অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কোচ-ৰজা সকল

কোচ-ৰজা সকল

বৰ্তমান যুগত কোচ শব্দটো দ্বিঅৰ্থত ব্যৱহৃত হয়। অসমত কোচ বুলিলে হিন্দু বৰ্ণৰ কেতবোৰ লোকক বুজায়। কছাৰী, লালুং, মিকিৰকে আদি কৰি হিন্দু ধৰ্ম্মত দীক্ষিত হোৱা বিভিন্ন জনজাতীয় লোকক থোৰতে কোচ বোলা হয়। এইদৰে দীক্ষা লোৱা কাৰ্য্য এতিয়াও চলি আছে বাবে কোচৰ সংখ্যাও দিনে দিনে বাঢ়ি আছে। উত্তৰ বঙ্গ আৰু গোৱালপাৰাত কিন্ত কোচসকল বৰ সন্মানৰ পাত্ৰ নহয় আৰু এইবোৰ ঠাইৰ কোচসকলে নিজকে ৰাজবংশী বুলিহে কয়। এওঁলোকে কোচ শব্দাটোৰ দ্বাৰা এটা ফৈদকহে বুজাইছে, বৰ্ণ বুজোৱা নাই। কিন্ত কোচ নামধাৰী এই লোকসকলৰ জাতি-বিষয়ক চৰিত্ৰ সম্বন্ধে বহু মতভেদ আছে। তন্ত্ৰ আৰু পুৰাণত কোচ সকলক সঘনে উল্লেখ কৰিছে আৰু তেওঁলোকক বুজাবলৈ ‘কৰাচ’ শব্দটো ব্যৱহাৰ কৰিছে। ১২শ শতিকাৰ শেষত মহম্মদ বখতিয়াৰ খিলজীৰ লগত অহা ঐতিহাসিক কোচ, মেচ আৰু খাৰু জনজাতীয় লোকসকলৰ সৈতে দক্ষিণ চাইবেৰীয়াৰ লোকৰ সাদৃশ্য আছে বুলি কৈছে। কোচসকলক বিশেষভাৱে লক্ষ্য কৰি ব্ৰাখান হডগছনে তেওঁলোকক বড়ো আৰু ধিমান লোক বুলি অভিহিত কৰিছে আৰু বুচানন আৰু ‘ঢাকা ব্লু বূকে’ সেই তথ্যলৈ সমৰ্থন আগবঢ়াইছে। আনহাতেদি, কৰ্ণেল ডেলটনৰ মতে কোচসকল দৰাচলতে দ্ৰাবিড়ীহে। ৰেজলীয়ে আকৌ কয় যে, এই লোকসকল হৈছে মঙ্গোলীয় আৰু দ্ৰাবিড়ীৰ সংমিশ্ৰণ। ৰাজবংশী শব্দৰ ব্যৱহাৰে তেওঁলোকৰ জাতি নিৰুপণত আৰু বেছি আউল লগাইছে। এই সম্বন্ধে মতবাদ সমূহো দিনে দিনে বাঢ়ি গৈছে। পোনতে বোধকৰো ৰাজবংশীসকল দ্ৰাবিড় বংশোদ্ভৱ আছিল। পিছত মানস নৈৰ পশ্চিমৰ কোচসকলে হিন্দু ধৰ্মলৈ নিজকে ৰাজবংশী বুলি ক’বলৈ ধৰে। কোচ ৰজা সকলৰ দিনত কোচ আৰু ৰাজবংশীৰ মাজত সংমিশ্ৰণ ঘটে। কিন্ত এটা কথ ধুৰুপ যে, প্ৰকৃত কোচসকলক মঙ্গোলহে। গাৰো আৰু মেচসকলৰ সৈতে এই লোকসকলৰ নিকট সম্বন্ধ আছিল। জলপাইগুৰি, কোচবিহাৰ আৰু গোৱালপাৰা অঞ্চলত বৰ্তমানে যিসকল ৰাজবংশী লোক আছে তেওঁলোক প্ৰকৃততে কোচহে। তেওঁলোকৰ গাৰ বৰণ ক’লা হ’লেও আকৃতি মঙ্গোলীয়। সেইদৰে আনঠাইৰ কোচসকল বিভিন্ন লোকৰ সৈতে শংমিশ্ৰিত যদিও তেওঁলোকৰ মাজতো মঙ্গোলীয় চেহেৰাৰ লোক বেছি।

কোচ ভাষা বৰ্তমান মৃতপ্ৰায়। কিন্ত কোচ ভাষাৰ যি দুই এটা চানেকি পোৱা যায় তাৰ পৰা এই ভাষাৰ সৈতে গাৰো ভাষাৰ মিল দেখা যায়। ১৬ শতিকাৰ কোচ ৰাজ্য ভ্ৰমণ কৰা ৰালক ফিটছে কৈছে “এই লোকসকলৰ কাণবোৰ অতি ডাঙৰ। সৰুকালতে কাণ বোৰ ফুটা কৰি ইয়াক বিশেষ উপায়েৰে তেওঁলোকে দীঘল কৰি লৈছিল”। বৰ্তমান কোচসকলে এইদৰে কাণ দীঘল কৰা ৰীতি এৰিছে যদিও গাৰোসকলৰ মাজত ই এতিয়াও প্ৰচলিত। পুৰণিকালত কোচ আৰু মেচৰ মাজত কোনো বাধা নোহোৱাকৈ বিয়া-বাৰু হৈছিল। কিন্ত এতিয়া কোচসকলে হিন্দু ধৰ্মত দীক্ষিত হ’বৰে পৰা এনে বিয়া-বাৰুবোৰ কমি আহিছে। মানস নৈৰ পূবে ৰাজবংশী লোক প্ৰায় নাছিলেই। তাত থকা পৰাক্ৰমী কোচসকলে হিন্দু ধৰ্মত শৰণ লৈছিল। নতুন শৰণীয়া কোচসকলে তেওঁলোকৰ নিজৰ জনজাতীয় নাম সলোৱা নাছিল। কিন্ত তেওঁলোকৰ পিছত যিসকল মঙ্গোলিয় লোকে হিন্দু ধৰ্ম লৈছিল তেওঁলোকে নিজ নাম সলাইছিল। এই লোকসকলে কালক্ৰমত ইতিমধ্যে হিন্দু হোৱা কোচ সকলৰ সৈতে মিলি গৈছিল।

কোচ ৰজা সকলৰ বিষয়ে উল্লেখ থকা ভালেমান পুৰণি কাকত পত্ৰ পোৱা গৈছে। ইয়াৰ ভিতৰত দৰং ৰজাৰ বংশাৱলীও কোচসকলৰ বিষয়ে বিস্তৃত বিৱৰণ পোৱা যায়। দৰঙৰ কোচ ৰাজ বংশৰ বিখ্যাত লক্ষ্মীনাৰায়ণ কোৱঁৰৰ হাতে লিখা পুথিখনত পৰীক্ষিতলৈকে বৰ্ণনা পোৱা গৈছে। কিন্ত পৰীক্ষিত মৃত্যুৰ বৰ্ণনাৰ পিছত এই পুথিৰ কাহিনীও আধৰুৱাভাৱে শেষ হৈছে। দীঘলীয়া শাৰী শাৰীকৈ অসমীয়া ছন্দত সাচিপাতত এই পুথিখন লিখা হৈছে। ১৮০০খৃঃৰ এজন প্ৰসিদ্ধ অসমীয়া লেখকে এই হাতে লিখা পুথিখনৰ ৰচক যেন অনুমান হয়। কিন্ত কি সমলৰ ওপৰত ভিত্তি কৰি এই বিৱৰণী লিখা হৈছিল আমি নাজানো। লিখকজনে এই বিৱৰণী লিখাৰ সময়ত তেওঁ উনুকিওৱা ঘটনাসমূহ পুৰণি হোৱা নাছিল আৰু বোধকৰো এক সজীৱ স্মৃতি ৰোমন্থ কৰিয়েই তেওঁৰ কাপেৰে এই লিখনিৰ সৃষ্টি হৈছিল। কিন্ত তথাপিও তেওঁ ঠাই বিশেষে কল্পনাৰ আশ্ৰয় লৈছে আৰু বহুক্ষেত্ৰত অতিৰঞ্জিত বিৱৰণী কেতবোৰো দিছে। সেয়ে, আহোম বুৰঞ্জীৰ দৰে এইবোৰ লেখনিও আমি সম্পূৰ্ণ ভাৱে গ্ৰহণ কৰিব নোৱাৰো। দৰং বংশাৱলীৰ নিম্নলিখিত বেৱৰণীটো বহু অদৰকাৰী কথা বাদ দি ইয়াত সন্নিবিষ্ট কৰা হৈছে। তথাপি এটা কথা মনত ৰাখিব লাগিব যে, আহোম বুৰঞ্জী বা মুছলমান লেখকৰ বিৱৰণীৰ সৈতে তুলনামূলক অধ্যয়ন নকৰাকৈ বংশাৱলীৰ এনে তথ্য সমুহ সম্পূৰ্ণভাৱে বিশ্বাস কৰিব নোৱাৰি।

কোচসকলৰ পূৰ্ব্ব পুৰুষজন কোচ নে মেছ আছিল জনা নাযায়। তেওঁৰ নাম আছিল হাৰিয়া মণ্ডল। তেওঁৰ বাসস্থান আছিল বৰ্তমান গোৱালপাৰা জিলাৰ খুন্তাঘাট পৰগনাৰ চিকণগ্ৰাম। এই পৰগনাত বাস কৰা বাৰটা মেচ (বা কোচ) পৰিয়ালৰ তেওঁ মুখীয়াল আছিল। হাৰিয়া মণ্ডলে হাজো নামৰ এজন লোকৰ দুগৰাকী কন্যা বিয়া কৰাইছিল। কন্যা দুয়ো গৰাকীৰ নাম আছিল হীৰা আৰু জীৰা। কালক্ৰমত দুয়ো গৰাকীৰে দুটি পুত্ৰ সন্তান জন্মে। হীৰাৰ পুত্ৰৰ নাম বিশু আৰু জীৰাৰ পুত্ৰৰ নাম শিশু ৰখা হয়। হুছেইন ছাহৰ অধীনত মুছলমানৰ কমতা বিজয়ৰ কেইবছৰ মন আগেয়ে এওঁলোকৰ জন্ম হৈছিল। হুছেইন ছাহে এই ৰাজ্য এৰি যোৱাত ইয়াত কেইজন মান মুখীয়াল লোকৰ নেতৃত্বত কেতবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য গঢ়ি উঠে। অসীম  সাহসী আৰু শক্তিমন্ত বিশুয়ে এই সকলোবোৰ দলকে পদানত কৰি নিজে আগশাৰীলৈ আহে। তেওঁ ঔগুৰি আৰু লুকিৰ ভূঞাঁসকলক পৰাজিত কৰিছিল। কিন্ত চাৰু ভূঞাঁই তেওঁক খেদি পঠিয়ায়। পিছে কিছুদিনৰ মূৰত বিশুয়ে আকৌ দলবল গোটাই ভূঞাঁ সৈন্যসকল কোনো এটা উৎসৱত ব্যস্ত থকাৰ সুযোগলৈ চাৰু ভূঞাক তেওঁৰ লগৰীয়াসকলৰ সৈতে আক্ৰমণ কৰি হত্যা কৰে। এই বিজয়ৰ পিছত বিশুৱে এজন এজনকৈ ফুলগুৰি, বিজনীকে আদি কৰি ঠাইবোৰৰ মুখীয়াল সকলক পৰাস্ত কৰি পশ্চিমে কৰতোৱা আৰু পূৱে বৰনদীলৈকে তেওঁৰ সীমা বিস্তাৰ কৰে। প্ৰায় ১৫১৫ খৃঃত এইদৰে বিশু ক্ষমতাত অধিস্থিত হয়।

চিৰাচৰিত ভাৱে ব্ৰাহ্মণসকলে এতিয়া বিশুক সমাজৰ আগশাৰীত স্থান দিয়াৰ প্ৰয়াস কৰিলে। তেওঁলোকে ক’লে যে বিশু দৰাচলতে ক্ষত্ৰিয় বংশোদ্ভৱ। জমদ্ভানিৰ পুত্ৰ পৰশুৰামে হেনো এই ক্ষত্ৰিয়সকলক খেদি যোৱাত তেওঁলোকে তেওঁৰ হাতৰ পৰা ৰক্ষা পাবলৈ লগুণবোৰ দলিয়াই পেলাইছিল। বিশু প্ৰকৃতপক্ষে হাৰিয়া মণ্ডলৰ পুত্ৰ নহয় বুলিও এই ব্ৰাহ্মণসকলে কবলৈ ধৰিলে। দৰাচলতে শিৱই হাৰিয়াৰ বেশ ধৰি তেওঁৰ ঘৈনীয়েক হীৰাক ৰমণ কৰাত বিশুৰ জন্ম হৈছিল বুলি ব্ৰাহ্মণসকলে নতুন কাহিনীৰ সৃষ্টি কৰিলে। তেওঁলোকে ইয়াকো ক’লে যে হীৰা প্ৰকৃতপক্ষে পাৰ্ব্বতী দেবীহে আছিল। বিশুয়ে এতিয়া নাম ল’লে বিশ্বসিংহ আৰু তেওঁৰ ভাতৃ শিশু হ’ল শিৱসিংহ। তেওঁলোকৰ লগৰীয়া আৰু প্ৰজাসকলেও নিজৰ নাম ধাম বাদ দি এতিয়া নিজকে ৰাজবংশী বুলি চিনাকী দিবলৈ ধৰিলে।

বিশ্বসিংহ হিন্দু ধৰ্মৰ এজন প্ৰধান পৃষ্ঠপোষক আছিল। তেওঁ শিৱ আৰু দুৰ্গা পূজা কৰিছিল। বিষ্ণুভক্ত লোক, পুৰুহিত আৰু জ্যোতিষীসকলকো তেওঁ নানা ধৰণে পুৰস্কৃত কৰিছিল। তেওঁ কামাখ্যা দেবীৰ পূজাৰ পুনৰ প্ৰচলন কৰি গুৱাহাটীৰ ওচৰৰ নীলাচল পাহাৰত থকা দেবীৰ মন্দিৰ মেৰামতি কৰে। কণৌজ, বাৰাণসী আৰু অন্যান্য শিক্ষাকেন্দ্ৰৰ পৰা বহুতো ব্ৰাহ্মণলোক আনি তেওঁ নীলাচলত প্ৰতিষ্ঠা কৰে।

বিশ্বসিংহই চিকনগ্ৰামৰ পৰা ৰাজধানী তুলি কোচবিহাৰত নতুন ৰাজধানী পাতে। তেওঁ ৰাজধানী খন সুন্দৰকৈ সজাই পৰাই তুলিছিল। নিজ ভাতৃ শিশু বা শিৱসিংহক তেওঁ যুৱৰাজ পাতে। বাৰটা মেছ পৰিয়ালৰ বাৰজন মূখীয়াল লোকক তেওঁ মন্ত্ৰীৰ বাব দিয়ে। তেওঁ লোকপিয়ল কৰে। তেওঁৰ ৰাজ্যত ৫২২৫,০০০ জন সবল সুঠাম যুজাৰু হ’ব পৰা লোক আছিল বুলি জনা যায়। (অৱশ্যে, এই এই সংখ্যাটো অতিৰঞ্জিত যেন লাগে)। কৰ্মচাৰী সকলক তেওঁ বিভিন্ন ভাগত ভাগ কৰিছিল। যেনে একুৰিজন লোকৰ দায়িত্বত থকাজন ঠাকুৰীয়া, এশজনৰ ওপৰত শইকীয়া, হাজাৰজনৰ ওপৰত হাজাৰী, ৩০০০ হাজাৰ জনৰ ওপৰত ওমৰাহ আৰু ৬০,০০০ জনৰ ওপৰত নবাব ইত্যাদি। বিশ্বসিংহৰ হেনো বহুতো হাতী, ঘোৰা, গাধ, ম’হ আৰু উট আছিল। তেওঁৰ কেইবাগৰাকী ৰাণী আৰু ১৮ জন পুত্ৰ আছিল। পুত্ৰসকলৰ ভিতৰত মল্লদেৱ, শুক্লধ্বজ, নৰসিংহ আৰু গোহাঁইকমলৰ নাম উল্লেখযোগ্য।

বিশ্বসিংহই আহোমৰ সৈতে সম্বন্ধ স্থাপন কৰিছিল যদিও এই বিষয়ে সবিশেষ জনা নাযায়। এই বিষয়ৰ ওপৰত প্ৰাপ্ত তথ্যপাতি সমূহ আৰু মতামত সমূহো একে নহয়। কোচসকলৰ বংশাৱলী মতে বিশ্বসিংহই আহোমৰ ৰাজ্য আক্ৰমণ কৰিছিল। কিন্ত এই যুদ্ধ যাত্ৰা অতি কষ্টসাধ্য হোৱাত আৰু লগতে ৰচদপাতিৰ সৰবৰাহো ঠিকমতে নোহোৱাত তেওঁ এই অভিযান পৰিত্যাগ কৰে। আহোমসকলৰ বিৱৰণীৰ মতে কিন্ত বিশ্বসিংহই হেনো ১৫৩৭ খৃঃত আহোম ৰজা চুহুংমুঙৰ ৰাজসভালৈ আহি তেওঁৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। দ্যুওজন ৰজাৰ মাজত বহুবোৰ উপহাৰ আদান-প্ৰদান হৈছিল বুলিও এই সূত্ৰই কয়।

১৫৪০ খৃঃত বিশ্বসিংহৰ মৃত্যু হয়। তেওঁৰ ৰাজত্বকালত আহোম আৰুৰ্মুছলমান সকলৰ মাজত শত্ৰুতা বৃদ্ধি পাইছিল। মুছলমানসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কলিয়াবৰলৈকে আগবাঢ়ি গৈছিল। ১৫৩২ খৃঃত মুছলমান সকল সম্পূৰ্ণভাৱে পৰাস্ত হৈছিল। আহোমসকলে এই আক্ৰমণকাৰী সকলক কৰতোৱালৈকে খেদি নিছিল। অৱশ্যে এইবোৰ তথ্যপাতি আহোমৰ বিৱৰণীতহে পোৱা গৈছে। কোচসকলৰ বিৱৰণীসমূহ এই বিষয়ে সম্পূৰ্ণ নিমাত। কোচবিহাৰত থকা বিশ্বসিংহৰ ৰাজধানী মুছলমান আক্ৰমণকাৰী সকলৰ পথৰ পৰা বহু দূৰৈত থকাৰ বাবেই বোধকৰো এনে হৈছিল। যদিও বিশ্বসিংহই পূবে বৰনদীলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা স্থানীয় ভূস্বামীসকলক নিজৰ তলতীয়া কৰিছিল, মুছলমানসকল এই ঠাইৰে যোৱাৰ সময়লৈকে তেওঁ বোধকৰো এই ঠাইসমূহ সম্পূৰ্ণভাৱে নিজৰ অধীনলৈ অনাই নাছিল। নাইবা, এই আক্ৰমণকাৰী সকল অতি শক্তিশালী বুলি অনুমান কৰি, তেওঁলোকে যিহেতু তেওঁৰ ৰাজ্য আক্ৰমণ নকৰি তাৰ মাজেৰে মাত্ৰ পাৰ হৈহে গৈছে, সেয়ে বিশ্বসিংহই তেওঁলোকক জোকাই নোলোৱাটোৱেই শ্ৰেয় বুলি ভাবিছিল।

বিশ্বসিংহৰ মৃত্যুৰ সময়ত তেওঁৰ দুজন বৰপুত্ৰ মল্লদেৱ আৰু শুক্লধ্বজে বাৰাণসীৰ বিদগ্ধ ব্ৰাহ্মণ পণ্ডিতৰ ওচৰত থাকি উচ্চ শিক্ষা লাভ কৰিছিল। সেয়ে, পিতৃৰ মৃত্যুৰ লগে লগে সুযপগ বুজি তেওঁলোকৰ ভাতৃ নৰসিঙে নিজকে ৰজ বুলি ঘোষণা কৰে। এই বাতৰি পাই মল্লদেৱ আৰু শুক্লধ্বজে ততাতৈয়াকৈ ঘৰলৈ আহি এদল সৈন্য যোগাৰ কৰি নৰসিঙক যুদ্ধত পৰাস্ত কৰে। নৰসিঙে কোচবিহাৰৰ পাহাৰীয়া মৰাঙ অঞ্চললৈ গৈ আশ্ৰয় ভিক্ষা কৰে। কিন্ত মৰাঙৰ ৰজাই তেওঁক আশ্ৰয় দিবলৈ অস্বীকাৰ কৰাত আৰু ভাতৃ দুজনেও তেওঁক খেদি অহাত এইবাৰ নৰসিঙ যথাক্ৰমে নেপাল আৰু কাশ্মীৰলৈ পলাই যায়। কোচবিহাৰত এতিয়াও মৰঙীয়া লোক দেখা যায়। এই লোকসকলক মৰাঙৰ ৰজাই নৰনাৰায়নক উপহাৰ দিয়া মৰঙীয়া লোকসকলৰ বংধৰ বুলি বহুতে কয়।

নৰসিঙ হেনো পিছলৈ ভূটানৰ ৰজা হয়গৈ। অৱশ্যে, এই তথ্যৰ সত্যাসত্য জনা নাযায় বাবে আমি ইয়াক অসত্য বুলি অগ্ৰাহ্য কৰিব নোখোজো। পুৰণি কালত সময় বিশেষে ভূটানক আমি কামৰুপৰ অন্তৰ্গত আছিল বুলি জানো। ১৭ শতিকাৰ মাজভাগত মীৰজুমলাৰ আক্ৰমণৰ বিষয়ে উল্লেখ কৰা ঐতিহাসিক সকলে ভূটানৰ লোকৰ ভাষাৰ সৈতে কোচভাষাৰ সামঞ্জস্য আছিল বুলি কৈছে। চাৰ এছলি ইডনৰ ভূটান ভ্ৰমণৰ প্ৰতিবেদন মতে, ভূটীয়াসকলে আজি প্ৰায় দুশ বছৰ ধৰিহে ভূটান অধিকাৰ কৰিছে। তাৰ আগেয়ে এই ঠাইখন টেফু (ভূটীয়া ভাষামতে) নামেৰে এদল উপজাতিৰ অধীনত আছিল। এই টেফু সকলক বহুতে কোচবিহাৰৰ লোক বুলি কয়। তিব্বতী সৈন্যসকলে লাচাৰ পৰা আহি টেফু সকলক হেনো ভূটানৰ নামনি অঞ্চললৈ খেদি পঠিয়াইছিল।

নৰসিঙক ৰাজ্যৰ পৰা বিতাড়িত কৰি মল্লদেৱে নাৰায়ণ নামেৰে সিংহাসন আৰোহন কৰে। ভাতৃ শুক্লধ্বজক তেওঁ প্ৰধান সেনাপতিৰ বাব দিয়ে। সেনাপতি শুক্লধ্বজে অতি বেগেৰে চিলাৰ দৰে গৈ ৰাজ্য বিস্তাৰ কৰিছিল বাবে তেওঁক চিলাৰায় বা চিলাৰ ৰজা আখ্যা দিয়া হৈছিল।

ৰাজপাটত আৰোহন কৰাৰ পিছতেই নৰনাৰায়ণৰ আহোমৰ সৈতে বিবাদ ঘটে। এই বিবাদৰ কাৰণ সম্বন্ধে সঠিকভাৱে জনা নাযায়। এটা সূত্ৰমতে, আহোম ৰজা চুহুংমুহুঙে কোচৰাজ্য আক্ৰমণ কৰি ৰি বিবাদৰ সূত্ৰপাত ঘটাইছিল। কোচৰাজ্যৰ এজন ভূস্বামী বা ভূঁঞাই নৰনাৰায়ণৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি ধৰা পৰাত পলাই গৈ আহোম ৰজা চুকলেঙমঙ্গৰ আশ্ৰয় লৈছিল। চুকলেঙমঙ্গে ভূঁঞাজনক আশ্ৰয় দিয়াৰ উপৰিও তেওঁৰ কথামতে কোচৰাজ্যত আক্ৰমণ চলায়। সি যি কাৰণেই নহওক কেলেই ১৫৮৬ খৃঃত শুক্লধ্বজে ব্ৰহ্মপুত্ৰৰ উত্তৰেদি ডিক্ৰইলৈকে এক অভিযান চলায়। ডিক্ৰাইৰ পাৰত তয়াময়া যুদ্ধ হয়। ধনুকাড়েৰে সজ্জিত কোচসকলে আহোম দলপতি কেইজনমানক নিহত কৰাত তলতীয়া সৈন্যসকল ছেদেলি-ভেদেলি হৈ পলাবলৈ ধৰে আৰু সুযোগ বুজি কোচসকলে পিচে পিচে খেদি গৈ এই সৈন্যসকলক কচুকটা দিয়ে। ইয়াৰ পিছত ব্ৰহ্মপুত্ৰৰ বিপৰীতে থকা কলিয়াবৰত আৰু এখন সৰু যুদ্ধ হয়। আহোমসকলে ছালা নামৰ ঠাই এডোখৰত গোট খাই আকৌ যুদ্ধৰ বাবে সাজু হৈছিল। পিছে কোচসকলে গৈ সেই ঠাইতে তেওঁলোকক পুনৰ আক্ৰমণ কৰি বহু লোকজনৰ হানি কৰে।

এই আক্ৰমণ সমূহৰ কালত কোচসকলে কোচবিহাৰত থকা তেওঁলোকৰ ৰাজধানীৰ পৰা বৰ্তমানৰ উত্তৰ লক্ষ্মীমপুৰৰ দক্ষিণ-পশ্চিমে অচস্থিত নাৰায়নপূৰলৈ ৩৫০ মাইল দীঘল এটা গড় আলি নিৰ্মাণ কৰিছিল। এই আলি নিৰ্ম্মাণৰ কামত তদাৰক কৰা ৰাজ ভাতৃ গোসাঁইকমলৰ নামেৰে আলিটোৰ নাম ৰখা হৈছিল। আজিও এই আলিৰ অৱশিষ্ট দেখিবলৈ পোৱা যায়।

১৫৪৭ খৃঃত গোসাঁইকমল আলি নিৰ্মাণ সম্পূৰ্ণ হয়। ইয়াৰ পিছত কোচসকলে নাৰায়ণপুৰত এটা দূৰ্গ সাজে। চুকলেঙমঙ্গে কোচসকলক পিছফালৰ পৰা আক্ৰমণ কৰি পিচলা নৈৰ পাৰলৈকে আগুৱাই আহে। ফলত কোচসকলে খাদ্যসম্ভাৰ অনাত বাধাপ্ৰাপ্ত হৈ খঙতে আহোমক আক্ৰমণ কৰে। এই যুজত কোচসকল শোচনীয় ভাৱে পৰাস্ত হয়। বহুতো কোচসৈন্য বনত পৰে আৰু আনসকলক আহোমে বন্দী কৰি হত্যা কৰে।

কিছুদিন মূৰ পোলোকা মাৰি থাকি নৰনাৰায়ণে ১৫৬২ খৃঃত পুনৰ শক্তিশালী প্ৰতিদ্বন্দী আহোমৰ বিৰুদ্ধে অস্ত্ৰধাৰণ কৰে। আহোম বুৰঞ্জীৰ এটা সূত্ৰমতে নৰনাৰায়ণে আহোমক পোনপটীয়াকৈ আক্ৰমণ কৰা নাছিল। কছাৰীসকলক আক্ৰমণ কৰা কালত নৰনাৰায়ণে কেতবোৰ আহোমৰ অধিকৃত অঞ্চলত লুটপাট কৰাৰ বাবেহে এই যুদ্ধ লাগিছিল। ব্ৰহ্মপুৰয়েদি দিখৌৰ মোহনালৈকে আগবাঢ়ি যোৱা কোচ সৈন্যদলে আহোমক যুজত বেয়াকৈ ঘটুৱাইছিল। ইয়াৰ পিছত জানুৱাৰী মাহত অজেয় চিলাৰায়ে নিজে এক শকতবাহিনী দিখৌ লৈকে পৰিচালিত কৰি আহোমক সম্পূৰ্ণভাৱে পৰাস্ত কৰে। আহোম ৰজাই ডা-ডাঙৰীয়াৰে সৈতে নামৰুপৰ চৰাইখৰঙত গৈ আশ্ৰয় লয়গৈ আৰু কোচসকলে বিজয় উল্লাসেৰে আহোমৰ ৰাজধানী গড়গাওঁত প্ৰবেশ কৰে। কেই  মাহমানৰ পিছত আহোম ৰজাই কোচসকলৰ সৈতে সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়। সেইমতে, আহোমে কোচৰ বশ্যতা স্বীকাৰ কৰে। ডা-ডাঙৰীয়াসকলৰ কেইবাজন পুত্ৰক কোচ ৰাজসভাত জামিন হিচাবে পঠিওৱা হয়। যুদ্ধৰ ক্ষতিপূৰণৰ উপৰিও আহোমে কোচক ৬০টা হাতী, ৬০ খন কাপোৰ আৰু বুজন পৰিমাণৰ সোণ-ৰুপ দিবলগীয়াত পৰে।

নৰনাৰায়ণে যে কেৱল আহোমকেই পৰাজিত কৰিছিল এনে নহয়। তেওঁ কছাৰীসকলৰ বিৰুদ্ধে এক অভিযান পঠিয়াই তেওঁলোকক হেলাৰঙে যুজত ঘটুৱাইছিল। কছাৰী ৰজাই বশ্যতা স্বীকাৰ কৰি তেওঁক ৮৪ টা হাতীকে ধৰি ভালেমান উপহাৰ দিছিল। ইয়াৰ উপৰিও কছাৰীসকলে নৰনাৰায়ণক বছৰি ৭০ হাজাৰ টকাৰ কৰ, ১ হাজাৰ সোণৰ মোহৰ আৰু ৬০ টাকৈ হাতী দিবলৈ স্বীকৃত হৈছিল।

বশ্যতাৰ দাবীৰে নৰনাৰায়ণে মণিপুৰলৈ দূত পঠিওৱাত, মণিপুৰৰ ৰজাই এনে শক্তিশালী ৰজাৰ বিৰুদ্ধে অস্ত্ৰধাৰণৰ পৰিৱৰ্ত্তে বশ্যতাস্বীকাৰ শ্ৰেয় বুলি বিবেচনা কৰে। সেই মৰ্মে তেওঁ কোচৰজাক বছৰি ২০ হাজাৰ টকা, ৩শ সোণৰ মোহৰ আৰু ১০টা হাতী দিবলৈ মান্তি হয়।

ইয়াৰ পিছত চিলাৰায়ে জয়ন্তীয়া ৰাজ্য আক্ৰমণ কৰি সেই ৰাজ্যৰ ৰজাক নিজ হাতে নিধন কৰে। জয়ন্তীয়া ৰাজপুত্ৰই কোচক নিয়মিতভাৱে কৰ শোধাব বুলি প্ৰতিশ্ৰুতি দিয়াত তেওঁক ৰজা পতা হয়। নতুন ৰজাক নিজৰ নামত মোহৰ নুলিয়াবলৈ কোচে হেনো সতৰ্ক কৰি দিয়ে। ১৭৩১ খৃঃলৈকে জয়ন্তীয়া ৰজাসকলে মোহৰত নিজ নাম উল্লেখ নকৰালৈ চাই এই কথষাৰ সত্য আছিল যেন লাগে। এই চনৰ আগৰ মোহৰ বিলাকত ‘জয়ন্তীয়া ৰজা’ কথাষাৰহে উল্লেখ আছে, ৰজাৰ নাম নাই। ইয়াৰ পিছত চিলাৰায়ে তিপ্পেৰাৰ ৰজাক পৰাস্ত কৰি হত্যা কৰে। তেওঁৰ পুত্ৰই বশ্যতা স্বীকাৰ কৰাত তেওঁক সিংহাসন দিয়া হয়। নতুন ৰজাই বছৰে ১০ হাজাৰ টকা, ১০০ সোণৰ মোহৰ আৰু ৩০ টা ঘোৰা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। তিপ্পেৰাসকলৰ বিৱৰণীত এই যুদ্ধ সম্বন্ধে কোনো উল্লেখ নাই, আহোম বুৰঞ্জী এখনত কোচ বংশাৱলীত এই যুদ্ধৰ বিষয়ে উল্লেখ আছে বুলি কোৱা কথাষাৰৰ উপৰত ভিত্তি কৰিহে এইখন যুদ্ধৰ বিষয়ে উল্লেখ কৰা হৈছে। কিন্ত এই আহোম বুৰঞ্জী খননো কেতিয়া লিখা হৈছিল সেই বিষয়ে কোনো সঠক উল্লেখ নথকাত বুৰঞ্জী খনৰ তথ্যসমূহৰ সত্যাসত্য নিৰ্দ্ধাৰণত সন্দেহৰ অৱকাশ আছে। চিলাৰায়ে হেনো চিলেটৰ ৰজাৰ আক্ৰমণ আৰু নিধন কৰি তেওঁৰ ভাতৃ আছুৰাজক ৰজা পাতিছিল। আছুৰাজে কোচক বছৰি ১০০ হাতী, ২০০ ঘোৰা, ৩ লাখ টকা আৰু ১০ হাজাৰ সোণৰ মোহৰ দিবলৈ মান্তি হৈছিল। অৱশ্যে এই তথ্যৰ সত্যাসত্য সম্বন্ধেও সঠিকভাৱে সনা নাযায়। চিলেটৰ ঠিক কোন ঠাইত যুদ্ধ হৈছিল সেই বিষয়ও কোনো উল্লেখ নাই। চিলেট জিলাৰ মাজৰ মুকলি অঞ্চলটোত ১৪শ শতাব্দীত মুছলমান সকলে অভিযান চলাইছিল। সম্ভৱতঃ সেই কালত এই ঠাইডোখৰ সাময়িকভাৱে স্বাধীন আছিল আৰু কিবা কাৰণে বঙ্গৰ নবাবৰ ৰোষৰ কাৰণ হোৱাত মোছলমান সকলে এই অঞ্চলত অভিযান চলাইছিল।

চুবুৰীয়া ৰজাসকলৰ দূৰ্গতি দেখি খৈৰাম দলপতি বীৰ্যবন্তই নিজে উপযাচি কোচৰ বশ্যতা স্বীকাৰ কৰে। কোচসকলে তেওঁক বছৰি ১৫ হাজাৰ টকা, ৯০০ সোনৰ মোহৰ, ৫০টা হাতী আৰু ৩০ টা ঘোৰাঁ দিবলৈ কয়। খৈৰামৰ মুদ্ৰাত নৰনাৰায়ণ নাম খোদিত কৰিবলৈকো আদেশ দিয়া হয়। এই মুদ্ৰাসমূহ কোচৰজাৰ নিজৰ মুদ্ৰাতকৈ যে বেলেগ সেই কথা বুজাবলৈ এই মুদ্ৰাবিলাকত এডাল বৰ্শা খোদিত কৰিবলৈ কোৱা হয়। অৱশ্যে এনে ধৰণৰ মুদ্ৰা বহু অনুসন্ধান কৰিও আমি আজিলৈকে পোৱা নাই। কিন্ত নৰনাৰায়ণে কছাৰী আৰু জয়ন্তীয়া সকলক পদানত কৰালৈ চাই তেওঁলোকতকৈ বহুগুণে কম শক্তিশালী খৈয়ামৰ দলপতিয়ে স্বইচ্ছাই এইদৰে সন্ধি কৰাৰ তথ্যটো সত্যৰ অপলাপ নহয় যেন লাগে।

ডিমৰুৱাৰ ৰজা পন্থেশৰে নৰনাৰায়ণৰ এই অপৰাজেয় সেনাধ্যক্ষজনৰ পদানত হৈছিল বুলি কোনো কোনো বুৰঞ্জীবিদে কয়। আন কেতবোৰ সূত্ৰমতে পান্থেশৰে কছাৰী ৰজাসকলকহে কৰ দিছিল। তেওঁ কছাৰী ৰজাৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ নিজে কোচসকলৰ শৰণাপন্ন হোৱাত কোচে তেওঁক আশ্ৰিত ৰজা হিচাবে স্বীকৃতি দি তেওঁক জয়ন্তীয়া ৰাজ্যৰ সীমা চোৱাচিতা কৰাৰ ভাৰ অৰ্পণ কৰে।

এতিয়ালৈকে আমি নৰনাৰায়ণৰ সকল বিজয় অভিযান সমূহ সম্বন্ধে অবগত হ’লোহক। এতিয়া তেওঁৰ পৰাজয় সম্বন্ধেও কিছু কথা জানিবলৈ পাম, নৰনাৰায়ণে তেওঁতকৈ বহুগুণে পৰক্ৰমী গৌড়ৰ অধিপতিৰ হাতত পৰাস্ত হৈছিল। এই যুদ্ধৰ বিষয়ে নিৰ্ভৰযোগ্য পুৰণি সূত্ৰৰ অভাৱ যদিও কোচ বংশাৱলী সমূহৰ মতে কোচসকলেহে গৌড়ৰাজ্য আক্ৰমণ কৰিছিল। কিন্ত যুজত সেনাপতি চিলাৰায় পৰাস্ত আৰু বন্দী হয়। ফলত, ব্ৰহ্মপুত্ৰ উপত্যকাত তেজপুৰলৈকে এতিয়া গৌড় ৰাজ্যৰ মুছলমান সৈন্য আগুৱাই আহে। কিন্ত তেওঁলোকে এই অঞ্চলটো চিৰস্থায়ী ভাৱে নিজৰ ৰাজ্যৰ অন্তৰ্গত কৰাৰ কোনো চেষ্টা নকৰি কামাখ্যা, ৰাজো আৰু আন কেতবোৰ ঠাইৰ মন্দিৰ সমূহ ভাগি-ছিগি থৈ নিজ ৰাজ্যলৈ উভটি যায়। কালাপাহাৰ নামেৰে ব্ৰাহ্মণ মূৰ্ত্তি পূজাৰী এজন ইছলাম ধৰ্মত দীক্ষিত হৈ মুছলমান সকলৰ এই বিজয় অভিযানৰ নেতৃত্ব লৈছিল বুলি কোৱা হয়। মন্দিৰ আৰু মুৰ্ত্তি ধ্বংসকাৰী বুলি কালাপাহাৰৰ নাম অসমত সৰ্ব্বজনবিদিত হোৱালৈ চাই তেওঁৰ এই কাৰ্য্যকলাপ সম্বন্ধে বিশেষ সন্দেহৰ কোনো থল নাই যেন লাগে। কালাপাহাৰ ১৫৬৩ৰ পৰা ১৫৭২ খৃঃলৈ বঙ্গত ৰাজত্ব কৰা চুলেইমান কৰৰানীৰ সেনাপতি আছিল। ৰিৱাজ-উছ-ছালাতিণত এই কথা উল্লেখ আছে। উল্লেখিত কালাপাহাৰ আৰু অসম বিজয়ী অভিযানৰ কালাপাহাৰ যে, একোজন লোক এই সম্বন্ধে কোনো সন্দেহ নাই। এই পুথিমতে ১৫৬৮ খৃঃত ছুলেইমান কৰনাৰীয়ে কোচ ৰাজ্য আক্ৰমণৰ বাবে আহিছিল। তেওঁ সীমামূৰীয়া ঠাইসমূহ জয় কৰি কোচ ৰজাৰ ৰাজধানী অভিমুখে আগবাঢ়ি গৈ থাকোতে উৰিষ্যাত বিদ্ৰোহ হোৱাৰ বাৰ্তা পাই এই অভিযান এৰি ততাতৈয়াকৈ উৰিষ্যালৈ যাত্ৰা কৰে। স্থানীয় বুৰঞ্জীসমূহৰ মতে চিলাৰায়ক বন্দী কৰি গৌড়লৈ লৈ যোৱা হৈছিল। কিছুকাল কাৰাবাস বৰণ কৰাৰ পিছত তেওঁ বাদছাহৰ পত্নীৰ অনুকম্পা লাভ কৰে। ফলত তেওঁক মুক্তি দিয়া হয় আৰু তেওঁ গৃহাভিমুখে প্ৰত্যাৱৰ্তন কৰে। আন এটা সূত্ৰ মতে চিলাৰায়ে বাদছাহৰ দুহিতাৰ পাণি গ্ৰহণ কৰে। এই বিবাহত চিলাৰায়ে বাহিৰবন্দ, ভিতৰবন্দ; গয়াবাৰী, ছেৰপুৰ আৰু দশকূণীয়া পৰগণা আৰ্থৎ বৰ্তমানৰ ৰ্ংপুৰ আৰু উত্তৰ মৈমনসিংহৰ অংশ বিশেষ যৌতুক হিচাবে লাভ কৰে।

ইয়াৰ পিছত নৰনাৰায়ণে আহোমৰ সৈতে বন্ধুত্ব স্থাপনৰ কৰিবলৈ উদগ্ৰীব হৈ উঠে। সেয়ে তেওঁ আহোমৰ পৰা ১৫৬৩ খৃঃত জামিন হিচাবে অনা সুন্দৰ গোহাঁইকে আদি কৰি লোকসকলক মুক্তি দিবলৈ সিদ্ধান্ত লয়। অৱশ্যে, পোনপটীয়াকৈ তেওঁলোকক আহোম ৰাজ্যলৈ পঠিয়াই নিদি নৰনাৰায়ণে ছল কৰি তেওঁলোকৰ সৈতে পাশা খেল খেলি খেলত হাৰিলে তেওঁলোকক মুক্তি দিয়াৰ পণ কৰে আৰু সেই মৰ্মে ইচ্ছা কৰি খেলত হাৰি তেওঁলোকক মুক্তি দি বহুতো উপহাৰেৰে সৈতে নিজ ৰাজ্যলৈ যাবলৈ দিয়ে। তেওঁলোকৰ হাততে আহোম ৰজালৈ এখন বন্ধুত্ব সূচক পত্ৰ দিয়াত আহোম-কোচৰ সম্বন্ধ সৌহাৰ্দ্যমূলক হোৱাৰ পথ উজু হৈ পৰে।

কিছু বছৰৰ মূৰকত নৰনাৰায়ণে চিলাৰায়ৰ সহযোগত মোগল বাদছাহ্‌ আকবৰক হেনো গৌড় আক্ৰমণত সহায় আগবঢ়ায়। চিলাৰায়ে পূৱ আৰু মোগলে পশ্চিম দিশৰ পৰা গৌড় আক্ৰমণ কৰে। কোৱা বাহুল্য যে, গৌড়ৰ বাদছাহ শোচনীয়ভাৱে পৰাস্ত হয় আৰু তেওঁৰ ৰাজ্য কোচ আৰু মোগলে ভাগ কৰি লয়। অৱশ্যে, স্থানীয় বংশাৱলীসমূহত পোৱা এই বিৱৰণ কিমানদূৰ সত্য জনা নাযায়। ১৫৭৬ খৃঃত গৌড়ৰ ডাইউদক খানজাঁহাই পৰাস্ত কৰা সম্বন্ধে মুছলমান লেখকৰ পৰা পোৱা বৰ্ণনাত কোচে এই আক্ৰমণৰ সহায় কৰাৰ বিষয়ে কোনো উল্লেখ নাই।

আইন-ই-আকবৰী পুথিৰ মতে ১৫৭৮ চনত নৰনাৰায়ণে ৫৪ টা হাতীকে ধৰি ভালেমান মূল্যবান উপহাৰ পঠিয়াই দিল্লীৰ মোগল বাদছাহৰ প্ৰতি তেওঁৰ আনুগত্য পুনৰ প্ৰকাশ কৰিছিল।

মুছলমানৰ বিৰুদ্ধে দ্বিতীয় অভিযান কালত বসন্তৰোগত আক্ৰান্ত হৈ গঙ্গাৰ পাৰত চিলাৰায়ে মৃত্যুবৰণ কৰে। তেওঁ একমাত্ৰ পুত্ৰ ৰঘূবীৰৰ সকলো দায়িত্ব ককায়েকক অৰ্পণ কৰি যায়। চিলাৰায়ৰ মৃত্যুৰ পিছত কোচসকলৰ বিজয় অভিযানৰ অন্ত পৰে আৰু এই ৰাজ্যৰ সমৃদ্ধি আৰু শ্ৰীবৃদ্ধি ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে। আহোম বুৰঞ্জীয়ে ১৫৭৭ খৃঃত বৰদাদো, গভা নায়ক আৰু বৰকাকো নামেৰে তিনিজন লোকে হেনো কোচ ৰাজ্যত বিদ্ৰোহ কৰিছিল। কিন্ত তেওঁলোকে পৰাস্ত হৈ ১৪০০০ সৈন্যৰ সৈতে পলাই গৈ আহোমৰ আশ্ৰয় বিচৰাত তেওঁলোকক আশ্ৰয় দান কৰি গজালা নামৰ ঠাইত সংস্থাপিত কৰা হয়। আকবৰনামা মতে নৰনাৰায়ণে সন্ন্যাসীৰ দৰে জীৱন কটাইঅছিল আৰু বয়সে ভাঙি দিয়া কাললৈকে বিয়া কৰোৱাই নাছিল। কিন্ত ভাতৃ চিলাৰায়ৰ পুনঃ পুনঃ অনুৰোধত অৱশেষত বিবাহ পাশত আৱদ্ধ হয় আৰু শেষ বয়সত এটি পুত্ৰ লাভ কৰে। চিলাৰায়ৰ মৃত্যুত এতিয়ালৈকে সিংহাসনৰ উত্তৰাধিকাৰী হিচাবে পৰিগণিত তেওঁৰ পুত্ৰ ৰঘুবীৰে তেওঁৰ বৰদেউতাকে নিজে পুত্ৰ লাভ কৰাৰ পিছত এই সিদ্ধন্ত লৰচৰ কৰিব বুলি শঙ্কা কৰিবলৈ লয়। তেওঁৰ পিতৃৰ কেতবোৰ সহযোগীয়ে এই শঙ্কা আৰু বেছি দৃঢ়ীভূত কৰি তোলাত ৰঘূবীৰে ভ্ৰমণ কৰিবলৈ যোৱাৰ ছলেৰে নিজ পৰিয়ালবৰ্গকে ধৰি ভালেমান অনুগামী লোককলৈ মানাহ নদীৰ পাৰৰ বৰনগৰলৈ যায় আৰু তাতেই ঘিলাজয়পুৰ নামেৰে এটা দুৰ্গ সাজে। এই ঠাইডোখৰ বৰ্তমান হাবিবননিৰে ভৰা হ’লেও তাৰ মাজে মাজে থকা কেতবোৰ ফলমূলৰ গছ আৰু পুখুৰীৰ ধ্বংসাৱশেষে তাঁত জন বসতি সাক্ষ্য বহন কৰে। নৰনাৰায়ণে ৰঘূবীৰক মাতি আনিবলৈ মানুহ পঠিওৱাত তেওঁ উভটি নাহো বুলি উত্তৰ দিয়ে। কিন্ত নিজৰ ভটিজাকৰ বিৰুদ্ধে যুদ্ধ নকৰি শান্তিপ্ৰিয় ৰজাই নিজ ৰাজ্যখন দুভাগে ভাগ কৰি এভাগ কৰি ৰঘূবীৰক দিবলৈ থিৰ কৰে। সেই মৰ্মে সানকোচ নৈৰ উত্তৰ অংশ নিজৰ আৰু তেওঁৰ উত্তৰাধিকাৰী পুত্ৰৰ বাবে থৈ তেওঁ নদীৰ পূব অঞ্চলটো ৰঘূবীৰক এৰি দিয়ে। বিনিময়ত ৰঘূবীৰে বৰদেউতাকক কোচৰাজ্যৰ অধিপতি বুলি স্বীকাৰ কৰি তেওঁক বছেৰেকীয়া কৰ দিবলৈ আৰু কেৱল তেওঁৰ নামতহে মোহৰ উলিয়াবলৈ সন্মত হয়। ১৫৮১ খৃঃত এই ঘটনা ঘটে। মুছলমান লেখকসকলে এইদৰে দুভাগ হোৱা ৰাজ্যখনক যথাক্ৰমে কোচবিহাৰ আৰু কোচহাজো বুলি বৰ্ণনা কৰিছে। কোচবিহাৰ ৰাজ্য আজিও বিদ্যমান; কিন্ত কোচহাজো ৰাজ্যৰ অৱশিষ্ট হিচাবে গুৱাহাটীৰ পৰা কেইমাইলমান আতৰৰ হাজো নামৰ ঠাইখনহে আমি দেখিবলৈ পাওঁহক।

অৱশ্যে, নৰনাৰায়ণে বিচৰাৰ দৰে শান্তি বেছিদিন টিকি নাথাকিলে। কোনো কাৰণ বশতঃ দুয়ো ৰাজ্যৰ ভিতৰত কাজিয়া লাগে। অৱশ্যে এই দ্বন্দৰ কাৰণ আৰু কি ধৰণে তাৰ মীমাংসা হ’ল সেই বিষয়ে সঠিক জনা নাযায়, কোনো কোনো সূত্ৰমতে ৰঘূৱে নৰনাৰায়ণৰ ৰাজ্যৰ অন্তৰ্গত কেতবোৰ গাঁও আক্ৰমণ কৰিছিল। আন তথ্যমতে ৰঘূৱে নৰনাৰায়ণক প্ৰতিশ্ৰুতি কৰ নিদিয়াৰ বাবে তেওঁলোকৰ বিবাদ হয় আৰু যুদ্ধ লগাত ৰঘু হাৰে। আন এটা তথ্যই কিন্ত ৰঘূৱে নৰনাৰায়ণৰ সৈন্যবল দেখি বিনাযুদ্ধে বশ্যতা স্বীকাৰ কৰা বুলিহে কয়।

প্ৰায় দুকুৰি দহবছৰ ৰাজত্ব কৰাৰ অন্তত ১৫৮৪ খৃঃত নৰনাৰায়ণ স্বৰ্গী হয়। তেওঁৰ দিনত কোচ ৰজাই উন্নতিৰ চৰম সীমাত উপনীত হৈছিল। অৱশ্যে, এই সাফল্যৰ মূলতে তেওঁতকৈ ত্তেওঁৰ ভাতৃ চিলাৰায়ৰ কৃতিত্বহে বেছি আছিল। তেওঁ এজন ধীৰস্থিৰ; শান্তশিষ্ট লোক আছিল আৰু ৰাজ্য  পৰিচালনাতকৈ জ্ঞানীগুণীজনৰ লগত ধৰ্ম্মালোচনা কৰিহে বেছি ভাল পাইছিল। সকলোবোৰ ৰাজনৈতিক সিদ্ধান্ত চিলাৰায়েহে লৈছিল আৰু ৰাজকাৰ্য্যৰ প্ৰতি ক্ষেত্ৰতে তেওঁহে প্ৰভূত প্ৰভাৱ বিস্তাৰ কৰিছিল। চিলাৰায়ৰ মৃত্যুৰ লগে লগে সেয়ে ৰাজ্যত যুদ্ধৰ নিদান বন্ধ হৈছিল আৰু চাৰিওফালে এক শান্ত পৰিবেশ বিৰাজ কৰিছিল।

নৰনাৰায়ণে ধৰ্ম বিষয়ৰ সকলো কামকাজৰ গুৰি ধৰিছিল। মুছলমান আক্ৰমণকাৰী সকলে বিধস্ত কৰি যোৱা কামাখ্যা মন্দিৰ তেওঁ পুনৰ নিৰ্মাণ কৰে আৰু বঙ্গদেশৰ পৰা ভালেমান ব্ৰাহ্মণ আনি তেওঁলোকক পূজা পাতলৰ ভাৰ দিয়ে। এই মন্দিৰত থকা দুটা শিলামূৰ্ত্তিক নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায় বা শুক্লধ্বজৰ মূৰ্ত্তি বুলি চিনাক্ত কৰা হয়। এই ঠাইত আবিস্কৃত এখন শিলালিপিত এইদৰে লিখা আছে : “অতি দয়ালু মল্লদেৱৰ জয়। ধনু বিদ্যাত যি অৰ্জ্জুনৰ দৰে আৰু দান কাৰ্য্যত যি দধিচী আৰু কৰ্ণৰ সমকক্ষ, সেইজন মল্লদেৱ সাগৰৰ দৰে মহৎ, শাস্ত্ৰত কন্দৰ্পকান্তি আৰু কামাখ্যা দেৱীৰ ভক্ত। তেওঁৰ ভাতৃ শুক্লদেৱে দূৰ্গাদেৱীৰ পূজাৰ উদ্দেশ্য উজ্জ্বল শিলেৰে এই মন্দিৰ সাজে। বিশ্বজুৰি খ্যাতি অৰ্জ্জা, সকলো বীৰৰ শিৰোমণি দানত কল্পতৰু আৰু দেবীভক্তসকলৰ শ্ৰেষ্ঠ মল্লদেৱৰ ভাতৃজনে ১৪৮৭ শক (১৫৬৫ খৃঃ)ত নীলাচল পাহাৰত শিলেৰে মন্দিৰটো সাজি উলিয়ায়”।

সেই সময়ত ভাৰতৰ এই অঞ্চলটোত শক্তি পূজাই প্ৰাধান্য লাভ কৰিছিল। বহুতে শক্তি পূজাৰ আৰম্ভণী এই ঠাইত হৈছিল বুলিয়েই ভাবে। শক্তি পূজাৰী সকলে তন্ত্ৰত বিশ্বাস কৰে। তন্ত্ৰ হৈছে শিৱ আৰু পাৰ্ব্বতীৰ মাজত হোৱা কথোপকথনৰ জৰিয়তে বিভিন্ন ধৰ্মীয় অনুষ্ঠান, প্ৰাৰ্থনা, টুকটাক মন্ত্ৰ সম্বন্ধে দিয়া কেতবোৰ ধৰ্মীয় বিধানৰ সমষ্টি। তান্ত্ৰিক ধৰ্মৰ উদ্দেশ্য হৈছে প্ৰকৃতিৰ উত্তেজক স্ত্ৰী গুণসমূহৰ পূজা কৰা। এনে গুণসমূহে বাসনাৰ কথা বুজায়। এই পুজাত বলিৰ প্ৰয়োজন। প্ৰয়োজন হ’লে নৰবলিও বাদ নপৰে। কালিকাপুৰাণ মতে, এনে বলিৰ বাবে নিৰ্দ্ধাৰিত লোকজন গাত কোনো খুত নথকা হ’ব লাগে। এই লোকজনক কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে সেই বিষয়েও এই পুথিত সবিশেষ উল্লেখ আছে। কামাখ্যা মন্দিৰ সম্পূৰ্ণ হোৱাত এই মন্দিৰৰ দ্বাৰ মুকলিৰ দিনা ১৪০টা নৰবলি দি তামেৰে নিৰ্মিত বটাত সেই কটা মূৰবোৰ গোসানীলৈ আগবঢ়োৱা হৈছিল। পুৰণিকালত বহুতো দেৱদেৱীক এইদৰে নৰবলিৰে পূজা কৰা হৈছিল। হাফত ইকালিমৰ বিৱৰণমতে কামৰুপত ভোগী নামেৰে এক শ্ৰেণীৰ লোক আছিল। এই লোকসকলে নিজে ‘আই’ গোসাঁনীৰ আগত বলি যাবলৈ সন্মত হৈছিল। তেওঁলোকে এটা গুহাত বাস কৰিছিল। এই লোকসকলে বহুতো সা-সুবিধা ভোগ কৰিছিল। তেওঁলোকক যিহকে ইচ্ছা তাকেই কৰিবলৈ দিয়া হৈছিল। ইচ্ছা কৰিলে তেওঁ লোকে প্ৰত্যেক গৰাকী তিৰোতাৰ পৰা সেৱা গ্ৰহণ কৰিব পাৰিছিল। কিন্ত বছেৰেকীয়া পূজাৰ সময়ত এই ভোগীসকলক বলি দিয়া হৈছিল। যাদু বিদ্যায়ো তান্ত্ৰিক ধৰ্মত প্ৰাধান্য লাভ কৰিছিল। আইন-ই-আকবৰী মতে, যাদু বিদ্যাৰ অধিকাৰী এনে ভৱিষ্যত বক্তাসকলে পূৰ্ণ অন্তঃসত্বা তিৰুতাৰ গৰ্ভৰ পৰা শিশুটিক কাটি বাহিৰ কৰি তাৰ মৃতদেহৰ ওপৰত নানা তন্ত্ৰ মন্ত্ৰ কৰি এনে ভৱিষ্যত বাণী কৰিবলৈ সক্ষম হৈছিল।

এনে ধৰণৰ তান্ত্ৰিক পূজা-পাতল যে সৰহ দিন চলি থাকিবলৈ দিয়া নহল সি সহজে অনুমেয়। নৰনাৰায়ণৰ ৰাজত্ব কালতেই নগাঁওৰ বৰদোৱাত শ্ৰীশঙ্কৰদেৱ নামৰ এজন কায়স্থলোকে বৈষ্ণৱ ধৰ্মৰ পুনৰ প্ৰচলন কৰে। ১৪০৯ খৃঃত শঙ্কৰদেৱে জন্মগ্ৰহণ কৰিছিল আৰু ১৫০৯ খৃঃত তেওঁৰ মৃত্যু হয় বুলি কোৱা হয়। ইয়াৰ পিছৰ তাৰিখটোহে গ্ৰহণযোগ্য। জন্ম তাৰিখটো আৰু ৩০/৪০ বছৰ আগৰ বুলিহে অনুমান হয়। শঙ্কৰদেৱে পবিত্ৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি পূজা-পাতল, বলি আদিৰ ঠাইত প্ৰাৰ্থনা আৰু বিশ্বাসৰ দ্বাৰা নিৰ্ব্বাণ লাভৰ বিধান দিছিল। শঙ্কৰদেৱে আহোম ৰাজ্যত তেওঁৰ ধৰ্ম্ম প্ৰচাৰৰ চেষ্টা চলোৱাত ব্ৰাহ্মণসকলে বাধা দিয়ে। ৰজাঘৰৰ ওপৰত যথেষ্ট প্ৰভাৱ থকা এই ব্ৰাহ্মণসকলে তেওঁক নানাধৰণে আহুকাল দিবলৈ ধৰাত শঙ্কৰদেৱ বৰপেটালৈ যায় আৰু শান্ত, ন্যায়পৰায়ণ ৰজা নৰনাৰায়ণৰ ছত্ৰছায়াত থাকি দূৰদূৰণিলৈকে বৈষ্ণৱধৰ্ম প্ৰচাৰত সফল হয়। ৰজা নৰনাৰায়ণে শঙ্কৰদেৱৰ সৈতে বহুবাৰ সাক্ষাত কৰি ধৰ্মালোচনা কৰিছিল। কথিত আছে যে, নৰনাৰায়ণে নিজে শঙ্কৰদেৱৰ শিষ্য হ’বলৈ ইচ্ছা কৰাত গুৰুৱে সেই সন্মান লবলৈ অস্বীকাৰ কৰিছিল। নৰনাৰায়ণে শঙ্কৰদেৱৰ ভাগিনীয়েক কমলাপ্ৰিয়াক বিয়া কৰাইছিল বুলি কোনো কোনো সূত্ৰই কয়। কিন্ত সৰহসংখ্যক সূত্ৰই তেওঁৰ ভাতৃ চিলাৰায়েহে এই বিবাহ কৰিছিল বুলি ক’ব খোজে।

শঙ্কৰদেৱে মাধৱদেৱ নামৰ এজন কায়স্থলোকক তেওঁৰ উত্তৰাধিকাৰী হিচাবে মমোনীত কৰি গৈছিল যদিও তেওঁৰ মৃত্যুৰ পিছত বিশেষকৈ ব্ৰাহ্মণ শিষ্যসকলে মাধৱদেৱক গুৰু মানিবলৈ অস্বীকাৰ কৰে। ফলত, তেওঁৰ শিষ্য সকল ভাগ ভাগ হৈ পৰিছিল। এই বামুণীয়া গোসাঁই সকলৰ ভিতৰত দামোদৰ দেৱ, হৰিদেৱ আৰু গোপালদেৱৰ নাম উল্লেখযোগ্য। তেওঁলোকে আউনিআটি, দক্ষিণপাত, গড়মূৰ, কুৰুৱাবাহী, মাজুলি আদি ঠাইত সত্ৰ স্থাপন কৰিছিল। মাধৱদেৱে আনকি গুৰু শঙ্কৰদেৱতকৈও বেছি যশস্যা আৰ্জ্জিছিল। তেওঁ নিজে আছিল এজন কেৱলীয়া ভকত। তেওঁৰ অনুগামী সকলক মহাপুৰুষীয়া বোলা হৈছিল। নিজে অতিবাহিত হ’লেও মাধৱদেৱে মহাপুৰুষীয়া সকলক তেওঁ সংসাৰ ধৰ্ম পালন কৰিবলৈ বাধা দিয়া নাছিল। বৰপেটা মহাপুৰুষীয়া সকলৰ কেন্দ্ৰস্থল হৈ পৰিছিল। বামুনীয়া গোসাঁইসকলে  উজনি অসমত অনিৰুদ্ধ নামেৰে এজন কলিতা শুদ্ৰ লোকৰ সৈতে প্ৰতিদ্বন্দীতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। অনিৰুদ্ধই শঙ্কৰদেৱৰ সৈতে খৰিয়াল কৰি উজনীলৈ গৈ মোৱামৰীয়া ফৈদৰ সৃষ্টি কৰিছিল। পিছলৈ মোৱামৰীয়া আৰু আহোমৰ বিবাদ লগাত আহোমৰ ৰাজত্বৰ পতন ঘটিছিল। মোৱামেৰীয়া সকল আছিল ডোম, মৰাণ, কছাৰী, হাৰি, চুটীয়া আদি শ্ৰেণীৰ লোক আৰু তেওঁলোকে ব্ৰাহ্মণসকলৰ অধিপত্যৰ ঘোৰ বিৰোধী আছিল। উচ্চশ্ৰেণীৰ হিন্দুসকলৰ সৈতেও মোৱামৰীয়া সকলৰ সদ্ভাৱ নাছিল। অনিৰুদ্ধৰ শিষ্য কেতবোৰে আদিতে কোনো এক পুখুৰীৰ পাৰত থাকি মোৱামাছ ধৰি পেট প্ৰৱৰ্ত্তইছিল বাবে তেওঁলোকক মোৱামৰীয়া বোলা হৈছিল। অনিৰুদ্ধই হেনো ভালেমান যাদু মন্ত্ৰও জানিছিল। যাদু বিদ্যাৰ সম্বন্ধে তেওঁৰ হেনো এখন পুথিও আছিল। মোৱা শব্দটোৰ সৈতে যাদু মন্ত্ৰ বিদ্যাৰ কিবা সম্বন্ধ থাকিব পাৰে বুলিও বহুতে ভাৱে।

ইমানপৰে কৰা আলোচনাৰ পৰা হয়তো এটা ধাৰণা হ’ব পাৰে যে, ব্ৰহ্মপুত্ৰ উপত্যকাত কেৱল হিন্দু ধৰ্মহে বিৰাজ কৰিছিল। প্ৰকৃতপক্ষে ই সত্য নহয়। এই অঞ্চলত বসবাস কৰা কছাৰী, ৰাভা, লালুং আদি কেতবোৰ পুৰণি জনজাতীয় লোকে নিজ জনজাতীয় ধৰ্মত বিশ্বাস কৰিছিল আৰু আজিও কৰে। এই লোকসকলক হিন্দু ধৰ্মত দীক্ষিত হ’বলৈ কোনো জোৰজুলুম কৰা হোৱা নাছিল। বৰং নৰনাৰায়ণে এখন আদেশজাৰি কৰি গোসাঁই কমল আলিৰ উত্তৰ অঞ্চলত বসবাস কৰা পুৰণি জনজাতীয় লোকসকলক নিজ নিজ ধৰ্ম অটুট ৰখাৰ অধিকাৰ দিছিল। আহোমৰ বিৰুদ্ধে বিজয়-অভিযান কালত নৰনাৰায়ণে তেওঁৰ কছাৰী সৈন্যসকলক সানকোশ নদীৰ পাৰত তেওঁলোকৰ নিজ ধৰ্ম মতে পূজাপাতল কৰিবলৈ উৎসাহ দিছিল বুলিও বুৰঞ্জীয়ে সাক্ষী দিছিল।

নৰনাৰায়ণৰ শিক্ষাৰ এজন প্ৰধান পৃষ্ঠপোষক আছিল। তেওঁৰ দিনতে ভালেমান প্ৰসিদ্ধ অসমীয়া পুথি লিখা হয়। শঙ্কৰদেৱ আৰু মাধৱদেৱে তেওঁৰ দিনতে ভালেমান বৈষ্ণৱ গীতমাত ৰচনা কৰে। পুৰুষোত্তম বিদ্যাবাগীশে এখন ব্যাকৰণ পুথি লিখে আৰু অনন্ত কন্দলীয়ে ভাগৱত পুথিকে ধৰি ভালে কেইখন প্ৰসিদ্ধ পুথিৰ অসমীয়া অনুবাদ কৰে।

নৰনাৰায়ণে ভালেমান জনকল্যাণমূলক কাম কৰিছিল। গোসাঁই কমল আলি নিৰ্মাণৰ কথা আগতে উল্লেখ কৰা হৈছে। তেওঁ আৰু বহুবোৰ পথ নিৰ্ম্মাণ কৰি পথৰ দুয়োকাষে গছ-গছনি ৰুইছিল। তেওঁ বহুবোৰ পুখুৰী খন্দাইছিল। এইজন ৰজাৰ দিনত ভালেমান মন্দিৰো সজা হয়। এক পুৰণি বিৱৰণী মতে তেওঁ পৰশুনাথৰ ওচৰত ব্ৰহ্মপুত্ৰ নৈৰ সোতৰ দিক পোন কৰিছিল। আগেয়ে হেনো ব্ৰহ্মপুত্ৰ খন এই ঠাইত অতি ভজলগা আছিল। ব্ৰহ্মপুত্ৰৰ এটা সুতি হাজোৰ ওচৰেদি বৈ গৈছিল। মুছলমান লিখকৰ বিৱৰণী মতে ১৬৩৬ খৃঃত সেই সূতিটো শুকাই যায়। প্ৰায় অৰ্দ্ধ শতাব্দী আগতে নৰনাৰায়ণে এই নদীত কটা খালটো ক্ৰমান্বয়ে বাঢ়ি যোৱাৰ ফলত এই সূতিটো এনেদৰে শুকাই গৈছিল যেন লাগে। নৰনাৰায়ণৰ নিজৰ মূদ্ৰাশাল আছিল আৰু তাত তৈয়াৰী তেওঁৰ নামৰ মুদ্ৰা (১৪৭৭ শক অৰ্থাৎ ১৫৫৫ খৃঃ) এতিয়াও দেখা যায়।

নৰনাৰায়ণৰ ৰাজত্বকালত অসমলৈ অহা ৰালফ ফিটছ নামৰ এজন ইংৰাজ ভ্ৰমণকাৰীয়ে এইদৰে লিখি গৈছে : “বাংলাৰ পৰা মই কাউচ (কোচ) বা কুইচেন ৰাজ্যলৈ যাওঁ। তান্দাৰ পৰা উত্তৰে ২৫ দিন গ’লে এই ৰাজ্যখন পায়। এই ৰাজ্যৰ ৰজাজন ভদ্ৰলোক (হিন্দু), তেওঁৰ নাম চুকেল কোচ(শুক্ল কোচ বা শুক্ল ধ্বজ)। তেওঁৰ ৰাজ্যখন বেচ ডাঙৰ। কোচিন-চীনৰ পৰা এই ৰাজ্যৰ লোকসকলে জালুক আনে। তাৰ পৰাই বুজিব পাৰি যে, এই ৰাজ্যখন চীনৰ পৰা বেছি দূৰৈত নহয়। এই ৰাজ্যত চাচ্চেগেট (চিচাগেট) নামেৰে এটা বন্দৰ আছে। ৰাজ্যখনৰ চাৰিওফালে দুয়োমূৰে জোঙা কৰা বাঁহ আৰু বেতৰ ডাঠ বেৰা আছিল। এই বাঁহ-বেতৰ জোংবোৰ জলাশয় মাটিত পুতি দিয়া হৈছিল। ফলত, এইবোৰৰ কাষৰ মাটিত আঠুলৈকে গভীৰ পানী হৈছিল। মানুহ বা ঘোৰা এই পানীয়েদি পাৰ হৈ যাব পাৰিছিল। যুদ্ধৰ সময়ত এই পানীত কিন্ত এই পানীত বিহ ঢালি দিছিল। ই লোকসকলে পাট আৰু কপাহী কাপোৰ তৈয়াৰ কৰিছিল। গান্ধকলাই এই ৰাজ্যত প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। ৰাজ্যৰ মানুহবোৰে কাণত লৰালিকালতে হুলুঙ ভৰাই কাণবোৰ দীঘল কৰি লৈছিল। এই লোকসকল ভদ্ৰ আছিল। তেওঁলোকে প্ৰাণী হত্যা নকৰিছিল। ৰাজ্যত ভেৰা, ছাগলী, কুকুৰ, মেকুৰী, চৰাই-চিৰিকতিকে আদি কৰি পশু-পক্ষীৰ বাবে চিকিৎসালয় আছিল। বুঢ়া, খোৰা পশুপক্ষী ধৰি বা কিনি আনিলে এনে চিকিৎসালয়ত সেইবোৰ কিনি লোৱা হৈছিল। পশু-পক্ষী চিকিৎসালয়ত আশ্ৰয়দানৰ উপৰিও প্ৰয়োজন বোধ কৰিলে আকৌ হাবিত এৰি দিয়া হৈছিল। তেওঁলোকে বাদাম খাই ভাল পাইছিল আৰু বাদামক ভঙনীয়া পইছা হিচাপেও ব্যৱহাৰ কৰিছিল।

এতিয়া ৰালফে শুক্লধ্বজক কেলেই ৰজা বুলি কৈছে সেই সম্বন্ধে আলোচনা কৰা আৱশ্যক। ‘ৰজা’ শব্দৰ দ্বাৰা হয়তো ৰালফে শুক্লধ্বজৰ প্ৰভাৱৰ কথা বুজাইছে। আন এটা পুৰণি সূত্ৰ মতে জ্যোতিষীয়ে হেনো এবাৰ নৰনাৰায়ণৰ কষ্ঠী বিচাৰ কৰি শণিৰ দশা পৰিছে বুলি কোৱাত ৰজাই ভায়েক শুক্লধ্বজক এবছৰলৈ ৰাজকাৰ্য্য পৰিচালনা কৰিবলৈ দি নিজে ছদ্মবেশেৰে কাল কটাইছিল। সম্ভৱতঃ সেই কালতে ৰালফ কোচ ৰাজ্যলৈ অহাত শুক্লধ্বজক ৰজা হিচাবে পাইছিল। পুৰণি দিনত এইদৰে ৰাজকাৰ্য্যৰ দায়িত্ব আনক অৰ্পণ কৰাৰ দৃষ্টান্ত বিৰল নহয়। উদাহৰণস্বৰুপে আহোম ৰজা শিৱসিংহলৈ আঙুলিয়াব পাৰি। এইজন ৰজাই জ্যোতিষীয়ে চত্ৰভঙ্গৰ যোগ পৰিছে বোলাত ৰাজকাৰ্য্য পৰিচালনাৰ দায়িত্ব ৰাণীৰ হাতত দিছিল বুলি আহোম বুৰঞ্জীত উল্লেখ আছে।

ৰালফৰ বিৱৰণীত পোৱা পশুপক্ষীৰ প্ৰতি মানুহৰ মৰম সম্বন্ধেও ব্যাখ্যাৰ প্ৰয়োজন। বৰ্তমান এই অঞ্চলত বসবাস কৰা লোকৰ ক্ষেত্ৰত পশু-পক্ষীৰ প্ৰতি এনে বিশেষ দয়া দেখা নাযায়। সম্ভৱতঃ ৰালফে ৰজা নৰনাৰায়ণে পশুপক্ষীৰ প্ৰতি দেখুৱা ব্যক্তিগত মৰম চেনেহৰ কথাকে এনেদৰে লিখিছে। নৰনাৰায়ণ এজন অতি ধাৰ্মিক লোক বুলি আমি আটায়ে জানোহক। কোনো জৈন বা বৈষ্ণৱ সাধুৰ প্ৰভাৱত পৰি ৰজাই পশুপক্ষীৰ প্ৰতি এনে বিশেষ যতন লোৱাটো অস্বাভাৱিক নাছিল।

নৰনাৰায়ণে ৰঘুদেৱক শানকোচ নৈৰ পূৱদিশত ৰাজ্যদান কৰাৰ কথা আগতে উল্লেখ কৰা হৈছে। ফলত বৰ্তমানৰ মঙ্গলদৈ মহকুমা, কামৰুপ আৰু গোৱালপাৰা জিলা তেওঁৰ ৰাজ্যৰ ভিতৰত পৰিছিল। গোৱালপাৰাৰ সীমাৰ পৰা দক্ষিণলৈ তেওঁৰ ৰাজ্য ব্ৰহ্মপুত্ৰ নৈৰ পুৰণি সূতি আৰু গাৰো পাহাৰৰ মাজৰ ঠাই ডোখৰলৈকে (বৰ্তমানৰ মৈমনচিঙৰ পূৱভাগ) বিস্তৃত আছিল।

ৰঘূদেৱ অৱশ্যে এই দ্বিতীয় ঠাই ডোখৰ সৰহদিন দখলত ৰাখিব পৰা নাছিল। ঢাকাৰ নাৰায়ণগঞ্জৰ ওচৰত ইছাখাঁ নামৰ আফগান এজন মহা পৰাক্ৰমী হৈ উঠিছিল। বঙ্গৰ নবাব ডাউদখাঁৰ সমসাময়িক এইজন লোক খিজিৰপুৰৰ ভূঞাঁ আছিল। খাঁজাহানে ডাউদক সিংহাসনচ্যুত কৰাত ইছাখাঁ পূৱবঙ্গৰ আফগান সকলৰ দলপতি হ’ল আৰু কালক্ৰমত ঘোৰাঘাটৰ পৰা সাগৰ অঞ্চললৈকে জুৰি থকা বিস্তৃত ভূখণ্ড তেওঁৰ অধীন কৰিলে। ১৫৮৩ খৃঃত ছাহবাজ খাঁৰ হাতত পৰস্ত হৈ ইছাখাঁ চিটাগঞ্জলৈ পলাই যায়। ইয়াতে এদল সৈন্য গোটাই তেওঁ আকৌ নিজৰ বাবে এখন ৰাজ্য গঠনৰ সঙ্কল্প লয়। সেইসময়ত কোচ সকলৰ পতন আৰম্ভ হোৱাৰ সুযোগত ইচ্ছাখাঁই ৰজা নৰনাৰায়ণৰ হাতত তেওঁৰ বোদ্ৰোহী ভতিজাকক তুলি দি ৰাজ্যৰ দক্ষিণ অংশ নিজ হাতলৈ নিবলৈ চেষ্টা চলায়। ৰঘূদেৱে বৰ্তমান মৈমনচিঙৰ জঙলাবাটী গাওঁৰ এটা দূৰ্গৰ পৰা নিজে শত্ৰুক ভেটিবলৈ চেষ্টা কৰে। দূৰ্গৰ চাৰিওফালে গড়খাৱৈ আছিল যদিও ইছাখাঁৰ সৈন্য সংখ্যা সৰহ হোৱাতো ৰঘূদেৱে বেছি দিন প্ৰতিৰক্ষা সম্ভৱ নহ’ব বুলি জানি যুদ্ধ চলি থাকোতই গোপন সুৰঙ্গ এটায়েদি পলাই গৈ প্ৰাণৰক্ষা কৰিলে। যুজঁত জিকি ইছাখাঁই গোৱালপাৰাৰ ৰঙামাটিলৈকে কোচৰাজ্যৰ এটা বিৰাট অঞ্চল নিজ দখললৈ নিয়ে। স্থানীয় বংশাৱলী সমূহত এই আক্ৰমণ সম্বন্ধে উল্লেখ নাই যদিও মুছলমান লেখকসকলৰ বিৱৰণীত ইয়াৰ বৰ্ণনা পোৱা যায়।

কালাপাহাৰে ধ্বংস কৰি যোৱা হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ মণিকূট ৰঘূবীৰে পুনৰ নিৰ্ম্মাণ কৰে। তেওঁ মন্দিৰক মাটিদান দিয়ে। মন্দিৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাত তেওঁ তাত বহু নৰবলিৰ আয়োজন কৰিছিল। এই মন্দিৰত পোৱা শিলালিপি মতে :

“বিশ্বসিংহ ত্ৰিভূবন-অধিকাৰী আছিল। তেওঁৰ পুত্ৰ আছিল মহা জ্ঞানী-গুণী ৰজা মল্লদেৱ। তেওঁ সকলো শত্ৰু নিধন কৰিছিল। তেওঁ অতি ধাৰ্মিক আৰু পবিত্ৰ প্ৰাণ লোক আছিল। প্ৰজাৰঞ্জক, বীৰ আৰু গহীন-গম্ভীৰ এই ৰজাজন আছিল সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ। তেওঁৰ কণিষ্ঠ ভাতৃ শুক্লধ্বজে ভালেমান ৰাজ্য জয় কৰিছিল। শুক্লধ্বজৰ পুত্ৰ আছিল ৰঘূবীৰ। ৰঘূবংশৰ সৰ্ব্বশ্ৰেষ্ঠ নায়কৰ দৰে এইজন ৰঘূবীৰৰো যশস্যা চৌদিশে বিয়পি পৰিছিল। নিয়তিৰ ইচ্ছানুসৰি তেওঁ আছিল কামৰুপ-অধিপতি। দুষ্টজনক তেওঁ দমন কৰিছিল। দুখৰ অগ্নিত জ্বলি পুৰি থকা অগণন প্ৰজাৰ বাবে তেওঁ শান্তিদাতা পানী স্বৰুপ আছিল। প্ৰজাক সুখ-শান্তি দিয়া শুক্লধ্বজ পুত্ৰ ৰঘূবীৰে কৃষ্ণ-ভগৱানৰ চৰণ বন্দনা কৰিছিল। উপযুক্ত বয়সত তেওঁ মণি পাহাৰত এটা মন্দিৰ সজাইছিল (১৫৮৩ খৃঃ)। প্ৰসিদ্ধ আৰু সুদক্ষ ৰাজমিস্ত্ৰী শ্ৰীধৰে নিজে এই মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য সমাপন কৰিছিল”।

নৰনাৰায়নৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ লক্ষ্মীনাৰায়ণ পশ্চিম কোচৰাজ্যৰ সিংহাসনত বহে। কোচবিহাৰ, জলপাইগুৰি, ৰ্ংপুৰ আৰু দিনাজপুৰৰ অংশ বিশেষ তেওঁৰ ৰাজ্যৰ অন্তৰ্গত আছিল। এই সময়তে ৰঘূবীৰে নিজকে স্বাধীন ৰজা বুলি ঘোষণা কৰে। তেওঁ লক্ষ্মীনাৰায়ণক কৰ দিবলৈ অস্বীকাৰ কৰে আৰু নিজৰ নামত মোহৰ উলিয়ায়। ৰঘূক বশ্যতাস্বীকাৰ কৰোৱাৰ ক্ষমতা লক্ষ্মীনাৰায়ণৰ নাছিল। সেয়ে, তেওঁক ৰঘূক বশ কৰিবলৈ অন্য উপায় লয়। তেওঁৰ উচতনিত ৰঘূৰ পুত্ৰ পৰীক্ষিতে পিতৃৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। পিছে, ৰঘূৱে পুত্ৰক দমন কৰে। পৰীক্ষিতৰ সহযোগীসকলক ফাঁচী দি তেওঁক বন্দীশালত নিক্ষেপ কৰা হয়। পিছত অৱশ্যে পৰীক্ষিতে বন্দীশালৰ পৰা পলাই লক্ষ্মীনাৰায়ণৰ আশ্ৰয় লয়গৈ। লক্ষ্মীনাৰায়ণে তেওঁক আদৰ-সাদৰকৈ ৰাখিছিল বুলি জনা যায়।

১৬০৩ খৃঃত ৰঘূদেৱৰ মৃত্যু হয়। সম্ভৱতঃ তেওঁক সাপে খুটিয়াইছিল। বহুতে আকৌ তেওঁৰ পত্নী আৰু দ্বিতীয় পুত্ৰ ইন্দ্ৰনাৰায়ণৰ মাতৃয়ে তেওঁ বিহ দি মাৰিছিল বুলিহে কয়।

ৰঘূৰ মৃত্যুত ইন্দ্ৰনাৰায়ণৰ মাতৃয়ে নিজ পুত্ৰক ৰাজপাট দিবলৈ চেষ্টা কৰিছিল। কিন্ত মন্ত্ৰীসকলে তেওঁৰ কথাত হয়ভৰ নিদি পৰীক্ষিতকহে ৰজা হ’বলৈ আমন্ত্ৰণ জনালে আৰু তেওঁ লৰালৰিকৈ আহি ৰাজপাট দখল কৰিলেহি। ৰজা হৈয়েই তেওঁ ভাতৃ ইন্দ্ৰনাৰায়ণক হত্যাৰ আদেশ দিয়ে। ইন্দ্ৰনাৰায়ণৰ ভাতৃ মানসিঙ পলাই গৈ আহোমৰ আশ্ৰয় লয়গৈ। আহোমে তেওঁক এটা মৰ্য্যদাপূৰ্ণ পদবী দিছিল। পৰীক্ষিতে উত্তৰ গুৱাহাটীলৈ ৰাজধানী উঠাই নি অশ্বক্ৰান্ত পাহাৰৰ দাঁতিত এটা ৰাজপ্ৰসাদ সাজিছিল।

পিতৃৰ দৰে পৰীক্ষিতেও লক্ষ্মীনাৰায়ণৰ বশ্যতা স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল। এই কথালৈ দুয়োখন ৰাজ্যৰ মাজত যুদ্ধ লগাত লক্ষ্মীনাৰায়ণ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। দুয়োজন ৰজাই আহোমৰ সৈতে বন্ধুত্ব কৰিবলৈ বিচাৰিছিল। ১৬০৮ খৃঃতে পৰীক্ষিতে তেওঁৰ জীয়ৰী মঙ্গলদেহীক আহোম ৰজা প্ৰতাপসিংহলৈ বিয়া দিছিল। কিন্ত সেই সময়ত আহোম আৰু কছাৰীৰ মাজত বিবাদ লাগি থকাত আহোমসকলে কোচৰাজ্যলৈ বিশেষ চকুকাণ দিব পৰা নাছিল।

ইতিমধ্যে, লক্ষ্মীনাৰায়ণে মুছলমানসকলৰ সৈতে সম্বন্ধ স্থাপনৰ বাবে আগ্ৰহী হৈ ১৫৯৬ খৃঃত নিজকে মোগল সম্ৰাটৰ তলতীয়া ৰজা বুলি ঘোষণা কৰিছিল। লক্ষ্মীনাৰায়ণৰ বিষয়ে আকবৰনামাত উল্লেখ আছে। এই পুথিমতে, তেওঁ ৪০০০ ঘোঁৰা, ২,০০,০০০ পদাতিক, ৭০০ হাতী আৰু ১০০০ জাহাজৰ অধিকাৰী আছিল। তেওঁৰ ৰাজ্য খন দীঘলে ২০০ ক্ৰোশ আৰু বহলে ১০০ৰ পৰা ৪০ ক্ৰোশ আছিল। ৰাজ্যখনৰ পুৱে আছিল ব্ৰহ্মপুত্ৰ, উত্তৰে তিব্বত, দক্ষিণে ঘোৰঘাট আৰু পশ্চিমে ত্ৰিহুত। ১৫৯৭ খৃঃত তেওঁ বঙ্গৰ গভৰ্ণৰ মানসিংহলৈ এগৰাকী কন্যা বিয়া দিছিল। ইয়াৰ কিছুদিনৰ পিছতেই মানসিঙে তেওঁক ৰক্ষা কৰিবলৈ এদল সৈন্য পঠিয়াইছিল বুলি আকবৰ-নামাত উল্লেখ আছে। কিন্ত তেওঁক কোনে আক্ৰমণ কৰিছিল সেই বিষয়ে এই পুথিখন নিমাত।

পৰীক্ষিত আৰু লাক্ষ্মীনাৰায়ণ বিবাদ দিনে দিনে বৃদ্ধি পোৱাত অৱশেষত ১৬১২ খৃঃত লক্ষ্মীনাৰায়ণে নিজে ঢাকালৈ গৈ মানসিঙক এই বিবাদত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। সেই সময়তে, কৰাইবাৰীৰ ওচৰত অৱস্থিত সুশাঙ্গৰ ৰজা ৰঘূনাথেও পৰীক্ষিতে তেওঁক বেয়া ব্যৱহাৰ কৰা বুলি অভিযোগ তুলিছিল। নিজকে স্বাধীন বুলি গৌৰৱ কৰা পৰীক্ষিতৰ দৰে এজন পৰাস্ত কৰিবলৈ ঢাকাৰ নবাব শেখ আলাউদ্দিন ফাট্‌পুৰী ইছলাম খাঁ উৎসাহিত হৈ উঠে আৰু তেওঁৰ মুক্কাৰম খাঁক ৩০০ হাতী, ৬০০০ ঘোৰাঁ, ১০,০০০/১২,০০০ পদাতিক আৰু ৪০০/৫০০ যুদ্ধ জাহাজেৰে কোচ হাজো জয় কৰিবলৈ পঠিয়ায়। ছালগোনাৰ ওচৰত হোৱা এখন নৌ যুদ্ধত পৰীক্ষিতৰ ৩০০ খন নাও সমলঞ্চে ধ্বংস হয়। তাৰপৰা আক্ৰমণকাৰী দলটো ভূমিৰে আগবাঢ়ে। এই অভিযানৰ নেতৃত্ব কৰা ছেখ কামালে বিজুলী বেগেৰে অতি সাৱধানতাৰে গৈ কৰাইবাৰী পৰগণাৰ হাটছিলাত বাঁহৰ জোঙেৰে চাৰিওফালে বেৰি কোঠ মাৰিছিল। এনেদৰে কোঠ মৰাৰ নিয়ম এই ৰাজ্যত প্ৰচলিত আছিল। পৰীক্ষিতে সেইসময়ত ৫০০ ঘোৰাঁ আৰু ১০,০০০ পদাতিকেৰে ধুবুৰীৰ দূৰ্গ এটাত আছিল। ছেখ কামালে সেয়ে এতিয়া গৈ ধুবুৰী ঘেৰাও কৰে। ধুবুৰী হঠাতে আক্ৰমণ কৰি বিজয় কৰাৰ চেষ্টা ফলৱতী নিহিৱাত ছেখকামালে ইয়াক ঘেৰাও কৰি ৰখাৰ বাবে আৰু কেতবোৰ ব্যৱস্থা হাতত লৈ এমাহৰ পিছত পুণৰাক্ৰমণ চলায়। পৰীক্ষিতে সন্ধিৰ প্ৰস্তাৱেৰে দূত পঠিয়ায় আৰু মুছলমান সেনাপতিজনক ১০০ হাতী, ১০০ ঘোৰাঁ আৰু ২০ মোন মূল্যবান কাঠ উপহাৰ যাচে। বঙ্গৰ গভৰ্ণৰক এই বাতৰি দিয়াত তেওঁ পৰীক্ষিতে নিজে আহি বশ্যতা স্বীকাৰ কৰাৰ লগতে তেওঁৰ ৰাজ্যখন বঙ্গৰ হাতত অৰ্পণ কৰিব লাগিব বুলি দাবী জনায়।

সহায় বিচাৰি পৰীক্ষিত এইবাৰ আহোমৰ ওচৰ চাপে। আহোমে সহায় কৰিবলৈ মান্তি হয় যদিও এই অভিযানত আহোমৰ সৈতে পৰীক্ষিতৰ আটাইবোৰ সৈন্য যাব লাগিব বুলি চৰ্ত আৰোপ কৰে। পৰীক্ষিতে এই চৰ্ত মানি নলৈ অকলশৰে যুদ্ধৰ বাবে সাজু হয়। সেই সময়তে ৰমজান মাহ পৰাত মুছলমান সকলে ধুবুৰীতে সেই মাহটো পালন কৰিবলৈ মন কৰে। কিন্ত ইফালে লক্ষ্মীনাৰায়ণে তেওঁলোকৰ পৰা সহায় পাম বুলি পৰীক্ষিতৰ বিৰুদ্ধে সৈন্য প্ৰেৰণ কৰাত উপায় নাপাই মকৰৰম খাঁই সত্ৰজিতৰ নেতৃত্বত এটা সৈন্যবাহিনী তেওঁলৈ পঠিয়ায়। পৰীক্ষিতে পলাবলৈ বাধ্য হয়। ধুবুৰীৰ পৰা প্ৰায় এদিনৰ বাট গদাধৰ নৈৰ পাৰত তেওঁ খোপনি পোতেগৈ। ইফালে, বঙ্গৰ সৈন্যসকলে নদীখনৰ মোহনালৈ গৈ পৰীক্ষিতলৈ বস্তু সৰবৰাহ বন্ধ কৰি দিয়ে। পৰীক্ষিতে মৰো-জীঁউকৈ যুদ্ধ কৰিবলৈ স্থিৰ কৰা জোৱায়েক ডুমৰীয়াক নাৱেৰে শত্ৰুৰ বিপক্ষে প্ৰেৰণ কৰে আৰু নিজে নিশাৰ ভাগত ধুবুৰী আক্ৰমণৰ সিদ্ধান্ত লয়। ডুবুৰীয়াত পথ আগচি ৰখা দূৰ্গ এটাৰ সৈন্য সকলৰ প্ৰভূত হানি কৰে আৰু শত্ৰুৰ হতৰ পৰা ২৫০ খন যুদ্ধৰ নাওঁ কাঢ়ি আনিবলৈকো তেওঁ সক্ষম হয়। কিন্ত পৰীক্ষিতে নিজে সময়ত ধুবুৰী নেপালেগৈ। পিছদিনা দিনৰ ভাগতহে তেওঁ ধুবুৰী ওলালগৈ। মোগল সৈন্যই ইতিমধ্যে প্ৰস্তুত হৈ তেওঁলোকে বাট চাই আছিল। ওৰে দিনটো যুদ্ধ লাগিল যদিও তাৰ ভাল ফল একো নহ’ল আৰু নিশা পৰীক্ষিতে পূৰ্ব্বৰ ঠাইলৈকে উভটি যাবলৈ ঠিক কৰিলে। মোগলে তেওঁৰ পিছে পিহচে খেদা দিয়াত তেওঁ হুহুকি সানকোচ পাৰহৈ মানসৰ বৰনগৰ অভিমুখে যাবলৈ ধৰিলে এইবাৰ লক্ষ্মীনাৰায়ণেও তেওঁৰ পিছ ললে। পৰীক্ষিতৰ নৌ-বাহিনী পৰাস্ত হ’ল। পৰীক্ষিত নিজে পাণ্ডুলৈ পলাই যাবলৈ সক্ষম হৈছিল যদিও পিছলৈ তেওঁৰ যুদ্ধত জয়লাভৰ কোনো আশা নাই বুলি জানি তেওঁ আটাইবোৰ হাতী আৰু অন্যান্য বয়বস্তুৰে আত্ম-সমৰ্পন কৰিবলৈ সিদ্ধান্ত ললে। তেওঁক ঢাকালৈ লৈ যোৱা হ’ল। মোগল সম্ৰাটৰ আদেশক্ৰমে তাৰ পৰা তেওঁক দিল্লীলৈ নিয়া হয়। স্থানীয় বিৱৰণমতে পৰীক্ষিতে মোগলক বছৰি ৪ লাখ টকা কৰ দিবলৈ স্বীকৃত হোৱাত সম্ৰাট জাহাঙ্গীৰে তেওঁক ৰাজ্য উভটাই দিছিল। পিছে, দিল্লিৰ পৰা উভটি আহোতে বাটতে শকত নৰীয়াত পৰি তেওঁ স্বৰ্গী হয়।

পৰীক্ষিতৰ মৃত্যু হোৱাত বৰনদীলৈকে বিস্তৃত তেওঁৰ ৰাজ্যখন মোগলে নিজ অধীনলৈ নিয়ে। মুকৰৰম খাঁৰ হায়েকক এদল সৈন্যবাহিনীৰ সৈতে এই ৰাজ্যখন চোৱাচিতাৰ ভাৰ দিয়া হয়। তেওঁ খেলা নামৰ ঠাইত বাহৰ পাতিছিল। ১৬১৬ খৃঃত তেওঁৰ মৃত্যু হোৱাত মকৰৰম খাঁ নিজে এই ঠাইৰ গভৰ্নৰ নিযুক্ত হয়। তেওঁ কৰ্মস্থল হাজোলৈ তুলি নিয়ে। তেওঁ ভালেমান মুছলমান সম্ভ্ৰান্তলোকক সা-সম্পত্তি আৰু ১০,০০০/১২,০০০ পাইক সৈন্য দি এই ঠাইত প্ৰতিষ্ঠা কৰিছিল। বঙ্গৰ পৰা অহা এই লোকসকলৰ সামৰিক সেৱাৰ বাবে ভুমিদান দিয়াও হৈছিল।

কিন্ত ইমান সহজে মোগলৰ বশ্যতা স্বীকাৰ কৰিবলৈ কোচসকল সাজু নাছিল। তেওঁলোকে সুযোগ পালেই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা মোগল সৈন্যৰ ঘাটিবোৰ আক্ৰমণ কৰিছিল। পৰীক্ষিতৰ পৰাজয়ৰ সময়ত তেওঁৰ ভাতৃ বলী নাৰায়ণ পলাই গৈ আহোম ৰজা প্ৰতাপসিংহৰ আশ্ৰয় লৈছিলগৈ। এই ঘটনাকে আদি কৰি ভালেমান কাৰণত আহোমৰ প্ৰতি তিক্ত হোৱা মুছলমান সকলে এইবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ থিৰ কৰে। ইফালে, মুছলমান সেনাপতি সকলৰ নিজৰ মাজতে নানা হাইখৰিয়লৰ সৃষ্টি হৈছিল। আহোমৰ বিৰুদ্ধে সাজু কৰা সৈন্য বাহিনীৰ নেতৃত্ব অবুবকৰক দিয়া বুলি শুনি হাজোৰ আব্দছ-ছালামকে আদি কৰি ভালেমান উচ্চ বিষয়াই খঙে-অপমানে পদত্যাগ কৰিছিল। মীৰ্জ্জা ছাহিনে লক্ষ্মীনাৰায়ণৰ সহায়ত এজন কোচ সেনাপতিক কৰায়ত্ত কৰিছিল। কিন্ত সনাতন নামেৰে এজনে আনহাতেদি মুছলমান কৰ সংগ্ৰহকাৰী এজনক ধৰি ৰখাত খেল নামৰ ঠাইৰ পৰা আব্দুলবাকীক তেওঁৰ বিচাৰ কৰিবলৈ পঠিওৱা হ’ল। আব্দুল বাকীয়ে নাৱেৰে আৰু মীৰ্জ্জা ছাহিনে স্থলেৰে এই অভিযানত ওলাল। কৱাৰহাদা পাহাৰত এটা দূৰ্গ অধিকাৰ কৰি আব্দুল বাকী আহি বৰনগৰত ছাদিনলৈ অপেক্ষা কৰিলেহি। তাৰ পিছত তেওঁ নিজকে হাজোত প্ৰতিষ্ঠা কৰিলে। ইয়াৰ পিছত যুদ্ধ লগাত মোগলে যুদ্ধত জিকিবলৈ লয়। ইয়ালে আকৌ আবুবকৰৰ সৈন্যদল বিপৰ্য্যৰ সন্মূখীন হ’ল। ব্ৰহ্মপুয়েদি এটা নৌবাহিনী পঠিয়াই প্ৰায় দুহাজাৰমান সৈন্যকহে মৰণৰ পৰা উদ্ধাৰ কৰা হ’ল।

বিজয়ী আহোম বলীনাৰায়ণক কৰ তলতীয়া ৰজা হিচাবে দৰঙত প্ৰতিষ্ঠা কৰে। তেওঁলোকে বলীক ধৰ্মনাৰায়ণ নাম দিছিল। উজনী অসমৰ পৰা এহেজাৰ চুটীয়ালোকক পাইক হিচাবে আহোমে মঙ্গলদৈলৈ পঠিয়াইছিল। ধৰ্মনাৰায়ণে বৰনৈ পাৰ হৈ কামৰুপ আক্ৰমণ কৰিছিল। সনাতনে আনহাতেদি বৰনগৰৰ মুছলমান চাউনিত অভিযান চলায়। এই দুয়োটা আক্ৰমণকেই মুছলমানসকলে প্ৰতিহত কৰিছিল। ঠিক সেই সময়তে, দক্ষিণ পাৰত এটা বিদ্ৰোহ দেখা দিয়ে। ওঠৰজন “পাহাৰীয়া ৰজাই নিজকে স্বাধীন বুলি দাবী কৰি গুৱাহাটীৰ দক্ষিণ পূৱে থকা ৰাণী নামৰ ঠাইত সমবেত হয়। পাণ্ডুত চাউনি পাতি থকা ছাহিনক তেওঁলোকে আক্ৰমণ কৰে। পিছে, দুৰ্ঘোৰ যুজৰ অন্তত এই ৰজা কেইজন পৰাস্ত হয়। ছাহিনে কেইদিনমান পিছতে তেওঁলোকৰ ঘাটি নিজ অধীনলৈ আনিবলৈ যো-জা কৰি থাকোতেই ইফালে বঙ্গত কাছিম খাঁক আতৰাই ইব্ৰাহীম খাঁ গভৰ্ণৰ হয়। আবূ বকৰৰ বিফলতাৰ বাবে কাছিম খাঁক বহুতে জগৰীয়া বুলি কৈছিল। সেয়ে, অসমত কাছিমখাঁৰ অনুগামীসকলে নিজ নিজ পদৰ পৰা আতৰি পলাই যায়। সুযোগ বুজি শ্বেখ ইব্ৰাহীম নামেৰে কৰ সংগ্ৰহকাৰী এজনে নিজকে স্বাধীন বুলি কৈ আহোমৰ সহায়ত হাজো দখলৰ চেষ্টা চলায়। এই কাৰ্য্যৰ বাবে প্ৰথমে সাম্ৰাজ্যবাদী সকলক হাজোৰ পৰা আতঁৰাই পঠিওৱাৰ দায়িত্ব তেওঁক অৰ্পণ কৰা হয়। তেওঁ কোচসকলক মুছলমানৰ বিৰুদ্ধাচৰণ কৰিবলৈ উদগনি দিয়ে। সনাতনে দমদমাত থকা মোগল চাউনি আক্ৰমণ কৰে। ধৰ্মনাৰায়ণে নিজে পাণ্ডু বিজয়ৰ চেষ্টা চলায়। কিন্ত তেওঁলোকে দুয়ো যুজত হাৰে। ইব্ৰাহীমৰ ষড়যন্ত্ৰৰ কথা সদৰি হৈ পৰে আৰু তেওঁ আহোমৰ পৰা সহায় পোৱা সত্বেও ছাহিনৰ মুছলমান সৈন্যৰ আগত টিকি থাকিবলৈ অক্ষম হয়। যুজত ইব্ৰাহীমৰ মৃত্যু হয়। আহোমৰ সহায়ত ইতিমধ্যে ধৰ্মনাৰায়ণে পাণ্ডু জয় কৰি হাজো অভিমুখে আগবাঢ়ে। কিন্ত এই অভিযানত তেওঁলোক শোচনীয়ভাৱে পৰাস্ত হয়। কিন্ত এতিয়াও এই ৰাজ্যত শান্তিৰ সলনি যুদ্ধহে চলি থকা দেখা যায়। ছাহিনৰ সৈতে ধৰ্মনাৰায়ণ, ছামৰু আৰু উঠৰজন পাহাৰীয়া ৰজাৰ সঘনে যুজ-বাগৰ লাগি থাকে। ধৰ্মনাৰায়ণ আৰু আহোমে এবাৰ অৰ্তকিতে ছাহিনক আক্ৰমণ কৰাত তেওঁ শত্ৰুৰ হাতত পৰাতকৈ মৃত্যুয়েই শ্ৰেয় বুলি কৈ চাউনিৰ সকলোবোৰ তিৰোতা মানুহক হত্যা কৰি নিজে এমুঠি সৈন্যৰে শুৱালকুছিলৈ পলাই যায়। ইতিমধ্যে, বঙ্গৰ পৰা পুনৰ সৈন্যবাহিনী পঠিওৱাত তেওঁ আহি ছামৰুক বন্দী কৰে। ওঠৰজন পাহাৰীয়া ৰজায়ো এতিয়া তেওঁৰ বশ্যতা স্কীকাৰ কৰিবলৈ বাধ্য হয়। ইয়াৰ পিছত বঙ্গৰ পৰা আৰু সৈন্যদল অহাত তেওঁ ১৬১৯ খৃঃত সদলে পাণ্ডু আক্ৰমণৰ বাবে আগবাঢ়ি থাকোতে অকৌ আহোমে তেওঁক অৰ্তকিতে আক্ৰমণ কৰে। যুজত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ ছাহিনে এইবাৰ হাজোলৈ পলাই যায়। মুছলমান দলপতি সকলৰ নিজৰ মাজতে আকৌ কাজিয়া লাগে। ইফালে মোগল ৰাজপুত্ৰ ছাহজাহাঁই তেওঁৰ পিতৃৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত ছাহিন গৈ তেওঁৰ লগ লাগে। তেওঁ এইবাৰ আহোমৰ সৈতে মিত্ৰতাৰ চেষ্টা কৰিছিল যদিও সি ফলৱৰ্তী নহ’ল। ইতিমধ্যে, মুছলমান সকল ছেদেলি-ভেদেলি হৈ পৰাত তেওঁলোকে আহোমৰ বিৰুদ্ধে একগোট হোৱাৰ আশা মাৰ গ’ল আৰু হাজোকে ধৰি কেইটামান ঘাটি লৈয়েই তেওঁলোকে সন্তষ্ট থকাৰ মানস কৰিলে।

১৬৩৫ খৃঃ লৈকে নিতাল মাৰি থাকি মুছলমান সকলে আকৌ এবাৰ হাজোক কেন্দ্ৰ কৰি মূৰ দাঙি উঠিবলৈ এক ব্যৰ্থ চেষ্টা চলায়। বৰনদীৰ পশ্চিমৰ আটাইবোৰ অঞ্চল এতিয়া আহোমৰ অধীনস্থ হৈছিল। ১৬৩৭ খৃঃত বঙ্গৰ পৰা এটা নতুন অভিযান প্ৰেৰণ কৰা হ’ল। এইবাৰ মুছলমান সকলে আহোম আৰু তেওঁলোকৰ সহযোগী ধৰ্মনাৰায়ণক ক্ৰমান্বয়ে আতৰাই পঠিয়াইছিল। কলঙনৈৰ মোহনাৰ কাজলিত আহোম আৰু ধৰ্মনাৰায়ণ শোচনীয় ভাৱে পৰাস্ত হৈছিল। ধৰ্মনৰায়ণ পলাই যোৱাত মুছলমানে তেওঁৰ পিছে পিছে খেদি যায়। ধৰ্মনাৰায়ণে দিহিঙে-দিপাঙে পলাই গৈ অৱশেষত শিংৰি পৰ্ব্বতৰ ওচৰত শত্ৰুৰ হাতত নিধন হয়। ১৬৩৮ খৃঃত সন্ধি হোৱাত বৰনদীৰ উত্তৰৰ ভূখণ্ড মুছলমানৰ হাতত পৰে। সন্ধিমতে, আগেয়ে পৰীক্ষিতৰ ৰাজ্যৰ অন্তৰ্গত আন অঞ্চলবোৰ আহোমৰ হাতত অৰ্পণ কৰা হয়। ধৰ্মনাৰায়ণৰ মৃত্যু হোৱাত আহোমে তেওঁৰ পুত্ৰ সুন্দৰ নাৰায়ণক সিংহাসন দিয়ে আৰু তেওঁক সকলো লাগতিয়াল কামকাজ বৰফুকনৰ পৰামৰ্শশতে কৰিবলৈ কয়। সুন্দৰ নাৰায়ণে মঙ্গলদৈত তেওঁৰ কৰ্মস্থল পাতে। তেতিয়াৰে পৰা পূৱৰ কোচ ৰজাসকলক স্বাধীন ৰজা বুলিব নোৱাৰি। বৰ্তমান মঙ্গলদৈ মহকুমাৰ এটা অঞ্চলত এতিয়াও তেওঁলোকৰ অধিপত্য আছিল যদিও তেওঁলোক আহোমৰ তলতীয়া ৰজাহে আছিল আৰু তেওঁলোকৰ মৰ্য্যদাও চাৰিঙ ৰজা, সদিয়াখোৱা গোসাঁই বা আহোম ৰজাৰ অধীন অন্যান্য ৰাজ্যপালতকৈ কোনো গুণে উন্নত নাছিল। পশ্চিমৰ কোচ ৰজাসকলে মুছলমানৰ আশ্ৰিত ৰজা হিচাবে বৰ্তমানৰ কোচবিহাৰৰ অঞ্চল এটাত ৰাজত্ব কৰিছিল। কিন্ত তেওঁলোকৰ ৰাজ্যখন সানকোচ নৈৰ উত্তৰে আছিল আৰু বৰ্তমানৰ অসমৰ কোনো অঞ্চল এই ৰাজ্যৰ অন্তৰ্গত নাছিল।

 

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate