অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰাগৈতিহাসিক আৰু পৌৰানিক ৰজাসকলঃ সাধাৰণ ব্যাখা

প্ৰাগৈতিহাসিক আৰু পৌৰানিক ৰজাসকলঃ সাধাৰণ ব্যাখা

পুৰনি অসমৰ লোকসকলৰ ইতিহাস লিখাৰ অভ্যাস নাছিল। ১২২৮ খৃষ্টাব্দত আহোম-সকলৰ আগমনৰ পৰৱৰ্তীকালৰ পৰাহে এই ৰাজ্যত উল্লেখ যোগ্য ঘটনাৱলীৰ বিৱৰনীৰে ইতিহাস লিখাৰ প্ৰচলন আছে।এজন চীন পৰিব্ৰাজকে বিৱৰন আৰু বিভিন্ন শিলালিপিত চেগাচোৰোকাকৈ উল্লেখ কৰা ঘটনা কেতবোৰ থুপ খুৱাইহে এই ৰাজ্যখনৰ প্ৰাচীন ইতিহাস উদঘাটন কৰা হৈছে।তাতোকৈ পুৰনি অসমৰ বিৱৰন জানিবলৈ হলে মহাভাৰত আৰু পুৰানৰ অত তত কামৰুপ সমন্ধে যি দুটা এটা কথাৰ উল্লেখ আছে তাৰ ওচৰত নিৰ্ভৰ কৰিয়েই সন্তষ্ট থকাৰ বাহিৰে উপায় নাই।

অৱশ্যে এই শেষৰ বিধ সমলৰ পৰা স্ংগ্ৰহ কৰা তথ্যসমূহক আমি ইতিহাস বুলি দাবী নকৰি থোৰতে ইয়াক পৌৰানিক কাহিনী বুলি কোৱাই ভাল।আধুনিক নকল-নাবিচ সকলে এই কাহিনীবোৰ লিখি উলিয়াওতে বহু সময়ত ইয়াৰ মানদণ্ডও হ্ৰাস হৈছে।তথাপি এই নকলবিচ সকলৰ স্ংগৃহিত তথ্যবলীক আমি যথোচিত মূল্য নিদিয়াকৈ থকা নাই।

কিন্ত এই কাহিনীসমূহ অধ্যয়ন কৰাৰ পূৰ্বে আমি জাতি আৰু ভাষা বিষয়ক কেতবোৰ তথ্যপাতিও চালিজাৰী চোবা উচিত।পণ্ডিত সকলৰ মতে ভাষাৰ ওপৰত ভিত্তি কৰি জাতি সমূহৰ মানদণ্ড নিৰ্নয় কৰা অনুচিত।আহোমসকলে নিজ দোবান এৰি অসমীয়া ভাষা গ্ৰহন কৰিছিল।তেওঁলোকে অসমীয়া ভাষা গ্ৰহন কৰাৰ নানা কাৰন থাকিব পাৰে।অসমীয়া আছিল পুৰুহিত সকলৰ মাজত প্ৰ্চলিত ভাষা আৰু এই খেল সমূহক তেওঁলোকে হিন্দু ধৰ্ম্মত দিক্ষিত কৰাৰ পিছত পুৰুহিতৰ ভাষা এই শৰনাৰ্থী সকলেও গ্ৰহন কৰে।দ্বিতীয়তে নতুন লোকচামে অসমীয়া ভাষাটো তেওঁলোকতকৈ উন্নততৰ লোকৰ ভাষা বুলি ভবাৰ কাৰনেও তেওঁলোকে এই ভাষাটোক সন্মান কৰিছিল।কিন্ত ভাষা গ্ৰহনৰ ক্ষেত্ৰত আৰু এটা কাৰন থাকিব পাৰে আৰু সেইটো হল ৰাজ্য জয়।বিজয়ী সকলে বিজিত সকলৰ ওপৰত তেওঁলোকৰ ভাষা জাপি দিয়াটো বহু দুষ্টান্ত আছে।উদাহৰন স্বৰুপে এই শতাব্দীৰ আগভাগত চিংফৌ সকলৰ হাতত বন্দী হৈ থকা তুৰগ্গৰ চানসকলে নিজৰ দোবান এৰি বিজয়ীসকলৰ দোবান গ্ৰহন কৰাৰ কথা উল্লেখ কৰিব পাৰি।সেয়ে,ভাষাগ্ৰহনৰ ক্ষেত্ৰত আমি এই আটাইবোৰ তথ্যকে বিবেচনা কৰিব লাগিব।অসমীয়া ভাষাই এতিয়া যেনেকৈ কছাৰী বা আন খেলৰ ভাষাৰ স্থান লৈছে তেনেকৈ এই খেলৰ ভাষাৰ স্থান লৈছে তেনেকৈ এই খেলৰ লোক সকলে হয়তো তেওঁলোকৰ আগৰ দোৱান সমূহ আতৰাই নিজ দোৱান প্ৰ্চলন কৰিছে।আনহাতেদি জাতিত্বৰ অধ্যয়ন ক্ষেত্ৰত এটা কথা মন কৰিব লাগিব যে বৰ্তমান কালত বৰ্ন ধৰ্ম্মই জাতিসমূহক দৈহিক গঠন নিৰ্নয়ত এটা বৈশিষ্ট ভূমীকা লৈছে যদিও পুৰনি জাতি বিষয়ক তথ্যসমূহক বৰ্নৰ্ধমৰ ওপৰত ভিত্তি কৰি উলিওবা নাই।এইবোৰ অধ্যয়ন কৰা হৈছে বিভিন্ন জাতি আৰু খেলৰ স্ংমিশ্ৰ্ন লৈহে।উদাহৰনস্বৰুপে আহোমসকলে অসম বিজয়ৰ পৰবৰ্তী কালত বহু চুতীয়া মৰান আৰু বৰাহী পৰিয়ালে আহোমৰ সৈতে মিলাপ্ৰীতিৰ বসবাস কৰিবলৈ লয় আৰু বৈবাহীক সমন্ধ স্থাপন কৰি কালক্ৰ্মত নিজকে আহোম বুলি চিনাকী দিয়ে।সেইদৰে আহোমসকলে নিজকে আহোম বুলি চিনাকী দিয়ে।সেইদৰে আহোমসকলে নিজকে “শান” বুলি কৈছিল যদিও এজন ঐতিহাসিক মতে তেওঁলোকে দৰাচলতে আছিল মন,নিগ্ৰটো আৰু চীনদেশীয়সকলৰ এটি স্ংমিশ্ৰ্ন।কোচ সকল বড়োৰ পৰা উদ্ভৱ

ঐতিহাসিক কালত আহি আমাৰ ৰাজ্যত বসবাস কৰিবলৈ লোৱা বিদেশী ভগণীয়াসকলৰ বাহিৰে আৰ্য্যসকলৰ পৰা উদ্ভৱ হোৱা কলিতা, দ্ৰাবিড় বংশোদ্ভৱ ‘ডোম’ নাইবা ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা বিভিন্ন উপজাতিৰ লোকসকলে। ইণ্ডোচীন গোষ্ঠীৰ তিব্বতী বৰ্ম্মী দোৱান সমূহ ব্যৱহাৰ কৰিছিল যদিও তেওঁলোকৰ মাজত জাতিগত পাৰ্থক্য আছিল। সেয়ে, আহোমসকলৰ পূৰ্ব্বে যিসকললোকে ব্ৰহ্মপুত্ৰ অঞ্চল নিজৰ দখললৈ নিছিল তেঁওলোকে এই দোৱানসমূহ ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ পুৰণি অধিবাসী সকলৰ ওপৰত এইবোৰ দোৱান জাপি দি কালক্ৰমত তেঁওলোকৰ সৈতে মিলি গৈছিল বুলি আমি নিৰ্ভয়ে ক’ব পাৰো।

উপৰোক্ত মন্তব্যসমূহৰ ওপৰত ভিত্তি কৰি এতিয়া অসমত বাস কৰা লোকৰ জাতিতত্ব আৰু ভাষাতত্ব অধ্যয়ণৰ যোগেদি আমি এটা গ্ৰহণযোগ্য মীমাংসালৈ আহিবলৈ চেষ্টা কৰিম।

অধ্যাপক ফ্লৱাৰে মানবজাতিক মুঠতে তিনিভাগত বিভক্ত কৰিছে- নিগ্ৰইদ, মঙ্গোলীয় আৰু ককেচীয়। ককেচীয় সকলক আকৌ শ্বেত আৰু কৃষ্ণবৰ্ণৰ ককেচীয় বুলি দুভাগে ভাগ কৰা হৈছে। নিগ্ৰইদ সকলৰ আদি বাসস্থান আছিল আফ্ৰিকা আৰু মঙ্গোলীয় সকল বাস কৰিছিল এছিয়াৰ পূব অঞ্চলত। পিছলৈ তেঁওলোকৰ একাংশই আমেৰিকা ওলাইছিলগৈ। সেইদৰে ককেচীয়সকলে পশ্চিম এছিয়া আৰু ইউৰোপলৈ বিস্তাৰ লভিছিল।

ভাষাতত্ব বিদসকলে ভাষা আৰু জাতি শব্দ দুটা ইটোৰ সিটো পৰিপূৰক হিচাবে ব্যৱহাৰ কৰি আৰ্য আৰু দ্ৰাবিড় শব্দ দুটাৰ (যাক আদিতে জাতি হিচাপে বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল) ক্ষেত্ৰত বহু খেলিমেলিৰ সৃষ্টি কৰিছে। এই খেলিমেলিৰ শুদ্ধ অধ্যয়ণ ইতিমধ্যে বহুত পলম হৈছে যদিও এটা কথা মনত ৰখা উচিত যে ভাষাতত্বৰ অধ্যয়ণত এই শব্দ দুটাক জাতিগত হিচাপে ব্যৱহাৰ কৰা হোৱা নাই। ঠিক সেইদৰে, জাতিতত্ব অধ্যয়ণৰ ক্ষেত্ৰত এই শব্দ দুটা ভাষাতত্বৰ হিচাপত ধৰা হোৱা নাই।

ভাৰতৰ লোকসকল (ব্ৰহ্মদেশক বাদ দি)প্ৰধানকৈ দ্ৰাবিড় বংশোদ্ভ আছিল। দীঘল মূৰ, বহল ক’লা চকু ক’লা বা প্ৰায় ক’লা বৰণ আছিল এইলোকসকলৰ দৈহিক বৈশিষ্ট। নাকবোৰ আছিল বহল। অৱশ্যে নাক বহল আৰু থোপোকা হ’লেও তেঁওলোকৰ মূখবোৰ চেপেটা যেন দেখা নগৈছিল। দক্ষিণ ভাৰতত থকা লোকসকলৰ এটা ভাগক নিগ্ৰইদ বুলি অনুমান হয়। শ্ৰীলংকাৰ বিদেহ, আন্দামানৰ স্থানীয় অধিবাসী, ভাৰত মহাসাগৰ অঞ্চলৰ অন্যান্য উপজাতি আৰু অষ্ট্ৰেলিয়াৰ আদিমলোকৰ সৈতে এওঁলোকৰ সাদৃশ্য আছিল। এই আদিম লোকসকল অতি পুৰণিকালত আফ্ৰিকাৰ পৰা বিতাড়িত হৈ আহিছিল যেন লাগে। সেইবোৰ অতি পুৰণি কথা। এই অতি প্ৰাচীনকালত ভাৰতৰ ভূখণ্ড বৰ্তমানৰ মাদাগাস্কাৰ লৈকে বিস্তৃত আছিল বুলি কোৱা হয়। নিগ্ৰইদসকল বোধকৰো দ্ৰাবিড়সকলতকৈ পুৰণি লোক আছিল। কিন্ত অতি প্ৰাচীন মানৱ জাতিৰ বিভাজনে এতিয়াও এটা নিৰ্দিষ্ট গঢ় লোৱা নাই হেতুকে এওঁলোকৰ কোন বিধ লোক প্ৰাচীনতম আছিল সেই বিষয়ে আমি একো চূড়ান্ত মতামত দিব নোৱাৰো।

প্ৰায় তিনি চাৰিহাজাৰ বছৰ আগেয়ে কিছুমান আৰ্য্যলোক উত্তৰ-পশ্চিম সীমান্তয়েদি ভাৰতত প্ৰৱেশ কৰিছিল। দ্ৰাবিড় সকলৰ দৰে তেঁওলোকৰ মূৰবোৰো দীঘল আছিল। কিন্ত এই লোকসকল আছিল ওখ-পাখ আৰু আটিল। এওঁলোকৰ নাকবোৰ আছিল উন্নত আৰু লাহী (দীঘল নহয়)। গাৰ বৰণো তুলনামূলক ভাৱে পৰিষ্কাৰ আছিল। পাঞ্জাৱ আৰু ইয়াৰ দাতি কাষৰীয়া উত্তৰ-পশ্চিম ভাৰতত বসবাস কৰা প্ৰাচীন দ্ৰাবিড় লোক সকলক তেওঁলোকে বিনাশ কৰে। আনহাতেদি, পূব আৰু দক্ষিণলৈ আগুৱাই অহা এই লোকসকলে স্থানীয় দ্ৰাবিড় সকলৰ সৈতে মিলিজুলি সেই অঞ্চলত এটা স্ংমিশ্ৰিত জাতিত পৰিণত হয়। পাঞপাৱৰ পৰা যিমানে দক্ষিণ ভাৰতলৈ আগুৱাই আহে সিমানেই তেঁওলোকে স্থানীয় লোকৰ সৈতে মিলি যায়। উচ্চ শ্ৰেণীৰ লোকতকৈ নিম্নলোকৰ মাজত দ্ৰুতগতিত এই সংমিশ্ৰণ হৈছিল যেন অনুমান হয়।

ভাৰতৰ অন্য প্ৰান্তত অসম আৰু পূব হিমালয়েদি ঠিক একেধৰণে মঙ্গোলীয় খেল কিছুমানৰ প্ৰবেশ ঘটে। সৰু আকৃতিৰ মূৰ, বহল নাক, আপেক্ষিকভাৱে কম চুলি থকা বহল মূখ, পেশীযুক্ত আটিল চুটি-চাপৰ আৰু হালধীয়া বৰণ আছিল এই লোকসকলৰ দৈহিক বৈশিষ্ট। অসমৰ সুৰমা উপত্যকা আৰু উত্তৰ-পূব বঙ্গক বাদ দি দ্ৰাবিড় সকলক এই নতুন চাম লোকে আতৰাই পঠিয়ায়। কিন্ত সুৰমা উপত্যকা আৰু বংগৰ বাকী অংশত ক্ৰমান্বয়ে মঙ্গোলীয় সকলৰ নিজস্ব চিনচাব নাইকিয়া হৈ পৰে আৰু স্থানীয়লোকৰ লগলাগি অন্য এটা স্ংমিশ্ৰিত জাতিত পৰিণত হ’লগৈ। যিমানে এই মঙ্গোলীয় সকলে অসমৰ পশ্চিমলৈ আগবাঢ়ে সিমানেই এওঁলোকৰ বৈশিষ্ট হ্ৰাস পায় আৰু বৰ্তমানৰ বিহাৰৰ সীমা পায়গৈ মানে ই সম্পূৰ্ণভাৱে লোপ পায়। আৰ্য্য আক্ৰমণকাৰী সকলে আৰ্য্য নাইবা ইণ্ডো-ইউৰোপীয় ভাষা কৈছিল। উত্তৰ ভাৰতৰ সৰহ সংখ্যক লোকেই পিছলৈ ই ভাষা গ্ৰহণ কৰে। ক্ৰমান্বয়ে এই আৰ্য্যভাষাই পূৰ্ব্বৰ দ্ৰাবিড় আৰু তাৰ পিছত মঙ্গোলীয় আগমণকাৰী সকলৰ ভাষাৰ স্থান দখল কৰে। কেৱল মাত্ৰ দক্ষিণ ভাৰতৰ বাহিৰে অনাৰ্য্য ভাষা সৌসিদিনালৈকে ডাঠ হাবিৰে ভৰা কেতবোৰ দূৰ্গম অঞ্চলতহে বাচি থাকেগৈ। দ্ৰাবিড়ৰ দৈহিক বিবৰণৰ সৈতে মিলা আৰু অনাৰ্য্য ভাষা কোৱা লোকসকলক বৰ্তমান দুটা ভাষাগোষ্ঠীত ভগাব পাৰি-দ্ৰাবিড় আৰু মণ্ডা। দক্ষিণ ভাৰত, ছোটনাগপুৰ আৰু ইয়াৰ দাতিকাষৰীয়া পাহাৰীয়া অঞ্চলৰ লোকে এতিয়াও দ্ৰাবিড় ভাষা কয়। আন লোক সকলে মুণ্ডা ভাষা ব্যৱহাৰ কৰে। দ্ৰাবিড় ভাষাৰ লগত সাদৃশ্য থকা ভাষাত কথা কোৱা কিছু লোক পাঞ্জাৱৰ পৰ্ব্বতীয়া অঞ্চলতো আছে। কিন্ত এইলোক সকলৰ ভাষাৰ লগত দক্ষিণ ভাৰতৰ ভাষাসমূহৰ একো সম্বন্ধ নাই। ভাৰতৰ বাহিৰত ব্যৱহৃত আন কোনো ভাষাৰ সৈতেও দ্ৰাবিড় সকলৰ ভাষাৰ কোনো মিল নাই। কেৱলমাত্ৰ বেলুচিস্থানৰ এটা ক্ষুদ্ৰ উপজাতিৰ বাহিৰে অদ্ৰাবিড়ী কোনো লোকেই দ্ৰাবিড় ভাষা কোৱাৰ দৃষ্টান্তও লাই। আনহাতেদি, মুণ্ডাভাষাৰ সৈতে অসমৰ খাচী আৰু ব্ৰহ্মদেশৰ মন-খামেৰে ভাষাৰ মিল আছে। এই ভাষা দুটাৰ দৰে মুণ্ডা ভাষাও অষ্ট্ৰ-এছীয়াটিক ভাষা গোষ্ঠীৰ অন্তৰ্ভূক্ত। অষ্ট্ৰ-এছীয়াটিক ভাষা অষ্ট্ৰীয় ভাষাৰ এটা ঠাল। অষ্ট্ৰীক ভাষা পৃথিৱীৰ বহু অঞ্চলত ব্যৱহৃত হৈছিল। দক্ষিণ-পূৱ এছিয়া, ভাৰত মহা-সাগৰ, প্ৰশান্ত সাগাৰৰ দ্বীপসমূহকে ধৰি দক্ষিণ আমেৰিকা উপকূলৰ কাষৰ ইষ্টাৰ দ্বীপলৈকে অষ্ট্ৰীক ভাষা গোষ্ঠীৰ দোৱান সমূহৰ বিস্তৃত ব্যৱহাৰ চকুত পৰে। এই ভাষা বা দোৱান ব্যৱহাৰ কৰা সৰহভাগ লোকেই আছিল মঙ্গোলীয় আৰু আধুনিক গৱেষণাবিদ সকলৰ মতে ইণ্ডো-চীন আছিল এই ভাষাৰ আদি স্থান। অৱশ্যে মঙ্গোলীয় সকলৰ বাহিৰে অন্যলোকেও অষ্ট্ৰীক ভাষা ব্যৱহাৰ নকৰা নহয়।

এই তথ্যসমূহৰ পৰা এইটোৱেই প্ৰ্তীয়মান হয় যে, দ্ৰাবিড় সকলে আদিতে দ্ৰাবিড় ভাষা কৈছিল আৰু মুণ্ডা মঙ্গোলীয় সকলৰহে ভাষা আছিল। আসম আৰু ব্ৰহ্মদেশৰ মাজেৰে অহা স্বকীয় দৈহিক বৈশিষ্ট সম্পন্ন এই লোকসকল দিন যোৱাৰ লগে লগে পুৰণি দ্ৰাবিড় লোকসকলৰ সৈতে মিলি গৈছিল। মুণ্ডাভাষী উপজাতিসকলে মৃতকৰ স্মৃতিত শিলৰ খুটা পুতিছিল। উল্লেখযোগ্য যে, বৰ্তমানৰ খাচী সকলেও এইদৰে শিলৰ খুটা পুতে। খাচীসকল নিঃসন্দেহে মাঙ্গোলীয় ফৈদৰ লোক। মঙ্গোলীয় মুখাকৃতিৰ  লোক এতিয়াও মাজে সময়ে তেওঁলোকৰ মাজত চকুত পৰে।

খাচীৰ বাহিৰে অসমৰ বিভিন্ন অনাৰ্য্য দোৱানসমূহ তিব্বত-চীন গোষ্ঠীৰ বিশেষকৈ ইয়াৰ ব্ৰহ্ম উপগোষ্ঠীৰ অন্তৰ্ভূক্ত। বৰ্তমান অসমৰ নগাসকলৰ কঠিত দোৱান, মণিপুৰ, কাছাৰ আৰু লুচাই পাহাৰৰ কুকি-চীন দোৱান আৰু বড়োদোৱান এই উপগোষ্ঠীৰ অন্তৰ্গত। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোবোৰ অনাৰ্য্য ভাষা, গাৰো পাহাৰ, উত্তৰ কাছাৰ, কছাৰী, মেছ, লালুং, ৰাভা, চুটীয়া সকলৰ দোৱানসমূহো এই গোষ্ঠীৰ ভিতৰত পৰে। ইয়াৰ পৰৱৰ্ত্তীকালত টাই বা শাণ ভাষা কোৱা কেতবোৰ লোক বিশেষকৈ আহোমসকলে এই অঞ্চলত প্ৰাধান্য বিস্তাৰ কৰে।

মঙ্গোলীয় আক্ৰমণকাৰী সকলৰ ভাষাসমূহৰ ভিতৰত বৰ্তমান খাচী ভাষাটোহে এই অঞ্চলত প্ৰচলিত। এই লোকসকলৰ এটা অংশ ছোটনাগপুৰ আৰু পাঞ্জাৱলৈকে বিস্তৃতি লাভ কৰা কথাষাৰলৈ চাই, তেওঁলোকৰ এটা বিৰাট দল তাহানিৰ অসম সোমাইছিল যেন লাগে। কিন্ত পৰৱৰ্তী আগমনকাৰী সকলৰ সৈতে চেহেৰাৰ বিশেষ পাৰ্থক্য নথকাত এই লোকসকলৰ বংশধৰ সকলেনো কিমান দূৰলৈকে প্ৰসাৰ লভিছিল সেই সম্বন্ধে সঠিককৈ কোৱা টান। বোধকৰো, খচী আৰু জয়ন্তীয়া পাহাৰৰ বাহিৰে অন্যান্য অঞ্চলত তেঁওলোকে পৰৱৰ্ত্তী আক্ৰমণকাৰী সকলৰ হাতত পৰাজিত হয় আৰু কালক্ৰমত এইলোক সকলৰ ভাষা গ্ৰহণ কৰি তেঁওলোকৰ সৈতে মিলি যায়।

ব্ৰহ্মপুত্ৰ উপত্যকা আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ নৈসমূহত ‘ডি’ আৰু ‘টি’ শব্দৰ ব্যৱহাৰে বড়োসকলৰ এই অঞ্চলত অধিপত্যৰ কথা সূচায়। ‘ডি’ আৰু ‘টি’ মানে হ’ল পানী। সেয়ে ডিব্ৰু, ডিহিং, দিবং, ডিগাৰ, দিখৌ, ডিচাং, দিগাং, দিমলা আদি নৈৰ নামবোৰে বড়ো সকলৰ সম্প্ৰসাৰণৰ কথাকে প্ৰমাণ কৰে। কিছুমান ক্ষেত্ৰত কিন্ত পুৰণি নামবোৰৰ সালসলনি ঘটিছিল। যেনে পুৰণি দিছু নামৰ নৈখন বৰ্তমান জলঢকা নামেৰে জনাজাত। আকৌ আহোমৰ দিনত ব্ৰহ্মপুত্ৰৰ নাম টি-লাউহে আছিল। টি-লাউৰ পিছৰ শব্দটোৰ পৰা লোহিত বা লৌহিত্য (ব্ৰহ্মপুত্ৰৰ আন এটা নাম) শব্দটো ওলাইছিল যেন লাগে। লোহিত মানে ৰঙা। সংস্কৃত সাহিত্য মতে পৰশুৰামে তেওঁৰ তেজৰ দাগবোৰ এই নৈত ধুইছিল কাৰণে লৈ খনৰ নাম হৈছিল লৌহিত্য। পুৰণি ভাষাৰ পৰা নানা ধৰণৰ নাম গ্ৰহণ কৰাৰ এনে বহুবোৰ কাহিনী সাহিত্যৰ পাতে পাতে পোৱা যায়। নেৱাৰ সকলৰ ভাষাত ‘খুচ্চী’ মানে পানী আৰু ইয়াৰ পৰাই কোশী নামৰ উদ্ভৱ হৈছে বুলি বহুতে কয়। আনহাতেদি হিন্দু ধৰ্ম্ম-সাহিত্য মতে কৌশিক ৰজাৰ নামেৰেহে কোশীনৈৰ নামাকৰণ হৈছিল। সেইদৰে ‘টি’ শব্দৰ ব্যৱহাৰৰ দ্বাৰা তিস্তানৈক আমি বড়ো শব্দ বুলি ক’ব পাৰো। কিন্ত হিন্দু সকলৰ মতে তিস্তা শব্দটো তৃস্তা বা ত্ৰি-স্ৰোতা (তিনিটা নিজৰা) শব্দৰ পৰাহে ওলাইছে। আহোমসকলে অসমত ৭০০ বছৰ জুৰি ৰাজত্ব কৰিছিল। আহোম ভাষাত ‘নাম’ মানে পানী। কিন্ত অসমৰ একেবাৰে পূবদিশতহে এই ‘নাম’ শব্দৰ অলপ অচৰপ ব্যৱহাৰ দেখা যায়, যেনে- নামৰুপ, নামতচি্‌ক আৰু নামচাং। দিখৌনৈক তেওঁলোকে নামটো বুলিছিল যদিও পুৰণি কছাৰী নামটোহো বেছি জনপ্ৰিয় হৈ থাকিল। বড়োসকলৰ তুলনাত অহোসকল সংখ্যাত তাকৰ হ’লেও তেওঁলোক আছিল অধিক প্ৰতাপশালী। কিন্ত অসমৰ ঠাইসমূহৰ নামাকৰণৰ ক্ষেত্ৰত আহোম শব্দ বৰ ক’ম ব্যৱহাৰ হৈছে। ইয়াৰ পৰাই বড়ো সকলে আহোম সকলতকৈ অসামত বেছি দিন ৰাজত্ব কৰিছিল যেন লাগে।

