অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কম্পিউটাৰৰ তথ্য চুৰ কৰা নতুন ভাইৰাছ

কম্পিউটাৰৰ তথ্য চুৰ কৰা নতুন ভাইৰাছ

ই-মেইল আৰু ইন্টাৰনেট বেংকিংৰ তথ্য চুৰ কৰিবলৈ সক্ষম এটা অতি ভয়াবহ ভাইৰাছ সম্প্ৰতি দেখা পোৱা গৈছে। ভাৰতৰ চাইবাৰ সুৰক্ষাৰ লগত জড়িত এদল বিশেষজ্ঞই এই কথা প্ৰকাশ কৰিছে।

গোলৰোটেড নামৰ অতি ক্ষতিকাৰক এই ট্ৰজান ভাইৰাছ টোপ দিয়া মেইল হিচাপে বিয়পি পৰিব পাৰে। কম্পিউটাৰ আৰু ইন্টাৰনেট ব্যৱহাৰকাৰীক বিভিন্ন প্ৰলোভন দি ই-মেইলৰ সংলগ্ন কৰি বিভিন্ন আকাৰৰ লগতে মাইক্ৰছফট অফিচ ডকুমেন্ট হিচাপেও এইটো ব্যৱহাৰকাৰীয়ে পাব পাৰে। ভাৰতবৰ্ষৰ কম্পিউটাৰ ইমাৰজেন্সি ৰেচপনছ টিমৰ বিশেষজ্ঞসকলে জনাইছে যে যদিহে এই ক্ষতিকাৰক ভাইৰাছটি ব্যৱহাৰকাৰীৰ কম্পিউটাৰত সংস্থাপন হয় তেন্তে ইয়াৰ দ্বাৰা আক্ৰান্ত কম্পিউটাৰ বা আন আহিলাৰ নাম, স্থানীয় সময়, তাৰিখ, আইপিএড্ৰেছ, কম্পিউটাৰত থকা বিভিন্ন সুৰক্ষামূলক চফটৱেৰ আৰু ব্যৱহাৰকাৰীৰ বিভিন্ন ব্যক্তিগত তথ্য ই এটা ঠাইত সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ উপৰিও আটাইতকৈ ক্ষতিকাৰক কথাটো হ’ল ইন্টাৰনেট বেংকিং আৰু ইন্টাৰনেট যোগে কৰা আৰ্থিক লেনদেন সংক্ৰান্তীয় বিষয়সমূহকো এই ভাইৰাছটোৱে লক্ষ্য কৰি লয়।

এই ভাইৰাছটোৰ যোগেৰে হেকাৰসকলে মূলত বেংকিং চাইট, অনলাইন পেমেন্ট চাইট, ই-মেইল একাউন্ট, সামাজিক যোগসূত্ৰৰ চাইটসমূহ লক্ষ্য কৰি লৈ ইয়াৰ পৰা গোপনীয় তথ্য সমূহ সংগ্ৰহ কৰে।

বিশেষজ্ঞসকলে সেইবাবেই অচিনাকি সূত্ৰৰ পৰা অহা যিকোনো ই-মেইলৰ সংলগ্ন ৱৰ্ড ডকুমেন্ট বা আন সামগ্ৰী ডাউনলোড আৰু ইয়াক খোলাৰ ক্ষেত্ৰত সচেতন হৈ থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। ই-মেইলত অহা বিভিন্ন লিংক খুলি সেইবোৰ চাইটত যোৱাৰ আগতেও সচেতনতা অৱলম্বন কৰা উচিত।

উৎস: পিটিআই।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate