এনে অভিজ্ঞতা আমাৰ সকলোৰে আছে যে, কোনো তথ্য বা দস্তাবেজ আপুনি পেনড্ৰাইভত ভৰাই আন কম্পিউটাৰ বা প্ৰিন্ট কৰিবৰ কাৰণে লৈ যোৱাৰ পিছত দেখা যায় যে আপোনাৰ পেনড্ৰাইভটো ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু আপুনি পেনড্ৰাইভত সযতনে লৈ যোৱা ফাইলবোৰ উক্ত কম্পিউটাৰত খোল খোৱা নাই। ভাইৰাছ আক্ৰান্ত সেই ফাইলসমূহ আপুনি এন্টিভাইৰাছৰ দ্বাৰা মুচি পেলাব পাৰে কিন্তু আপোনাৰ প্ৰয়োজনীয় ফাইলসমূহ যি কাৰণত পেনড্ৰাইভত লৈ গৈছিল সেই উদ্দেশ্য সফল নহ’ল। কাৰণ আপুনি দেখিব যে এন্টিভাইৰাছেৰে স্কেন কৰাৰ পিছত আপোনাৰ পেনড্ৰাইভটো সম্পূৰ্ণৰূপে শূণ্য দেখা যাব অৰ্থাৎ পেনড্ৰাইভটোত একোৱেই নাথাকিব।
আপুনি শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই
এনেকুৱা যদি কেতিয়াবা হয় তেতিয়া কম্পিউটাৰত পেনড্ৰাইভটো লগাই পেনড্ৰাইভৰ ওপৰত মাউচৰ সোঁ বুটাম ক্লিক কৰি প্ৰ’পাৰ্টিজলৈ গ’লে দেখা পাব যে, পেনড্ৰাইভত কিছু ফাইল বা তথ্য আছে। কিন্তু সেইবোৰ দেখিবলৈ পোৱা নাযায়। সেই ফাইলসমূহ চাবলৈ হ’লে আপুনি মাই কম্পিউটাৰলৈ যাওক আৰু তাতে থকা Tools ৰ পৰা Folder অপচনত ক্লিক কৰি View লৈ গৈ Show hidden Files and Folder অপচনটোত ক্লিক কৰক। আৰু Hide extension তথা Hide Protected বাকচৰ পৰা নিৰ্বাচন কৰা অপচনটো গুচাই দিয়ক। এতিয়া OK বুটামত ক্লিক কৰক। লগে লগে আপুনি দেখিব পেনড্ৰাইভত লুকাই থকা আপোনাৰ ফাইল আৰু ফোলডাৰসমূহ দেখা পোৱা গৈছে আৰু সেইসমূহৰ কোনো ক্ষতি হোৱা নাই বৰং ব্যৱহাৰৰ উপযোগী হৈ আছে।
এনেবোৰ সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ পেনড্ৰাইভত আপুনি স্থানান্তৰ কৰিব বিচৰা ফাইল বা ফোলডাৰসমূহ Zip ফৰমেটত নিয়াটো উচিত কাৰণ Zip কৰা ফাইল বা ফোলডাৰত ভাইৰাছে আক্ৰমণ নকৰে। যিকোনো ফাইল বা ফোলডাৰ Zip কৰিব বিচাৰিলে তাৰ ওচৰত মাউচৰ কাৰ্চাৰটো নি মাউচৰ সোঁ বুটাম টিপি Send to Compress ত ক্লিক কৰক। লগে লগে ফাইলটো Zip হৈ যাব। স্থানান্তৰ কৰাৰ পিছত উক্ত Zip ফাইলটো Unzip কৰিবলৈ হ’লে কাৰ্চাৰটো ফাইলৰ ওপৰত থৈ মাউচৰ সোঁ বুটামটো ক্লিক কৰি Extract All ত ক্লিক কৰি Unzip কৰিব পাৰিব আৰু ফাইলটো আনৰ অৱস্থালৈ ঘূৰি আহিব।
উৎস: ইন্টাৰনেট।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
জাপানীছ এনকেফেলাইটিছ
কোনবোৰ কথা বিজ্ঞানসন্মত
ইয়াত কম্পিউটাৰ সম্পৰ্কীয় আলোচনা কৰা হৈছে।
কম্পিউটাৰৰ তথ্য চুৰ কৰা নতুন ভাইৰাছ