অসম নামৰ উৎপত্তি
‘অসম’ নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক’ব নোৱাৰি। পূএবতে এই ভূখণ্ড কামৰুপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল আৰু তাৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ (পূৰ্বৰ পোহৰৰ নগৰ) আছিল গুৱাহাটী বা তাৰ দাঁতি-কাষৰীয়া অঞ্চল। ত্ৰয়োদশ শতিকা মানত আহোম সকলে এই ভূখণজ্ঞ জয় কৰাৰ পাছত ‘অসম’ নামটোৰ প্ৰচলন হয়। আহোম স্বৰ্গদেউ সকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকা মানৰ পৰা অছম, আছাম, অসম, আসম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়।
অসম নামৰ উৎপত্তি সম্বন্ধে কোনো পণ্ডিতে পোষণ কৰে যে, এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবেই ইয়াৰ নাম অসম হ’ল। আনহাতে, এনেকুৱাও হ’ব পাৰে যে, প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম ‘অ-সম’ হ’ল। আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজা সকলে শাসন কৰিছিল বাবেই ‘আহোম’ শব্দটোৰ পৰা অসম হৈছে। কিন্ত অসম শব্দটোৰ পৰা আহোম হৈছেনে, আহোম শব্দটোৰ পৰা অসম হৈছে, তাক সঠিককৈ ক’ব নোৱাৰি। সংস্কৃতত ‘অ-সম’ শব্দটোৰ অৰ্থ ‘যাৰ সমান কোনো নাই’ অথবা প্ৰতিদ্বন্ধীহীন, অদ্বিতীয়। অৰ্থাৎ, এই ভূখণ্ডত বাস কৰা মানুহ খিনিৰ সমান আৰু কোনো ক’তো নাই। ডঃ বাণীকান্ত কাকতিৰ মতেও অপৰাজেয় আৰি অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে ‘আ-ছাম’ শব্দৰ জন্ম হৈছে। টাই আৰু প্ৰাচীন আহোম ভাষাত ‘ছাম’ মানে পৰাজিত। তাৰ লগত অসমীয়া ‘আ’ উপসৰ্গ যোগ কৰিলে হয় ‘আ-ছাম’, অৰ্থাৎ, অপৰাজেয় অথবা বিজয়ী। পণ্ডিত বেডেন পাৱেলে তেওঁৰ Indian Village Community নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়ো সকল ‘ছো-ছাম’ (নিম্নভূমি বা সমভূমি) শব্দৰ পৰা আহিছে বুলি কৈছে।
অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পাছৰ পৰা ‘আছাম’ আৰু ‘আসাম’ শব্দ দুটা প্ৰচলিত হৈ পৰে। শেষত এই ভূখণ্ড ‘অসম’ আৰু ইয়াত বাস কৰা অধিবাসী সকলক অসমীয়া বোলা হ’ল। ইংৰাজ সকলেই ‘অসম’ বা ‘আসাম’ৰ ইংৰাজী ASSAM বুলি লিপ্যন্তৰ কৰে।
অৱস্থিতি
- অসম ভাৰতৰ উত্তৰ-পূৱ কোণত অৱস্থিত এখন ৰাজ্য। ভৌগোলিক অৱস্থান অনুসৰি অসম ১৪ ডিগ্ৰীৰ পৰা ২৮ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু প্ৰায় ৯০ ডিগ্ৰীৰ পৰা ৯৭ ডিগ্ৰী পূৱ দ্ৰাঘীমাংশত অৱস্থিত।
চাৰিসীমা
- অসমৰ উত্তৰে অৰুণাচল প্ৰদেশ আৰু ভূটান ; পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ ; দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা ; পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিমবংগ। ৰাজ্য খনৰ উত্তৰ-পশ্চিম দিশৰ এক অতি ঠেক ভূখণ্ডৰ জৰিয়তে অসম ভৌগোলিক ভাৱে ভাৰতৰ আন অংশৰ সৈতে সংলগ্ন।
মাটিকালি
প্ৰাকৃতিক বিভাগ
- অসমৰ ঘাই প্ৰাকৃতিক বিভাগ তিনিটা। উত্তৰত পূৱা-পশ্চিমাকৈ (১) ব্ৰহ্মপুত্ৰ উপত্যকা, সক্ষিণত (২) বৰাক উপত্যকা আৰু এই দুই উপত্যকাৰ মাজত (৩) কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল।
প্ৰধান নদী
- অসমত অসংখ্য নদী আছে যদিও প্ৰধান নদী প্ৰকৃততে দুখন : ব্ৰহ্মপুত্ৰ আৰু বৰাক। বাকীবোৰ এই দুখন মূল নৈৰ উপনদীহে। ব্ৰহ্মপুত্ৰ নদী হিমালয়ৰ মানস সৰোবৰৰ পৰা অলপ পূৱফালে অৱস্থিত ‘টামচুক খামবাৰ’ নামৰ এটা হিমবাহৰ (প্ৰায় ৩১ ডিগ্ৰী উত্তৰ অক্ষৰেখা আৰু ৪২ ডিগ্ৰী পূব দ্ৰাঘিমা) পৰা উৎপত্তি হৈছে আৰু বিভিন্ন নামেৰে এই নদী বৈ আহি অসমৰ মাজেদি গৈ বংগোপ সাগৰত পৰিছে। ব্ৰহ্মপুত্ৰ নদী দীঘলে প্ৰায় ২,৮৮০ কিলোমিটাৰ। এই নদী প্ৰায় ৭২৫ কিলোমিটাৰ জুৰি অসমৰ মাজেদি বৈ গৈছে।
অসমৰ আন এখন ঘাই নদী বৰাক। প্ৰায় ৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰাক নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈ মণিপুৰৰ মাজেদি বৈ গৈ কাছাৰ জিলাত সোমাই বদৰপুৰৰ ওচৰৰ সুৰমা আৰু কুশীয়াৰা নামে দুটা শাখাত বিভক্ত হৈ বাংলাদেশত সোমাইছে। আৰু শেষত মেঘনা নামেৰে মিলিত হৈ ব্ৰহ্মপুত্ৰত (পদ্মা) পৰিছে।
ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদী সমূহ
- সোৱণশিৰি, জীয়াভৰলী, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, ন-দিহিং, দিচাং, দিখৌ, জাঁজী, ভোগদৈ, ধনশিৰি, কপিলী, জীয়াঢল, ৰঙানৈ, দিক্ৰং, বুৰৈ, বৰগাং, চম্পাৱতী, সৰলভাঙা, সোণকোষ, ডিব্ৰু, বুঢ়ীদিহিং, ডিগাৰু, কুলসী, শিংৰা, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাক আদি।
বৰাকৰ উপনদী সমূহ
- যদুকাটা, জিৰি, জাতিংগা, বগাপানী, সোণাই, লংগাই, শিংৰা, ৰাকনি, ধনেশ্বৰী, মাধুৰা, চিৰি আদি।
- অসমৰ আন কেইখনমান প্ৰধান উপনদী
উপনদী
সোৱণশিৰি চাৰিকৰীয়া, কুমতীয়া, জীয়াঢল
ন-দিহিং ডিৰাক
বিঢ়ীদিহিং টিপালিং, টিংৰাই, নামচাংত, চেচাঁ
কাকডোঙা ধলী
ধনশিৰি দৈয়াং, নামবৰ, কলিয়নী
মানাহ আই
কপিলী বৰাপানী, যমুনা, কিলিংত
ব্ৰহ্মপুত্ৰৰ দলং কেইখন
- শৰাইঘাট দলং : ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এইখন প্ৰথম দলং। গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰৈত নিৰ্মিত শৰাইঘাট দলং ৰে’ল আৰু মটৰ গাড়ী একেলগে যাব পৰা ভাৰতৰ প্ৰথম দলং। দলং খনৰ দৈৰ্ঘ্য ১,২৯৫ মিটাৰ (১.২৯ কিলোমিটাৰ)। ১৯৬০ চনৰ ১০ জানুৱাৰীত দলঙ খনৰ আধাৰ শিলা স্থাপন কৰা হয় আৰু ১৯৬২ চনৰ অক্টোবৰ মাহত দলং খনৰ ৰে’ল পথটো মুকলি কৰা হয়। ইয়াৰ পিছত ১৯৬৩ চনৰ ৭ জুনত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলং আনুষ্ঠানিক ভাৱে দেশক উদ্দেশি মুকলি কৰে। শৰাইঘাট দলঙৰ তলত ব্ৰডগজ ৰে’ল লাইন আৰু ওপৰত ৭.৩ মিটাৰ বহল ৰাষ্টা তথা ১.৮ মিটাৰ বহল দুটা পদপথ আছে। দলঙ খন নিৰ্মাণৰ সৰ্বমুঠ ব্যয় ১০ কোটি ৬৫ লাখ টকা। শৰাইঘাট দলঙে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পাণ্ডুৰ লগত উত্তৰ পাৰৰ আমিন গাঁৱক সংযোগ কৰিছে।
- কলিয়াভোমোৰা দলং : তেজপুৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ পূবে অৱস্থিত কলিয়াভোমোৰা দলং ভাৰতৰ দীৰ্ঘতম পথ দলং। এই দলঙে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু দক্ষিণ পাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিছে। কলিয়াভোমোৰা বৰফুকনৰ স্মৃতিত নিৰ্মাণ কৰা এই দলঙৰ দৈৰ্ঘ্য ৩.০৫ কিলোমিটাৰ। ভাৰতৰ ৰে’ল বিভাগৰ উদ্যোগত নিৰ্মিত এইখন দলঙৰ নিৰ্মাণ ব্যয় প্ৰায় ৮৯ কোটি টকা।
- নৰনাৰায়ণ সেতু : ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয় খন দলং নৰনাৰায়ণ সেতুৱে উত্তৰে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু দক্ষিণে গোৱালপাৰা জিলাৰ পঞ্চৰত্ন সংযোগ কৰিছে। ২.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই খন দলং ১৯৯৮ চনৰ ১৫ এপ্ৰিলত আনুষ্ঠানিক ভাৱে মুকলি কৰে প্ৰধান মন্ত্ৰী অটল বিহাৰী বজপেয়ীয়ে। দুখলপীয়া এই দলঙেদি একেলগে ৰে’ল আৰু মটৰ গাড়ী যাব পাৰে। নৰনাৰায়ণ সেতুৰ নিৰ্মাণৰ ন্যয় প্ৰায় ৩০১ কোটি টকা।
- বগীবিল দলং : উল্লিখিত তিনিখন দলঙৰ উপৰি সম্প্ৰতি ডিব্ৰুগড় চহৰৰ পৰা ১৭ কিলোমিটাৰ পশ্চিমে বগীবিলত আন এখন দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে। দুখলপীয়াকৈ সাজিবলগীয়া এই দলঙ খনৰ তলৰ খাপত ৰে’ল পথ আৰু ওপৰ খাপত মটৰ গাড়ী যাব পৰা বাট থাকিব। দলঙখনে উত্তৰ পাৰ ধেমাজী জিলাৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ লগত (চিচিবৰ গাঁও) দক্ষিণ পাৰৰ ডিব্ৰুগড় জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথক (চাউলখোৱা গাঁও) সংযোগ কৰিব। ১৯৯৭ চনৰ ২২ আনুৱাৰীত আধাৰশিলা স্থাপন কৰা আৰু ২০০২ চনৰ ২১ এপ্ৰিলত নিৰ্মাণ আৰম্ভ হোৱা এই দলং ২০১৪ চনৰ ভিতৰত সম্পূৰ্ণ হোৱা কথা। দলঙ খনৰ দৈৰ্ঘ্য ৪.৩২ কিলোমিটাৰ আৰু প্ৰস্তাৱিত নিৰ্মাণ ব্যয় ১,৭৬৭ কোটি টকা।
ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপ
- মাজুলী আৰু উমানন্দ। মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপ (মাটিকালি প্ৰায় ৯২৯ বৰ্গ কিলোমিটাৰ) আৰু উমানন্দ পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ (মাটিকালি ১৬.৩৩৫ বিঘা ২ কঠা ৫ লেচা)।
সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা
- অসম সমুদ্ৰ সমুদ্ৰ পৃষ্ঠৰ পৰা গড়ে প্ৰায় ৭৯.৫ মিটাৰ উচ্চতাত অৱস্থিত : শদিয়া ১৩৪ মিটাৰ, ডিব্ৰুগড় ১০৪ মিটাৰ, গুৱাহাটী ৫০ মিটাৰ, গোৱালপাৰা ৩৭ মিটাৰ আৰু ধুবুৰী ২৮ মিটাৰ।
গড় তাপমান
- অসমৰ তাপমান গ্ৰীষ্মকালত সৰ্বোচ্চ গড়ে ৩০ ডিগ্ৰী চেলছিয়াছ আৰু শীতকালত গড়ে ১৬ ডিগ্ৰী চেলছিয়াছৰ মাজত থাকে।
বৰষুণৰ পৰিমাণ
- অসম মৌচুমী অঞ্চলৰ ভিতৰতে এখন অধিক বৰষুণ হোৱা ঠাই। ইয়াৰ গড় বৰষুণ বছৰি ১৭৮ চেণ্টিমিটাৰৰ পৰা ৩০৫ চেণ্টিমিটাৰ। সাধাৰণতে জুনৰ পৰা ছেপ্তেম্বৰ মাহৰ ভিতৰত ইয়াত বৰষুণ হয়।
জলবায়ু
- অসমৰ জলবায়ু ঘাইকৈ গৰম আৰু সেমেকা মৌচুমী জলবায়ু। দাক্ষিণাত্যৰ পশ্চিম উপকূল, দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উপকূল অঞ্চলৰ লগত অসমৰ জলবায়ুৰ মিল আছে। অসমৰ জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক। অসমৰ জলবায়ুক (১) শীত, (২) প্ৰাক্ মৌচুমী, (৩) মৌচুমী আৰু (৪) উত্তৰ মৌচুমী – এই চাৰিটা ঋতুত ভগাব পাৰি। নৱেম্বৰ-জানুৱাৰী : শীত ; ফেব্ৰুৱাৰী-এপ্ৰিল : প্ৰাক্ মৌচুমী ; মে’-জুলাই : মৌচুমী ; আগষ্ট-অক্টোবৰ : উত্তৰ মৌচুমী। অসমত গৰমৰ মাত্ৰা ভাৰতৰ অন্যান্য অংশতকৈ তুলনামূলক ভাৱে কম ; শীতকালতো জাৰৰ মাত্ৰা তীব্ৰ নহয়।
প্ৰধান পাহাৰ
- কাৰ্বি পাহাৰ, বৰাইল পাহাৰ, বুঢ়া পাহাৰ, নীলাচল, ভোমোৰাগুৰি, শ্ৰী সূৰ্য, চৰাইদেউ, পঞ্চৰত্ন, ৰাক্ষসিনী, পাগলাটেক, টুক্ৰেশ্বৰী, ৰেংমা, চিত্ৰাচল, নৱগ্ৰহ, নখোলা আদি।
শৃংগ
- সিংহাসন (উচ্চতা ১,৩৫৯ মিটাৰ), ডামবুকছো (১,৩৬১ মিটাৰ)। দুয়োটা শৃংগ কাৰ্বি পাহাৰ আৰু উত্তৰ কাছাৰ পাহাৰৰ মালভূমি অঞ্চলত অৱস্থিত।
প্ৰধান বিল
- বগীবিল, কাৱৈমাৰী, ডিপৰ বিল, চান্দডুবি, গেলাবিল, মেৰবিল, মৰিকলং, কাছমাৰীজান, বৰডুবি আদি।
- অসমৰ জনসংখ্য আৰু অন্যান্য তথ্য
(২০০১ চনৰ চূড়ান্ত লোকপিয়ল অনুসৰি)
মুঠ জনসংখ্যা : ২,৬৬,৫৫,৫২৮
পুৰুষ : ১,৩৭,৭৭,০৩৭
মহিলা : ১,২৮,৭৮,৪৯১
২০২৫ চনত সম্ভাব্য জনসংখ্যা : ৩,৫৫,১২,০০০
পুৰুষৰ শতকৰা হাৰ : ৫২
মহিলাৰ শতকৰা হাৰ : ৪৮
চহৰ অঞ্চলৰ জনসংতখ্যা (২০০১) : ৩৪,৩৯,২৪০ (মুঠ জনসংখ্যাৰ ১৩%)
গ্ৰামাঞ্চলৰ জনসংখ্যা (২০০১) : ২,৩২,১৬,২৮৮ (মুঠ জনসংখ্যাৰ ৮৭%)
অনুসূচিত জাতি (২০০১) : ১৮,২৫,৯৪৯ (মুঠ জনসংখ্যাৰ ৬.৮৫%)
পুৰুষ : ৯,৪৩,৬৭৮
মহিলা : ৮,৮২,২৭৫
অনুসূচিত জনজাতি (২০০১) : ৩৩,০৮,৫৭০ (মুঠ জনসংখ্যাৰ ১২.৪১%)
পুৰুষ : ১৬,৭৮,১১৭
মহিলা : ১৬,৩০,৪৫৩
জনসংখ্যাৰ ঘনত্ব : প্ৰতি বৰ্গ কিলোমিটাৰত ৩৪০ জন।
প্ৰতি হাজাৰ পুৰুষত মহিলা : ৯৩৫
জনসংখ্যা বৃদ্ধিৰ হাৰ : ৫৩.২৬%
সাক্ষৰতাৰ হাৰ : ৬৩.২৫%
পুৰুষ : ৭১.২৮%
মহিলা : ৫৪.৬১%
অসমৰ কাষৰীয়া ৰাজ্য
- অসমৰ কাষৰীয়া ৰাজ্য ছখন। সেই কেইখন হ’ল :
ৰাজ্য ৰাজধানী
অৰুণাচল প্ৰদেশ ইটানগৰ
মেঘালয় ছিলং
নাগালেণ্ড কহিমা
মণিপুৰ ইম্ফল
মিজোৰাম আইজল
ত্ৰিপুৰা আগৰতলা
লেখক: শান্তনু কৌশিক বৰুৱা
লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা
উৎস: নতুন জানানে