বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ যুগত দৈনন্দিন জীৱনত আমি খোজ পাতি বিজ্ঞানৰ ন ন অৱদানসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ চলোঁ। দেশৰ আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰতো বিজ্ঞান-প্ৰযুক্তিৰ প্ৰয়োগ অবিহনে আগবঢ়া অসম্ভৱ। বিজ্ঞান-প্ৰযুক্তিৰ অৱদানতেই অবিহনে আগবঢ়া অসম্ভৱ। বিজ্ঞান-প্ৰযুক্তিৰ অৱদানতেই যাতায়ত ব্যৱস্থাৰ উন্নতি হৈছে, অন্তৰীক্ষত স্থাপিত উপগ্ৰহৰ জৰিয়তে দূৰ সঞ্চাৰ ব্যৱস্থাই পৃথিৱীক এখন গোলকীয় গাঁৱলৈ পৰিৱৰ্তিত কৰিছে। অন্তৰীক্ষত গৱেষণা ঘাটি স্থাপন কৰি বছৰৰ পিছত বছৰ ধৰি গৱেষণা কাৰ্য্য চলাই থাকিব পাৰিছে। আনকি সৌৰজগতৰ গ্ৰহাণুৰ পৰা মূল্যৱান ধাতু সংগ্ৰহ কৰি আনি পৃথিৱীত ব্যৱসায় কৰাৰ আঁচনি পৰ্য্যন্ত যুগুত কৰা হৈছে। কোনো কোনো বিজ্ঞানীৰ মতে মানৱ জাতিৰ অস্তিত্ব আৰু মানৱ সভ্যতাৰ অগ্ৰগতি অব্যাহত ৰাখিবলৈ হ’লে সুদূৰ ভৱিষ্যতত সৌৰজগতৰ আন গ্ৰহতো মানুহৰ বসতি স্থান বিচৰাৰ বিকল্প নাই।
ক্ৰমবৰ্দ্ধমান জনসংখ্যা, নগৰীকৰণ, জীৱন যাত্ৰাৰ মানদণ্ডৰ উন্নতি আদিৰ ফলত পৃথিৱীৰ প্ৰাকৃতিক সম্পদৰাজিৰ ওপৰত ইতিমধ্যেই হেঁচা পৰিছে। জীৱাশ্ম ইন্ধনৰ অনিয়ন্ত্ৰিত ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বনৰ পৰিমাণ বাঢ়ি আহি গোলকীয় উষ্ণতাৰ সৃষ্টি কৰিছে আৰু অতি শীঘ্ৰেই পৃথিৱীত জলবায়ু পৰিৱৰ্তনৰ অশুভ সূচনা দেখা দিছে। ৰাষ্ট্ৰসংঘৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় স্তৰত ইয়াৰ সমাধান বিচাৰি নিৰন্তৰ আলোচনা চলি আছে। কাৰণ, বতৰ আৰু জলবায়ুৰ ওপৰতে অৱশেষত নিৰ্ভৰ কৰিছে, পৃথিৱী গ্ৰহত মানৱ জাতি আৰু জীৱজগতৰ অস্তিত্ব।
পৃথিৱীৰ পৰিবেষ্টনীৰ পৰা ওলাই সৌৰজগতৰ গ্ৰহ-গ্ৰহান্তৰত পদাৰ্পণ কৰিবলৈ আঁচনি যুগুত কৰোতে আন এবিধ বতৰৰ বিষয়েও চিন্তা কৰিবলগীয়া হৈছে। এয়া হ’ল অন্তৰীক্ষৰ বতৰ। পৃথিৱীত বতৰ মানে আমি বুঁজো বৰষুণ, তুষাৰপাত, শিলাবৃষ্টি, বজ্ৰপাত, ধুমুহা, ঘূৰ্ণী বতাহ, টৰ্নাডো ইত্যাদি। অন্তৰীক্ষৰ বতৰ মানে বুজায় বিদ্যুৎ আধানযুক্ত পাৰমাণিক কণা আৰু সূৰ্য্যৰ চুম্বক ক্ষেত্ৰৰে গঠিত প্ৰবল বেগেৰে বোৱা সৌৰ পৱন। পৃথিৱীৰ বায়ুমণ্ডল আৰু চুম্বক মণ্ডলে অন্তৰীক্ষৰ এনেকুৱা বতৰৰ পৰিৱৰ্তনশীলতাৰ পৰা জীৱজগতক সাধাৰণতে ৰক্ষা কৰি আছে যদিও ইয়াৰ প্ৰচণ্ডতাৰ পৰা হ’ব পৰা সম্ভাব্য বিপদসমূহৰ বিষয়ে অৱগত হোৱাৰ সময় আহি পৰিছে।
বায়ুমণ্ডলৰ আশ্ৰয় বেষ্টনীৰ বাহিৰ ওলাই অন্তৰীক্ষত ভ্ৰমণ কৰা মহাকাশচাৰীয়ে অন্তৰীক্ষৰ এনে বতৰৰ সন্মুখীন হ’ব লাগে। ভূ-পৃষ্ঠৰ পৰা ০৬,০০০ কিলোমিটাৰ উচ্চতাৰ ভূ-স্থিৰ কক্ষপথত স্থাপিত দূৰ সঞ্চাৰ উপগ্ৰহবোৰত অন্তৰীক্ষৰ বতৰৰ প্ৰভাৱ পৰে। সৌৰজগতৰ ৰহস্য অনুসন্ধান কৰিবলৈ বিভিন্ন গ্ৰহৰ ফালে পঠোৱা অন্তৰীক্ষযানবোৰেও এই বতৰৰ প্ৰভাৱত পৰে। পৃথিৱীৰ চুম্বক মণ্ডলৰ লগত ইয়াৰ অন্তৰাক্ৰিয়া হোৱাৰ ফলত ভূ-পৃষ্ঠতো নানা ধৰণৰ অনিষ্ট সাধন হ’ব পাৰে। উদাহৰণস্বৰূপে ১৯৮৯ চনত কানাডাৰ পূৱ ভাগত এক বিস্তৃত অঞ্চলৰ বিজুলী শক্তি যোগান ব্যৱস্থা নিমিষতে বিধ্বস্ত হৈ পৰিছিল প্ৰচণ্ড চুম্বকীয় ধুমুহাৰ প্ৰভাৱত। সেইদৰে ১৯৯৮ চনত আমেৰিকাৰ দূৰসঞ্চাৰ উপগ্ৰহ এটাৰ ইলেক্ট্ৰনিকচ কক্ষপথতে নষ্ট হৈ যোৱাৰ কাৰণ আছিল অন্তৰীক্ষৰ পৰা অহা বিদ্যুৎযুক্ত পৰমাণু কণাৰ বৰ্ষণ।
অন্তৰীক্ষৰ বতৰ আৰু ইয়াৰ পৰিৱৰ্তনশীলতাৰ গুৰিত আন কোনো নহয়, সৌৰজগতৰ কেন্দ্ৰ বিন্দু আৰু সকলো শক্তিৰ উৎস সূৰ্য্যটোৱেই। গতিকে অন্তৰীক্ষৰ বতৰ আৰু পৃথিৱীত ইয়াৰ প্ৰভাৱৰ বিষয়ে জানিবলৈ হ’লে আমি জানিব লাগিব সূৰ্য্যৰ শক্তি বিকিৰণৰ প্ৰভাৱ কেনে ধৰণে পৃথিৱীৰ বায়ুমণ্ডল আৰু চুম্বক মণ্ডলৰ ওপৰত পৰে।
সৌৰজগতৰ আঠোটা গ্ৰহৰ ভিতৰত পৃথিৱী গ্ৰহৰ বৈশিষ্ট্য হ’ল জীৱন ধাৰণৰ অনুকূল পৰিৱেশ সৃষ্টি কৰোতা বায়ুমণ্ডল। পৃথিৱীৰ মহাকৰ্ষণ বলৰ প্ৰভাৱতে সংযুক্ত হৈ থকা এই বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ পৰ্য্যন্ত উচ্চতালৈ বিয়পি আছে। ইয়াৰে প্ৰথম স্তৰটো ভূ-পৃষ্ঠৰ পৰা ২০ কিলোমিটাৰ উচ্চতালৈ আছে যাৰ নাম ট্ৰপ’স্ফিয়াৰ। সেইদৰে ৮০ কিলোমিটাৰৰ ওপৰত আৰম্ভ হয় থাৰ্মোস্ফিয়াৰ আৰু আয়ন’স্ফিয়াৰ। স্পেচ চাটলৰ পৰা লোৱা পৃথিৱীৰ চিত্ৰও স্পষ্টভাৱে ১০০ কিলোমিটাৰ উচ্চতালৈ নীলা ৰঙৰ বায়ুমণ্ডল দেখা যায় আৰু তাৰ ওপৰলৈ আৰম্ভ হয়। অন্তহীন অন্তৰীক্ষৰ ক’লা ৰং। ট্ৰ্প’স্ফিয়াৰত বায়ুমণ্ডলৰ প্ৰধান উপাদান হ’ল নাইট্ৰ’জেন, অক্সিজেন, জলীয়ভাপ, কিছু পৰিমাণে কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য গেছ। বায়ুমণ্ডলৰ এই স্তৰটোৱেই বতৰৰ নিৰ্ণায়ক। সূৰ্য্যৰ তাপত ইয়াতেই সাগৰৰ পানীয় পচা জলীয় ভাপ সৃষ্টি হয়, বতাহ আৰু মেঘৰ সৃষ্টি হয়। বৰষুণ, তুষাৰপাত, ধুমুহা, ঘূৰ্ণীবতাহ আদিৰো উৎপত্তি স্থল ট্ৰপ’স্ফিয়াৰ। সৌৰজগতৰ শক্তিকেন্দ্ৰ সূৰ্য্যৰ পৰা হোৱা শক্তি বিকিৰণ দুইবিধৰ। প্ৰথমবিধ শক্তিৰ ৰূপ বিদ্যুৎ চুম্বকীয় বিকিৰণ যাৰ অন্তৰ্গত দৃশ্যমান পোহৰ, অৱলোহিত, অতি বেঙুনীয়া, এক্সৰে ৰশ্মি, ৰেডিঅ’ তৰংগ, মাইক্ৰ’ৱেভ ইত্যাদি। এইবোৰক চৰ্ট ৱেভ বিকিৰণ বোলে। পৃথিৱীয়ে ইয়াৰ কিছু অংশ অন্তৰীক্ষলৈ প্ৰতিফলন কৰি ঘূৰাই পঠায় আৰু বাকীখিনি শুহি লয়। শুহি লোৱা শক্তিৰ ফলত ভূ-পৃষ্ঠৰ উত্তাপ ক্ৰমশ: বাঢ়ি আহিলে অবলোহিত তৰংগত বিকিৰণ কৰি দিয়ে। এনে বহিৰ্মুখী বিকিৰণক লংৱেভ বিকিৰণ বোলে। এইদৰে পৃথিৱীয়ে বিকিৰণ ভাৰসাম্য ৰক্ষা কৰি ভূ-পৃষ্ঠৰ উত্তাপ সন্তুলিত কৰি জীৱজগতৰ জীৱন ধাৰণ সম্ভৱ কৰে। সূৰ্য্যৰ পৰা অহা বিকিৰণ আৰু পৃথিৱীয়ে ঘূৰাই পঠোৱা বিকিৰণৰ পাৰ্থক্যখিনিক পৃথিৱীৰ বিকিৰণ বাজেট বোলা হয়। ভূ-পৃষ্ঠ, বায়ুমণ্ডল আৰু মেঘ- এই তিনিওটা পৃথিৱীৰ বিকিৰণ বাজেটৰ বিশিষ্ট অংগ।
সূৰ্য্যৰ পৰা অহা আনবিধ শক্তি বিকিৰণৰ ৰূপ কণা বিকিৰণ। সূৰ্য্যৰ অন্তৰ্ভাগত ফিউচন প্ৰক্ৰিয়াত প্ৰতি চেকেণ্ডত ৭০০ নিযুত টন হাইড্ৰ’জেন হিলিয়ামলৈ পৰিৱৰ্তিত হৈ প্ৰচণ্ড তাপ শক্তি উৎপন্ন কৰে। এনেকুৱা তাপ-নিউক্লীয় বিক্ৰিয়াত সূৰ্য্যৰ অন্ত:স্থলৰ উত্তাপ হয়গৈ ১৫ নিযুত কেলভিন (ডিগ্ৰী ছেলছিয়াছ+ ২৭৩=কেলভিন)। এই উত্তাপত পোহৰ, এক্সৰে, ৰেডিঅ’ তৰংগ, মাইক্ৰ’ৱেভৰ লগতে হাইড্ৰ’জেন আৰু হিলিয়ামৰ আয়ন বোৰ সূৰ্য্যৰ চৌদিশে নিগৰ্মন হয়। বিদ্যুৎ আধানযুক্ত হাইড্ৰ’জেন-হিলিয়ামৰ আয়ন আৰু লগতে সূৰ্য্যৰ চুম্বকক্ষেত্ৰ মিলি সৃষ্টি হয় সৌৰপৱন। সূৰ্য্যৰ পৰিসীমাৰ পৰা প্ৰায় ১০০০ কোটি কিলোমিটাৰ দূৰলৈ এনে সৌৰপৱন প্ৰতি ঘন্টাত ১ নিযুত কিলোমিটাৰতকৈয়ো বেছি বেগত প্ৰৱাহিত হয়। সৌৰজগতৰ একেবাৰে বাহিৰত থকা বাওনা গ্ৰহ প্লুটোৰ কক্ষপথৰো কেইবা কোটি কিলোমিটাৰ দূৰলৈ চলাৰ পিছত সৌৰ পৱনৰ বেগ কমি আহে আৰু হাতীপটি নক্ষত্ৰপুঞ্জৰ ভিতৰুৱা অন্তৰীক্ষত মিলি যায়। সৌৰ পৱনে এইদৰে সূৰ্য্যৰ চৌপাশে এটা অতি বৃহৎ গোলাকাৰ বুদবুদ সৃষ্টি কৰিছে, যাৰ নাম দিয়া হৈছে হেলিও স্ফিয়াৰ। ইয়াক সূৰ্য্যৰ বায়ুমণ্ডল বুলিব পাৰি (গ্ৰীক হেলিয়চ: সূৰ্য্য)। হেলিওস্ফিয়াৰৰ ভিতৰত সমস্ত সৌৰজগতকে ব্যাপী আছে সূৰ্য্যৰ চুম্বকক্ষেত্ৰ- হয়াৰেইনাম গ্ৰহ জাগতিক চুম্বক ক্ষেত্ৰ। সম্পূৰ্ণৰূপে গেছীয় অৱস্থাত থকা সূৰ্য্যৰ আন এটা বৈশিষ্ট্য হ’ল পাৰ্থক্যমূলক আৱৰ্তন-নিজ মেৰুদণ্ডত আৱৰ্তন কৰা সূৰ্য্যৰ মেৰু অঞ্চলৰ আৱৰ্তন কাল ৩৬ দিন, বিষুবীয় অঞ্চলৰ ২৫ দিন। গড় হিচাবত সূৰ্য্যৰ আৱৰ্তন কাল ২৭ দিন বুলি ধৰা হয়। এনে পাৰ্থক্যমূলক আৱৰ্তনৰ বাবে হেলিওস্ফিয়াৰৰ ভিতৰত সৌৰচুম্বক ক্ষেত্ৰখন বেলে নাচনীৰ স্কাৰ্টৰ দৰে পাক খাই ‘আৰ্কিমিডিচৰ কুণ্ডলী’ ৰ আকৃতি লৈছে।
সৌৰপৱন পৃথিৱীৰ দূৰত্বলৈ অহা সময়ত ইয়াৰ বেগ প্ৰতি চেকেণ্ডত ৪০০ কিলোমিটাৰ, উত্তাপ ১ নিযুত কেলভিন, ঘনত্ব প্ৰতি ঘন ছেন্টিমিটাৰত ৫ টাকৈ বৈদ্যুতিক কণা। ইয়াৰে কিছুমান কণা পৃথিৱীৰ চুম্বক ক্ষেত্ৰত আৱদ্ধ হৈ পৰে। ভূ-পৃষ্ঠৰ পৰা ৭,৫০০-৬০,০০০ কিলোমিটাৰ পৰ্য্যন্ত বিস্তৃত আৰু দুটা স্তৰত বিভক্ত এনেকুৱা এটা অঞ্চলত বৈদ্যুতিক আধান যুক্ত পাৰমাণৱিক কণাবোৰ জমা হৈ সৃষ্টি কৰিছে ভন এএলেন বিকিৰণ পটি।
বোৱতী সুতিৰ পথত শিল এটা পৰিলে পানী যিদৰে শিলটোৰ চৌপাশেদি বৈ যায়, তেনেদৰে প্ৰচণ্ড বেগত বৈ অহা সৌৰ পৱনেও পৃথিৱীৰ চুম্বক মণ্ডল বাধা অতিক্ৰম কৰি চৌপাশেদি বৈ যায়। সিমানেই নহয়, বতাহৰ বিপৰীতে থিয় দি থাকিলে যেনেকৈ মূৰত চুলি বতাহে পিছলৈ ঠেলি লৈ যায়, তেনেকৈ সৌৰপৱনে পৃথিৱীৰ চুম্বক ক্ষেত্ৰকো সূৰ্য্যৰ বিপৰীত দিশলৈ ঠেলি লৈ যায়। ইয়াৰ ফলত অন্তৰাক্ৰিয়াত গ্ৰহ জাগতিক চুম্বক ক্ষেত্ৰৰ শক্তি পৃথিৱীৰ চুম্বক ক্ষেত্ৰলৈ স্থানান্তৰ হয়। সাধাৰণ অৱস্থাত এনে শক্তি স্থানান্তৰে পৃথিৱীৰ কোনো অংশত চুম্বকীয় ধুমুহাৰ সৃষ্টি হয়।
সূৰ্য্যৰ একেবাৰে বৰ্হিভাগ সৌৰমুকুট বা কৰোণা, একো সময়ত ইয়াৰ একোটা বৃহৎ অংশ নিক্ষেপ হৈ ওলাই আহে যাক সৌৰমুকুট পুঞ্জ নিক্ষেপণ বোলে। এনে নিক্ষিপ্ত পুঞ্জ একোটাৰ ভৰ কেইবা কোটি টন আৰু গতিবেগৰ কোটি টন আৰু গতিবেগৰ ছেকেণ্ডত ১০০০ কিলোমিটাৰ পৰ্য্যন্ত। পৃথিৱীৰ দিশত এনে এটা পুঞ্জ নিক্ষিপ্ত হৈ আহিলে পৃথিৱীৰ বিকিৰণ পটি হঠাতে সবল হৈ উঠিব আৰু প্ৰবল চুম্বকীয় ধুমুহাৰ সৃষ্টি কৰিব। এনে পৰিস্থিতিত অন্তৰীক্ষ ভ্ৰমণকাৰীৰ জীৱন বিপদাপন্ন হ’ব পাৰে, অন্তৰীক্ষত থকা কৃত্ৰিম উপগ্ৰহবোৰ নষ্ট হ’ব পাৰে, পৃথিৱীত ঠাই বিশেষত বিজুলী শক্তি ব্যৱস্থা অচল হ’ব পাৰে। এনেবোৰ কাৰণতে সৌৰ পৱনৰ প্ৰত্যক্ষ সংঘাতত হ’ব পৰা ফলাফলৰ ওপৰত অধিক গৱেষণাৰ গুৰুত্ব বাঢ়িছে।
অন্তৰীক্ষৰ বতৰ সম্পৰ্কীয় অনুসন্ধানৰ সূত্ৰপাত দৰাচলতে ১৭ শতিকাৰ পৰাই হোৱা বুলিব লাগিব। মেৰু অঞ্চলত দেখা দিয়া মেৰু জ্যোতি, ভূ-চুম্বকৰ ক্ষেত্ৰত সময়ে সময়ে দেখা দিয়া বিসংগতি আৰু দূৰবীক্ষণ যন্ত্ৰৰে দেখা পোৱা সৌৰ কলংকৰ হ্ৰাস বৃদ্ধি- এইবোৰৰ পাৰস্পৰিক সম্পৰ্ক বিচাৰি গেলিলিওৰ দিনৰ পৰাই অনুসন্ধান আৰম্ভ হৈছিল। আয়ন’স্ফিয়াৰ আৰু ভূ-চুম্বক ক্ষেত্ৰৰ অন্তৰাক্ৰিয়াৰ ফলতে মেৰুজ্যোতিৰ উদ্ভৱ হোৱা বুলি এসময়ত প্ৰমাণ হ’ল। সৌৰ কলংক বাঢ়িলে মেৰু জ্যোতি বঢ়াৰ পৰা ধাৰণা কৰিব পৰা গ’ল আয়ন’স্ফিয়াৰত সৌৰ বিকিৰণৰ প্ৰভাৱ পৰা বুলি। সূৰ্য্যক পৰিভ্ৰমণ কৰা ধুমকেতু এটাৰ নেজডাল সদায় সূৰ্য্যৰ বিপৰীত দিশত থাকে- এই পৰ্য্যবেক্ষণৰ ভিত্তিত সূৰ্য্যৰ পৰা কোনো ধৰণৰ গেছ অবিৰতভাৱে প্ৰৱাহিত হোৱাৰ ধাৰণা গঢ় লৈ উঠিছিল। বিংশ শতাব্দীৰ ৬০-৭০ দশকত সৌৰপৱনৰ সূত্ৰৰ সত্যতা প্ৰমাণিত হৈ পৰে।
কেইবাটাও অন্তৰীক্ষ অভিযানৰ পৰা সূৰ্য্য আৰু সৌৰ পৱনৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব পৰা গৈছে। ১৯৬০ চনৰ পৰাই আমেৰিকাই পায়োনিয়াৰ নামৰ এলানি উপগ্ৰহ উৎক্ষেপণ কৰি পৃথিৱীৰ দূৰত্বৰ পৰাই সূৰ্য্যৰ পৰ্য্যবেক্ষণ কৰিছিল। হেলিয়চ, স্কাইলেব আৰু চ’লাৰ মেক্সিমাম আদি অভিযানৰ পৰাও এই বিষয়ে বহুতো তথ্য পোৱা গৈছিল। ১৯৫৫ চনত NASA আৰু ESA ৰ সহযোগত পৰিচালিত Solar and Heliospheric observatory (SOHO) অভিযান আজিও ২০১২ চনলৈ অব্যাহত হৈ আছে। ২০০৬ চনত উৎক্ষেপণ কৰা Solar Terrestrial Relation Observatory (STEREO) অভিযানত দুটা উপগ্ৰহ ব্যৱহাৰ কৰি সৌৰ মুকুটপুঞ্জ নিক্ষেপণৰ ত্ৰিমাত্ৰিক (3-Dimensional) চিত্ৰগ্ৰহণ কৰি বহুতো নতুন তথ্য পোৱা গৈছে। ২০১০ চনত NASA ই উৎক্ষেপণ কৰা Solar Dynamics Observatory (SDO) অন্তৰীক্ষযানৰ পৰা সূৰ্য্যৰ (CME) সম্পৰ্কে বিশেষ পৰ্য্যবেক্ষণ আৰম্ভ হৈছে। য়ুৰোপীয় স্পেচ এজেন্সী (ESA) আৰু বৃটেনৰ Astrium প্ৰতিষ্ঠানে যুটীয়াভাৱে চ’ল’ (Solo) নামৰ সৌৰ অভিযানৰ প্ৰস্তুত চলাইছে (লেটিন Sol: সূৰ্য্য)। ২০১৭ চনত উৎক্ষেপণ কৰিবলগীয়া এই অন্তৰীক্ষযানে তিনি বছৰৰ মূৰতহে ইয়াৰ নিৰ্দিষ্ট কক্ষপথত উপস্থিত হ’ব। বুধ গ্ৰহতকৈয়ো ওচৰৰ পৰা সূৰ্য্যক পৰ্য্যবেক্ষণ কৰিব পৰা এই অন্তৰীক্ষযানে পোনপ্ৰথমবাৰৰ বাবে সূৰ্য্যৰ মেৰু অঞ্চলৰ চিত্ৰ ল’ব।
ভাৰতীয় অন্তৰীক্ষ অনুসন্ধান সংগঠনেও (ISRO) অন্তৰীক্ষৰ বতৰ সম্পৰ্কীয় তথ্য গোটাবলৈ ‘আদিত্য’ নামৰ অন্তৰীক্ষ অভিযানৰ প্ৰস্তুতি কৰিছে।
ব্ৰক্ষ্মাণ্ডত অলেখ নক্ষত্ৰ আছে, কেৱল হাতীপটি নক্ষত্ৰপুঞ্জতেই ১০০ কোটিমান নক্ষত্ৰ আছে বুলি জ্যোতিৰ্বিজ্ঞানীসকলে ধাৰণা কৰে। এইবোৰৰ ভিতৰত সূৰ্য্যটোৱেই আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ। সূৰ্য্যৰ পৰিৱৰ্তনশীল অভিলক্ষণবোৰ জানিব পাৰিলে অন্তৰীক্ষৰ বতৰৰ উপৰিও ব্ৰক্ষ্মাণ্ডৰ সৃষ্টিৰ বিষয়েও বহুতো কথা জানিব পৰা যাব। এই কাৰণেই অত্যন্ত ব্যয়-বহুল হোৱা সত্ত্বেও এনে নতুন নতুন সৌৰ অভিযানৰ আঁচনি গঢ় লৈ আছে।
পৃথিৱীৰ গোলকীয় জলবায়ু পৰিৱৰ্তনত অন্তৰীক্ষৰ বতৰৰ প্ৰভাৱ সামান্য বুলিয়েই এই পৰ্য্যন্ত পোৱা তথ্যৰ পৰা ধাৰণা কৰা হৈছে। এই বিষয়ে এতিয়াও আৰু বহুতো কথা জানিবলগীয়া আছে। পিছে অদূৰ ভৱিষ্যতত এনেকুৱা দিন শীঘ্ৰেই আহিব যেতিয়া পৃথিৱীৰ বতৰৰ বতৰাৰ লগতে অন্তৰীক্ষৰ বতৰৰ আগজাননী লোৱাৰ পিছতহে মংগল গ্ৰহলৈ বুলি মহাকাশচাৰী অন্তৰীক্ষযান উৰা মাৰিব। অথবা খনিজ পদাৰ্থ আহৰণ কৰিবলৈ গ্ৰহাণুপুঞ্জত অবতৰণ কৰা সময় ঠিক কৰিব। অন্তৰীক্ষ পৰ্য্যটকৰ বাবেও এনে বতৰৰ আগজাননী অতি আৱশ্যকীয় হৈ উঠিব।
লিখক: কুমুদ ভট্টাচাৰ্য্য।
শেহতীয়া উন্নীতকৰণ: : 3/30/2020
“ৰং” বিজ্ঞান (প্ৰথম খণ্ড)
‘জৈৱ তথ্য প্ৰযুক্তি’ – বিজ্ঞানৰ এক নতুন দিগন্ত
অকণিৰ বিজ্ঞানৰ খেল
“ৰং” বিজ্ঞান-২