মানুহে নিজৰ মস্কিটোৰ মাত্ৰ ১০ শতাংশহে ব্যৱহাৰ কৰে নেকি? তেতিয়াহ’লে বাকী ৯০ শতাংশৰ আৰু কিছুও ব্যৱহাৰ কৰিব পাৰিলে দেখোন আমাৰ বুদ্ধি, জ্ঞান, মানসিক শক্তি আৰু বহুখিনি বঢ়াই তুলিব পাৰিম। তেনেকৈ মস্তিস্কটোৰ অব্যৱহৃত অংশৰ ব্যৱহাৰ কৰিব পাৰিলে আমাৰ গতিশক্তি বহুখিনি বাঢ়ি যাব আৰু তেতিয়া পৰীক্ষাত ভাল কৰি, কর্মক্ষেত্ৰত নাম কৰি আমি অধিক প্রতিষ্ঠাও লাভ কৰিব পাৰিম।
কিন্তু আমি আমাৰ মস্তিষ্কৰ মাত্ৰ ১০ শতাংশহে ব্যৱহাৰ কৰা বোলা কথাটো একেবাৰে মিছা কথাহে। চিকিৎসা বিজ্ঞানৰ নানা কথাৰেই এনে মিছা বিশ্বাস চলি আহিছে। অৱশ্যে আমাৰ চিন্তাৰ যন্ত্ৰ আৰু স্মৃতিৰ ভঁৰাল মস্তিস্কটোৰ বিষয়ে আমাৰ ভ্রান্ত বিশ্বাসৰ সীমা-সংখ্যা নাই।
মস্তিষ্কৰ আমি মাত্র ১০ শতাংশহে ব্যৱহাৰ কৰোঁ বোলা বৈজ্ঞানিক সত্য যেন লগা ধাৰণাটো ক’ৰবাৰ পৰা কেনেবাকৈ এই কাৰণেই ইমানকৈ প্ৰচাৰ হৈছিল যে কথাটোৰ এটা সুন্দৰ আৱেদন আছে। সেয়া হ’ল ১০ শতাংশ মস্তিষ্ক ব্যৱহাৰ কৰিয়ে যদি আমি ইমানখিনি বুদ্ধিমান হ’লোঁ, তেনেহ’লে বাকী ৯০ শতাংশৰো যিমানেই বেছি অংশ ব্যৱহাৰ কৰিব পাৰিম, সিমানেই বেছি বুদ্ধিমান, সৃষ্টিশীল আৰু সফল হ’ব পাৰিম। তাৰ বাবে নানা উপায়-পৰামৰ্শ বহুতে দিছে যদিও সেই সমস্ত কথা সম্পূর্ণ ভিত্তিহীন।
প্ৰথমতেই এই কথা পৰিষ্কাৰ কৰি লোৱাৰ প্রয়োজন হয়—১০ শতাংশৰ কথা যে কোৱা হয়, কিহৰ দহ শতাংশ? যদি মস্তিষ্কটোৰ অঞ্চলবোৰৰ ১০ শতাংশৰ কথা বুজোৱা হৈছে, তেনেহ’লে এই ধাৰণা বৰ সহজেই নাকচ কৰিব পাৰি। ফাংছনেল মেগনেটিক ৰিজ’নেন্স ইমেজিং (এফএম আৰ আই) নামৰ এটা পদ্ধতি ব্যৱহাৰ কৰি কয় বিজ্ঞানীসকলে কোনো ব্যক্তিক এটা স্কেনিং মেচিনত সুমুৱাই দি সেই ব্যক্তিয়ে কিবা এটা কাম কৰিলে বা কিবা এটা চিন্তা কৰিলে তেওঁৰ মস্তিষ্কটোৰ কোন অংশ সক্ৰিয় হৈ উঠে, সেইটো চাব পাৰে। আপোনাৰ হাতখন মুঠি মাৰি ধৰা বা মুঠিটো খোলা, নাইবা কেইটামান শব্দ কোৱাৰ নিচিনা কাম এটা কৰোঁতেও আপোনাৰ মস্তিষ্কটোৰ দহ শতাংশতকৈ বেছি অংশ ব্যৱহৃত হয়। আনকি, আপুনি যেতিয়া একো কৰি থকা নাই বুলি ভাবে, সেইখিনি সময়তো আপোনাৰ মস্তিস্কটোৱে নানা কাম কৰি থাকে, সেয়া হয়তো আপোনাৰ উশাহ-নিশাহ লোৱাৰ দৰে কাম নিয়ন্ত্ৰণ কৰা বা হৃদযন্ত্ৰৰ চলনৰ হাৰ নিয়ন্ত্ৰণ কৰা, নাইবা আপোনাৰ কৰিবলগীয়া কামৰ তালিকাখনৰ কথা ভবাও হ’ব পাৰে। মুঠৰ ওপৰত, আপোনাৰ মস্তিষ্কটোৰ কামেই কাম, তাৰ মুঠেই আহৰি নাই।
আনহাতে, যদি ১০ শতাংশ বোলোঁতে মস্তিষ্কৰ অঞ্চলবোৰৰ ১০ শতাংশৰ কথা নুবুজাই ‘মস্তিষ্ক কোষ’ৰ ১০ শতাংশৰ কথা বুজোৱা হৈছে, তেনেহ’লে সেইটোও নচলে। মস্তিষ্কটোৰ স্নায়ু কোষ নিউৰনবোৰৰ কিছুমান যেতিয়া এলাগি হৈ থাকে, সিহঁতৰ বিভংগন আৰম্ভ হয়, তেতিয়া সিহঁতৰ মৃত্যু হয়। নাইবা ওচৰৰ কোনো অঞ্চলে সিহঁতক আগুৰি লয়। মস্তিষ্কৰ কোনো কোষেই সেইবাবে একেবাৰে অকৰ্মণ্য হৈ থাকিবলৈ দিয়া নহয়, সিহঁতক তেনেকৈ বহুৱাই ৰাখিব নোৱাৰি কাৰণ সিহঁত বৰ মূল্যৱান। আচলতে আমাৰ মস্তিষ্কৰ বাবে আমাৰ যথেষ্ট সম্পদৰ খৰচ হয়। ছাজিঅ'ডেলা ছেলা নাম সজ্ঞনতা-স্নায়ু বিজ্ঞানীগৰাকীৰ মতে আমাৰ মস্তিষ্কটোৰ কলাবোৰ জীৱিত অৱস্থাত ৰাখিবৰ বাবে আমি উশাহ লোৱা অক্সিজেনৰ ২০ শতাংশ খৰচ হয়।
আমেৰিকাৰ বাল্টিম'ৰৰ জন হুপকিন্ছ স্কুল অৱ মেডিচিনৰ স্নায়ু বিজ্ঞানী বেৰি গর্ডনে কৈছে যে এই ১০ শতাংশৰ বিশ্বাসটো বৰ আকর্ষণীয়। কিন্তু বৰ হাস্যকৰো। কোনেনো ক’ত এই ভুল বিশ্বাসটো আৰম্ভ কৰি দিলে কোৱাটো বৰ টান। কিন্তু বহুতে ইয়াৰ জনক হিচাপে আমেৰিকাৰ মনোবিজ্ঞানী আৰু লেখক উইলিয়াম জেম্ছলৈ আঙুলি টোৱায়। তেওঁ ১৯০৮ চনত প্ৰকাশিত তেওঁৰ পুথি ‘দ্য এনার্জিজ অৱ মেন"ত মন্তব্য কৰিছিল যে ‘আমি আমাৰ সম্ভৱপৰ মানসিক আৰু শাৰীৰিক সম্পদ অতি ক্ষুদ্ৰ অংশ এটাহে ব্যৱহাৰ কৰোঁ।’ বহুতে আকৌ আইনষ্টাইনলৈও আঙুলিয়াই দিয়ে- কাৰণ তেওঁ তেওঁৰ মহাজাগতিক চূড়াসদৃশ বুদ্ধিদীপ্ততাৰ ব্যাখ্যা দিবলৈ এই বুলি উল্লেখ কৰিছিল বুলি কোৱা হয়। কিন্তু আইনষ্টাইনৰ নথি-পত্ৰৰ গৱেষকসকলে ইয়াৰ কোনো প্ৰমাণ পোৱা নাই।
১০ শতাংশৰ এই ভ্রান্ত বিশ্বাসটো যে ইমান দিন ধৰি সমাজত চলি আহিছে, তাৰ কাৰণ হ’ল মানুহৰ নিজৰ মস্তিষ্কৰ বিষয়ে গঢ়ি উঠা ধাৰণা। তেওঁলোকে নিজৰ চকুত পৰা অদক্ষতা বা ভুল-ত্ৰুটিবোৰকে মস্তিষ্ক বা মগজুৰ বহু অংশ ব্যৱহৃত নোহোৱাৰ সাক্ষ্য বুলি ভাবে। এয়া হ’ল এক অশুদ্ধ ধাৰণা। শুদ্ধ কথাটো হৈছে এয়ে যে আমাৰ জীৱনৰ কোনো কোনো মূহুর্ত, যেনে আমি জিৰণি লৈ কিবাকিবি ভাবি-চিন্তি থকা অৱস্থাত আমি আমাৰ মস্তিষ্কৰ মাত্র ১০ শতাংশহে ব্যৱহাৰ কৰিব পাৰোঁ।
পৰীক্ষাত ওলাই পৰে যে আমি আমাৰ মস্তিস্কৰ প্রায় সমস্ত অংশই ব্যৱহাৰ কৰোঁ। তদুপৰি প্ৰায় সকলো সময়তে আমাৰ মস্তিষ্কটোৰ প্ৰায় গোটেইটোৱেই সক্ৰিয় হৈ থাকে। এইখিনি কথা কৈছে স্নায়ু বিজ্ঞানী বেৰি গর্ডনে। তেওঁ কৈছে আমি এনেকৈহে ক’ব পাৰোঁ: আমাৰ মস্তিষ্কটো আমাৰ শৰীৰৰ ওজনৰ তিনি শতাংশ আৰু ই শৰীৰৰ শক্তিৰ ২০ শতাংশ ব্যৱহাৰ কৰে।
মানুহৰ মস্তিষ্কটোৰ গড় ওজন প্রায় ১৩০০ গ্রাম। ইয়াৰ চেৰিব্ৰাম নামৰ ডাঠ, ডাঙৰ অংশটোত উচ্চ পৰ্যায়ৰ সমস্ত সজ্ঞানতামূলক কার্য সম্পাদন হয়। সজ্ঞানতামূলক শব্দৰ অৰ্থ হ’ল অজ্ঞান আহৰণ আৰু বোধ-সৃষ্টি সম্বন্ধীয়। মস্তিষ্কৰ আন এক গুৰুত্বপূর্ণ অংশ হ’ল ছেৰিবেলাম-ই আহ-যাহ, অংগ সঞ্চালন আৰু ভাৰসাম্য ৰক্ষা আদিৰ দৰে ক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰে। তাৰ বাহিৰেও থাকে মস্তিষ্কৰ ঠাৰিডাল ইয়াৰ কাম হ’ল মানুহজনে নিজে চেষ্টা নকৰাকৈ সহজাতভাৱে চলি থকা কামবোৰ, যেনে— উশাহ-নিশাহ লোৱা কাম আদি চলাই ৰখা।
মস্তিষ্কটোৱে খৰচ কৰা শক্তিৰ অধিকাংশ খৰচ হয় তাৰ কোটি কোটি স্নায়ুকোষ নিউৰন সক্ৰিয় কৰি তোলাত বা ‘জ্বলাই তোলাত। এই নিউৰনবোৰে ইটোৱে সিটোৰ লগত বার্তা বিনিময় কৰাৰ বাবে এনেদৰে “জ্বলি উঠা'ৰ প্ৰয়োজন হয়। বিজ্ঞানীসকলে ভাবে যে নিউৰনবোৰে এনেকৈ সক্ৰিয় হৈ উঠা আৰু সংযোগ স্থাপন কৰা বাবেই উচ্চ পৰ্যায়ৰ কামবোৰ সম্ভৱ হৈ উঠে। বাকী অংশ শক্তি অন্য কার্যকলাপবোৰ, যেনে- হৃদযন্ত্ৰৰ ধপ্ধপনিৰ হাৰৰ দৰে অসজাগভাৱে কৰা কাম আৰু গাড়ী চলোৱাৰ দৰে সজাগভাৱে কৰা কাম, নিয়ন্ত্ৰণ কৰাত ব্যৱহৃত হয়।
এই কথা সঁচা যে মস্তিষ্কটোৰ সকলো অঞ্চল একেখিনি সময়তে সক্ৰিয় হৈ নাথাকে। কিন্তু মস্তিষ্কৰ গৱেষকসকলে ফটো তুলি পৰীক্ষা কৰি দেখিছে যে শৰীৰৰ অংগসমূহৰ দৰে আমাৰ মস্তিষ্কৰো প্ৰায় সকলো অঞ্চলেই ২৪ ঘণ্টীয়া সময় এছোৱাত চালে সদায় সক্ৰিয় হৈ থাকে। আমেৰিকাৰ মিনেছ'টাৰ ৰ'চেষ্টাৰৰ মেয়ো ক্লিনিকৰ স্নায়ু বিজ্ঞানী জন হেনলিয়ে কয়— ‘পৰীক্ষাত প্রমাণিত হৈছে যে দিনটোত আমাৰ মস্তিস্কটোৰ ১৫০ শতাংশই আমি ব্যৱহাৰ কৰোঁ। ব্যাখ্যা আগবঢ়াই তেওঁ কয় যে আনকি টোপনিটো আমাৰ মস্তিষ্কৰ ফ্ৰণ্টেল কর্টেক্স আদি অঞ্চল সক্ৰিয় হৈ থাকে। ফ্রন্টেল কর্টেক্সে আমাৰ চিন্তাৰ উচ্চ পর্যায় আৰু আত্মসজাগতা নিয়ন্ত্ৰণ কৰে। তাৰ ফলতে টোপনিতো আমি আমাৰ পৰিৱেশ বা চৌপাশৰ বিষয়ে অৱগত হৈ থাকে।
ৰাতিপুৱা কেতিয়াবা চাহকাপ নিজে কৰি খায়নে? যদি কৰে, চাহ কৰা বাচনটোৰ ফালে আগবাঢ়ি যোৱা, সেইটো ঢুকি পোৱা আৰু ধৰি ঠিক ঠাইলৈ অনা, কেট্লিটোৰ পৰা পানী বাকিতাত চাহ কৰা, আনকি সময়ত সিদ্ধান্ত লৈ তাত গাখীৰ ঢালিবলৈ ঠাই ৰখা এইবোৰ কথাত আপোনাৰ মস্তিষ্কৰ অক্সিপিটেল আৰু পেৰায়েটেল ল’ব, মটৰ ছেন্সৰি আৰু ছেন্সৰি মটৰ কটিক্সবোৰ, বেছেল গেংলিয়া, ছেৰিবেলাম আৰু ফ্ৰণ্টেল ল’ব নামৰ অঞ্চলবোৰ সক্ৰিয় হৈ উঠে। সেইখিনি সময়তে আপোনাৰ মস্তিষ্কটোৰ ভিতৰত নিউৰনবোৰৰ কার্যকলাপৰ এক বিজুলী-ধুমুহা চলি যায় সি সমগ্র মস্তিষ্কটোতেই চলে। এই কাম কেইছেকেণ্ডমান সময়ৰ ভিতৰতে হ’ব পাৰে। নাইবা, কেইমিনিটমানতে।
তেনেহ’লে কোনো মানুহৰ মস্তিষ্কৰ কোনো অংশ নষ্ট হ’লে বা কোনো ৰোগৰ বাবে ৰোগীৰ মস্তিস্ক কিছু অংশ আঁতৰাই দিব লগা হ’লে তেওঁৰ কি হ’ব? হেনলি আৰু আন বিশেষজ্ঞসকলে পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰিছে যে তেনে মানুহৰ মস্তিষ্কৰ সুস্থ বা অৱশিষ্ট অঞ্চলবোৰ হেৰোৱা অংশবোৰৰ দায়িত্ব গ্রহণ কৰে। তেতিয়া মানুহজনৰ বাবে কোনো অসুবিধা নোহোৱাকৈ কার্য ৰূপায়ণ সম্ভৱ হয়।
বিশেষজ্ঞসকলে জানে যে একে একে ধৰণৰ কাম কৰা নিউৰনবোৰ একেলগে থাকে। স্নায়ু শল্য চিকিৎসকসকলে সেইবাবে অস্ত্ৰোপচাৰ কৰোঁতে দৃষ্টি, শ্ৰৱণ আৰু গতি বা সঞ্চালনৰ নিউৰন গোটবোৰ নষ্ট নোহোৱাকৈ ৰাখিবলৈ যত্ন কৰে যাতে মস্তিষ্কটোৱে তাৰ কাৰ্যৰ যিমান বেছি পাৰে সিমান স্বাভাবিক কৰি ৰাখিব পাৰে।
কিন্তু মস্তিষ্কটোৰ বিভিন্ন অঞ্চলৰ নিউৰনৰ গোট বা সমষ্টিবোৰে কিদৰেনো সহযোগ কৰি সচেতনতা সৃষ্টি কৰে, সেই কথা বুজা যোৱা নাই। সচেতনতাৰ বাবে কোনো নির্দিষ্ট অঞ্চল আছে বুলিও বুজা যোৱা নাই। গতিকে বিশেষজ্ঞসকলে ভাবে যে সচেতন হ’ল নিউৰনবোৰৰ এক সামগ্রিক কার্য।
বাকলি গুচোৱা আথৰোটটোৰ দৰে দেখা যোৱা আমাৰ মস্তিষ্কটোৰ আন এটা ৰহস্য হ’ল মস্তিষ্কটোৰ আটাইবোৰ কোষৰ ভিতৰত মাত্ৰ ১০ শতাংশহে নিউৰন। মস্তিষ্কটোৰ ৯০ শতাংশই হ’ল গ্নিয়েল কোষ। এইবোৰে নিউৰনবোৰক আৱৰি ৰাখি সিহঁতক সহায় কৰি থাকে। কিন্তু গ্লিয়েল কোষবোৰৰ প্ৰকৃত কামনো কি সেই কথা জনা হোৱা নাই। গতিকে, আমি আমাৰ মস্তিষ্কটোৰ ১০ শতাংশহে ব্যৱহাৰ কৰোঁ বোলা কথাটো শুদ্ধ নহয়, শুদ্ধ কথাটো হ’ল এয়ে যে আমি আমাৰ মস্তিষ্কটোৰ কোষবোৰৰ ১০ শতাংশৰহে কাম-কাজৰ বিষয়ে জানো।
আপোনাৰ বা আপোনাৰ সন্তানৰ বুদ্ধিবৃত্তি বা দক্ষতা (সন্তানৰ পৰীক্ষাৰ নম্বৰ) বঢ়াবলৈ গাড়ীৰ অধিকা চকাটোৰ দৰে মৰি কোনো অব্যৱহৃত অংশ নাই। কিন্তু হতাশ নহ’ব, দক্ষতা (নম্বৰ?) বঢ়োৱাৰ আন উপায় আছে। তাৰ বাবে শৰীৰ আৰু মন সুস্থ সবল সক্ৰিয় কৰি ৰাখক আৰু উপযুক্ত শাৰীৰিক আৰু মানসিক ব্যায়াম আৰু জিৰণিৰ প্ৰতি মনোযোগ দিয়ক। স্পেয়াৰ টায়াৰৰ দৰে আপোনাৰ মস্তিষ্কৰো অব্যৱহৃত অংশ আছে বুলি তালৈ আশা কৰি নাথাকিব।
লিখক: ড° দীনেশ চন্দ্ৰ গোস্বামী।
শেহতীয়া উন্নীতকৰণ: : 5/16/2020
পেলু আৰু ইয়াৰ চিকিৎসা
মানসিক স্বাস্থ্যৰ মৰ্যাদা
ছাত্ৰ-ছাত্ৰী তথা সন্তানৰ শিক্ষাত শিক্ষক আৰু অভিভাৱ...
আপোনাৰ সন্তানক ক’ত নামভৰ্তি কৰাব?