অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এন্টিভাইৰাছ অবিহনে আপোনাৰ কম্পিউটাৰটো কেনেকৈ সুৰক্ষিত ৰাখিব?

এন্টিভাইৰাছ অবিহনে আপোনাৰ কম্পিউটাৰটো কেনেকৈ সুৰক্ষিত ৰাখিব?

বিশেষকৈ ইন্টাৰনেট সংযোগী কম্পিউটাৰবোৰতে ভাইৰাছ সংক্ৰমণ হোৱা দেখা যায়। ইয়াৰ উপৰিও পেন ড্ৰাইভ, বিভিন্ন ডিক্স, মেম’ৰি কাৰ্ড আৰু অন্যান্য বাহ্যিক সামগ্ৰীৰ যোগেৰেও কম্পিউটাৰত ভাইৰাছৰ সংক্ৰমণ হোৱা দেখা যায়। এই ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ সাধাৰণতে এন্টিভাইৰাছ চফটৱেৰ ব্যৱহাৰ কৰা হয়। কিন্তু সকলো ধৰণৰ এন্টিভাইৰাছ চফটৱেৰে সকলো ধৰণৰ কম্পিউটাৰৰ ভাইৰাছক চিহ্নিত কৰিব নোৱাৰে বা সেইবিলাক ধ্বংস কৰিব নোৱাৰে। আনহাতে, এন্টিভাইৰাছ চফটৱেৰসমূহে কম্পিউটাৰৰ ৰেমৰ বেছি মেম’ৰি দখল কৰি লোৱাৰ বাবে কম্পিউটাৰৰ কাৰ্য্যগতি লেহেমীয়া হৈ পৰা দেখা যায়।

প্ৰতিকাৰতকৈ প্ৰতিৰোধেই উত্তম সেইবাবেই এক্সটাৰ্নেল ড্ৰাইভৰ পৰা যাতে কম্পিউটাৰত ভাইৰাছে প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিহেতু ভাইৰাছসমূহ সংক্ৰমিত বাহ্যিক আহিলাৰ পৰা আহিলাটো খোলাৰ লগে লগেই কম্পিউটাৰত প্ৰৱেশ কৰে সেয়েহে এই আহিলাসমূহ কম্পিউটাৰত সংযোগ কৰাৰ লগে লগেই যাতে স্বয়ংক্ৰিয়ভাৱে খোল নাখায় তাৰ ব্যৱস্থা কৰিব লাগে। যিবোৰ কম্পিউটাৰত বাহ্যিক আহিলাটো স্বয়ংক্ৰিয়ভাৱে খোল খায় যায় সেইসমূহ কম্পিউটাৰত Auto Run বন্ধ কৰি থব লাগে।

Auto Run বন্ধ কৰিবলৈ প্ৰথমে কম্পিউটাৰ START লৈ গৈ RUN ত টিপিব লাগিব। ইয়াৰ পিছত RUN ত gpedit.msc লিখিব লাগিব। ইয়াৰ পিছত OK বুটামত টিপিলে এখন নতুন Window ওলাব। এতিয়া সেইখন Window ৰ পৰা Computer Configuration নিৰ্বাচন কৰক। এতিয়া Administrative Templates-System লৈ যাওঁক। ইয়াত Turn Off Auto Play ত দুবাৰ টিপক। এতিয়া Turn Off Auto Play সক্ৰিয় কৰক। আৰু Turn Off Auto Play on ৰ Drop Down Box ৰ পৰা All Drives নিৰ্বাচন কৰক। ইয়াৰ পিছত OK বুটামত টিপক। এতিয়াৰে পৰা কম্পিউটাৰটোত সকলো ধৰণৰ বাহ্যিক আহিলাৰ স্বয়ংক্ৰিয়ভাৱে খোল খোৱাটো বন্ধ হৈ পৰিব।

বাহ্যিক আহিলাসমূহৰ পৰা কম্পিউটাৰলৈ তথ্য আদান প্ৰদান কৰাৰ সময়তো ভাইৰাছ সংক্ৰমিত হ’ব পাৰে। ইয়াৰ বাবে উক্ত ড্ৰাইভটো নুখুলাকৈ কম্পিউটাৰলৈ তথ্য আদান প্ৰদান কৰিবলৈ এটা সৰু চফটৱেৰ ইনষ্টল কৰি ল’ব লাগিব। চফটৱেৰটো এক্সপ্লোৰাৰ.কট এই লিংকটোৰ পৰা ডাউনলোড কৰিব পাৰিব। এই চফটৱেৰটো Run কৰিলে কম্পিউটাৰত থকা সকলোবোৰ ড্ৰাইভ দেখিবলৈ পোৱা যাব। ইয়াৰ পৰাই বাহ্যিক ড্ৰাইভটোত প্ৰৱেশ কৰি তথ্য প্ৰতিলিপি কৰিব পৰা যাব। ইয়াৰে কোনোবাটো ফাইলত যদি ভাইৰাছ থাকে তেন্তে সেইটো নটিফিকেছন হিচাপে চফটৱেৰটোৱে দেখুৱাই দিব। উক্ত ফাইলটো কম্পিউটাৰলৈ আনিব নালাগে। ইয়াত থকা কোনোটো ফোলডাৰৰ নামৰ পিছত যদি .exe দেখা পোৱা যায় তেন্তে নিশ্চিত ভাৱে সেইটো ভাইৰাছ। এনে ফোলডাৰসমূহ কম্পিউটাৰলৈ আনিব নালাগে।

যিসকলে ভাইৰাছ আক্ৰান্ত ফাইল সহজে চিনি নাপায় তেওঁলোকে কম্পিউটাৰত এনেকুৱা একোটা Theme ব্যৱহাৰ কৰিব পাৰে, য’ত ফোলডাৰসমূহৰ ৰঙ পৰিৱৰ্তন হৈ থাকে। এনে ক্ষেত্ৰত বাহ্যিক ড্ৰাইভ আৰু কম্পিউটাৰৰ ফোলডাৰৰ ৰঙো পৰিৱৰ্তন হৈ যায়। যিবোৰ ফোলডাৰৰ ৰঙ পৰিৱৰ্তন নহয় সেইবোৰেই হ’ল ভাইৰাছ। ফোলডাৰৰ ৰং পৰিৱৰ্তন কৰা Theme ইন্টাৰনেটৰ পৰা (http://bit.ly/gT38ri)ডাউনলোড কৰি ল’ব পাৰিব।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate