বাইহাটা চাৰিআলিৰ পৰা প্ৰায় ১২ কিলোমিটাৰ উত্তৰ-পশ্চিমে পূব কছাৰী মহল মৌজাৰ অন্তৰ্গত কলমণি গাঁওতেই ‘কূৰ্ম মাধৱ দেৱালয়’ অৱস্থিত। এই কুলমণি নামতো অবাৰ্চীন। কুলেই ইয়াৰ প্ৰাচীন নাম। কুলেশ্বৰ(কুল+ঈশ্বৰ) শব্দৰ তদ্ভৱ ৰুপ কুলেই। কলমণি গাওঁৰ পাশ্বৱৰ্তী ‘কৰৈবাৰী’। কৰৈবাৰীৰ প্ৰাচীন নাম ‘নদ্দৈভূঁই’। নৈৱেদ্যভূমি শব্দৰ অপভ্ৰ্ংশ নদ্দৈভূঁই। উল্লেখযোগ্য যে প্ৰাচীন কালত প্ৰত্যেক হিন্দু ৰাজবংশৰ একোজনা কুল দেৱতা নইবা কুল দেৱী আছিল। ইয়াৰ পৰা এইটো ক’ব পাৰি যে কূৰ্ম মাধৱ কোনোবা ৰাজবংশৰ আৰাধ্য কুল দেৱতা আছিল আৰু সেই বংশৰে কোনো ৰজাই মন্দিৰ প্ৰতিষ্ঠা কৰি ভোগ আদিৰ বাবে উক্ত নৈৱেদ্য ভূমিদান কৰিছিল।
ড: মহেশ্বৰ নেওগৰ গ্ৰন্থ ‘পৱিত্ৰ অসম’ত উল্লিখিত মতে ‘পূব কছাৰী মহল মৌজাৰ কুলেই গাওঁত কূৰ্ম মাধৱ দেৱালয় অৱস্থিত। এতিয়া মন্দিৰ নাই। শিৱসিংহ ৰজাই ভূ-সম্পতি আদি দিছিল। দেৱালয়ৰ নামত লাখেৰাজ ৩৫১ বিঘা বুলি উল্লেখ আছে।’
পূব কামৰুপ অঞ্চলত শিৱৰ বা আন দেৱ-দেবীৰ উপাসনা আছে যদিও বিষ্ণুৰ উপাসনা নাই বুলিব পাৰি। গতিকে কোনে কি পৰিস্থিতিত মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল ভাৱিলে আচৰিত হ’ব লাগে। মন্দিৰৰ কিছু দূৰত ৯০ বিঘা মাটিৰে ‘মৈপাল পুখুৰী’ অৱস্থিত। জনশ্ৰুতিমতে, ৰজা মহিপালে জীয়েকৰ বিবাহ উপলক্ষে এই পুখুৰী খন্দাইছিল। মহীপালৰ অপভ্ৰ্ংশ হৈ মৈপাল হ’ব পাৰে।
শালস্তম্ভ বংশৰ পতনৰ পিছতে অসমত পালবংশী ৰজাসকলে (৯৯০খৃ:ৰপৰা-১১৩৮খৃ:লৈ)ৰাজত্ব কৰিছিল। দ্বিতীয় ৰজা ৰত্নপালৰ(১০১০খৃ:ৰ পৰা-১০৪০খৃ: লৈ)’চৰিত্ৰ বৰ্ণনা’ত অসমত বৈষ্ণৱ আদৰ্শৰ কথা স্পষ্টকৈ উল্লেখ আছিল। তৃতীয় ৰজা ইন্দ্ৰপাল (১০৪০খৃ: ৰপৰা-১০৬৫খৃ:লৈ) প্ৰদত্ত গুৱাকুছি ভূমিদান তাম্ৰপত্ৰৰ পৰা জনা যায় যে তেওঁ বংগৰ ‘শ্ৰাৱন্তিৰ ‘দেৱ-দেৱ’ নামে এজন ব্ৰাহ্মণক ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত ‘পাণ্ডুৰী’ত ভূমিদান কৰিছিল। উক্ত পাণ্ডুৰীকে বৰ্তমান ৰঙিয়াক সামৰি ‘পাণ্ডুৰি’ মৌজা বুলি বুৰঞ্জীবিদসকলে চিনাক্ত কৰিছে। এই মৈপাল পুখুৰীৰ কাষৰ এটি পুখুৰীৰ নাম ‘সোণে হাঁহ চৰা পুখুৰী’ আৰু কাষতে আছে লতা কটা বিল। পূৰ্বতে এই অঞ্চল গভীৰ দ আছিল আৰু অঞ্চলটোত জাকে জাকে পৰিভ্ৰমী বা বনৰীয়া হাঁহ চৰিছিল আৰু আৰাও কৰিছিল। বনৰীয়া হাঁহে আৰাও কৰা বাবে হয়তো ঠাই ডোখৰৰ নাম ‘হাঁহৰৱী’ হৈছিল। হাঁহবোৰাৰ মাজত আছিল কেইযোৰমান সোণ বৰণীয়া হাঁহ। সেয়ে হয়তো ‘সোণে হাঁহ চৰা পুখুৰী’ নামকৰণ হৈছিল। উল্লিখিত হাঁহৰৱীয়েই পিছত হাঁহকুছি আৰু মানুহৰ মুখ বাগৰি ‘ঘাহকুছি’ নামকৰণ হৈছিল। বৰ পানাৰাত উদ্ধাৰ হোৱা ভূমিদান তাম্ৰপাত্ৰৰ পৰা জনা যায় যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ‘দেশপাল’ নামৰ ব্ৰাহ্মণক ভূমিদান কৰিছিল। এই প্ৰদত্ত ভূমিৰ পূব দিশত ‘কোষ্ঠ সাক্ষীজান’ বিল অৱস্থিত বুলি উল্লেখ আছিল। সম্ভৱত: এই অঞ্চলতে অৱস্থিত কান্নীজান আৰু কান্নীবিলক ‘কোষ্ঠ সাক্ষীজন’ বুলি কোৱা হৈছিল।
পালবংশৰ ধৰ্মপালে (১০৯৫খৃ:ৰ-১১২০খৃ: লৈ) ভূমিদান কৰা পুস্পভদ্ৰা তাম্ৰফলি(তৃতীয় খণ্ড)ত প্ৰথমে বৰাহৰুপী বিষ্ণুক আৰধনা কৰা হৈছিল। প্ৰাচীন অসমৰ ৰজা-মহাৰজাসকলৰ শিলালিপি, তাম্ৰফলিৰ ভিতৰত এইখন তাম্ৰফলিতে প্ৰথমে বিষ্ণুক(বৰাহ অৱতাৰ) প্ৰতিপাত জনোৱা হৈছে। ইয়াৰ আগেয়ে উদ্ধাৰ হোৱা তাম্ৰফলী, শিলালিপিবোৰত প্ৰথমে শিৱক আৰাধনা কৰা হৈছিল। এনেকুৱা সময়তে অসমৰ কোনো কোনো ঠাইত বিষ্ণুৰ উপাসনা স্থান স্থাপিত হৈছিল। তেওঁৰে প্ৰদত্ত শুভ্ংকৰ ভূমিদান তাম্ৰপত্ৰত ‘কূৰ্ম নাথ’ৰ নাম সন্নিৱিষ্ট আছিল। অৱশ্যে এই কূৰ্মনাথ কুলেই কুৰ্ম মাধৱ নে আন ঠাইৰ কুৰ্ম অৱতাৰৰ উপাসনা স্থান তাক বুৰঞ্জীয়ে নিশ্চিতভাৱে ক’ব পৰা নাই। সেই ফালৰপৰা বিষ্ণুৰ দ্বিতীয় অৱতাৰৰ কুৰ্ম অৱতাৰৰ সেৱা-পূজা অসমৰ বিভিন্ন ঠাইত প্ৰচলিত হৈছিল। যদিহে উক্ত্ কুৰ্মনাথ এই কুৰ্ম মাধৱ হয়, তেনেহ’লে কলমণিৰ ‘কূৰ্ম মাধৱ’ দ্বাদশ শতিকাৰ প্ৰথম ভাগৰ বুলি ক’ব পাৰি।
ধৰ্মপালৰ মৃত্যুৰ পিছত সুযোগ লৈ গৌৰৰ ৰজা ৰামপালে কামৰুপ ৰাজ্যৰ পশ্চিমফালে অধিকাৰ কৰি ভিঙ্গদেৱ কোঁৱৰক তেওঁৰ তলতীয়া শাসনকৰ্তা নিয়োগ কৰিছিল। ৰামপালৰ পৰৱৰ্তী ৰজা কুমাৰপালৰ দিনত ভিঙ্গদেৱে বিদ্ৰোহ ঘোষণা কৰাত কুমাৰপালে সুদক্ষ সেনাপতি বৈদ্যদেৱক পঠিয়াই দিছিল। বৈদ্যদেৱে যুদ্ধত হৰুৱাই ভিঙ্গদেৱক নিহত কৰিছিল। ইয়াৰ কিছুদিন পিছত বৈদ্যদেৱে নিজকে ৰজা বুলি ঘোষোণা কৰিছিল। পিছত জয়পালৰ হাতৰ পৰা সমগ্ৰ কামৰুপ অধিকাৰ কৰি লৈছিল। তেওঁ ৰজা হৈ নিজকে এজন পৰম বৈষ্ণৱ বুলিও অভিহিত কৰিছিল। বেনাৰসত উদ্ধাৰ হোৱা বৈদ্যদেৱৰ তাম্ৰফলি মতে, হ্ংসকুছিৰ ছাউনীৰ পৰা শ্ৰীধৰ নামেৰে এজন ব্ৰাহ্মণক ভুমিদান কৰিছিল। স্ংস্কৃত ভাষাত সম্ভৱত: হাঁহকুছিয়েই ‘হ্ংসকুছি’ বুলি লিখা হৈছিল। সময়ত সম্ভৱত: বৈদ্যদেৱে হ্ংসকুছিত অসুবিধা পাই ৰঙিয়াৰ উত্তৰে গড় বান্ধি স্থায়ী ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। সেই হ্ংসকুছিয়ে হাঁহকুছি তাক বুৰঞ্জীবিদসকলে নিশ্চিত কৰিছে।
ৰজা ধৰ্মপালৰ ৰাজধানী বৰ্তমানৰ উত্তৰ গুৱাহাটীত আছিল। সম্ভৱত: মহীপাল নামৰ লোকজন ধৰ্মপালৰ স্থানীয় প্ৰশাসক হিচাপে নিয়োজিত হৈছিল। তেতিয়া মহিপালৰ প্ৰশাসনৰ কেন্দ্ৰস্থল এই হাঁহকুছি আছিল। হয়তো ধৰ্ম পালৰ মৃত্যুৰ পিছত মহীপালে স্বাধীন ৰজাৰ দৰে শাসনকাৰ্য চলাইছিল আৰু স্থানীয় জনসাধৰণেও তেওঁক ৰজাৰ দৰে জ্ঞান কৰিছিল। সম্ভৱত: কুৰ্মমাধৱ মন্দিৰ প্ৰতিষ্ঠা আৰু নৈৱেদ্য ভূমিদানও মহিপালে কৰিছিল। তেনেহ’লে কূৰ্মমাধৱ মন্দিৰ প্ৰতিষ্ঠা দ্বাদশ শতিকাৰ প্ৰথম ভাগতে প্ৰতিষ্ঠা হ’ব পাৰে।
আহোম ৰজা ৰুদ্ৰসিংহ(১৬৯৬-১৭১৪খৃ:লৈ)ৰ দিনৰ পৰা কুৰ্ম মাধৱ মন্দিৰৰ বাস্তৱ ইতিহাসৰ ৰেঙনি দেখিবলৈ পোৱা যায়। মন্দিৰৰ দলৈ পৰিয়ালৰ স্ংৰক্ষিত তথ্য আৰু প্ৰয়াত অভয়ানন্দ ভট্টাচাৰ্যৰ পৰা জানিব পৰা যায় যে আচাৰ্য চুড়ামণি নামৰ বিজ্ঞ ব্ৰাহ্মণক নিমন্ত্ৰণ কৰি আনি কুৰ্ম মাধৱ আৰু তেজপুৰৰ বিশ্বনাথ দেৱালয়ৰ পৰিচালনাৰ ভাৰ অৰ্পণ কৰিছিল। দলৈ পৰিয়ালে বহু বছৰৰ পিছত ১৮০০ চনৰ পূৰ্বৰপৰা ৰঙিয়াত স্থায়ীভাৱে থাকিবলৈ লৈছিল। দলৈ পৰিয়াল থকা ঠাইখিনি আজিও দলৈবাৰী বুলি কোৱা হয়। জিকেৰি গাওঁৰ (বৰ্তমান তিত্কুৰি)পৰা হৰদত্ত-বীৰদত্ত ৰজাই শিলাৰ চকিলৈ পথ এটি তৈয়াৰ কৰিছিল। এই হৰদত্ত-বীৰদত্ত নামৰ পথটোৰ পৰা মন্দিৰ স্ংলগ্ন পথটিৰ চিন মোকম আজিও আছে। দুয়োজনেই ঘৰত যেনেকৈ দেৱী দুৰ্গাক নিত্য সেৱা কৰিছিল; ঠিক তেনেকৈয়ে কুৰ্ম মাধৱৰো আছিল একোজন নৈষ্ঠিক সেৱক।
ৰমণীমোহন ডেকা, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 4/26/2020
আমি সকলোৱে ভগৱানক বিশ্বাস কৰোঁ আৰু দেৱালয় দৰ্শন কৰ...
নন্দিকেশ্বৰ দেৱালয়ৰ ফাকুৱা উৎসৱ
হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজ