ময়দাত নিমখ মিহলাই কুহুমীয়া গাখীৰেৰে লুচি বনাবৰ বাবে সনাৰ দৰে সানি ল’ব। নাৰিকল আৰু আধা কাপ চেনি মিহলাই লাড়ু বনাবৰ বাবে ভজাৰ দৰে ভাজি থাকিব। চেনি গলিলেই জুই বন্ধ কৰি কনডেন্সড মিল্ক মিহলাই ভালদৰে লৰাব। গাখীৰ উতলাই আধা কৰিব। ইলাচিকেইটাৰ বাকলিটো অলপ ফালি গাখীৰট গোটে গোটে দি দিব। ময়দাখিনি সৰু সৰু লুচিৰ আকাৰত বেলিব। এখন লুচি মেলি লৈ তাৰ মাজত অলপ নাৰিকল পূৰ দিব। লুচিখন জপাই কাষটো হাতেৰে বন্ধ কৰি ধুনীয়া কৰি দিব। উতলা গাখীৰত পিঠাখিনি লাহে লাহে দি দিব। বাকী থকা চেনিখিনি দিব। কেশৰ দিব। ঘন হৈ আহিলে জুই বন্ধ কৰিব। ঠাণ্ডা হ’লে পৰিবেশন কৰিব।
লেখিকা: গীতা শৰ্মা, সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 5/23/2020
গাখীৰ উৎপাদনেৰে লক্ষাধিক টকা উপাৰ্জন কৰে গুৱালজান ...
গাখীৰৰ গুণাগুণ
গাখীৰ দিয়া গাইৰ নিৰ্বাচন
অধিক গাখীৰ উৎপাদনৰ বাবে থলুৱা জাতৰ গৰুৰ উন্নতিকৰন