অসমীয়া লোকক বৰ্ম্মীৰ হাতত এৰি দিয়াহেঁতেন তেওঁলোকৰ কি দুৰৱস্থা হ’লহেতেন কোৱা টান। বৰ্ম্মীসকলে বৃটিছকো তুচ্ছ জ্ঞান কৰিছিল। ইতিমধ্যে বৰ্ম্মিসকলে হেলাৰঙে অসম প্ৰৱেশ কৰিছিল। এই অঞ্চলত লগ পোৱা আহোম সৈন্য বিলাককো তেওঁলোকে দুৰ্ব্বল বুলি বিবেচনা কৰিছিল। যিসকল আহোম সৈন্যই কোম্পানীৰ চিপাহীৰ আৰ্হিত যুজ কৰিছিল তেওঁলোক সৈনিক হিচাবে অধিক অনুপযুক্তহে আছিল। সীমান্ত অঞ্চলবোৰো বৃটিছৰ দ্বাৰা সুৰক্ষিত নাছিল। বৰ্ম্মীসকলে বঙ্গদেশৰ উত্তৰ সীমান্ত, চিলহেট আৰু চিটগঙ্গৰ সীমামূৰীয়া অঞ্চলটো উপৰ্যুপৰি আক্ৰমণ কৰি উপদ্ৰৱ কৰিছিল। এই কথাত প্ৰতিবাদ জনাই কোনো ফল নোপোৱাত কোম্পানীৰ গভৰ্ণৰ জেনেৰেলে অৱশেষত বৰ্ম্মীৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণৰ সিধান্ত ল’লে।
প্ৰথমটো স্ংঘৰ্ষৰ পটভুমি আছিল সুৰমা উপত্যকা। ব্ৰহ্মপুত্ৰ উপত্যকাত থকা বৰ্ম্মী গভৰ্ণৰজনে কাছাৰ আক্ৰমণৰ যো-জা কৰাৰ বাতৰি পাই বৃটিছে তেওঁক জনালে যে সেই অঞ্চলটো বৃটিছৰ আশ্ৰিত। লগতে কাছাৰৰ সুৰক্ষাৰ বাবে চিলহেটৰ সীমাত ১৬০০ চিপাহী ৰখা হ’ল। কিন্তু বৃটিছৰ কথাত কৰ্ণপাত নকৰি তিনি দিশৰ পৰা বৰ্ম্মীসৈন্য কাছাৰ অভিমুখে আগবাঢ়িল। প্ৰায় ৪০০০ সৈন্যৰে গঠিত এটা দল নগাঁওৰ পৰা উত্তৰ কাছাৰ অভিমুখে আহিছিল। সেই একেটা অঞ্চললৈ আন বৰ্ম্মীদল আহিছিল জয়ন্তীয়া পাহাৰৰ মাজেদি। তৃতীয় দলটোৱে মণিপুৰেদি আহি উত্তৰ কাছাৰ প্ৰৱেশ কৰি গম্ভীৰ সিঙৰ স্থানীয় প্ৰজাক আক্ৰমণ কৰিছিলহি। বৃটিছে এই আক্ৰমণৰ প্ৰতিবাদ জনোৱাত বৰ্ম্মী সেনাপতিসকলে এই বুলি উত্তৰ দিছিল যে, তেওঁলোকক আভাৰ ৰজাই গোবিন্দচন্দ্ৰক কাছাৰৰ সিংহাসনত পুনৰ প্ৰতিস্থা কৰি তেওঁক যি তিনিজন মণিপুৰি সেনানায়কে গাদীচ্যুত কৰিছিল সেই আটাই কেউজনকে বন্দী কৰি নিবলৈ পঠিয়াইছে। এই উত্তৰ শুনি বৃটিছ সেনানায়কজনে ১৮২৪ খৃ: ৰ১৭ জানুৱাৰীত বৰ্ম্মিসকলক বাধা দিয়াৰ সিদ্ধান্ত ললে। নগাঁওৰ পৰা অহা বৰ্ম্মী দলটোৱে ইতিমধ্যে বিক্ৰমপুৰত কাঠৰ গড় মাৰি লৈছিল। সেইদিনা ৰাতি পুৱাৰ পৰা যুঁজ আৰম্ভ হ’ল। বৃটিছৰ আক্ৰমণত বৰ্ম্মীসকল গৈ দাতি কাষৰীয়া পাহাৰবোৰত সোমাই পৰিল। বৃটিছৰ সৈন্য কম হোৱাৰ বাবে সেনাধ্যক্ষ্ই বৰ্ম্মীসকলৰ পিচে পিচে খেদি নগ’ল।
ইয়াৰ পিছত বৃটিছ দলটো বদৰপুৰলৈ লৈ অহা হ’ল। বৃটিছ সকল পুনৰ গুচি অহাত বৰ্ম্মীসকলে প্ৰায় আঠ মাইল আতৰৰ যত্ৰপুৰলৈ আহি বৰাক নৈৰ ওপৰেদি এখন দলং সাজি ললে। তাৰ পিছত বৰাকৰ বৰ্ম্মীসকলে কাঠ্ৰ গড় মাৰিলে। সেই সময়ত বৰ্ম্মীৰ পক্ষে প্ৰয় ৬০০০ সৈন্য আছিল। তাৰে ২০০০ মান বৰ্ম্মী আৰু বাকীবিলাক অসমীয়া আৰু কছাৰী সৈন্য আছিল। ইয়াৰ উপৰিও দক্ষিণ-পূব কাছাৰৰ কিলকান্দিত আৰু প্ৰায় ২০০০ মান বৰ্ম্মী সৈন্য আছিল। ইপিনে বৰাকৰ উত্তৰপাৰত বৰ্ম্মীয়ে তেওঁলোকৰ কাঠৰ গড় ক্ৰমান্বয়ে বৃদ্ধি কৰি দক্ষিণ পাৰৰ বৃটিছৰ অগ্ৰ্ৱৰ্তী ফৌজৰ প্ৰায় এহেজাৰ গজ আতৰত ৰৈছিলহি। ইয়াৰ পিছত যুঁজ লগাত বৰ্ম্মীসকল পলাবলৈ বাধ্য হৈছিল। নগাঁও আৰু মণিপুৰৰ পৰা অহা দল দুটাই বিভিন্ন দিশলৈ পলায়ন কৰিছিল। নগাঁওৰ দলটোক জাটিঙ্গা নৈ পাৰৰ দাতিৰ ভেৰটিকা গিৰিপথৰ নামনিত আকৌ এবাৰ আক্ৰমণ কৰা হৈছিল। কাঠৰ গড়ৰ
তুলিছিলভিতৰৰ পৰা বৰ্ম্মীবিলাক পলাই গৈ পাহাৰত সোমাইহে ৰক্ষা পৰিছিল। তাৰপৰা তেওঁলোকে নগাঁওলৈ প্ৰত্যাৱৰ্তন কৰিছিল।
ইয়াৰ পিছত বৃটিছ বাহিনীটোৱে মণিপুৰৰপৰা অহা বৰ্ম্মী দলটোক ভেটা দিবলৈ গ’ল। এই বৰ্ম্মীদলটোৱে দুদপাতলি নামৰ ঠাইত নিজকে অতি সুৰক্ষিত কৰি তুলিছিল।বৃটিছসকলে প্ৰথমবাৰ আক্ৰমণত বিফল হৈ দুদপাতলিৰ পৰা যত্ৰপুৰলৈ পিছহুহুকি আহিছিল। সেই ঠাইতে অধিক সৈন্য কেতবোৰ আনি ৰ্বৰ্ম্মীক পুনৰ আক্ৰমণৰ বাবে সাজ-সজ্জা কৰি থাকোতেই গম পালে যে বৰ্ম্মীসকলে দুদপাতলি এৰি মণিপুৰলৈ গুচি গৈছে। দৰাচলতে দুদপাতলিত যদিও বৰ্ম্মীসকলে নিজকে ৰক্ষা কৰিছিল, তেওঁলোকৰ ভালেমান সৈন্য নিহত হৈছিল। সেয়ে বোধকৰো তেওঁলোকে সেই ঠাই এৰি আঁতৰি গৈছিল। কাছাৰত বয়-বস্তু যোগানৰ অসুবিধাৰ হেতু যত্ৰপুৰত ইমান ডাঙৰ বৃটিছ বাহিনী এটা ৰখাত কষ্ট পাই আৰু বিশেষকৈ বৰ্ম্মীসকলৰ প্ৰত্যাবৰ্তনৰ বাতৰি পাই বৃটিছে ৰ্ংপুৰত স্থানীয় সৈন্য দল এটা থৈ নিজে চিলেটৰ সৈন্য চাউনীলৈ উভটি আহিল।
ইয়াৰ পিছত ৫ মাৰ্চতহে চৰকাৰীভাৱে যুদ্ধ ঘোষণা কৰা হৈছিল। সেই মৰ্মে বৃটিছে গোৱালপাৰাত প্ৰায় ৩০০০ জন সৈন্য, ভালেমান বৰটোপ, যুদ্ধ নাওঁ আদিৰে প্ৰস্তুতি কৰিছিল। এই সৈন্য দলটোক ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰ্ম্মীসকলক আঁতৰাই পঠিওৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। সেই সময়ত গুৱাহাটী আৰু গোৱালপাৰাৰ মাজৰ পথচোৱা সুগম নাছিল। ডাঠ হাবি আৰু জলাশয়সমূহ অতিক্ৰম কৰি এই দলটো গোৱালপাৰাৰ পৰা গুৱাহাটী পাওঁতে পোন্ধৰ দিন লাগিছিল। ২৮ মাৰ্চত তেওঁলোক গুৱাহাটীত উপস্থিত হৈছিল।
বৰ্ম্মীসকলে গুৱাহাটীৰ ওপৰত শক্তিশালী কাঠৰ গড় সাজিছিল। কিন্তু এতিমধ্যে তেওঁলোকৰ ভালেমান সৈন্য পলাই গৈছিল। বহূবোৰ সৈন্যক নানা কাম-কাজৰ দায়িত্বত ব্ৰহ্মদেশলৈ পঠিওৱা হৈছিল। কিছুমানক ওপৰত উল্লেখ কৰা কাছাৰ অভিযানত লগোৱা হৈছিল। সেয়ে সাতে পাচে ভাবি বৰ্ম্মীসেনা নায়ক সকলে বৃটিছৰ সন্মুখীন নোহোৱাটোৱেই সমীচিন হ’ব বুলি বিবেচনা কৰিলে। সেই মৰ্ম্মে বৰ্ম্মীসকল উজনি অসমলৈ গৈ মৰামুখত বাহৰ পাতিলেগৈ। যাওঁতে বাটত দুৰ্ভগীয়া স্থানীয় লোক যাকে য’তে পালে মাৰি খাস্তাং কৰি থৈ গ’ল।বৃটিছ ফৌজে আহি গুৱাহাটীৰ কাঠৰ গড় আৰু অন্যান্য অঞ্চলত নৃশ্ংশ হত্যাৰ বলি এনে লোকৰ গেলি পচি যোৱা হাত ভৰিবোৰ চাৰিওফালে সিচৰিত হৈ থকা দেখিছিলহি।
এই সময়ছোৱাতে বৃটিছে অধিক কাৰ্যকৰী ব্যৱস্থা লোৱাহেতেন বৃটিছে তেতিয়াই গোটেই অসমখন বাৰিষাৰ আগতেই শত্ৰুৰ হাতৰ পৰা মুকলি কৰিব পাৰিলেহেঁতেন। কিন্তু কেতবোৰ কাৰণবশত: বৃটিছে গুৱাহাটীত দীঘলীয়া দিন ধৰি অৱস্থান কৰিলে। উজনিলৈ আগবাঢ়ি যোৱাৰ আগেয়ে বাট-পথৰ অৱস্থা, সৰবৰাহ ব্যৱস্থা আৰু স্থানীয় লোকৰ বৃটিছৰ প্ৰতি মনোভাৱ আদি তথ্যসমূহ স্ংগ্ৰহ কৰোতে ভালেমান সময় গ’ল। পূৱ সিমান্তত বৃটিছ গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট ডেভিদ স্কট নামৰ অসামৰিক বিষয়াজনেহে মাত্ৰ সেই সময়ছোৱাত পূৰ্ব উল্লেখিত কাছাৰ ফৌজৰ অভিযানত যোগত দিছিল। ২৩ নম্বৰ নেটিভ ইন্দ্ৰকেনি বাহিনীৰ তিনিটা কোম্পানীৰ নেতৃত্ব লৈ জয়ন্তীয়া পাহাৰ অতিক্ৰ্ম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৈন্যদলৰ সৈতে যোগ দিবলৈ ডেভিদ স্কটে এইবাৰ নগাওঁত প্ৰৱেশ কৰিছিল।ইয়াতে লগত অহা সৈন্যদলক নগাঁও চহৰখন ৰক্ষাৰ দায়িত্ব দি তেওঁ নিজে গুৱাহাটিলৈ আহিছিল।
বৃটিছে আক্ৰমণ নকৰা দেখি বৰ্ম্মীসকলে এপ্ৰিল মাহৰ শেষৰফালে আকৌ আগুৱাই আহি কলিয়াবৰ পাইছিলহি। তেওঁলোকক বিতাড়িত কৰিবলৈ গুৱাহাটিৰপৰা এটা ফৌজ পঠিওৱা হৈছিল। বৰ্ম্মীসকলে হাটবৰত কাঠৰ গড় অমাৰিছিল। কিন্তু বৃটিছৰ আক্ৰমণলৈ ৰৈ নাথাকি তেওঁলোক পিছ হুহুকি ৰঙালীগড় পালেগৈ। তাৰপৰা হাটবৰৰ গড়ত পুনৰ প্ৰৱেশৰ চেষ্টা কৰোতে বৃটিছৰ আক্ৰমণত থকা সৰকা হৈ আকৌ পলাল। বৰ্ম্মীসকলে দ্বিতীয়বাৰৰ বাবে আকৌ হাটবৰ উদ্ধাৰৰ চেষ্টা চলোৱাত বৃটিছ সৈন্যি তেওঁলোকৰ প্ৰভূত ক্ষতি কৰিছিল। ভালেমান বৰ্ম্মীসন্য ৰণত পৰাত তেওঁলোকে ৰঙালীগড় এৰি আকৌ মৰামুখলৈ গুচি গৈছিল।
বৃটিছ সেনানায়ক কৰ্ণেল ৰিচাৰ্ডছে কলিয়াবৰত তেওঁৰ সদৰ কাৰ্যালয় পাতিছিল। কিন্তু বাৰিষা আৰম্ভ হোৱাৰ লগে লগে সৰবৰাহ ব্যৱস্থা কঠিন হ’লত তেওঁব গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ বাধ্য হ’ল। সুযোগ বুজি বৰ্ম্মীসন্য বিলাক আকৌ আহিল। অকল কলিয়াবৰেই নহয় তেওঁলোকে নগাঁও আৰু ৰহাও দখল কৰিলে। বহুতক ধৰি জীয়াই জীয়াই বখলিয়ালে, বহুতক তপত তেলত জুবুৰিয়াই মাৰিলে আৰু অন্যান্য দুৰ্ভগীয়া দলে দলে খেদি গাঁওৰ নামঘৰসমূহত সুমুৱাই দি জুই লগাই দিলে।
ত্ৰাস আৰু আতঙ্কত হাজাৰ হাজাৰ লোক পলাই দক্ষিণৰ পাহাৰ আৰু হাবিত লুকালগৈ। খাদ্যাভাব আৰু নানাধৰণৰ ৰোগত আক্ৰান্ত হৈ এই লোকসকলৰ সৰহখিনিৰে মৃত্যু হ’ল। এওঁলোকৰে তাকৰ স্ংখ্যাৰ দল এটাই অবৰ্ণনীয় নিকাৰ ভুঞ্জি ভালেমান দিনৰ মূৰত কোনো মতে প্ৰাণ লৈ সুৰমা উপত্যকা ওলাইছিলগৈ। জয়ন্তীয়া কিছুমান গাওঁত এই লোকসকলৰ বংশোদ্ভৱ লোক আজিও দেখা যায়। তেওঁলোকে আজিও সুৱলা অসমীয়া ভাষা কয়। মানৰ অভাবনীয় অত্যাচাৰৰ সময়ৰ পৰা ডবকা আৰু কপিলীৰ উপত্যকা অঞ্চলত জনবসতি তাকৰ হৈ পৰে। বঙ্গদেশৰ লোকে বৃটিছ অহাৰ আগেয়ে সেই ৰাজ্যত হোৱা মানৰ বৰ্ব্বৰ অত্যাচাৰৰ লোমহৰ্ষক বৰ্ণনা দিয়াৰ দৰে অসমৰ নগাওঁ অঞ্চলৰ লোকেও আজিকোপতি মানৰ অকথ্য অত্যচাৰৰ বৰ্ণনা দিয়ে।
বাৰিষাকালৰ অন্তত বৃটিছে পুঅনৰ অভিযানৰ বাবে প্ৰস্তুতি চলালে। যানবাহনৰ একমাত্ৰ সুবিধাজনক উপায় আছিল নৌ-পথ। কিন্তু উজনিমুৱা যাত্ৰাত্ম প্ৰচণ্ড ঢৌৰ বিপৰীতে নাওঁ বাবলগীয়া হোৱাত এই যাত্ৰা কষ্টসাধ্য হোৱাৰ উপৰিও সময়ো যথেষ্ট লাগিছিল। অক্টোবৰ মাহৰ শেষৰফালে দুটা সৈন্য দল এইদৰে উজনিলৈ আগবাঢ়িছিল। এটা দল কলঙেদি আৰু আনটো দল গৈছিল ব্ৰহ্মপুত্ৰয়েদি। লেফটেনাণ্ট নিউফবিল্লেৰ সুযোগ্য নেতৃত্বত আগবঢ়া কলঙৰ দলটোৱে পথত ৰহাকে ধৰি ভালেমান ঠাইত বৰ্ম্মী শিবীৰ আক্ৰমণ কৰি তচনচ কৰিছিল আৰু অলপৰ কাৰণেহে বৰ্ম্মী গভৰ্ণৰ জন তেওঁৰ হাতত নপৰাকৈ পলাবলৈ সক্ষম হৈছিল।
কলিয়াবৰ দখল কৰি বৃটিছে বাকী সৈন্যদলকো গুৱাহাটীৰ পৰা তালৈ নিলে। জানুৱাৰীৰ প্ৰথম ভাগতে তেওঁলোকে নৰামুখ দখল কৰিলে। ইয়াতে বাহৰ পাতি সৈন্যদল কেতবোৰক ওচৰে পাজৰে থকা বৰ্ম্মীসকলৰ কাঠৰ গড়বিলাক মুক্ত কৰিবলৈ ভাৰ দিয়াত তেওঁলোকে সফলতাৰে সেই দায়িত্ব পালন কৰিছিল। ফলত বৰ্ম্মীসকলে আতৰি গৈ যোৰহাটত আছিল। শান ফুকন নামৰ এজন প্ৰতিদ্বন্দী বৰ্ম্মী দলপতিয়ে বৰ্ম্মী গভৰ্ণৰ বুঢ়া ৰজাক হত্যা কৰিছিল। ইফালে বৃটিছ সৈন্যদল যোৰহাট অভিমুখে আগবাঢ়ি অহাত বৰ্ম্মীসকলে যোৰহাট ৰক্ষাৰ ব্ৰিথা চেষ্টা নকৰি নিজৰ কাঠৰ গড়ত জুই লগাই দি ৰ্ংপুৰলৈ পলাই গৈছিল।
নেৰানেপেৰা বৰষুণত বৃটিছ দলটোৱে ভালদৰে আগবাঢ়িবই পৰা নাছিল। তথাপি ১৭ জানুৱাৰীত তেওঁলোক যোৰহাট পাইছিলগৈ। তাৰ আঠ দিনৰ মূৰত তেওঁলোকে গৌৰীসাগৰত ভৰি দিছিল। অস্ত্ৰ-শস্ত্ৰ, খাৰ বাৰুদকে আদি কৰি যাৱতীয় বয়-বস্তু কঢ়িয়াই নিয়া ডাঙৰ ডাঙৰ কাঠৰ ভেলবোৰ এতিয়া ঠেক দিখৌ নৈয়েদি আগবাঢ়িব নোৱাৰা হোৱাত দিখৌমুখত ৰ’বলগীয়াত পৰিছিল। এই ঠাইৰ পৰা বৃটিছে স্থল পথেদি এইবোৰ কঢ়িয়াই নিছিল।
২৭ জানুৱাৰীৰ দোকমোকালিতেই নামদাং সাকো পহৰা দি থকা বৃটিছৰ অগ্ৰৱৰ্তী ফৌজ এটাক বৰ্ম্মীয়ে আক্ৰমণ কৰিছিল। বৃটিছে বুধি কৰি পলোৱাৰ ভাও জুৰি সাকোৰ পৰা আঁতৰি আহিলত বৰ্ম্মীসকলে পিচে পিচে খেদি পাকত পৰিল। দলঙৰ ইটো মুৰে ৰৈ থকা বৃটিছে এই আক্ৰমণ কাৰী দলটোৰ সৰহ সংখ্যককে নিধন কৰিলে। অলপ স্ংখ্যকহে প্ৰাণ লৈ পলাল।
ইয়াৰ পিছত আৱশ্যকীয় বন্দুক আদি স্ংগ্ৰহ কৰি ২৯ জানুৱাৰীৰ পুৱতী নিশা কৰ্ণেল ৰিছাৰ্ডচন ৰ্ংপুৰলৈ আগবাঢ়িল। ৰ্ংপুৰলৈ যোৱাৰ পথত শত্ৰুয়ে নানা ধৰণৰ প্ৰতিৰক্ষাৰ ব্যৱস্থা লৈছিল। পথৰ আনটোফালে এটা কাঠৰ গড় সাজিছিল। এই গড়ৰ বাওঁহাতে এটা পুখুৰী আছিল। এই পুখুৰীৰ সন্মুখ আৰু সোঁফালৰ ঠাইখিনিলৈ ওচৰৰ দুৰ্গৰ পৰা হিলৈ মৰাৰ ব্যৱস্থা আছিল। এইস্থানত ভালেমান হিলৈৰ সৈতে পৰাক্ৰমী সৈন্যদল এটা সষ্টম আছিল।
এই প্ৰতিৰক্ষাৰ বেহূৰ ওচৰৰ চপা বৃটিছ সৈন্যৰ ওপৰত শত্ৰুৱে মুষুলধাৰে হিলৈ মাৰিছিল। ফলত অগ্ৰৱৰ্তী বৃটিছ সৈন্যদলৰ প্ৰায় আধালোক হতাহত হৈছিল। ইয়াৰ ফলত বৃটিছ দলৰ অগ্ৰসৰত উল্লেখযোগ্য বাধা আহি পৰিছিল যদিও তেওঁলোকেও গুলিৰে প্ৰত্যুত্তৰ দি আগবাঢ়িবলৈ এৰা নাছিল। আনহাতেদি ৫৭ ৰেজিমেণ্টৰ কেপ্টেইন মাৰ্টিনে নিজৰ দলৰ উপৰিও ৪৬ ৰেজিমেন্টৰ সৈন্যদলৰ সৈতে লগ হৈ শত্ৰুঅৰ কাঠৰ গড়ৰ ভিতৰ সোমাইছিল। শত্ৰু বৰ্ম্মী সৈন্য পলাই গৈছিল। ইয়াৰ পিছত ওপৰোল্লেখিত পুখুৰীটোও বৃটিছৰ হাতত পৰিছিল। দুৰ্গৰ সোঁ আৰু বাওঁফালে থকা মন্দিৰ দুটা দখল কৰি দুৰ্গৰ দক্ষিণ অঞ্চলটোত বৃটিছ সৈন্য দলে সোমাবলৈ ধৰাত বৰ্ম্মীৰ মাজত ভীষণ ত্ৰাসৰ সৃষ্টি হৈছিল। বৃটিছে আটাইবোৰ শত্ৰুৰ বাহৰ দখল কৰিছিল। এই অভিযানত কৰ্ণেল ৰিচাৰ্ডছ সামান্যভাৱে আৰু লেফটেনাণ্ট ব্ৰুক অতি গুৰুতৰভাৱে আহত হৈছিল। কিন্তু যুদ্ধত নিহততকৈ আহতৰ স্ংখ্যাহে সৰহ আছিল।
