মূল পৃষ্ঠা / শিক্ষা / শিক্ষাৰ উৎকৃষ্ট অনুশীলন / শিক্ষা আৰু দক্ষতা বৃদ্ধিঃ গ্ৰাম্য ভাৰতক বিকশিত কৰাৰ আহিলা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষা আৰু দক্ষতা বৃদ্ধিঃ গ্ৰাম্য ভাৰতক বিকশিত কৰাৰ আহিলা

শিক্ষাৰে যে গ্ৰাম্য ভাৰতক বিকশিত কৰিব পাৰি সেই বিষয়ে কিছু আলোচনা আগবঢ়োৱা হৈছে।

ভাৰতবৰ্ষৰ আত্মা ইয়াৰ গাওঁ বিলাকতহে বাস কৰে। কেইবা দশক পূৰ্বে মহাত্মা গান্ধীয়ে কৰা এই বিখ্যাত মন্তব্য আজিও প্ৰাসংগিক হৈ আছে। এতিয়াও ভাৰতবৰ্ষৰ ৬৮.৮ শতাংশ লোকে গ্ৰাম্যাঞ্চলত বসবাস কৰে। সুন্দৰ প্ৰাকৃতিক পৰিবেশত প্ৰৱাহিত গাওঁৰ সহজ সৰল জীৱন প্ৰণালী আজিও বহুতৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। দৰিদ্ৰতাই কোঙা কৰিলেও পাৰস্পৰিক সহযোগিতাৰে সকলো দুখ নেওচি এক অনাবিল সুখৰ মাজেৰে জীৱন অতিবাহিত কৰিব পৰা ভাৰতবৰ্ষৰ গাৱলীয়া লোকৰ অভূতপূৰ্ব দক্ষতা এতিয়া উন্নত দেশৰ জনসাধাৰণৰ বাবে ঈৰ্ষাৰ বিষয়বস্তু। গ্ৰাম্যাঞ্চলৰ বিকাশৰ ভেটি কিছু টনকিয়াল কৰিব পাৰিলেই ভাৰতবৰ্ষক ‘চুপাৰ পাৱাৰ’ হোৱাৰ পৰা কোনেও বাধা দি ৰাখিব নোৱাৰে।

গ্ৰাম্য ভাৰতত পৰিৱৰ্তনৰ জোৱাৰ

দ্ৰুত গতিত পৰিৱৰ্তন হ’ব ধৰিছে গ্ৰাম্য জীৱন। আগতে মাত্ৰ চহৰাঞ্চলতহে উপলদ্ধ উপভোগ্য সকলোবোৰ সা-সামগ্ৰী এতিয়া গ্ৰাম্যাঞ্চলত উভৈনদী। কম্পিউটাৰ, ইন্টাৰনেট, মোবাইল ব্যৱহাৰকাৰীৰ সংখ্যা এতিয়া চহৰতকৈ গাঁৱত অধিক। কৃষি এতিয়া গাঁৱৰ ৰাইজৰ জীৱিকাৰ একমাত্ৰ উৎস নহয়।  তিনি শতিকা জোৰা গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বন্ধাত্যৰ বোজা লাহে লাহে অৱসান হ’ব ধৰিছে। গ্ৰাম্যাঞ্চলৰ বৰ্দ্ধিত চাহিদাই বৰ্তমান ভাৰতবৰ্ষৰ উদ্যোগিক জগতে সন্মুখীন হোৱা মহা-সংকটত অধিক বিপৰ্য্যয়ৰ পৰা বচাই ৰাখিছে। সেয়েহে বহুজাতিক সংস্থা সমুহে ভাৰতবৰ্ষৰ গ্ৰাম্যাঞ্চলৰ  ‘ভাৰ্জিন মাৰ্কেট’ ত প্ৰৱেশৰ বাবে উঠি পৰি লাগিছে। নেছনেল চেম্প’ল চাৰ্ভেৰ শোহতীয়া তথ্যই দেখুৱাইছে যে গ্ৰাম্যাঞ্চলৰ লোকসকলে অনা খাদ্য সামগ্ৰীত কৰা ব্যয় বহু গুণে বৃদ্ধি পাইছে। এই ব্যয় ১৯৯৩-৯৪ ত ৩৬.৮ শতাংশৰ পৰা বৃদ্ধি হৈ ২০১১-১২ ত হৈছেগৈ ৫০.৪ শতাংশ। গ্ৰাম্যাঞ্চলৰ লোকসকলে এতিয়া খাদ্য সামগ্ৰীতকৈ অনা খাদ্য সামগ্ৰী যেনে টিভি, ফ্ৰীজ, মোবাইল, ইন্ধন, কাপোৰ, জোতা-চেন্ডেল আৰু অন্যান্য সেৱাসমূহৰ বাবে অধিক ব্যয় কৰে। প্ৰথম বাৰৰ বাবে মোবাইল আৰু কেবল বা ডিছ্ টিভিৰ মাহিলী বিলে ব্যৱহাৰকাৰীৰ ব্যয়ত অগ্ৰাধিকাৰ লাভ কৰিছে।  কৰ্মৰ অভাৱত মানুহবিলাকে ঠায়ে ঠায়ে জুম বান্ধি অদৰকাৰী আলোচনাত ব্যস্ত হৈ থকা সেই চিনাকী দৃশ্য ক্ৰমান্বয়ে গাওঁ বিলাকৰ পৰা নাইকীয়া হ’ব ধৰিছে। তাৰ সলনি গ্ৰাম্যাঞ্চলৰ মানুহ বিলাক এতিয়া ব্যস্ত টিভি বা মোবাইল ইন্টাৰনেটকলৈ। টেলিকম ৰেগুলেটৰী অথ’ৰিটী ৰ তথ্য মতে ২০১৩ বৰ্ষৰ জুন মাহলৈকে ভাৰতবৰ্ষত মোবাইল সংযোগৰ সংখ্যা ৮৭.৩ কোটি। ইয়াৰ ৩৫.১ কোটি হৈছে গ্ৰাম্যাঞ্চলৰ। একেদৰে গাওঁৰ ৪.৬ কোটি লোকে নিয়মিতভাৱে ইন্টাৰনেট ব্যৱহাৰ কৰে। আমাৰ দেশৰ জনসংখ্যাৰ গাঁঠনিলৈ যদি লক্ষ্য কৰা হয় তেনেহলে এইটো স্পষ্ট যে অধিকাংশই ১৮-৪৫ বছৰৰ ভিতৰত। অৰ্থনৈতিকভাৱে সক্ৰিয় এই শ্ৰেণীটো মনোৰঞ্জনৰ শেহতীয়া সকলোবোৰ সা-সৰঞ্জামৰ লগত অভ্যস্ত। সেয়েহে চহৰাঞ্চল আৰু গ্ৰাম্যাঞ্চলৰ যুৱ চামৰ জীৱন ধাৰণৰ প্ৰণালীৰ মাজত ব্যৱধান নাইকীয়া হ’ব ধৰিছে। উপভোগৰ পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তন আহিছে নিয়োগ ক্ষেত্ৰ খনলৈয়ো। যুৱচাম একেবাৰে আগ্ৰহী নহয় কৃষি কৰ্মৰ প্ৰতি। NSSO ৰ শেহতীয়া তথ্যই দেখুৱাইছে যে ২০০৪-০৫ বৰ্ষৰ পৰা ২০১১-১২ বৰ্ষৰ সময়চোৱাত কৃষি খণ্ডত নিয়োজিত লোকৰ পৰিমাণ বহুগুণে হ্ৰাস পাইছে। এই সময়চোৱাত কৃষি শ্ৰমিকৰ সংখ্যা ৮.৬ শতাংশ হ্ৰাস পায়।  বৰ্তমান ভাৰতবৰ্ষৰ মুঠ শ্ৰম শক্তিৰ ৫১ শতাংশই অনা কৃষি কাৰ্যৰ লগত জড়িত। এনৰেগা বা চৰকাৰৰ আন জনপ্ৰিয় আঁচনিসমূহৰ ফলত গ্ৰাম্যাঞ্চলৰ মানুহৰ হাতলৈ ধনৰ আগমন বৃদ্ধি পাইছে। ইয়াৰ ফলত মহিলা শ্ৰম শক্তিৰ এক বৃহৎ অংশই কৃষি কৰ্মৰ পৰা অব্যাহতি লৈছে। ইয়াৰ উপৰিও গ্ৰাম্যাঞ্চলত নিৰ্মাণ কাৰ্য যথেষ্ট বৃদ্ধি পাইছে। নিৰ্মাণ খণ্ডৰ কামসমূহ কৃষিৰ তুলনাত কম কষ্টকৰ আৰু মজুৰিও অধিক। সেয়েহে ভূমিহীন কৃষক-বনুৱাসকলে কৃষি কাৰ্যৰ পৰিৱৰ্তে যোগদান কৰিছে নিৰ্মাণ খণ্ডত। নিৰ্মাণ কাৰ্যত জড়িত শ্ৰমিকৰ পৰিমাণ যোৱা পাঁচ বছৰত ৬ শতাংশ বৃদ্ধি হৈছে।  এতিয়া গ্ৰাম্যাঞ্চলৰ মুঠ শ্ৰমিকৰ ১১ শতাংশই নিৰ্মাণ কাৰ্যত নিয়োজিত। শ্ৰমিকৰ তীব্ৰ নাটনিৰ বাবেই বহুতো কৃষকে কৃষি কাৰ্য বাদ দি বাধ্য হৈছে অন্য ব্যৱসায়ত ধৰিবলৈ। বহুতে কৃষি ভূমি উদ্যোগপতিক হস্তান্তৰ কৰি তাতেই নিয়োগৰ ব্যৱস্থা কৰি লৈছে। গ্ৰাম্যাঞ্চল আৰু চহৰাঞ্চলৰ মাজত গাড়ী মটৰৰ আহ-যাহ বৃদ্ধি পোৱাত ভিতৰুৱা ঠাই সমূহতো ব্যৱসায়ে ঠন ধৰি উঠিব সুবিধা পাইছে। কৃষিৰ ওপৰত নিৰ্ভৰশীল লোকৰ সংখ্যা হ্ৰাস পোৱাটো আৰু সেৱা খণ্ডত নিয়োগৰ পৰিমাণ বৃদ্ধি অৰ্থনৈতিক উন্নয়নৰ নিৰ্দেশক। ভাৰতবৰ্ষৰ গ্ৰাম্যাঞ্চলত আৰম্ভ হোৱা অৰ্থনৈতিক বিকাশৰ  ধাৰা অধিক ত্বৰাণ্বিত কৰিবলৈ প্ৰয়াজন আন্তঃগাঁঠনিৰ উন্নয়ন। এই বিকাশ তেতিয়াহে দীৰ্ঘকাললৈ অবিৰত কৰি ৰখাটো সম্ভৱ হব, যেতিয়া গ্ৰাম্যাঞ্চলৰ লোকসকলক অধিক শিক্ষিত কৰি তুলিব পৰা যাব আৰু নতুনকৈ সৃষ্টি হোৱা নিয়োগৰ সা সুবিধা বা প্ৰত্যাহ্বানৰ প্ৰতি দক্ষতা বৃদ্ধি কৰিব পৰা যাব।

