আন কাৰোবাক নিজৰ পৰিচয়ৰ প্ৰমাণ দিয়াৰ প্ৰণালীটোক প্ৰামাণ্যকৰণ বা ইংৰাজীত অথেনটিকেচন (authentication) বুলি কোৱা হয়। প্ৰামাণ্যকৰণৰ এটা প্ৰক্ৰিয়া হʼল পাচৱৰ্ড (password) বা গুপ্তশব্দ। গুপ্তশব্দ হʼল আখৰ, সংখ্যা ইত্যাদিৰে বনোৱা এটা অনুক্ৰম যিটোৱে পৰিচয় দিয়া আৰু পৰিচয় লোৱা দুয়ো পক্ষৰে মাজত এটা গুপ্ততত্ব হিছাপে কাম দিয়ে। ইণ্টাৰনেটৰ প্ৰায় সকলো সেৱাৰ গুৰিতে, যেনে ই-মেইল, ফেচবুক, ই-বেঙ্ক ইত্যাদিত, প্ৰামাণ্যকৰণৰ বাবে বৰ্ত্তমানে গুপ্তশব্দ ব্যৱহাৰ কৰা হয়।
উদাহৰণ স্বৰূপে, কোনো ই-মেইল সেৱাত ( যেনে ধৰক gmail.com-ত ), পৰিচয় প্ৰমাণৰ বাবে সেৱাটিয়ে প্ৰথমে ব্যৱহাৰ-কৰ্ত্তাক এই গুপ্ত তত্বটোৰ বাবে প্ৰত্যাহ্বান কৰে। উত্তৰত ব্যৱহাৰ-কৰ্ত্তাজনে নিজৰ গুপ্তশব্দ আগবঢ়াই। সেৱাত আগতেই সংগ্ৰহ কৰি থোৱা তেওঁৰ গুপ্তশব্দৰ লগত এই গুপ্তশব্দটো যদি মিলে, তেওঁৰ প্ৰামাণ্যকৰণ সফল হয় আৰু উচিত মানেৰে সেৱাটি ব্যৱহাৰ কৰাৰ অনুমতি পায় (যেনে নিজৰ ই-মেইল পঢ়িব পাৰে)। গুপ্তশব্দটো যদি নিমিলে, তেওঁৰ প্ৰামাণ্যকৰণ অসফল হয় আৰু তেওঁ সেৱাটি ব্যৱহাৰ কৰাৰ অনুমতি নাপায়।
চিত্ৰ ১: প্ৰামাণ্যকৰণৰ বাবে গুপ্তশব্দ প্ৰক্ৰিয়াৰ এটা উদাহৰণ
কোনো দীঘল অনুক্ৰম হুবহু মনত ৰখাতো সাধাৰণতে আমাৰ কাৰণে টান। এই কথাত গুপ্তশব্দও ব্যতিক্ৰম নহয়। সেয়ে আমি নিজৰ গুপ্তশব্দবোৰ সাধাৰণতে চুটি আৰু সহজ ৰাখোঁ যাতে সহজে মনত পেলাব পাৰোঁ। কিন্তু চুটি আৰু সহজ গুপ্তশব্দ আনৰ কাৰণেও অনুমান কৰা বা ভাঙি উলিওৱাটো সহজ। বিপক্ষত থকা হেকাৰ (hacker) বোৰে সেই বাবে এনেকুৱা গুপ্তশব্দবোৰ বৰ ভাল পায়। এবাৰ অনুমান কৰা বা ভঙাৰ পাছত, গুপ্তশব্দটো ব্যৱহাৰ-কৰ্ত্তা আৰু সেৱাৰ মাজত গুপ্ততত্ব হৈ নাথাকে। বিপক্ষত থকা হেকাৰজনেও গুপ্তশব্দটো জানি সেৱাটিত গুপ্তশব্দটোৰ আচল গৰাকীৰ ভাও ধৰিব পাৰে।
এই দুৰ্বলতাৰ কাৰণেই গুপ্তশব্দক প্ৰামাণ্যকৰণৰ প্ৰক্ৰিয়া হিছাপে আঁতৰোৱাৰ নানা প্ৰাসঙ্গিক প্ৰচেষ্টা চলি আছে। এই প্ৰচেষ্টাবোৰৰ মাজেৰে গুপ্তশব্দৰ কিবা বিকল্প ক্ৰমশঃ পূৰঠ হৈ ভৱিষ্যতে জনপ্ৰিয় ভাবে গৃহীত হোৱাৰ সম্ভাৱনা আছে। তেনে পৰিস্থিতিত, গুপ্তশব্দৰ আৱশ্যকতা কমি যাব।
ইতিমধ্যে কিন্তু আমি নিজৰ গুপ্তশব্দবোৰ এনে ধৰণে বাছি লʼব লাগে যাতে হেকাৰবোৰে বুজি পোৱাটো অসম্ভৱ হৈ পৰে। সেই উদ্দেশ্যেৰে আমাক দীঘলীয়া আৰু শক্তিশালী গুপ্তশব্দ বাছি লʼবলৈ সেৱাবোৰে জোৰেৰে উদগনি দিয়ে, আনকি বাছি লোৱাৰ সময়ত আমাৰ গুপ্তশব্দৰ শক্তিৰ বিষয়ে সঁহাৰিও দিয়ে।
এইখিনিতে এটা কʼবলগীয়া কথা যে সেৱাত সংগ্ৰহ কৰি থোৱা গুপ্তশব্দবোৰ চুৰ কৰি হেকাৰে পোনপটীয়াকৈ এই গুপ্তশব্দবোৰ বুজি লʼব নোৱাৰে। ইয়াৰ কাৰণ হʼল যে সংগ্ৰহ কৰোতে হুবহু নাৰাখি গণিতৰ বিশেষ পদ্ধতি এটাৰে গুপ্তশব্দবোৰ বেলেগ ৰূপলৈ সলোৱা হয়। এই পৰিৱৰ্ত্তিত ৰূপৰপৰাও চুটি আৰু সহজ গুপ্তশব্দবোৰ হেকাৰে বৰ বেচি কষ্ট নকৰাকৈ উলিয়াই লʼব পাৰে। কিন্তু এই ৰূপৰ পৰা দীঘলীয়া আৰু শক্তিশালী গুপ্তশব্দ উলিয়াই লোৱাতো অসম্ভৱ হৈ পৰে।
এতিয়া প্ৰশ্ন হʼল – দীঘলীয়া আৰু শক্তিশালী গুপ্তশব্দ আমি কেনেকৈ বাছি লওঁ? কাগজত অদ্ভুত দীঘল অনুক্ৰমবোৰ লিখি ৰাখি মনত ৰখাৰ বাহিৰে (কাগজখনো হেৰুৱাৰ সম্ভাৱনা আছে!), নিলিখাকৈ মনত ৰাখিব পৰা শক্তিশালী গুপ্তশব্দ বাছি লʼব পৰা কোনো উপায় আছেনে? মই ভাবো আছে। তাৰ বাবে, এয়া কেইটামান বুদ্ধি:
মাথোন এটা শব্দ ব্যৱহাৰ নকৰি, বাক্যৰ অংশ এটা ব্যৱহাৰ কৰক। মাথোন এটা শব্দ হেকাৰৰ কাৰণে অভিধানত সন্ধান কৰা সহজ, আৰু কম্পিউটাৰত তেনে সন্ধান খৰকৈ হয় ! একাধিক শব্দ থকা বাক্যৰ অংশবোৰ সন্ধান কৰা তাতকৈ টান। সাধাৰণতে, দীঘলীয়া গুপ্তশব্দবোৰক ভঙা বেছি টান। বাক্যৰ অংশ ব্যৱহাৰ কৰিলে মনত ৰাখিব পৰা দীঘলীয়া গুপ্তশব্দ বনোৱাত সহায় হয়।
জনা-শুনা বাক্যাংশ ব্যৱহাৰ নকৰাৰ চেষ্টা কৰিব। যিমানেই বাক্যাংশটো আপোনাৰ বাবে একক হোৱাৰ সম্ভাৱনা বেছি, সিমানেই সম্ভাৱনা কম যে কোনোবাই সেইটোক অনুমান কৰি লʼব পাৰিব।
একক বাক্যাংশৰ এটা নিৰন্তৰ খনি হʼল কেঁচুৱা, ডাঙৰ হʼওঁতে আৰু কথা কোৱা শিকোঁতে। একো-একোটা কেঁচুৱাই একক পাক দি বাক্যৰ অংশ আৰু শব্দৰ সান-মিহলি কৰি উলিয়াই লয়, যি মাত্ৰ মৰম লগাই নহয়। এইবোৰ একক আৰু হেকাৰে অনুমান কৰি লোৱাৰ সম্ভাৱনা কম। ইয়াৰপৰা কিছু ব্যৱহাৰ কৰক।
কম-বেছি ভাৱে একক বাক্যাংশৰ আন এটি আঁতি-গুৰি হʼল বিশ্বৰ নানা ভাষাৰ সাহিত্য। আমাৰ মাজৰ বহুতো লোক বহুভাষীক আৰু ইংৰাজীৰ বাহিৰেও আন ভাষাত লিখা পদ্য আৰু গদ্য জানে। তেনে লিখনিৰ পৰা আপোনাৰ কোনো স্মৰণীয় বাক্যাংশ বা পদ (কিজানি জীৱনৰ কোনো বিশেষ মুহূৰ্তৰ পৰা), আপোনাৰ বাবে একক হোৱা সম্ভৱ।
মই নিশ্চিত যে নিজৰ জীৱনত আপুনি অন্য আঁতি-গুৰি বিছাৰি পাব, যাৰ একক বাক্যাংশ বোৰ জনা আপোনাৰ আৰু কিজানি আপোনাৰ লগত ঘনিষ্ঠ কেইজনমানৰ কাৰণেহে সম্ভৱ, আৰু হেকাৰে জনা বা অনুমান কৰা অতি অসম্ভৱ।
তেনেকুৱা এটা বাক্যাংশ ঠিক কৰাৰ পাছত, হেকাৰৰ জীৱনটো আৰু অলপমান টান কৰি দিব পাৰে। হুবহু ব্যৱহাৰ নকৰি, বাক্যাংশটোৰ শব্দৰ কিছু আখৰ সলনি কৰি একে ধৰণৰ দেখা অঙ্ক বা বিশেষ চিহ্ন (special character) তাৰ ঠাইত দি দিয়ক। সলনি কৰা বুদ্ধিটো ইয়াতে দেখুৱা হৈছে এটা বিশেষকৈ জনা-শুনা বাক্যাংশৰ সৈতে (সেয়ে, এই বাক্যাংশটো ব্যৱহাৰ নকৰিব!): “A quick brown fox jumps” গুপ্তশব্দ হিছাপে ব্যৱহাৰ নকৰি “4 qu!ck br0wn f0x jump5″ বুলি বাছি ল’ব পাৰে। ʼAʼ-ক ʼ4ʼ-ৰে সলনি কৰা মনত ৰাখিবলৈ টান নহয়। একেদৰে ʼiʼ-ক ʼ!ʼ-ৰে। বুদ্ধিটো বুজিছে ছাগৈ।
এই ধৰণে, গুপ্তশব্দ শক্তিশালী কৰা কেইটামান বুদ্ধি দিয়া হʼল যাৰ দ্বাৰা নিজৰ গুপ্তশব্দবোৰ আপোনাৰ কাৰণে মনত ৰখা টান নহʼব কিন্তু একে সময়তে হেকাৰে জনা বা অনুমান কৰি লোৱা অসম্ভৱ হৈ পৰিব।
গুপ্তশব্দ শক্তিশালী ৰাখিলেই ইন্টাৰনেটত নিজৰ সুৰক্ষা আপুনি সম্পূৰ্ণভাৱে নিশ্চিত কৰিব নোৱাৰে। হেকাৰবোৰে আন উপায়েৰে সেৱাত সুৰঙা উলিয়াই তাৰ তথ্যখিনি অনুমতি নোলোৱাকৈ আদায় কৰি লʼব পাৰে। এই আক্ৰমণবোৰৰ পৰা প্ৰতিৰক্ষাৰ বেছিভাগ প্ৰক্ৰিয়া সেৱাৰ প্ৰদাতাবোৰেহে যুগুত কৰিব পাৰে, ব্যৱহাৰ-কৰ্ত্তাবোৰে নোৱাৰে। নিজৰ গুপ্তশব্দবোৰ শক্তিশালী ৰখাটো এটা প্ৰতিৰক্ষা ব্যৱস্থা, যিটো আমি নিজেই কৰিব পাৰো। সেয়ে আহক, আমি এইটো কৰি নিজকে আৰু অলপ সুৰক্ষিত ৰাখো !
লেখক: শ্ৰী সত্যজিৎ নাথ।