এই অভিযানৰ ফলত বৰ্ম্মীসকলৰ যে কেৱল বহুলোক হতাহত হৈছিল এনে নহয়, তেওঁলোকৰ নিজৰ মাজতে কেতবোৰ মতনৈক্যৰ সৃষ্টি হৈছিল। তেওঁলোকৰ সেনানায়কদ্বয় শাম বা শান ফুকন আৰু বগলী ফুকনে বৃটিছৰ সৈতে সন্ধি কৰিবলৈ বিচাৰিছিল। কিন্তু তেওঁলোকৰ তলতীয়া কেইজনমান নায়কে তাকে কৰিলে তেওঁলোকক হত্যা কৰাৰ ভাবুকি দিছিল। তথাপি তেওঁলোকে বৃটিছৰ ওচৰলৈ এজন দূত পঠিয়াইছিল। দূতজনৰ নাম আছিল ধৰ্মধৰ ব্ৰ্হ্মচাৰী। সিংহলত জন্মগ্ৰহণ কৰা এই বৌদ্ধ সৈন্যাসীজন ব্ৰ্হ্মদেশৰ আভাত বসবাস কৰিছিল। তেওঁ অনা সন্ধিৰ প্ৰস্তাৱমতে, যিসকল বৰ্ম্মীয়ে অসমৰ পৰা ব্ৰহ্মদেশলৈ উভটি যাবলৈ বিচাৰে তেওঁলোকক কোনো ধৰণৰ অত্যচাৰ নকৰাকৈ যাবলৈ দিব লাগিব। যিসকলে যাবলৈ নিবিচাৰে তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ সা-সম্পত্তিকে ধৰি কোনো ধৰণৰ হানি-বিঘিনি কৰা নহ’ব। এই সন্ধিৰ বাবে গভৰ্ণৰ জেনেৰেলৰ এজেণ্টৰ সন্মতিৰ প্ৰয়োজন হ’ব। যদি আভাৰ ৰজাৰ সৈতেও বৃটিছে সন্ধি কৰিবলৈ বিচাৰে তেন্তে এই লোকসকলক আভাৰ ৰজাক গটাই দিব নোৱাৰিব।
এই শান্তি প্ৰস্তাৱ মানি লোৱাটোৱেই ভাল হ’ব বুলি কৰ্ণেল ৰিচাৰ্ডছে বিবেচনা কৰিলে। দুৰ্গ দখলৰ সময়ত বৰ্ম্মীসকলৰ বিৰাট বাহিনীটোক পলায়নৰ পৰা বাধা দি ৰখাটোহে এটা সমস্যা আছিল। পিচে পিচে খেদি যোৱাটোও কষ্টসাধ্য আছিল। আকৌ ৰ্ংপুৰৰ পৰা বৰ্ম্মীবিলাক সোনকালে আতঁৰি নগ’লে তেওঁলোকৰ পিছত লাগি থাকোতে বৃটিছৰ নিজৰ সৰবৰাহ ব্যৱস্থাৰ ক্ষতি হোৱাৰহে সম্ভাৱনা বেছি। তাকে নকৰি সন্ধিৰ চৰ্তসমূহ মানি ল’লে সময়ো বাচিব আৰু লগতে বিনাৰক্তপাতে ৰ্ংপুৰ আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চলসমূহ বৰ্ম্মীৰ পৰা ৰক্ষা পৰিব। বৰ্ম্মীসকলৰ এই অভিযানত এনে ধৰণে কঁকাল ভাগিছিল যে তেওঁলোকে যে আকৌ স্ংঘবদ্ধ হৈ প্ৰত্যাক্ৰমণ কৰিব তেনে শঙ্কাও নাছিল। সেয়ে বৃটিছে এই সন্ধিত সন্মতি জনালে। শান ফুকন আৰু প্ৰায় ৭০০ মান বৰ্ম্মীসৈন্যই আত্মসমৰ্পণ কৰিলে। বাকী পুৰুষ, তিৰোতা, ল’ৰা ছোৱালী আৰু ২০০০ সৈন্যকে ধৰি প্ৰায় ৯০০০ লোক ব্ৰহ্মদেশ অভিমুখে যাত্ৰা কৰিলে। কিন্তু বাটতে এওঁলোকৰ বহুতে মত সলনি কৰি অসমতে থাকিবলৈ সিধান্ত ল’লে।
ৰ্ংপুৰ দখল আৰু বৰ্ম্মীসকলৰ পৰা অসম ৰক্ষা হোৱাত ব্ৰিটিছৰ অভিযান মূলত: শেষ হ’লেও নানাবিধ নতুন বেমেজালিয়ে দেখা দিয়াত তেওঁলোক তেতিয়াও দায়িত্বমুক্ত হ’ব পৰা নাছিল। ছিংফৌসকলক দমন কৰাৰ প্ৰয়োজনিয়তা ঘটিছিল। বৰ্ম্মীসকলৰ দখলত থকা সময়ৰ পৰাই ছিংফৌয়ে সহায়হীন অসমীয়া লোকৰ ওপৰত নেৰানেপাৰাকৈ আক্ৰমণ চলাই হাজাৰ হাজাৰ লোকক ধৰি নি দাস কৰিছিল। ফলত পূব দিশৰ ভালেমান ঠাই প্ৰায় জনশূন্য হৈ পৰিছিল। প্ৰায় ৭৫০০ জনমান ছিংফৌয়ে শদিয়া খোৱা গোঁহাইক আক্ৰমণ কৰি তেওঁৰ নিজৰ কাঠৰ গড়ৰ ভিতৰতে অন্তৰীণ কৰি থৈছিল। তেওঁলোকে বৰসেনাপতিকো আক্ৰমণ কৰিছিলগৈ। ফলত ছিংফৌসকলে আক্ৰমণ বন্ধ কৰি বৃটিছৰ সৈতে সন্ধি কৰিবলৈ বাধত হৈছিল। এই সময়তে অৰ্থাত ১৮২৫ খৃ:অৰ জুন মাহত প্ৰায় ৬০০ বৰ্ম্মী সৈন্য আকৌ পাটকাই পাহাৰত উদয় হোৱাত ছিংফৌসকলে তেওঁলোকক স্বাগতম জনাইছিল। এই বাতৰি পায়েই কেপ্টেইন নিউফৱিল্লেই ৫৭ নেটিভ ইনফেণ্টৰীৰ দল এটা লৈ নোৱাদিহিঙ কেইবাবাৰো আক্ৰমণৰ অন্তত বৰ্ম্মী আৰু ছিংফৌৰ সন্মিলিত দলটো ছেদেলি-ভেদেলি কৰিবলৈ সক্ষম হৈছিল।বিছাৰ চাৰিওকাষৰ ছিংফৌ গাওঁবিলাকৰ পৰা এই দলটোৰ সমৰ্থকসকলক তেওঁ খেদি দিছিল। ইয়াৰ ফলত ছিংফৌ বিলাকে সন্ধি কৰিছিল আৰু বৰ্ম্মীসৈন্যই শেষবাৰলৈ অসম এৰিছিল। এই অভিযানত কেপ্তেইন নিউফৱিল্লেই ছিংফৌৰ হাতৰ পৰা প্ৰায় ৬০০ মান অসমীয়া লোকক মুক্ত কৰিছিল বুলি জনা যায়।
বৰ্ম্মীসকলক ইমান সহজে অসমৰ পৰা বিতাৰণ কৰি বৃটিছ বিষয়াসকল বিশেষ আচৰিত হোৱা নাছিল। বৰ্ং বৰ্ম্মীসকলৰ সৈতে অভিআন আৰম্ভ নৌহওতেই ডেভিদ স্কটে গভৰ্ণৰলৈ এই বুলি লিখিছিল যে, এইসকলক অসমৰ পৰা বিতাড়িত কৰাটো বৰ কঠিন কাম নহ’ব। কিন্তু এই অঞ্চলটো অস্বাস্থ্যকৰ হোৱাৰ বাবে ইয়াক আমি চিৰস্থায়ীভাৱে অখল কৰাৰ প্ৰশ্নটোতহে কেতবোৰ সমস্যাৰ উদ্ভৱ হ’ব।
ইতিমধ্যে কাছাৰত নতুন সমস্যাৰ উদ্ভৱ হৈছিল। কাছাৰৰ পৰা বৃটিছৰ প্ৰধান বাহিনীটো গুচি অহাত বৰ্ম্মীবিলাকে তালাইন, দুদপাতিল আৰু যত্ৰপুৰৰ কাঠৰ গড়কেইটা দখলৰ বাবে চেষ্টা চলাইছিল। কৰ্ণেল ইন্সে ১২০০ সৈন্য লৈ যত্ৰপুৰ নিজ অধীনলৈ আনিছিল যদিও কিন্তু তালাইন উদ্ধাৰ কৰিব পৰা নাছিল। বাৰিষাকাল নোহোৱালৈকে তেওঁ তালাইন উদ্ধাৰৰ আশাও দেখা নাছিল। সেয়ে আক্ৰমণৰ সলনি প্ৰতিৰক্ষাৰ ক্ষেত্ৰতহে ইন্সে গুৰুত্ব দিলে।
তাৰ পিছত ব্ৰিটিছে আছাৰ আৰু মণিপুৰ বৰ্ম্মীৰ পৰা মুক্ত কৰিবলৈ প্ৰায় ৭০০ মান লোক গোটালে। যদি সম্ভৱ হয় এইফালৰ পৰাই আভাৰ ৰজাকো এটা হুমকি দিয়াৰ কথা বৃটিছে ভাবিছিল। কিন্তু অই সময়তে নানা ধৰণৰ ৰোগত আক্ৰান্ত হৈ বৰ্ম্মীসকলে নিজেই তালাইনৰ পৰা গুচি গৈছিল। ফলত দুদপাতিললৈ যোৱা পথটো মুকলি হৈ পৰিছিল। দুদপাতলি বৃটিছে হেলাৰঙে দখল কৰিছিল।তাৰপৰা তেওঁলোকে মণিপুৰলৈ যাবলৈ বৃথা চেষ্টা কৰিছিল। পাহাৰ অঞ্চল, বোকামাটি আৰু অভতপূৰ্ব বৰষুণে এই অভিযানত হেঙাৰ দিছিল। হাতী, গৰু ম’হ আদি যানবাহনত ব্যৱহৃত পশুবোৰৰ প্ৰভূত ক্ষতি হৈছিল।
মণিপুৰৰ পৰা বৰ্মীক বিতাড়ন কৰা কামটো সম্পূৰ্ণ কৰিছিল গম্ভীৰ সিঙে। গম্ভীৰ সিঙে প্ৰায় ৫০০ মান মণিপুৰি আৰু কছাৰী লোক গোটাইছিল। এই লোকসকল বৰ বেছি সুসংগঠিতও নাছিল। তথাপি গম্ভীৰ সিঙৰ অনুৰোধ ক্ৰমে বৃটিছে তেওঁক অস্ত্ৰ-শস্ত্ৰ দি মণিপুৰলৈ যাবলৈ অনুমতি দিছিল। লেফটেনাণ্ট গেমবৰ্টনে স্বইচ্ছাই এই অভিযানত যোগ দিবলৈ বিচৰাত তেওঁকো যাবলৈ দিয়া হৈছিল। গেমবৰ্টনে পিছলৈ এই সিমান্ত অঞ্চলত যথেষ্ট খ্যাতি আৰ্জিছিল। এওঁলোক অহাৰ লগে লগে বৰ্ম্মীসকলে ইম্ফল আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা লৰালৰিকৈ আঁতৰি প্ৰায় ১০ মাইল আতৰৰ উন্দ্ৰা নামৰ ঠাইত আশ্ৰয় লৈছিল। কিন্তু ইয়াতো তেওঁলোক তিস্থিব নোৱাৰিলে। গম্ভীৰ সিঙৰ দলটো আগবাঢ়ি অহা শুনি তাৰ পৰাও তেওঁলোক পলাল আৰু এইদৰে যাওঁতে মণিপুৰৰ পৰাই আঁতৰিল।
এফালে নেৰানেপেৰা বৰষুণ আৰু আনফালে সৰবৰাহৰ অভাৱে এই দলটোৰ সন্মুখতস্সমস্যাৰ উদ্ভৱ কৰিছিল। সেয়ে, মণিপুৰত থকাটো সম্ভৱ নহ’ল অৰু এটা সৰু দল মণিপুৰত থৈ সৰহ স্ংখ্যক লোকৰ সৈতে গম্ভীৰ সিঙ চিলেটলৈ উভটি আহিল। আহোতে স্থানীয় কেতবোৰ লোকক বৰ্ম্মীসকলৰ সম্ভাৱ্য আক্ৰমণ ৰোধ কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ দি আহিছিল।
৪ ডিচেম্বৰত তেওঁ আকৌ যাত্ৰা কৰি ১৫ দিনৰ মুৰত মণিপুৰৰ ৰাজধানী পাইছিল। ৰাজধানীত কোনো বৰ্ম্মী নাথাকিলেও, তেওঁলোকৰ কিছু স্ংখ্যক তেতিয়াও মণিপুৰৰ দক্ষিণ পূব কোনৰ তাম্বু নামৰ এটা কাঠৰ গড়ৰ ভিত্ৰত অছিলগৈ। গম্ভীৰ সিঙৰ হাতত তেতিয়া বন্দুক নাছিল। পোনপটিয়াকৈ এই বৰ্মীসকলক আক্ৰমণ কৰিলে অবাবতে ভালেমান লোক হতাহত হ’ব বুলিও তেওঁ শঙ্কা কৰিছিল। সাতে পাচে ভাবি-গুণি তেওঁ বৰ্ম্মীসকল থকা অঞ্চলটোলৈ পানী যোৱাত ভেটা দিলে। বৰ্ম্মীসকলে পানী পাবলৈ দুই এবাৰ চেষ্টা কৰি সফল নহ’লত সেই ঠাই এৰি গুচি গ’ল। ইয়াৰ পিছত নিংঠি নৈৰ পাৰৰ আন এটা কাঠৰ গড় বৰ্ম্মীৰ হাতৰ পৰা উদ্ধাৰ কৰাত মণিপুৰত বৰ্ম্মীসৈন্য নাইকিয়া হ’ল। এই ঠাইকে ধৰি বিভিন্ন ঠাইত বৰ্ম্মীয়ে ধৰি নি দাস কৰি ৰখা বহুবোৰ মণিপুৰীক মুক্তি দিয়া হ’ল।
ইতিমধ্যে বৃটিছৰ ব্ৰহ্ম অভিযান সফল হৈছিল। অনিচ্ছাসত্বেও আভাৰ ৰজাই সন্ধিৰ প্ৰস্তাবসমূহ মানিবলৈ বাধ্য হৈছিল। ১৮২৬ খৃ:ৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবুৰ সন্ধিমতে আভাৰ ৰজাই বৰ্তমানৰ অসমৰ অন্তৰ্গত ঠাইসমূহত কোনো ধৰণৰ হস্তক্ষেপ নকৰে বুলি প্ৰতিশ্ৰুতি দিলে। আন এটা চৰ্তমতে তেওঁ গম্ভীৰ সিঙক মণিপুৰৰ ৰজা হিচাবে স্বীকৃতি দিবলৈকো বাধ্য হ’ল।
অসম বুৰঞ্জী
শেহতীয়া উন্নীতকৰণ: : 4/26/2020
অ-সম অসম
অসম নামৰ ব্যুৎপত্তি
অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ
অমৰাৰো আছে ভাল গুণ