অসমৰ মাটিৰ শিল্পৰ ইতিহাস দীৰ্ঘদিনীয়া। ধাতৱ শিল্পই গা কৰি উঠাৰ পূৰ্বে মৃৎ শিল্পই বিকাশ লাভ কৰাটো ঐতিহাসিক সত্য। এটা কালত নিত্য-নৈমিত্তিক কৰ্মত ব্যৱহাৰ কৰা সমস্ত সম্ভাৰকে মাটিৰে সাজি উলিওৱা হৈছিল। হীৰা আৰু কুমাৰ সম্প্ৰদায়ৰ লোকে মৃৎশিল্পৰ সম্প্ৰসাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাটো উল্লেখযোগ্য। আহোম আৰু কছাৰী ৰাজ্যত ইটা নিৰ্মাণ কৰা শিল্পই প্ৰতিপত্তি লাভ কৰিছিল। কিছুমান ইটা উকা, আন কিছুমান অলংকৃত। জীৱ-জন্তু, চৰাই-চিৰিকটি, দেৱ-দেৱী আৰু মানুহৰ মূৰ্তি কেঁচাতে কাটি তাক পুৰিলে দেখাত সুন্দৰ হৈ পৰে। তেতিয়া সিবোৰ সাধাৰণ ইটাৰ পৰা গৈ টেৰাকটা ভাস্কৰ্যত পৰিণত হয় গৈ। জয়সাগৰৰ ঘনশ্যাম দ’লত আৰু কামাখ্যাৰ এটি মন্দিৰত ভালে সংখ্যক টেৰাকটা ভাস্কৰ্য আজিও বিদ্যমান। টি. দি. লেম্বাৰ্ট চাহাবে মধ্যযুগৰ অসমৰ ইটাক মেনাম নৈৰ উপত্যকাত থকা ইউঠিয়া ৰাজ্যৰ ইটাৰে অবিকল বুলি মন্তব্য দিছে। মধ্যযুগত ইটা ৰঙীন আৰু অধিক কঠিন কৰিবলৈ জোকৰ তেজ ঘঁহি দিয়াটো তাৎপৰ্যপূৰ্ণ। আহোম যুগত মাটিৰে নিৰ্মাণ কৰা হৈছিল নলা(পাইপ) আৰু পকী নাদৰ পাট। মাটিৰ পাত্ৰ নিৰ্মাণ কৰিবলৈ স্থান বিশেষত প্ৰাপ্ত বিশেষ ধৰণৰ মাটিৰ প্ৰয়োজন। এই মাটি ১২০-৬০ চেণ্টিমিটাৰ তলৰপৰা আনি বালি মিহলাই একোটা মাটিৰ নিৰত সাজি চাক অথবা হাতেৰে বিভিন্ন ব্যৱহাৰ্য সামগ্ৰীৰ চাক্ষুস ৰূপ দিয়া হয়। ইয়াৰ পিছত চাৰি-পাঁচ দিন ৰ’দত শুকাই লৈ কিছুমান পাত্ৰৰ গাত ৰং কৰা প্ৰয়োজন। উকা পাত্ৰও নথকা নহয়। ৰ’দত শুকোৱা পাত্ৰসমূহ পাগহেলীত চৌব্বিশ ঘণ্টা দহন কৰিব লাগে। মৃৎশিল্পত ব্যৱহাৰ কৰা সঁজুলিৰ ভিতৰত আফৰী, এথালি, কোৰ, গায়ন, চাক, চোচনী, দান শিল, পিতুন, পেঘালি, মাজুলি, মাটি অনা নাও বা ঠেলা আৰু হাত শিল প্ৰধান। মাটিৰে নিৰ্মিত দ্ৰব্যসম্ভাৰৰ ভিতৰত কটা, কপৌ চাকি, কলহ, কাঁহি-বাতি, খোল, গছা চাকি, গাগৰী, গিলাচ, ঘট, চৰু, চিলিম, জকা, টাৰি, টিপা, টেকেলি, টেজেৰি, ঢোল, দবা, দুণৰি, ধূপদানি, নদীয়াঢৌ, নাও(এনে নাও এখনি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত উদ্ধাৰ হৈছে), পুতলা, ফুলদানি, বান, ভুৰুকা, ভেতুৱা, মঠীয়া, মাদী, মৃদংগৰ খোলা, মুটকী, শৰাই, সানেকী আদি প্ৰধান।
লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 3/9/2020
ফলমূল শস্যৰ খেতিত মাটি পৰিচালনা ব্যৱস্থা
পেলু আৰু ইয়াৰ চিকিৎসা
কৃষকৰ মাটিৰ অপাৰ ৰহস্য ভেদি
অমৰাৰো আছে ভাল গুণ