অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নন্দিকেশ্বৰ দেৱালয়ৰ ফাকুৱা উৎসৱ

নন্দিকেশ্বৰ দেৱালয়ৰ ফাকুৱা উৎসৱ

যোগনীতন্ত্ৰ আৰু কালিকা পুৰানত উল্লেখিত নন্দিকেশ্বৰ নামৰ অঞ্চলটো আহোম শাসন কালত ঘিলাধৰীয়া নামে পৰিচিত হৈ বৃটিছ যুগলৈকে চলি আছিল।তাহানিৰ ঘিলাদধৰীয়াই বৰ্তমান জামুগৰি বা জামুগুৰিহাট বুলি কব পাৰি।সৌমাৰ পীঠৰ অন্তৰ্গত এই জামুগুৰিহাটৰ অঞ্চলত এসময়ত আছিল অটব্য অৰন্যভূমী। ঢেকীয়াঁপতীয়া, নাহৰফুটুকী, হুকুৰা,লৰা-মাকৰী বাঘ, গড়, হাতী, মহ আৰু বিভিন্ন জন্ত জানোৱাৰ অৱাসভূমি।কৃষ্টি সংস্কৃতি আৰু ঐতিহ্য স্ংৰক্ষনৰ নিপুন জামুগুৰীয়াই সেয়ে এসময়ত বাঘ মানুহৰ স্ংঘাতক স্ংস্কৃতিৰ আওতালৈ আনি নাম দিছিল।বাঘভেটা উৎসৱ অৰ্থাৎ জামুগুৰিহাটৰ বিখ্যাত বাঘভেটা পৰম্পৰা।

জামুগুৰিহাটৰ অঞ্চলৰ নন্দিকেশ্বৰ দেৱালয়ৰ এখন পুৰনি পৱিত্ৰ স্থান।দেৱালয় দেৱ দেৱীৰো অৰাধ্য স্থান।প্ৰাচীন কালৰ দুখন তামৰ ফলিৰপৰা প্ৰাচীন নন্দিকেশৰৰ চাৰিসীমা বেলেগ বেলেগ ধৰনে নিৰ্নয় কৰা হৈছে।এখন তামৰ ফলিত পূৱে কচুজান পশ্চিমে ভৈৰৱী নদী,উত্তৰে ডফলা পৰ্বত আৰু দক্ষিনে লৌহিত্য বুলি নিৰ্নয় কৰা হৈছে।আনখন ফলি মতে নন্দিকেশ্বৰৰ চাৰীসীম উত্তৰে গৰিয়া আলি,পশ্চিমে গোধামৰা,পূৱে চুড়ামনিকা আৰু দক্ষিনে লৈহিত্য বুলি নিৰ্নয় কৰা হৈছে।আনখন ফলি মতে নন্দিকেশ্বৰৰ চাৰিসীমা,উত্তৰে গৰিয়া আলি,পশ্চিমে গোধামৰা,পূবে চুড়ামনিকা আৰু দক্ষিনে কাষলিবা।নন্দিকেশ্বৰ গাৱতঁ অৱস্থিত নন্দিকেশ্বৰ দেৱালয়ৰ বৰ্তমান সময়ত চাৰিসীমা হল উত্তৰে কবিৰ আলী,পূৱে কোচগাওঁ,দক্ষিনে বৰাচুক,গোধামৰাচুক আৰু পশ্চিমে ভৰালী নদী।কোচ ৰজা নৰনাৰায়নৰ ভাতৃ গোহাঁই কমলে নাৰায়নপুৰলৈকে ৰাজ্য সম্প্ৰসাৰন কৰাৰ বাবে যাতায়তৰ সুবিধাৰ কাৰনে নিৰ্মান কৰা ৩৫০ মাইল দৈৰ্ঘ্যৰ বিখ্যাত গোহাঁই কমল আলিটো জামুগুৰিহাটৰ মাজেদি নিৰ্মান কৰি উলিয়াইছিল বাবে এই অংশৰ নাম কবিৰ আলি নামে জনাজাত হয়।

নন্দিকেশ্বৰ শিৱক আন এটা নাম।অনাৰ্য দেৱতা শিৱক বুঢ়া বা লিংগ ৰুপত অসমত পূজা-সেৱা কৰা হৈছিল।এই বুঢ়া বা লিংগই হল পশুপতি বা বুঢা গোসাইঁ।সেয়ে নন্দিকেশ্বৰ দেৱালয় বঢ়া গোসাইঁ দেৱালয় বুলিয়েই বুলিয়েই জনাজাত হৈ আহিছে।(জামুগুৰুহাটৰ ইতিহাস,১৯৯৯ চন)

১৬৯৭ খৃষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত ১৬২১ শকৰ মাঘ মাহত শ্ৰীবাগীশ ভট্ৰাচাৰ্য্যক মাটি আদি দান দিয়া তামৰ ফলি এখনো আছে।পূৰ্বৰ মন্দিৰ এতিয়া নাই।ভেটি আৰু তলখন শিলৰ।ইয়াত সদায় পূজা হয়।এই দেৱালয়ৰ নিষ্পিখেৰাজ মাটিৰ পৰিমান ১০৯২ বিঘা।আদিতে এই মন্দিৰ প্ৰতাপপূৰৰ ৰজাই সজাইছিল বুলি কোৱা হয়।(পবিত্ৰ অসম,মহেশ্বৰ নেওগ)

নন্দিকেশ্বৰ দেৱালয়ত বিশেষভাৱে পালন কৰা ফাকুৱা উৎসৱত সময়ত নাম কীৰ্তনৰ ধ্বনিয়ে এসময়ত ৰাজ পৃষ্ঠপোষকতাৰ লালিত-পালিত দেৱালয়খনিৰ তথা কাষৰীয়া অঞ্চলটিৰ আকাশ,বতাহ মুখৰ কৰি ৰাখিছিল।

ফাকুৱা উৎসৱত সময়ত ভক্তি স্ৰোতৰ মহা মেলাখনৰ পৰিধি আৰু বহল হৈ পৰে।তিনিদিনীয়াকৈ অনুষ্ঠিত এই উৎসৱত সকলোৱে মন প্ৰান ঢালি আনন্দ কৰে।ভক্তিৰ পাৰ ভঙা উৎসাহে বয়সৰ সীমা চেৰাই সকলোকে আকোৱাঁলি লয়।গোসাঁইক দৌললৈ উলিওৱা ফুৰাবলৈ নিয়া আৰু অনাৰ দৃশ্য অতি চিত্তাকৰ্ষক।তিনিদিনীয়া অনুষ্ঠিত এই উৎসৱৰ ৩য় দিনা বুঢ়া গোসাঁইক কমাৰচুক গাৱৰঁ মাজেদি ফুৰাবলৈ নি প্ৰায় ১ কি:মি দক্ষিনত অৱস্থিত ফাকুৱা পথাৰত অন্যান্য গাৱৰঁপৰা অহা গোসাইৰ শাৰীত স্থাপন কৰা হয়।উক্ত শাৰীত মাধৱ গোসাঁই ফেচকুৰীয়া গোসাঁই আদিয়েও স্থান দখল কৰে।সকলোৱে বুঢ়া গোসাইকঁ আগস্থান দিয়ে।বুঢ়া গোসাইৰঁ আগে আগে নটুৱাসকলে নাচ পৰিৱেশন কৰি আহে।লগত থাকে মথুৰা পাগ মৰা আৰু চাপকন পিন্ধা গায়ন বায়ন।গায়ন-বায়নৰ গীত মাত আৰু বাজনাৰ চেৱে চেৱে নটুৱাসকলে নাচি নাচি যোৱা অহাৰ দৃশ্য আৰু চকুত লগা।চাৰিটা পাহুৱাল ডেকাই বুঢ়া গোসাঁইক কান্ধত লৈ একে শাৰীত বহুওৱা বাকী কেইভাগ গোসাঁইক চেৰ পেলাই দৌৰি দৌৰি পাতলৰচকু আলি মূৰলৈকে আহি অহা বাটেৰে বাট বোলে।ডেকা চাৰিজনৰ গাত যেন গোসাঁইহে লম্ভে।ইমানকৈ দৌৰি আহিবলৈ কৰপৰা শক্তি পায় জানো?বাকী সকলোৱে বাট এৰি দিয়ে।ভক্ত গৃহস্থই পদূলিয়ে পদূলিয়ে শৰাই,শলিতা আগবঢ়াই মনৰ অভীস্ত সিদ্ধিৰ বাবে গোসাইকঁ সভক্তিৰে সেৱা জনায়।এফালে নাম-কীৰ্তনৰ নয়নাভিৰাম দৃশ্য আনফালে সম্প্ৰতিৰ উৎসৱ ফাকু খেলা,আনন্দ স্ফূতিৰে কৰা লৰ-ঢপৰা মাজেৰে ফাকু সনাৰ এক মনোমোহা পৰিৱেশ।চকুৰে নেদেখিলে একো অনুভৱ কৰিৱ নোৱাৰী।

এইদৰে নাম-কীৰ্তনৰে গোসাইকঁ আদৰি প্ৰায় ২ কিলোমিটাৰ অতিক্ৰম কৰি অহা ভাগৰুৱা সমদলটো মন্দিৰৰ প্ৰাংগনত প্ৰৱেশ কৰাৰ লগে লগে আৰম্ভ হয় বিখ্যাত ঘুনুচা যাত্ৰাৰ পৰম্পৰা।বিভিন্ন স্থানত ফুৰাই অনা গোসাইকঁ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হয়।গোসাঁই ধৰা ভক্তদলক মন্দিৰত থকা একাংশ ভক্তৰ অস্থায়ী বেৰা এখন দি বিভিন্ন ধৰনৰ প্ৰশ্ন কৰে।দৰ্শনৰ মনোৰঞ্জনৰ অৰ্থে আমোদজনক তৰ্ক বিতৰ্কৰ অৱতাৰনা কৰি অস্থায়ী বেৰা ভাঙি গোঁসাইক আগৰ স্থানত প্ৰতিষ্ঠা কৰা হয়।সামূহিক নাম কীৰ্তনৰ অন্তত গোসাইলৈঁ অৰ্পিত প্ৰসাদ ভোগ খাই সকলো ঘৰমূৱা হয়।এনেকৈয়ে হাহিঁ,স্ফূৰ্তিৰ মাজেৰে বয়সৰ সীমনা অতিক্ৰম কৰি চহৰীয়া গঞাই বছৰটোলৈ যেন পূন্য সঞ্চয় কৰে।

হেম বৰুৱা

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate