অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লাওজাতীয় শস্যৰ খেতিৰ কৃষি পদ্ধতি

গ্ৰীষ্ম কালত কৰা সৰহ সংখ্যক লাওজাতীয় শাক পাচলিৰ বজাৰত যথেষ্ঠ চাহিদা দেখা যায় যিহেতু এই সময়ত অন্যান্য শাক-পাচলিৰ উৎপাদন পাবলৈ হলে উৎপাদন পদ্ধতি আৰু শষ্য ৰক্ষাৰ কিছুমান বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিলে অধিক লাভ কৰিবলৈ সক্ষম হব৷ শস্য উৎপাদন কৰিবলৈ লওঁতে তলত উল্লেখ কৰা কৃষি পদ্ধতিৰ ওপৰত গুৰুত্ব দিব লাগে৷

  • খেতি পথাৰত পানী জমা হ’ব নোৱাৰাৰ ব্যৱস্হা কৰিব লাগে ৷
  • বালিচঁহিয়া বা ধানখেতি কৰা বাম চানেকীয়া মাটিত ওখ ভেটি কৰি বীজ সিঁচিব লাগে ৷
  • ভেটিবোৰ আৱশ্যক অনুপাতে দীঘল, ২ ফুট বহল আৰু ১.৫ ফুট দ গাঁত কৰি তাত প্ৰচুৰ পৰিমাণে পচন সাৰ, ৫০ গ্ৰাম ইউৰীয়া, ৫০ গ্ৰাম একক চুপাৰ ফচ্ফেট আৰু ৮০ গ্ৰাম মিউৰেট অৱ পটাচ্ সাৰ দি ভালকৈ মিহলাই গুটিৰ আকাৰ অনুযায়ী দ কৰি ২-৩ টাকৈ বীজ সিঁচিব লাগে ৷
  • উপযুক্ত সময়ত বাঁহৰ জেওৰা বা চালিৰ ব্যৱস্হা কৰিব লাগে যাতে গছজোপাই বগাবলৈ কষ্ট নাপায় ৷
  • হাইব্ৰীডৰ বাহিৰেও স্হানীয় অধিক উৎপাদনক্ষম উন্নত মানৰ বীজ ব্যৱহাৰ কৰিব পাৰে৷

অধিক উৎপাদনৰ বাবে হৰম’ন ব্যৱহাৰ কৰ

লাওজাতীয় শষ্য বিশেষকৈ জিকা, জতিলাও, তিয়ঁহ আদিত একেজোপা গছতে মতা আৰু মাইকী ফুল ফুলে আৰু সদায় সাধাৰণতে মতাফুলৰ সংখ্যা বেছি হয় যাৰ ফলত উৎপাদন হ্ৰাস পায়৷ সেইকাৰণে আজি কালি হৰমন প্ৰয়োগ কৰি মতা ফুলৰ সংখ্যা কমাই মাইকী ফুলৰ সংখ্যা বঢ়াই অধিক উৎপাদন পাব পৰি৷

কি হৰম’ন প্ৰয়োগ কৰিব

যদিও বহুত ধৰণৰ হৰম’ন প্ৰয়োগ কৰিব পাৰি সাধাৰণতে সহজে ব্যৱহাৰ কৰিব পৰা যিকোনো কৃষি সামগ্ৰী বিক্ৰী কৰা দোকানত সহজে পোৱা প্লেনাফিস্ক নামৰ হৰমন ব্যৱহাৰ কৰিব পাৰি৷

পৰিমান আৰু প্ৰয়োগ কৰাৰ সময়

১০ লিটাৰ পানীত ১ মিলিলিটাৰ (প্লেনাফিস্ক) ভালকৈ মিহলাই ভালকৈ তিতি যোৱাকৈ হৰম’ন প্ৰয়োগ কৰিব লাগে ৷ হৰম’ন প্ৰয়োগ কৰোতে স্প্ৰেয়াৰেৰে কৰিব লাগে, হৰম’ন প্ৰয়োগ কৰিলে অধিক উৎপাদন হোৱাতো নিশ্চিত৷

ভাতকেৰেলা আৰু পটলৰ কৃষি পদ্ধতি

  • ভাত কেৰেলা ৰুবলৈ লোৱা  আলুৰ ওজন ৫০ গ্ৰামৰ পৰা ১০০ গ্ৰাম হ’ব লাগে ৷ ডাঙৰ আলু ব্যৱহাৰ কৰিলে প্ৰথম বছৰতে ভাল উৎপাদন পাব পাৰি৷ সেইদৰে পটল নতুনকৈ ৰুবলৈ হ’লে পুৰণা পটল গছৰ ১-২ ফুট দীঘল শিপা প্ৰচুৰ পৰিমাণে পচন সাৰ থকা মাটিত জানুৱাৰী ফেব্ৰুৱাৰী মাহত ৰুব লাগে৷
  • বনবাত নিৰাই পটলৰ খেতিৰ মাটিত খেৰ পাৰি দিব লাগে৷ তেতিয়া বনবাত নিয়ন্ত্ৰণ হোৱাত সহায় কৰে লগতে গছজোপায়ো বগাবলৈ সুবিধা পায়৷
  • পটল আৰু ভাতকেৰেলা ভেটি কৰিয়েই ৰুব লাগে৷ ভাত কেৰেলাৰ ক্ষেত্ৰত শাৰীৰ পৰা শৰীৰ দূৰত ১ মিটাৰ ৰাখি (প্ৰায় ৩ ফুট) ১ মিটাৰ (৩ ফুট) ব্যটধানত আলুবোৰ ৰুব লাগে৷ ভাত কেৰেলা বগাবলৈ চাং আৰু পটলৰ ক্ষেত্ৰত নৰা পাৰি দিব লাগে৷

ভাতকেৰেলা আৰু পটল খেতিৰ সমস্যা আৰু সমাধান

দুয়োবিধ শষ্যৰ খেতিত কেতিয়াবা ফল নধৰা দেখা যায়৷ ইয়াৰ কাৰণ হ’ল পটল আৰু ভাত কেৰেলাৰ মতা আৰু মাইকী ফুল বেলেগ বেলেগ গছত ধৰে৷ গতিকে খেতি দৰাত অকল মাইকী গছ থাকিলে ফল নধৰে৷ সেইকাৰণে খেতি দৰাৰ মাজে মাজে প্ৰতি ১০ জোপা মাইকী গছৰ মাজত এজোপা মতা গছ ৰোপণ কৰিলে অধিক উৎপাদন পোৱা যায়৷ মতা গছৰ সংখ্যা বঢ়ালেও লোকচান নাই৷ সেইকাৰণে পটল বা ভাতকেৰেলাৰ আলু সঁচলৈ গোটাওঁতে মতা গছৰ আলু বা শিপাও গোটাব লাগে৷ দুয়োটা শষ্যৰ মতা মাইকী ফুলৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি চিনাক্ত কৰা হয়৷ সেই কাৰণে ফুল ফুলোঁতেই গছক চিনাক্ত কৰি থলে ভাল, তেতিয়া হলে নতুনলৈ ৰোপণ কৰিব সময়ত মতা গছৰ শিপা উলিয়াবলৈ সহজ হয়৷

“লাও জাতীয় শষ্যৰ খেতি বাৰীৰ বিভিন্ন ঠাইত কৰিও লাভৱান হব পাৰি৷”

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate