোগী মাটি আৰু জলবায়ু

কম বৰষুণ হোৱা বা বৃষ্টিছায়া অল্ললৰ পৰা অতিপাত বৰষুণ হোৱা অথচ পানী জমা নোহোৱা ঠাইত খেতি কৰিব পাৰি। খাদ্যশস্যৰ খেতিমাটিত জাট্রফা খেতিৰ পৰামর্শ দিয়া নহয়। অন্যখেতিৰ অনুপযুক্ত ওখমাটি, পতিতমাটি, পথাৰৰ পানীযোগানৰ নলাৰ দাঁতি , লগতে খেতি পথাৰৰ চাৰিওফালে জাট্রফা খেতি কৰিব পাৰি।

জাট্রফাৰ উন্নত জাত

এতিয়ালৈকে জাট্রফাৰ অধিক উত্পাদনক্ষম জাতৰ উদ্ভাৱন হোৱা নাই যদিও কেইবিধমান উল্লেখযোগ্য জাত হ'ল আৰ -জে -১১৭ , টি.এফ. আৰ . আই - ১ , টি. এফ .আৰ .আই -২, পন্ট - জে - চিলেকচন -১ , পন্ট - জে - চিলেকচন - ২ , জি - আই . ই -নাগপুৰ ,এচ .ডি.এ.ইউ - ১ (ছত্রপতি) ইত্যাদি ।

নার্চাৰীত জাট্রফাৰ পুলি উত্পাদন জাট্রফাৰ খেতি কৰিবৰ বাবে গুটি আৰু ডালৰ পৰা পলিথিন বেগত আৰু ঢাপত পুলি প্রস্তুত কৰিবপাৰি । পলিথিন বেগত প্রস্তুত কৰা পুলি ৰোৱাৰ বাবে উত্তম । নার্চাৰীত পুলি প্রস্তুতৰ কাম মার্চ - এপ্রিল মাহৰ ভিতৰত সম্পন্ন কৰিব লাগে ।

গুটিৰ পৰা পুলি উৎপাদন পদ্ধতি

  • ভাল জাতৰ পৈনত বীজ সংগ্রহ কৰি ল'ব লাগে ।
  • নতুনকৈ চপোৱা , নিৰোগী গুটি বীজৰ বাবে লব লাগে ।
  • পুলি গঁজাবৰ বাবে ১৫ ছে.মি. দীঘল আৰু ১০ ছে.মি. বহল আকাৰৰ পলিথিন বেগ ল'ব লাগে ।
  • পলিথিন বেগবোৰ ৩ ভাগ মাটি আৰু ১ ভাগ শুকান গোবৰৰ মিশ্রনেৰে পূর্ণ কৰিব লাগে ।
  • পলিথিন বেগবোৰৰ তলফালে কেইটামান সৰু ফুটা কৰি ল'ব লাগে ।
  • গুটি দিয়াৰ আগতে ১২-১৬ ঘন্টা পানীত তিয়াই লব লাগে । . পানীৰ সলনি ২০ পি.পি. এম. জিবাৰেলিক এচিডত গুটি তিয়াই ল'ব পাৰিলে ভাল ফল পোৱা যায় । . তিয়াই লোৱা গুটিৰ পৰা প্রতি বেগত ২-৩ টাকৈ বীজ ২.০ ছে.মি. তলত গুজি দিব লাগে ।
  • পিছলৈ প্রতিটো বেগত কেৱল এটাকৈ পুলি ৰাখিবৰ বাবে ১৫-২০ দিনৰ পিছত দুর্ব্বল পুলিবোৰ আতৰাব লাগে ।
  • গুটি দিয়াৰ ৫০-৬০ দিনৰ ভিতৰত পুলি ৰুবৰ বাবে উপযুক্ত হয় ।

ডালৰ পৰা পুলি উৎপাদন পদ্ধতি

  • ভাল জাতৰ অধিক উত্পাদন ক্ষম গছৰ পৰা ডাল সংগ্রহ কৰিব লাগে ।
  • জাট্রফা পুলি উত্পাদনৰ বাবে ১.৫ - ২.০ ছে: মি: ব্যাস আৰু ২০.০ - ২৫.০ ছে.মি. দৈঘ্যৰ পূৰঠ আগডাল লব লাগে । ডালটো গাঁথি ঘন হোৱা ভাল ।
  • ডাল গুজিবৰ বাবে ২৫.০ ছে. মি. দীঘল আৰু ২০.০ ছে. মি. বহল আকাৰৰ পলিথিন বেগ ল'ব লাগে ।
  • পলিথিনৰ বেগবোৰ ৩ ভাগ মাটিৰ লগত ১ ভাগ শুকান গোবৰ ভালদৰে মিহলাই ভৰাব লাগে ।
  • নির্বাচিত ডালটো ৮.০ - ১০.০ ছে.মি. দকৈ মাটিত গুজি দিব লাগে ।
  • বেগত গুজি দিয়াৰ আগতে ডালৰ কটা অংশ ১০০ পি. পি. এম. ইন্দল বিউটাৰিক এচিডত ১০-১৫ মিনিট ডুবাই ৰাখিলে ভাল ফলাফল পোৱা যায় । বীজৰ পৰা ঢাপত পুলি উত্পাদন পদ্ধতি
  • নার্চাৰীত পর্য্যাপ্ত পৰিমাণে পচনসাৰ মিহলাই মাটি প্রস্তুত কৰিব লাগে ।
  • নার্চাৰীত কিছু ওখকৈ ১ মিটাৰ বহল আৰু আধা মিটাৰ দূৰত্বত গুটি সিচিবলৈ ঢাপ তৈয়াৰ কৰিব লাগে ।
  • ঢাপত গুটি সিচিবলৈ ২৫ ছে. মি. দূৰত্বত ২ ছে.মি. মান দকৈ মাৰি এডালেৰে সীৰলু বনাই ল'ব লাগে ।
  • পানী অথবা ২০ -৩০ পি. পি. এম. জিবাৰেলিক এচিদত ১২ -১৬ ঘন্টামান তিয়াই থোৱা বীজবোৰ সীৰলুত ৫ ছে. মি. দূৰত্বত সিচি শুকান গোবৰেৰে ঢাকি দিব লাগে ।
  • গুটি গজালি ওলোৱাৰ পিছত পানী দিব লাগে ।

নার্চাৰীত জাট্রফা পুলিৰ যতন

  • নার্চাৰীত পানী জমা হবলৈ দিব নালাগে ।
  • নার্চাৰীত গৰু - ছাগলী সোমবলৈ দিব নালাগে ।
  • গজালি ওলোৱাৰ পিছত পুলিবোৰত পানী চটিয়াব লাগে ।
  • জাট্রফা নার্চাৰীত পুলিবোৰ ৰঙা পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ এ'ণ্ডছালফান ৩৫ ই.চি. বা ক্ল'ৰপাইৰিফচ ২০ ই.চি. প্রয়োগ কৰিব লাগে ।
  • নার্চাৰীত পুলিবোৰ গুৰি পচি যোৱা বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ শতকৰা ৫০ শক্তিযুক্ত কেপটাফ প্রয়োগ কৰিব লাগে ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

 

শেহতীয়া উন্নীতকৰণ: : 5/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate