অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শাক-পাচলিৰ বাৰীত সাৰ প্ৰয়োগৰ প্ৰয়োজনীয়তা, পৰিমাণ আৰু পদ্ধতি

শাক-পাচলিৰ বাৰীত সাৰ প্ৰয়োগৰ প্ৰয়োজনীয়তা, পৰিমাণ আৰু পদ্ধতি

মনুহৰ দৰে শাক-পাচলিৰ পুলিকো শ্ৰীবৃদ্ধি, পাত আৰু ফলমূল লাগিবলৈ খাদ্যৰ প্ৰয়োজন হয়৷ এই খাদ্য সাধাৰণতে গছে মাটিৰ পৰা আহৰণ কৰে৷ কিন্তু মাটিত থকা পৰিমাণ প্রৰ্য্যাপ্ত নহয় কাৰণে ৰাসায়ণিক সাৰ প্ৰয়োগ কৰি প্পৰ্য্যাপ্ত পৰিমানে গছক যোগান ধৰা হয়৷ সাধাৰণতে নাইট্ৰোজেন, ফছফৰাছ আৰু পটাছক গছৰ মূল খাদ্য হিছাপে পৰিগণিত কৰা হয়৷ এই তিনিওবিধ খাদ্যৰ অভাৱত গছৰ কোনো অংশই বৃদ্ধি হ’ব নোৱাৰে৷ ইয়াৰ উপৰিও শাক-পাচলিক কিছুমান খাদ্য সামান্য পৰিমাণে প্ৰয়োজন হয় আৰু ই অপৰিহাৰ্য্য হৈ পৰে৷ বৰণ, মেংগানিজ, কপাৰ, মলিবডেনাম, জিংক, আইৰন, ক্লৰিন, কেলচিয়াম আদি এই তালিকাত পৰে আৰু সুষমসাৰ বুলিও কোৱা হয়৷

সাৰৰ অভাৱত হ’ব পৰা ব্যাধি

ইউৰিয়া সাৰ প্ৰয়োগ কৰি শাক-পাচলিক নাইট্ৰোজেন, চুপাৰ ফচফেট, ফচফৰাচ অঅৰু পতাছ সাৰ প্ৰয়োগ কৰি পটাছৰ যোগান ধৰা হয়৷ শাক-পাচলিৰ খেতিত এই তিনিওবিধ খাদ্যৰ অভাৱ হলে হ’ব পৰা ব্যাধিসমূহ:-

১) পুলি বঢ়াত সহায় নকৰে

২) পুলিৰ শিপা বৃদ্ধি হোৱাত সহায় নকৰে

৩) পাত ডাল আদিৰ বৃদ্ধিত বাধাৰ সৃষ্টি হয়

৪) গছৰ পাতৰ বৰণ শেঁতা হৈ ক্ৰমাত হালধীয়া বৰণৰ হয়

৫) ফুল আৰু ফলৰ সংখ্যা হ্ৰাস পায়

৬) ফলৰ আকাৰ সৰু হয়

৭)  বেমাৰ আজাৰে সহজে আক্ৰান্ত কৰে

৮) শাক-পাচলিৰ গুণাগুণ হ্ৰাস পায়

৯) সুক্ষ্ম সাৰৰ অভাৱত বিশেষকৈ ফুল কবি, বিলাহি, পিয়াঁজ, গাজৰ, মটৰ, আলু আদিত বিভিন্ন ব্যাধি দেখা যায় ৷ সেইকাৰণে এইবোৰ শষ্যৰ সুক্ষ্ম সাৰৰ প্ৰয়োগ নিতান্তই দৰকাৰ ৷ সাৰৰ দোকানত পোৱা Tracel বা Multiplex নামৰ সুক্ষ্ম সাৰ ২ গ্ৰাম ১ লিটাৰ পানীত মিহলাই পুলি ৰোৱাৰ ২০ দিনৰ অন্তৰে অন্তৰে ৩ বাৰ স্প্ৰে কৰাতো অতি আৱশ্যক ৷

সাৰ প্ৰয়োগ পদ্ধতি

সকলোবিলাক শাক-পাচলিৰ যেতিয়া ভেটি পুলি ৰোৱাৰ বাবে বা গুটি সিঁচাৰ বাবে তৈয়াৰ হ’ব তেতিয়া মুঠ ইউৰিয়া সাৰৰ আধা ভাগ ভেটিত মিহলাই ল’ব লাগে আৰু বাকী থকা আধা ভাগ পুলি ৰোৱাৰ এমাহৰ পাচত প্ৰতিতো পুলিৰ গুৰিত বা দুটা শাৰীৰ মাজত পতলীয়া লোৰ কৰি শুকান গোবৰ বা পচন সাৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে ৷

আলুৰ খেতিত গোটেই পৰিমাণৰ ইউৰীয়া, চুপাৰ ফছফেট আৰু পটাছ সাৰ আলু ৰোৱাৰ ৭ দিন মানৰ আগত মাটিত মিহলাই লব লাগে৷

ফ্ৰেন্সবীনৰ ক্ষেত্ৰত ১০ দিন মানৰ আগতে আধাভাগ ইউৰীয়া আৰু গোটেইখিনি চুপাৰ আৰু পটাছ সাৰ গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে৷ বাকী আধা থকা ইউৰীয়া গছত ফুল ফুলাৰ সময়ত দুটা শাৰীৰ মাজত প্ৰয়োগ কৰিব লাগে৷

সাৰ প্ৰয়োগ কৰোতে ল’বলগীয়া সাৱধানতা

১)সদায় তালিকা ১ ত উল্লেখ কৰা পৰিমানৰ সাৰ প্ৰয়োগ কৰিব লাগে৷ তাতকৈ বেছি বা কম দিব নালাগে৷

২)সাৰ প্ৰয়োগ কৰোতে সদায় শুকান গোবৰ বা পচন সাৰো প্ৰয়োগ কৰিহে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে৷

৩)সাৰ প্ৰয়োগ কৰাৰ সময়ত মাটিত অলপ জীপ থাকিব লাগে৷ একেবাৰে খৰাং বা শুকান মাটিত সাৰ প্ৰয়োগ কৰাৰ উচিত নহয়৷

৪)সাৰ প্ৰয়োগ কৰোতে শাক-পাচলিৰ ফুলৰ গুৰিত বা পাতত লাগিব নালাগে ৷

তালিকা নং -১

বিভিন্ন শাক-পাচলিত প্ৰয়োগ কৰিবলগীয়া সাৰৰ পৰিমাণ

শষ্য

সাৰৰ পৰিমাণ

ইউৰীয়া

(গ্ৰাম)

চুপাৰ ফচফেট

(গ্ৰাম)

পটাছ

(গ্ৰাম)

১) বিলাহী

১৩০

৩৩০

৯০

২) বেঙেনা

১০০

২৭০

৭০

৩) জলকীয়া

২০০

৩৩০

৮০

৪) ফ্ৰেন্সবীন

৫০

২০০

৩০

৫) মটৰ মাহ

৪০

২৭০

৯০

৬) গাজৰ

৬০

১৭০

১৩০

৭) আলু

১৩০

৩০০

৮০

৮) মুলা

৫০

২৭০

১৩০

৯) পালেং

১৩০

৩৩০

৩০

১০) ধনীয়া

৩০

৯৭০

২৭

১১) মৰিছা শাক

১৩০

৩৩০

৩০

১২) ব্ৰকলী

১৭০

৩৩০

৩৩০

১৩) ওলকবি

১৫০

৩৩০

৮০

১৪) বন্ধকবি

২০০

৩৩০

৮০

১৫) ফুলকবি

১৫০

৩৩০

৮০

১৬) কেপচিকাম

২০০

৩৩০

৮০

১৭) ভেণ্ডি

৮০

২৭০

৭০

১৮) মিঠা আলু

৭০

২০০

৭০

১৯) তিয়ঁহ

৮০

২৪০

৯০০

২০) তিতাঁ কেৰেলা

৫০

৫০

 

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 5/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate