অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুন্দৰ ছালৰ সুৰক্ষাৰ বাবে

সুস্থ, উজ্জ্বল আৰু যৌৱনদীপ্ত ছালৰ গৰাকী হ’বলৈ প্ৰত্যেকেই আশা কৰে। ইয়াৰ বাবে নিয়মীয়া পৰিচৰ্যা আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ মনোযোগ দিব লাগে। ছালৰ উজ্জ্বলতা আৰু সতেজতাৰ বাবে সুষম খাদ্যৰ অতি প্ৰয়োজন। খোৱাৰ পিছত শৰীৰত এলাৰ্জী উত্পাদন হয়। কলিজা, হাঁওফাঁও, লিভাৰ, মস্তিষ্ক আৰু কিডনীৰ পথ অতিক্ৰম কৰি ছালে পৰিপুষ্টি লাভ কৰে। ফলত ছাল সতেজ হয়। বহু সময়ত সুষম খাদ্যৰ অভাৱত বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিয়ে। খাদ্যৰ পৰিমাণ হ্ৰাস, পাচক ক্ৰিয়াৰ বিজুতি আদিৰ বাবে এনে সমস্যাৰ সৃষ্টি হয়। সঠিক মাত্ৰাত সুষম খাদ্য গ্ৰহণ কৰিলে ছাল সুন্দৰ হয় তথা মন ভালে থাকে। সেয়া ছালৰ যিকোনো সমস্যাৰ বাবে নিয়মিত যতন লোৱাৰ উপৰি খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিব লাগে। ভিটামিন বা মিনাৰেলে ছালৰ স্বাস্থ্য সৌন্দৰ্য ৰক্ষাত সক্ৰিয় ভূমিকা পালন কৰে। ভিটামিনে ছালৰ বিভিন্ন কোষৰ উন্নতি সাধি ছালখনৰ মসৃণতা আৰু আৰ্দ্ৰতা অটুট ৰখাত সহায় কৰে। ভিটামিন ‘এ’, ‘বি’, ‘চি’, ‘ই’ বিভিন্ন খাদ্যসম্ভাৰত সমৃদ্ধ থাকে যদিও ভিটামিন ‘ডি’ ছালত নিজে নিজে তৈয়াৰ হয় সূৰ্যৰ ৰশ্মিৰ মাধ্যমেৰে। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত ছালত থকা ৭ ডিহাইড্ৰ’কলেষ্টেৰ’ল প্ৰভাৱত ভিটামিন ডি তৈয়াৰ হয়। কিন্তু ভিটামিন ডি গ্ৰহণৰ বাবে সূৰ্যৰ ৰশ্মিৰ প্ৰয়োজন যদিও সূৰ্যৰ ৰশ্মিৰ অতি বেঙুনীয়া ক্ষতিকৰ প্ৰভাৱত ছালত বিভিন্ন ধৰণৰ চৰ্মৰোগ তথা ছালৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাও থাকে। যাৰ বাবে ছালৰ সুৰক্ষাৰ্থে ছানস্ক্ৰীন লোচন, ছানব্ৰক ক্ৰীম আদি নিয়মিত ব্যৱহাৰ কৰিব লাগে। আমাৰ দেশৰ জলবায়ুত এছ পি এফ ৩০ ছানস্ক্ৰীন ব্যৱহাৰ কৰিলে অধিক সুফল লাভ হয়। এছ পি এফ হ’ল ছান প্ৰটেকশ্বন ফেক্টৰ। দিনটোৰ বিভিন্ন খাদ্যই আমাৰ শৰীৰৰ অভ্যন্তৰৰ প্ৰতিটো কোষৰ সজীৱতা আনি দিয়ে। তদুপৰি বাহিৰৰ পৰাও ছালত কিছু যোগান ধৰা প্ৰয়োজন। কাৰণ ছালৰ উপৰিভাগত মৃত কোষবোৰৰ ঠাইত নতুন কোষৰ সৃষ্টি হয়।

ভিটামিনসমৃদ্ধ উপাদান মাংস, লিভাৰ, মাছ, কিডনী ছালত ব্যৱহাৰ কৰিব নোৱাৰি। আনহাতে দাইল, কণীৰ ভিতৰৰ অংশ, ভিটামিন (ই, ডি, এ-যুক্ত তেল বা ক্ৰীম) ছালত লগাই সুফল পাব পাৰি। ছালৰ শুকান ভাব নাইকিয়া কৰি মুখ আৰু ওঁঠৰ ছাল মসৃণ কৰি তোলাত ভিটামিন এ যথেষ্ট ফলপ্ৰসূ। ইযাৰ উপৰি ভিটামিন এ-য়ে চকুৰ তলৰ ক’লা দাগ নাইকিয়া কৰি চকুযুৰি উজ্জ্বল কৰি তোলে। চুলিৰ স্বাস্থ্য ৰক্ষাৰ বাবেও ভিটামিন এ জৰুৰী। তদুপৰি ছালখন বীজাণুমুক্ত কৰি শালমন নোহোৱা কৰে। নখৰ সৌন্দৰ্য ৰক্ষাৰ বাবেও ই জৰুৰী। মাছ, কুকুৰাৰ মাংস, কণী, মাংসৰ লিভাৰ, দৈ, ক্ৰীম, মাখন, গাখীৰৰ বিভিন্ন দুগ্ধজাত সামগ্ৰী, গাজৰ, বিলাহী, সেউজীয়া শাক-পাচলি, আনাৰস, আম আদি ফলত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে। ভিটামিন চি-য়ে ছালৰ সৌন্দৰ্য আৰু যৌৱন ধৰি ৰখাত সহায় কৰে। ছালত বয়সৰ চাপ পৰে। ভিটামিত চি-ত প্ৰচুৰ এণ্টিঅক্সিডেণ্ট ক্ষমতা আচে। এই ক্ষমতাই ছালৰ কলাজেন ভাব সজীৱ কৰি ৰাখে আৰু বাৰ্ধক্যৰ বিলম্ব ঘটায়। ছালৰ মৃতকোষ আঁতৰাই ছালখন উজ্জ্বল কৰি তোলে। সঠিক পৰিমাণে ভিটামিন চি গ্ৰহণ কৰিলে হাড় মজবুত হয়। ছালৰ ক’লা দাগ দূৰ হৈ ছাল উজ্জ্বল হয়। সকলো ধৰণৰ টেঙাজাতীয় ফল, নেমু, কমলা, গাজৰ, কেপচিকাম, বন্ধাকবি, তিয়ঁহ, বিভিন্নধৰণৰ সেউজীয়া শাক আৰু সতেজ পাচলি আদিত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে।

ভিটামিন ই-য়ে ছাল-চুলিৰ সৌন্দৰ্য দীৰ্ঘদিনলৈ অটুট ৰাখে। ছালৰ বয়স্কৰেখা নাইকিয়া কৰে। মুখৰ ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰি ছালখন যৌৱনদীপ্ত কৰি তোলে। ছালৰ বিভিন্ন ধৰণৰ দাগ নাইকিয়া কৰা, চুলি সৰা বন্ধ কৰা, গাৰ ছাল শোটোৰা পৰা, ভৰিৰ গোৰোহা ফটা আদি সমস্যা দূৰ কৰে। তদুপৰি মহিলাসকলৰ মেন’পজৰ সময়ত সৃষ্টি হোৱা বিভিন্ন ছাল চুলিৰ সমস্যা দূৰ কৰাত ভিটামিন ই যথেষ্ট সুফলদায়ক। উল্লেখ্য যে ভিটামিনযুক্ত খাদ্য গ্ৰহণৰ উপৰি বিজ্ঞানসন্মত পদ্ধতিৰ জৰিয়তে পৰিচ্ছন্নতাৰে সৌন্দৰ্য চৰ্চা কৰিও ছাল সুস্থ-সুন্দৰ কৰি তুলিব পাৰি। আমাৰ ছালৰ বাহ্যিক ৰূপে ভিটামিন গ্ৰহণৰ ক্ষমতা আছে। ছালত মালিচৰ জৰিয়তে আৰু ইলেক্ট্ৰিকেল ষ্টিমিউপেশ্বন (বিদ্যুত্ প্ৰবাহিত মালিচৰ জৰিয়তে) প্ৰক্ৰিয়াৰে ভিটামিন প্ৰৱেশ কৰোৱা হয়। আমাৰ ছালৰ সুস্বাস্থ্য তথা সৌন্দৰ্যৰ বাবে জৰুৰী উপাদানসমূহ হ’ল-

ভিটামিন-এ

মাছ, সতেজ সেউজীয়া শাক-পাচলি, গাজৰ, বিলাহী, গাখীৰ, কণী, পনীৰ, মানিমুনি, ভেদাইলতা আদি শাকত এই ভিটামিন পৰ্যাপ্ত পৰিমাণে পোৱা যায়। তদুপৰি হালধীয়া ফল (পকা অমিতা, পকা আম) আদিত থকা বিটা কেৰাটিন এ ভিটামিন সমৃদ্ধ।

ভিটামিন-বি কমপ্লেক্স

ঢেঁকীত বনা চাউল, গোম, দাইল, বাদাম, গজালি মেলা বুট, মাছ, কণী, গাখীৰ আদিত এই ভিটামিন যথেষ্ট পৰিমাণে পোৱা যায়।

ভিটামিন-চি

নেমুজাতীয় ফল, কমলা, বিলাহী, জলফাই, আমলখি, কেপচিকাম, সতেজ আলু আদিত প্ৰচুৰ পৰিমাণে চি ভিটামিন থাকে।

ভিটামিন-ই

আটা, ডালিয়া বা হুইটজাৰ্ম, কাঠবাদাম, বন্ধাকবি, কাজু বাদাম, মত্স্যজাত তেল, মাৰ্জাৰিন, বাদাম তেল, সূৰ্যমুখী বীজ, গোম আদিত যথেষ্ট ভিটামিন ই থাকে।

দৈনন্দিন খাদ্য তালিকাত এনে খাদ্যৰ সংযোজনে ছাল সুন্দৰ আৰু উজ্জ্বল কৰি তুলিব। তদুপৰি ছালৰ সৌন্দৰ্য সুৰক্ষাৰ বাবে নিয়মিত ক্লীনজিং, টনি আৰু মইশ্চাৰাইজিং কৰা অতি প্ৰয়োজনীয়। ইয়াৰ বাবে এগৰাকী অভিজ্ঞ সৌন্দৰ্য বিশেষজ্ঞৰ লগত যোগাযোগ কৰি ছাল পৰীক্ষা কৰোৱাই আপোনাৰ ছালৰ প্ৰকৃতি সম্পৰ্কে জানি ল’ব। আপোনাৰ বয়স আৰু ছালৰ প্ৰয়োজন অনুসৰি নিয়মিত পৰিচৰ্যা কৰিব। বৰ্তমান সৌন্দৰ্য চৰ্চ্চাৰ জগতখনত বহুচৰ্চ্চিত বিষয় হৈছে ফেচিয়েলৰ নতুন পদ্ধতিসমূহ। এৰ’মাথেৰাপী, নিউট্ৰিকম, অক্সিজেন ফেচিয়েল, হাইড্ৰা ফেচিয়েল, আহা থেৰাপী, গণ্ড ফেচিয়েল, ছিলভাৰ ফেচিয়েল, ফ্লাৱাৰ ফেচিয়েল, ফ্ৰটছ ফেচিয়েল, চি-মিনাৰেল থেৰাপী আদি সৌন্দৰ্য বিজ্ঞানৰ আৱিস্কৃত শেহতীয়া সংযোজন। ছালৰ স্বাস্থ্য সৌন্দৰ্য সুৰক্ষাত, ছালৰ বিভিন্ন সমস্যাৰ মুক্তিৰ উপায় হিচাপে এই পদ্ধতিসমূহ যথেষ্ট ফলদায়ক বুলি প্ৰমাণিত হৈছে। এনেবোৰ বিষয়ত অৰ্হতাসম্পন্ন সৌন্দৰ্য বিশেষজ্ঞৰ পৰামৰ্শ লৈ আপুনিও ইয়াৰ সুফলসমূহ গ্ৰহণ কৰিব পাৰে। ছালৰ পৰিপুষ্টিৰ বাবে এই পদ্ধতিসমূহৰ প্ৰভাৱ স্থায়ী।

লেখক: মালা মহন্ত ভূঞা, জিএনআৰচি, স্বাস্থ্য।

শেহতীয়া উন্নীতকৰণ: : 7/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate