কেৰাহীত তেল গৰম হবলৈ দিয়ক। পিয়াঁজকেইটা মিহিকৈ কুটি গৰম তেলত সামান্য ভাজক। কুকুৰাৰ মাংস আৰু আলুকেইটা সৰু সৰু টুকুৰা কৰি কেৰাহীত দিয়ক। আদা কুটাখিনি দিয়ক। নহৰু থেতেলাই দিয়ক। ধনিয়া গুড়ি, জিৰা গুড়ি, নিমখ আৰু হালধি দিয়ক। কেঁচা জলকীয়াকেইটাও কুটি দিয়ক। কেঁচা জলকীয়াকেইটাও কুটি দিয়ক। সৰিয়হ আৰু গুৱামৰিখিনিও মিক্সি কৰি মাংসত দিয়ক। সকলোখিনি সামগ্ৰী ভালদৰে মিহলি কৰি পাঁচ মিনিট লৰাই ভাজক। ঢাকোন দি জুই কমাই ৰাখক। মাংস যেতিয়া কেৰাহীত লাগি লাগি ধৰা যেন হ’ব, সামান্য পানী ছটিয়াই পুনৰ ভাজক। মাংস সম্পূৰ্ণ সিজিলে লাইপাত খিনি এক আঙুল জোখত হাতেৰে ছিঙি ছিঙি দিয়ক। জালুকৰ গুড়ি ছটিয়াই কিছু সময় ঢাকোন দিয়ক। লাইপাত সিজিলে কুটা ধনিয়া দি গৰম জহা চাউলৰ ভাতৰ লগত পৰিৱেশন কৰক।
লেখিকা: কৰবী গগৈ শৰ্মা, সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
মাছ আৰু মাংসৰ ভেজালকৰন
জহা কোমোৰাৰে হাঁহৰ মাংস
সুন্দৰ ছালৰ সুৰক্ষাৰ বাবে
আমৰ সৈতে মুৰ্গীৰ মাংস