মাছ পৰিষ্কাৰ কৰি ধুই নিমখ হালধি সানি ল’ব। পিঁয়াজ-নহৰু-আদা-জলকীয়া বটি ল’ব। কেৰাহীত তেল গৰম কৰি মাছ ভাজি উঠাই ৰাখিব। সেই তেলতে মছলাখিনি ভাজি মগজ বটা দি ভাজিব। কেঁচা জলকীয়া বটা দুই চামুচ চ’চ দি ভাজিব, জুই কমাই মছলাৰ গোন্ধ ওলালে ডেৰ কাপ পানী দি উতলিব দিব। নিমখ আৰু চেনি দি ভালকৈ উতলিলে মাছ দিব। মাছত মছলা লাগি ধৰিলে গৰম মছলা ধনিয়া পাত কুটা দি নমাই থ’ব।
উৎস: অসম বাণী।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
আলংকৰিক মাছৰ ব্যৱসায়েৰে স্বাৱলম্বী পাৰ্থৰথি হাজৰিক...
অসমীয়াৰ প্ৰিয় খাদ্য মাছৰ গুণ
অসমীয়া সমাজ-সংস্কৃতিত মাছ
অসমৰ থলুৱা আলংকাৰিক মাছৰ চাহিদা