বিকাশৰ বাবে শিক্ষা আৰু দক্ষতা

যিহেতু গ্ৰাম্যাঞ্চলৰ পৰিৱৰ্তন হৈছে গতিকে যুৱচামক নতুনকৈ সৃষ্টি হোৱা সুযোগসমূহৰ উপযোগীকৈ প্ৰস্তত কৰি তোলাটো অত্যন্ত দৰকাৰী। আনকি কৃষি খণ্ডলৈও ব্যাপক পৰিৱৰ্তন আহিছে। আজোককাৰ দিনৰ পৰা চলি অহা কৃষি পদ্ধতি এতিয়া কোনোমতে কাৰ্যকৰী নহয়। একেদৰে কুটীৰ শিল্প, ক্ষুদ্ৰ শিল্পসমূহত যদি পিতৃপদত্ত কৌশলকে ব্যৱহাৰ কৰি থকা হয় বৰ্তমান সময়ত ব্যৱসায়ত তিস্তি থকাতো একেবাৰে অসম্ভৱ। উদ্যোগ, নিৰ্মাণ, সেৱা আদি খণ্ডসমূহ প্ৰযুক্তিগত দিশত বহু আগ বাঢ়ি গৈছে। এইবোৰত নিয়োগৰ বাবে প্ৰয়োজন বিশেষ দক্ষতাৰ। গ্ৰাম্যাঞ্চলত কৃষি খণ্ডতকৈ অনা কৃষি খণ্ডৰ প্ৰাদুৰ্ভাৱ বেছি হ’ব ধৰিছে। সেয়েহে যুৱচামৰ দক্ষতা বৃদ্ধি কৰি নিয়োগৰ উপযোগীকৈ তৈয়াৰ কৰিবলৈ শিক্ষাৰ প্ৰসাৰত অগ্ৰাধিকাৰ দিবই লাগিব। এই শিক্ষা হব লাগিব গুণগত শিক্ষা—যিয়ে ল’ৰা-ছোৱালীক অধিক জনাৰ বাবে আগ্ৰহী কৰি তোলে, ট্ৰেইনিংৰ জৰিয়তে দক্ষতা বৃদ্ধি কৰি নিয়োগক্ষম কৰি তোলে আৰু একাংশক উচ্চ শিক্ষাৰ বাবে উপযোগী কৰি তোলে।

প্ৰাথমিক শিক্ষা

শিক্ষাৰ অধিকাৰ আইন বলবৎ কৰাৰ পিছৰ পৰা ভাৰত চৰকাৰে প্ৰাথমিক শিক্ষা খণ্ডত ব্যয়ৰ পৰিমান বৃদ্ধি কৰিছে। জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলোৱা হৈছে। ইয়াৰ জৰিয়তে বহুতো লৰা ছোৱালীক বিদ্যালয়লৈ আকৰ্ষিত কৰিব সক্ষম হৈছে। বিশেষকৈ অনুন্নত আৰু সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ লৰা ছোৱালীক বিদ্যালয়লৈ আনিব পৰাতো এক সফলতা হিচাপে বিবেচিত হৈছে। Annual Status of Education Report, 2012 ৰ তথ্য মতে ভাৰতবৰ্ষৰ গ্ৰাম্যাঞ্চলত ৬-১৪ বছৰৰ শিশু সকলৰ ৯৬.৫ শতাংশই বিদ্যালয়ত নামভৰ্তি কৰিছে। কিন্তু শিক্ষাৰ মান নিৰ্ণয় কৰা হয় এটা শিশুয়ে কিমান বছৰ বিদ্যালয়ত কটায় তাৰ ওপৰত ভিত্তি কৰি। প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তিৰ পৰিমান বাঢ়িছে যদিও ৬.৮ শতাংশ লৰা-ছোৱালীয়ে এবছৰো শিক্ষা সমাপ্ত নকৰাকৈ বিদ্যালয় ত্যাগ কৰে। তাৰোপৰি নামভৰ্তি কৰা মুঠ লৰা-ছোৱালীৰ এক-তৃতীয়াংশই প্ৰাথমিক শিক্ষা( ১মৰ পৰা ৫ মলৈ) সমাপ্ত নকৰে। আকৌ শিক্ষা গ্ৰহন কৰি থকা সকলৰো অধিকাংশৰ শ্ৰেণীকোঠাত উপস্থিতি নিয়মিয়া নহয়। বিদ্যালয়ত নিয়মিয়া অনুপস্থিতিৰ কাৰণ হিচাপে প্ৰায়ে জগৰীয়া কৰা হয় কৃষি কৰ্মক। মাক-দেউতাকে লৰা ছোৱালীক খেতি পথাৰ বা ঘৰুৱা কাম কাজত সহায় কৰি দিবলৈ বিদ্যালয়লৈ নপঠায়। কিন্তু শিশু শ্ৰমিকৰ ওপৰত কৰা বিভিন্ন অধ্যয়নে দেখুৱাইছে যে ৫ ৰ পৰা ১৪ বছৰৰ বিদ্যালয়লৈ নোযোৱা ল’ৰা-ছোৱালীৰ ৩৭ শতাংশই একো কাম নকৰে আৰু মাত্ৰ ৩২ শতাংশই কেৱল ঘৰুৱা কাম কাজত সহায় কৰে। ড্ৰপ আউটৰ অন্য কাৰণসমূহ হৈছে শিক্ষা ব্যয় বহন কৰিবলৈ অভিভাৱকৰ অপৰাগতা, শিক্ষানুষ্ঠানলৈ অধিক দূৰত্ব, বোধগম্য নোহোৱা ভাষাত থকা পাঠ্যক্ৰম, শিক্ষাৰ গুৰুত্ব বুজিবলৈ পিতৃ-মাতৃৰ অপৰাগতা আৰু নিম্ন মানদণ্ডৰ বিদ্যালয়। শিক্ষাৰ অধিকাৰ আইনৰ পিছত অভিভাৱকৰ ওপৰত থকা শিক্ষা ব্যয়ৰ বোজা বহুখিনি লাঘৱ হোৱাৰ লগতে বিদ্যালয়বিলাকৰ মাজত থকা দূৰত্বও হ্ৰাস পাইছে। ভাৰতবৰ্ষত ইমানবিলাক কথিত ভাষা আছে যে সংবিধানত স্বীকৃত ভাষাকেইটাৰ মাধ্যমত থকা পাঠ্যক্ৰমো আয়ত্ত কৰিবলৈ ভিতৰুৱা অঞ্চলৰ লৰা ছোৱালীয়ে যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হয়। আন্তঃৰাষ্ট্ৰীয় এক সমীক্ষাই দেখুৱাইছে যে গ্ৰাম্য ভাৰতৰ ৰাজহুৱা বিদ্যালয় সমূহৰ ৮২ শতাংশৰে আন্তঃগাঁঠনি নিম্ন মানদণ্ডৰ। পৰ্যাপ্ত সা সুবিধা নথকাৰ বাবেই এই বিদ্যালয়বোৰে ছাত্ৰ ছাত্ৰীক  আকৰ্ষণ কৰিব নোৱাৰে বা ছাত্ৰ ছাত্ৰী পাঠদান উপভোগৰ পৰা বঞ্চিত হয়। সময়মতে পাঠ্যপুথি যোগান ধৰিব নোৱাৰা আৰু শিক্ষকৰ অনুপস্থিতি এই বিদ্যালয়বোৰৰ নিম্নস্তৰৰ মানদণ্ডৰ অন্যতম কাৰণ। পৰিসংখ্যামতে ভাৰতবৰ্ষৰ গ্ৰাম্য বিদ্যালয়সমূহত ২৩ শতাংশ শিক্ষকেই নিয়মিতভাৱে কৰ্তব্যত অনুপস্থিত। বহু বিদ্যালয়ত আকৌ এজন শিক্ষকেই পাঁচোটা শ্ৰেণী চম্ভালিব লাগে। শাৰীৰিক অসুস্থতা বা বিভাগীয় কাম কাজৰ বাবে তেওঁ বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলে সেইদিনা বিদ্যালয় বন্ধ। ভাৰতবৰ্ষত এতিয়াও চাৰিৰ পৰা সাত লাখ প্ৰাথমিক শিক্ষকৰ নাটনি। নিম্ন স্তৰৰ শিক্ষানুষ্ঠান মানে ছাত্ৰ ছাত্ৰীৰ শিক্ষা লাভৰ পৰিমাণো নগণ্য। পঞ্চম মানৰ ছাত্ৰ এজনে বাক্য এটি শুদ্ধকৈ পঢ়িব বা লিখিব নোৱৰাটো একেবাৰে বিৰল নহয়। এনেদৰে শিক্ষা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে নিয়োগ লাভ কৰাৰ সম্ভৱনাও নগণ্য।  ফলত সৰ্বসাধৰণ ৰাইজৰ মতামত পঢ়ি শুনি একো লাভ নাই! সৰ্ব শিক্ষাক ৰাইজে অভিহিত কৰিছে সৰ্বনাশ শিক্ষা ৰূপে। গ্ৰাম্য বিদ্যালয়বোৰত ন্যূন্যতম যি মানদণ্ড বৰ্তি আছিল সৰ্বশিক্ষাৰ কৃপাত সিও নাইকীয়া হ’ল। বিদ্যালয় মানে এতিয়া কেৱল খেলা ধুলা  আৰু আহাৰ গ্ৰহণ। একো পঢ়া শুনা নকৰিলেও সয়মমতে পৰীক্ষা বিলাকত ছাত্ৰ ছাত্ৰীয়ে প্ৰমোচন পাই গৈ থাকিব। সৰ্বশিক্ষাৰ কাণ্ডাৰীসকলে নিজৰ লৰা ছোৱালীক উৎকৃষ্ট পাঠ্যক্ৰমৰ ব্যক্তিগত বিদ্যালয়ত পঢ়াই দৰিদ্ৰ লৰা-ছোৱালীক কিয় ধ্বংসৰ মাজলৈ ঠেলি পঠিয়াইছে সেয়া অভেদ্য সাঁথৰ। গ্ৰাম্য উন্নয়নৰ ভেঁটি মজবুত কৰিবলৈ ৰাজহুৱা শিক্ষা ব্যৱস্থা উন্নত কৰিবই লাগিব।

উচ্চ শিক্ষা

অবিৰত উন্নয়নত উচ্চ শিক্ষাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰাকৃতিক সম্পদ নোহোৱাকৈ এখন দেশে উন্নয়ন লাভ কৰিব পাৰে কিন্তু উপযুক্ত মানৱ সম্পদ অবিহনে কোনো দেশেই অৰ্থনৈতিক বিকাশ লাভ কৰাটো সম্ভৱ নহয়। অৰ্থনৈতিক বিকাশৰ অপিহাৰ্য এই মানৱ সম্পদ তৈয়াৰ কৰে উচ্চ শিক্ষাই।  উচ্চ শিক্ষাৰ বিকাশে প্ৰাথমিক আৰু কাৰিকৰী শিক্ষাৰ মানদণ্ড বৃদ্ধিত সহায় কৰে। উচ্চ শিক্ষাই প্ৰস্তুত কৰে প্ৰাথমিক, মাধ্যমিক আৰু কাৰিকৰী শিক্ষাৰ বাবে প্ৰয়োজনীয় শিক্ষকসকলক। উদ্যমী, পৰিশ্ৰমী আৰু জ্ঞানপিপাসু শিক্ষকেহে সমাজক আগুৱাই লৈ যোৱাত সহায় কৰে। শিক্ষা আৰু আয়ৰ সম্পৰ্ক পোনপটীয়া। উচ্চ শিক্ষিত লোকৰ আয়ৰ পৰিমাণো কেইবাগুণে বেছি হয়। কিন্তু আমাৰ ভাৰতবৰ্ষত মাধ্যমিক শিক্ষা সমাপ্ত কৰি উচ্চ শিক্ষাত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে সীমিত। ১৯৫০ চনত উচ্চ শিক্ষাৰ বাবে অহা ছাত্ৰ ছাত্ৰীৰ পৰিমাণ আছিল ০.৭ শতাংশ। ২০১২ চনত এই পৰিমাণে কোনো মতে ২০ শতাংশৰ সীমা চুইছেগৈ। উন্নত দেশৰ তুলনাত ভাৰতবৰ্ষৰ উচ্চশিক্ষিত লোকৰ অনুপাত একেবাৰে কম। গ্ৰাম্যাঞ্চলত এই পৰিমাণ আৰু নগণ্য। উচ্চ শিক্ষা নথকা লৰা ছোৱালীয়ে কম মজুৰিৰ চাকৰিত নিয়োগিত হ’বলৈ বাধ্য হয়। ফলত তেঁওলোকৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ কোনো পৰিৱৰ্তন নহয়। দৰিদ্ৰতাৰ পাকচক্ৰৰ পৰা ওলাই আহিবলৈ তেওঁলোক সক্ষম নহয়। ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিভাৰ আকাল নাই। প্ৰতি বছৰে বিশ্বৰ আগশাৰীৰ সকলোবোৰ বিশ্ববিদ্যালয়ে ভাৰতীয় ছাত্ৰ ছাত্ৰীক নাম ভৰ্তি কৰাবলৈ তীব্ৰ প্ৰতিযোগিতাত লিপ্ত হয়। বিশেষকৈ কাৰিকৰী আৰু গৱেষণাৰ ক্ষেত্ৰত বিদেশত ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ যথেষ্ট সুনাম আছে। গ্ৰাম্যাঞ্চলৰ লৰা ছোৱালীৰ প্ৰতিভা অব্যৱহৃত হৈ পৰি আছে। গ্ৰাম্য ভাৰতত উচ্চ শিক্ষাৰ সা সুবিধা অতি নগন্য। মহাবিদ্যালয়ত নাম ভৰ্তিৰ বাবে ভিতৰুৱা গাঁৱৰ ছাত্ৰ এজনে বহু কিলোমিটাৰ পথ অতিক্ৰম কৰিবলগীয়া হয়। ফলত খৰচৰ পৰিমাণো বহুগুণে বৃদ্ধি পায়। এই ব্যয় অভিভাৱকে বহন কৰিব নোৱাৰাৰ বাবেই বহুতে উচ্চ শিক্ষাৰ আশা পৰিত্যাগ কৰিবলগীয়া হয়। ই অত্যন্ত দূৰ্ভাগ্যজনক আৰু অৰ্থনীতিৰ বাবে ক্ষতিদায়ক।

দক্ষতা বৃদ্ধি

যি শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধি কৰিব নোৱাৰে সেই শিক্ষাৰ কোনো মূল্য নাই। আমাৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বোৰত প্ৰৱৰ্তন হৈ থকা বেচিভাগ পাঠ্যক্ৰমেই ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধি কৰাত ব্যৰ্থ হৈছে। স্ব-নিয়োজনৰ বাবে উৎসাহিত কৰিবলৈ আনুষ্ঠানিক শিক্ষা বিফল। গ্ৰাম্য ভাৰতত সাধাৰণ পাঠ্যক্ৰমৰ বিদ্যালয়তকৈ বৃত্তিমূখী পাঠ্যক্ৰমহে অধিক প্ৰয়োজনীয়। আমাৰ দেশৰ বিশাল জনগণক কাৰীকৰী জ্ঞানেৰে প্ৰশিক্ষিত কৰি উদ্যোগ সমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতা সম্পন্ন  শ্ৰমিকলৈ ৰুপান্তৰ কৰিব পাৰিলে সমাজৰ মানৱতাৰ শত্ৰু স্বৰুপ নিৱনুৱা সমস্যা আৰু দৰিদ্ৰতা নিৰ্মূল কৰা সম্ভৱ হ’ৱ। ইয়াৰ বাবে ব্যয় কৰিবলৈ ভাৰতবৰ্ষৰ কৰ্প’ৰেট চেক্টৰক বাধ্য কৰাব লাগিব। ভাৰতবৰ্ষৰ কৰ্প’ৰেট হাউচ সমুহে শ্ৰমিকৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষনৰ নামত মাত্ৰ ১০ শতাংশহে ব্যয় কৰে। ইয়াৰ অধিকাংশই আকৌ উচ্চ প্ৰদস্থ বিষয়াসকলৰ বাবেহে। চীনৰ কৰ্প’ৰেটে শ্ৰমিকৰ প্ৰশিক্ষনত ৯০ শতাংশ ব্যয় বহন কৰি আহিছে। প্ৰশিক্ষিত শ্ৰমিকৰ দক্ষতা বৃদ্ধি পায় আৰু উত্পাদন অধিক হয়। প্ৰশিক্ষন ব্যয় নকৰি কেৱল শ্ৰমিক সকলক অধিক কামত খটুৱাই মুনাফা অৰ্জনৰ যি পলিচি ভাৰতীয় কোম্পানীবোৰে গ্ৰহন কৰি আহিছে তাক ৰোধ কৰাটো অত্যন্ত প্ৰয়েজনীয়। বিদ্যালয়ৰ পৰা ড্ৰপ আউট ছাত্ৰ-ছাত্ৰী সকলক ওভতাই আনি বৃত্তিমুখী প্ৰশিক্ষন দিয়া যাক উন্নত দেশবোৰত ‘চেকেন্ড চান্স’ হিচাপে জনজাত তাক কাৰ্য্যকৰী কৰিবলৈ গুৰুত্ব দিয়া উচিত। গ্ৰাম্য ভাৰতবৰ্ষৰত যিহেতু স্থায়ী উপভোগ্য সামগ্ৰী সমূহ যেনে টিভি, ফ্ৰীজ, মোবাইল, গাড়ীইত্যাদিৰ ব্যৱহাৰ বৃদ্ধি পাৱ ধৰিছে গতিকে এইবোৰ মেৰামতিৰ ক্ষেত্ৰত সৃষ্টি হ’ৱ পৰা নিয়োগৰ সুবিধা সমূহৰ বাবে যুৱচামক প্ৰস্তত কৰাটো দৰকাৰী। একেদৰে ব্যৱসায় এটি আৰম্ভ কৰিবলৈ মূলধনতকৈ যে ব্যৱসায়িক কৌশল আয়ত্ব কৰাহে অধিক গুৰুত্বপূৰ্ণ তাৰ শিক্ষা দিবলৈ, ব্যৱসায় পৰিচালনাৰ প্ৰশিক্ষন দিবলৈ বা কুটীৰ আৰু ক্ষুদ্ৰ উদ্যোগসমূহক বৰ্তমানৰ পৰিস্থিতিত বৃহ্ত উদ্যোগৰ মুখামুখী হব পৰাকৈ কেনেদৰে গঢ়ি তোলাটো প্ৰয়োজন এইবোৰত শিক্ষা দিবলৈ গ্ৰাম্যাঞ্চলত প্ৰশাক্ষন কেন্দ গঢ়ি তোলাটো সময়ৰ দাবী হৈ পৰিছে। কৃষি এতিয়াও ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড স্বৰুপ। কৃষি খন্ডলৈ অহা পৰিৱৰ্তন, আধুনিক কৃষি পদ্ধতি, নতুন প্ৰযুক্তি আদিৰ মোকাবিলা কৰিব পৰাকৈ কৃষকসকলক প্ৰশিক্ষিত কৰিব পাৰিলে ভাৰতীয় গ্ৰাম্য অৰ্থনীতিয়ে নতুন মোৰ লাভ কৰিব।

লিখকৰ পৰিচয়

চন্দন শৰ্মা

সহকাৰী অধ্যাপক

মৰিগাওঁ মহাবিদালয়

3.06329113924
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top