বৰ্তমান অসমৰ প্ৰায় আধা লাখলোকে বড়ো ভাষা কয়। কিন্ত লাহে লাহে বড়ো ভাষাই আৰ্য্যভাষাক (অসমীয়া আৰু বাঙ্গালী) নি স্থান এৰি দি নিজে প্ৰায় লুপ্ত হোৱাৰ পথলৈ আগবাঢ়িছে।

অসমৰ দুয়োখন উপত্যকাতে আৰ্য্যভাষাৰ বিস্তৃতিৰ গুৰিতে আছে হিন্দু পুৰুহিত সকলৰ প্ৰভাৱ। স্থানীয় দোৱান সনূহতকৈ এই আৰ্য্যভাষা অধিক উন্নত, শুৱলা আৰু সহজে বোধগম্য আছিল। বিশেষকৈ, উচ্চ শ্ৰেণীৰ হিন্দু সকলে এই ভাষা গ্ৰহণ কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা কলিত সকলৰ আৰ্য্য চেহেৰাৰ সৈতে সাদৃশ্য আছে। প্ৰাচীন আৰ্য্য আক্ৰমণকাৰী সকলৰ স্থানীয় মহিলা সকলৰ সৈতে বৈবাহিক সম্বন্ধ ঘটাৰ ফলস্বৰুপে এই কলিতা সকলৰ উদ্ভৱ হৈছিল যেন লাগে।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটি সৰুৱা। কিন্ত ইয়াৰ জলবায়ু সেমেকা আৰু অতি সোনকালে মানুহ ইয়াত ভগৰি পৰে। এই উপত্যকাৰ লোকসকল যদিও প্ৰকৃতিৰ দানেৰে সমৃদ্ধ, জলবায়ুৰ প্ৰভাৱে তেওঁলোকক শাৰীৰিক আৰু মানসিক অগ্ৰগতিত বাধাগ্ৰস্ত কৰিছে। ইয়াত সৰহ দিন বসবাস কৰা যি কোনো জাতিয়ে সভ্যতাৰ বিকাশ আৰু শান্তিৰ ক্ষেত্ৰত সুখ্যাতি অৰ্জন কৰিলেও কালক্ৰমত জলবায়ুৰ প্ৰাৰ্দুভাবত এলেহুৱা আৰু বিলাসী হোৱাৰ ফলস্বৰুপে কিছুদিনৰ মুৰত অদিক বলী উপজাতিসকলৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰা হয়গৈ। এনেক্ষেত্ৰত আক্ৰমণকাৰী সকলে চাৰিওফালৰ পৰা সঘন আক্ৰমণৰ দ্বাৰা পুৰুষ সকলক নিৰ্ধন আৰু মহিলা সকলক অপহৰণ কৰি এক অৰাজক অৱস্থাৰ সৃষ্টি কৰিবলৈ সুবিধা লৈছিল। সুযোগ বুজি পাহাৰীয়া বিভিন্ন উপজাতিৰ দলপতি সকলে কেতিয়াবা অকলশৰে নাইবা কেতিয়াবা কেইবাজনো একেলগ হৈ দলবল সহ এনে বিধস্ত অঞ্চলসমূহ তহিলং কৰি নিজ লোকসকলক সেইঠাইত সংস্থাপন কৰিছিলহি। এই লোকসকলে বিশেষ অসুবিধা নোহোৱাকৈ এনে ঠাইত নিজৰ শাসন বিস্তাৰ কৰি বাহিৰৰ আক্ৰমণক বাধা দিব পাৰিছিল। কিন্ত সময়ে অকৌ ইয়াৰ প্ৰতিশোধ লৈছিল। এই নতুন পৰাক্ৰমী লোকসকল দিন যোৱাৰ লগে লগে এলেহুৱা হৈ আকৌ কোনোবা নতুন বলী লোকৰ পদানত হৈছিল। বৃটিছ সকলে আহি ৰক্ষা নকৰা হ’লে আহোমসকলৰ দৰে এটা মহা শক্তিশালী জাতীয়ে ব্ৰহ্মপুত্ৰ উপত্যকাৰ নিদ্ৰাদেবীৰ কোলাত  পৰি নিদ্ৰা গৈ থাকোতে কিদৰে প্ৰথমে বৰ্মী, দ্বিতীয়তে চিংফৌ, খামতি আৰু পিচলৈ বোধকৰো দফলা, আৰব আৰু ভূতীয়াৰ আক্ৰমণৰ বলী হৈ প্ৰায় অবলুপ্তিৰ পথলৈ গৈছিল, সেইকথা আহোমসকলৰ ইতিহাসে প্ৰমাণ কৰি দেখুৱাইছে।

সুৰমা উপত্যকাতো এই একে ইতিহাসৰে পুণৰাবৃত্তি ঘটিছে। ইয়াত এসময়ত বড়ো সকলে অধিপত্য কৰিছিল। তেওঁলোকৰ সৈতে দক্ষিণৰ ‘তিপ্পেৰা’ আৰু উত্তৰৰ গাৰো আৰু কোচৰ সংমিশ্ৰণ ঘটিছিল। কিন্ত বৰ্তমানে সেই অঞ্চলত এই সংমিশ্ৰণৰ বিশেষ কোনো প্ৰভাৱ দেখা নাযায়। হিন্দু ধৰ্মৰ বিকাশ আৰু এই ধৰ্মই স্থানীয় সভ্যতাক নিজৰ প্ৰতি আকৃষ্ট কৰাৰ কলস্বৰুপে সুৰমা উপত্যকাত হিন্দুসকলৰ প্ৰভাৱ বাঢ়ে। ঐতিহাসিক পেমবাৰটনে ১৮৩৫ চনত জয়ন্তীয়া ৰাজবংশই কায়স্থ আৰু বৈদ্য বৰ্ণ বা কুলৰ ভিতৰত প্ৰবেশ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰিছে। যদি ৰাজবংশ এটাক কায়স্থ আৰু বৈদ্যসকলে গ্ৰহণ কৰিছিল, তেন্তে অন্যান্য সাধাৰণ লোকসকল নিশ্চয় তেওঁলোকতকৈ লিকৃষ্ট কোনো জাতি বা বৰ্ণৰ মাজত সোমাই পৰিছিল।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোচসকলৰ আদিতে এখেল (Tribe) আছিল আৰু পিছলৈ হিন্দুধৰ্ম্মত শৰণলৈ তেওঁলোকে নিজকে কোচ বৰ্ণৰ (cast) লোক বুলি চিনাকি দিছিল। সেইদৰে সুৰমা উপত্যকাত আদিতে বাস কৰা বিভিন্ন খেল বা জনজাতীয়লোকে হিন্দু ধৰ্ম গ্ৰহণ কৰি নিজকে হিন্দু জাতিৰ লোক বুলি কৈছিল।

অসমৰ পাহাৰীয়া অঞ্চলসমূহত জনবসতিৰ এনে পৰিৱৰ্তন একো নতুন কথা নাছিল।এই শতিকাৰ প্ৰথম ভাগত কুকিসকলক লুচাইসকলে উত্তৰলৈ খেদি দিছিল। জয়ন্তীয়া পাহাৰত থকা মিকিৰসকলকো তেনেদৰে তাৰ পৰা বিতাড়িত কৰা হৈছিল। নগাপাহাৰত বাস কৰা বেলেগ বেলেগ খেলৰ মজতো উমি উমি এনে ভেদভাৱৰ জুই জ্বলি থকাৰ দৃষ্টান্ত আছিল। দক্ষিণ কছাৰীসকলক অকৌ আহোমসকলে খেদি নি উত্তৰ কাছাৰ পৰ্ব্বতত তুলিছিলগৈ।

আক্ৰমণৰ বাহিৰেও বহিশত্ৰুসকলে সংহতি বিনষ্টৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা লৈছিল। অসমত বসবাস কৰা মঙ্গোলীয়সকলৰ মাজত সংহতিৰ দৃঢ়ভাৱ প্ৰায় নাছিল বুলিলেই হয়। কেতবোৰ সৰু সৰু ভগত বিভক্ত হৈ স্বাধীন ভাৱে একোজন দলপতিৰ তলত থাকিবলৈ তেওঁলোকে ভাল পাইছিল। বৃটিছ সকলে গাৰো, খাচী, নগা আদি লোকসকলক নিজৰ অধীনলৈ নিয়াৰ সময়ত তেনে এটা অৱস্থাৰ কথা লক্ষ্য কৰিছিল। বহু সময়ত তেওঁলোকৰ ৰাজ্যবোৰ গণতন্ত্ৰৰ লগতে তুলনা কৰিব পাৰি। সময়ে সময়ে একোজন স্থানীয় প্ৰভাৱশালী আৰু উৎসাহী দলপতি বা মৰ সাহসী ক্ষত্ৰিয়ই এনে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবোৰ আক্ৰমণ কৰি নিজকে সমগ্ৰ অঞ্চলৰ অধিপতি হিচাবে প্ৰতিষ্ঠা লাভ কৰিছিল। যেতিয়ালৈকে এই কেন্দ্ৰীয় শাসন নতুন আৰু কঠোৰ হৈ থাকে তেতিয়ালৈকে একোজন জনজাতীয় দলপতিও সৈমান হৈ থাকে; কিন্ত গতানুগতিকভাৱে কেই যুগ মানৰ পিছত যেতিয়া কেন্দ্ৰীয় শাসন ঢিলা হৈ পৰে এই খেল বা জনজাতিসমূহে আকৌ আগৰ ক্ষমতা উদ্ধাৰ কৰে।  কালক্ৰমত এইলোকসকল নিজেই দুৰ্ব্বল হয় আৰু নতুন শক্তিশালী কোনোবা খেলৰ দলপতিয়ে আকৌ তেওঁলোকক পৰাস্ত আৰু পদানত কৰেহি।

প্ৰাচীন অসমত হিন্দু ধৰ্মৰ ধীৰ অগ্ৰগতিৰ বাবে ভালেমান কাৰণ দায়ী আছিল। এই ৰাজ্যৰ ৰাজ পৰিয়ালসমূহ বৰ বেছিদিন তিষ্ঠি নাথাকিছিল আৰু সেয়ে তেওঁলোকক হিন্দু ধৰ্মত দীক্ষিত কৰাৰ কামো মন্থৰ গতিত চলিছিল। হিন্দু পুৰোহিত আৰু যোদ্ধাসকল কিন্ত নিঃসন্দেহে বহু অতীজৰ পৰাই অসমলৈ আহিছিল। ফৰলঙৰ মতে ১০৫ খৃঃত উজনী ব্ৰহ্মদেশত ৰাজত্ব কৰা ভাৰতীয় নৃপতি মমুদে সেইদেশৰ পৰা অসম প্ৰবেশ কৰিছিল। ২৮০ খৃঃত হিন্দুসকলে তেহাম্পা বা চান্‌ সকলৰ মেকংনৈৰ মোহনা আক্ৰমণত নেতৃত্ব দিছিল। ৬৪০খৃঃত অসমত এজন হিন্দু ৰজাই ৰাজত্ব কৰিছিল। এওঁ নিজক ক্ষত্ৰিয় বুলি চিনাকি দিছিল। তথাপি ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক বিৰাট সংখ্যক লোকে এতিয়াও হিন্দু ধৰ্ম্ম গ্ৰহণ কৰা নাছিল। হিন্দু ধৰ্ম্মৰ অগ্ৰগতি আছিল মন্থৰ আৰু ইয়াৰ প্ৰভাৱো আছিল অগভীৰ। এই অঞ্চলৰ লোকসকলে তেতিয়াও কুকুৰা, গাহৰীকে ধৰি গোঢ়া হিন্দুসকলে অভক্ষ্য বুলিভবা খাদ্য গ্ৰহণ কৰিছিল। হিন্দুলোকৰ সংখ্যা তাকৰ আৰু তেওঁলোকৰ মাজত উদ্যমীলোকৰ অভাৱ ঘটিছিল বাবে এনে হৈছিল যেন লাগে। সাধাৰণ প্ৰজাক হিন্দু ধৰ্ম্মত দীক্ষিত কৰাতকৈ তেওঁলোকে ৰজা বা প্ৰধান বিষয়া সকলকহে এই ধৰ্মত আকোৱালি ল’বলৈ বাঞ্চা কৰিছিল। কোৱা বাহুল্য যে তেনে কৰিলে লাভৱান হোৱাৰ যথেষ্ট সভাৱনা আছিল বাবে ৰাজপৰিয়াল বা সভ্ৰান্ত বিষয়াসকলক শৰণ দি তেওঁলোকক হিন্দু ধৰ্মৰ উচ্চ বৰ্ণৰ লোক বুলি অভিহিত কৰাৰ দুষ্টান্ত বিৰল নাছিল। নতুন সভ্ৰান্ত হিন্দু শৰৰ্ণাথী সকলৰ পৰা পুৰোহিত সকলে ৰাজ পদ আৰু ভূমিদান লাভ কৰিছিল। সৰ্ব্ব সাধাৰণ জনজাতীয় ধৰ্ম আৰু বিশ্বাসৰ ক্ষেত্ৰত হিন্দু পুৰোহিতসকলে বিশেষ হেতা-ওপৰা নকৰিছিল। কিন্ত হিন্দু ধৰ্মৰ প্ৰচাৰ কৰিবলৈ গৈ অযথা জনজাতি সমূহৰ স্থানীয় পুৰোহিত সকলৰ সৈতে বিবাদ কৰি জঞ্জালৰ সন্মুখীন নোহোৱাটোৱেই শ্ৰেয় বুলি হিন্দু পুৰোহিত সকলে ভাবিছিল। সাধাৰণতে, হিন্দু ধৰ্ম গ্ৰহণ কৰা কোনো ৰাজবংশই দীঘলীয়া ৰাজত্ব কৰিলে সেই ৰাজ্যৰ ৰাইজেও লাহে লাহে এই ধৰ্ম গ্ৰহণ কৰি সভ্ৰান্ত লোকৰ শাৰীলৈ উঠিবলৈ যত্ন কৰা দেখা গৈছিল। আহোমসকলৰ ক্ষেত্ৰতো এয়ে ঘটিছিল। কিন্ত সাধাৰণতে, হিন্দু ধৰ্মৰ প্ৰসাৰণৰ আগতেই এনে হিন্দু ৰাজবংশসমূহৰ ৰাজত্ব লোপ পাইছিল। পতনোন্মুখী ৰাজ্য সমূহৰ জীৱীত সভ্ৰান্ত সকল হিন্দু ধৰ্মৰ কোনো এটা বৰ্ণত সোমাই পৰিল। উদাহৰণ স্বৰুপে, কলিতা সকল এঅনদৰে উদ্ভৱ হৈছিল যেন লাগে। ৰাজবংশসমূহৰ পতনৰ লগতে হিন্দু ধৰ্মৰ গুৰুত্বও হ্ৰাস পাইছিল। অৱশ্যে পৰৱৰ্তী কালত কোনো পুৰোহিতে নতুন ৰাজ পৰিয়ালক হিন্দু ধৰ্মত দিক্ষিত কৰিব পৰিলে এই ধৰ্মই আকৌ ঠন ধৰি উঠিছিল।

উৎস: অসম বুৰঞ্জী।

১২২৮

শেহতীয়া উন্নীতকৰণ: : 7/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate