অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কোৱান্টাম আউল

কোৱান্টাম আউল

একেবাৰে ক্ষুদ্ৰাতিক্ষুদ্ৰ কণিকাৰ জগতখন বিভ্ৰান্তি আৰু অনিশ্চয়তাৰে ভৰা-একেটা কণিকা একে সময়তে দুটা বা তাতকৈ অধিক স্থানত থাকিব পাৰে, তাতোকৈও ডাঙৰ কথা একোটা কণিকা আন একাধিক কণিকাৰে সৈতে এনেকৈ জঁট লাগি পৰিব পাৰে যে তাৰে এটাৰ ওপৰত হোৱা ক্ৰিয়া-প্ৰতিক্ৰিয়া তাৰ সংগীবোৰৰ ওপৰতো পৰেগৈ, সেই সংগীবোৰ য’তেই নাথাকক কিয়। কোৱান্টাম আউল নামেৰে অভিহিত কৰিব পৰা এই পৰিঘটনা বিজ্ঞানীসকলে ইতিমধ্যে প্ৰমাণ কৰিছে, কিন্তু ইমানদিনে সেইবোৰ প্ৰমাণ কৰা হৈছিল অতি নিম্ন উষ্ণতাত, হিলিয়াম নামৰ গেছবিধৰ তৰলীভৱন ঘটা উষ্ণতাত, অৰ্থাৎ ২৬৯ ডিগ্ৰী চেলচিয়াছত। কিন্তু অতি সম্প্ৰতি বিজ্ঞানীসকলে সাধাৰণ উষ্ণতাত হেজাৰে-বিজাৰে পৰমাণুৰ কোৱাণ্টাম আউল লগাবলৈ সক্ষম হৈছে।

এই পৰিঘটনাৰ অলেখ প্ৰাযুক্তিক প্ৰয়োগ হ’ব পাৰে-ইয়াৰ পৰা অতিকৈ সংবেদী এম.আৰ.আই যন্ত্ৰৰ উদ্ভাৱন হ’ব পাৰে, অতি শক্তিশালী কোৱান্টাম কম্পিউটাৰৰ নিৰ্মাণ হ’ব পাৰে, বৰ্তমানৰ কোনো প্ৰযুক্তিৰে ‘হেক’ কৰিব নোৱাৰা কোৱান্টাম যোগাযোগ নেটৱৰ্কৰ বিকাশ ঘটিব পাৰে, ইত্যাদি।

আমি সচৰাচৰ দেখি থকা জগতখন মূলত: নিয়ন্ত্ৰণ কৰে ধ্ৰুপদী বলবিজ্ঞানৰ বিধিবোৰে, কিন্তু আমাৰ অদেখা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ আণুবীক্ষনিক জগতখন নিয়ন্ত্ৰণ কৰে কোৱান্টাম বলবিজ্ঞানৰ বিধিবোৰে। কোৱান্টাম জগতখন ধূসৰ, অধিবাস্তৱবাদী জগৎ। পৰমাণুকে ধৰি ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰ আচলতে ঠিক কণিকা হিচাপে নাথাকে-থাকে ‘অধ্যাৰোপন’ নামেৰে পৰিচিত প্ৰবাহৰ এটা দশা বা অৱস্থা হিচাপে-যাৰ অৰ্থ হ’ল ইহঁত একে সময়তে দুই বা ততোধিক স্থানত থাকিব পাৰে। কোৱান্টাম বলবিজ্ঞানৰ বিধিবোৰৰ আন এটা পৰিণাম হ’ল ওপৰত উল্লেখ কৰি অহা কোৱান্টাম আউল-সিহঁত যিমানেই দূৰৈত নাথাকক কিয়, এটা কণিকাৰ ওপৰত হোৱা ক্ৰিয়াৰ প্ৰভাৱ একে সময়তে আন কণিকাৰ ওপৰতো পৰিব পাৰে। পোন প্ৰথমে এই কথাবোৰ ওলাওঁতে এলবাৰ্ট আইনষ্টাইনৰ দৰে বিজ্ঞানীয়েও ভালপোৱা নাছিল, তেওঁ ইয়াক ‘দূৰণিবটীয়া প্ৰেতকাণ্ড’ বুলি আখ্যা দিছিল। পিছে আইনষ্টাইনৰ ধাৰণা ভুল, যোৱা কেইবাটাও দশকৰ পৰীক্ষা-নিৰীক্ষাই দেখুৱাইছে যে কোৱান্টাম আউল বাস্তৱিক ঘটনা।

বিজ্ঞানীসকলে কোৱান্টাম আউলৰ প্ৰাযুক্তিক প্ৰয়োগৰ বিষয়ে সম্প্ৰতি নানান গৱেষণা কৰি আছে। কোৱান্টাম কম্পিউটাৰৰ সঁচাৰ কাঠীও লুকাই আছে এই আউল লগাৰ মাজতে। কোৱান্টাম কম্পিউটাৰ বৰ্তমানৰ প্ৰচলিত কম্পিউটাৰাতকৈ সম্পূৰ্ণ ভিন্ন। বৰ্তমানৰ ডিজিটেল ইলেক্ট্ৰনিক কম্পিউটাৰত তথ্যক দ্বৈত অংকৰ ৰূপত সঙ্কেতাবদ্ধ কৰা হয়, এইবোৰক ‘বিট’ বুলি কোৱা হয় আৰু এই বিটবোৰ হ’ল দুটা নিৰ্দিষ্ট অৱস্থা বা দশাৰ এটা(০ নাইবা ১-০ মানে ‘অফ্‌’, ১ মানে ‘অন’)। ইয়াৰ বিপৰীতে, কোৱান্টাম কম্পিউটাৰত এই কাম কৰিবলৈ ব্যৱহাৰ কৰা হয় কোৱান্টাম বিট (যাৰ নাম ৰখা হৈছে কিউবিট,) যিটো কিছুমান অৱস্থা বা দশাৰ অধ্যাৰোপন হ’ব পাৰে-অৰ্থাৎ ই একে সময়তে ‘অফ্‌’ আৰু ‘অন’ দুয়োটাই হ’ব পাৰে। অধ্যাৰোপিত অৱস্থাত যদি দুটা কিউবিট লিপ্ত কৰিব পৰা যায়, তেন্তে চাৰিটা কিউবিট পোৱা যাব, আৰু সিহঁতৰ আউলো বাঢ়িব। ইয়াৰ ফলত কোৱান্টাম কম্পিউটাৰৰ তথ্য সংৰক্ষণৰ ক্ষমতা আৰু গণনা সম্পন্ন কৰিব পৰা ক্ষমতা বৃদ্ধি পাব। যিমানেই সৰহীয়া কিউবিটত আউল লগাব পৰা যাব, যিমানেই বেছি শক্তিশালী কোৱান্টাম কম্পিউটাৰ নিৰ্মাণ কৰিব পৰা যাব। বিজ্ঞানীসকল কেৱল কেইটামান কণিকাৰে গঠন কৰা আণুবীক্ষণিক কিউবিটৰ আউলতে সীমাবদ্ধ হৈ থাকিব খোজা নাই, তেওঁলোকে বহুতো কণিকাৰে গঠিত স্থুল গোটৰ মাজত আউল লগাব খোজে। কাৰণ স্থুল গোটৰ আউলে সহজে চিনাক্ত কৰিব পৰা সঙ্কেত উৎপন্ন কৰিব পাৰিব।

কিন্তু এইক্ষেত্ৰত প্ৰধান বাধা হ’ল তাপ আৰু চুম্বকত্ব। ইয়াৰ আগলৈকে স্থুল গোটৰ কোৱান্টাম আউল লগাবলৈ বিজ্ঞানীসকলক অতি শীতল উষ্ণতাৰ (ওপৰত কৈ অহা তৰল হিলিয়ামৰ উষ্ণতা) আৰু অতি শক্তিশালী চুম্বকক্ষেত্ৰৰ প্ৰয়োজন হৈছিল। কিন্তু আলোচিত গৱেষণাটোত বিজ্ঞানীসকলে সাধাৰণ উষ্ণতাত অতি দুৰ্বল চুম্বকক্ষেত্ৰ ব্যৱহাৰ কৰি কণিকাৰ স্থুল গোটৰ আউল লগাবলৈ সক্ষম হৈছে। অকল সেয়ে নহয়, তেওঁলোকে এই আউল লগাব পাৰিছে নানান ইলেক্ট্ৰনীয় সৰঞ্জাম প্ৰস্তুত কৰিবলৈ সততে ব্যৱহাৰ কৰি থকা এবিধ অৰ্দ্ধপৰিবাহী পদাৰ্থত (চিলিকন কাৰ্বাইড)। তদুপৰি, বিজ্ঞানীসকলে দাবী কৰিছে যে যি পদ্ধতি আৰু কৌশল বৰ্তমান এই অৰ্দ্ধপৰিবাহীবিধত ব্যৱহাৰ কৰা হয়, সেই একে পদ্ধতি আৰু কৌশল ব্যৱহাৰ কৰি ইয়াক কোৱান্টাম আউলযুক্ত কৰি তুলিব পৰা যায়। চিলিকন কাৰ্বাইড জৈৱ-অনুকূল পদাৰ্থ, সাধাৰণ উষ্ণতাত ইয়াক কোৱান্টাম আউলযুক্ত কৰিব পাৰিলে অতি সংবেদী সংসূচক নিৰ্মাণ কৰিব পৰা যাব, যিবোৰ অতি উচ্চ পৰ্য্যায়ৰ এম.আৰ.আই স্কেনিঙৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যাব।

আমেৰিকা যুক্তৰাজ্যৰ চিকাগো বিশ্ববিদ্যালয়, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ৱাটছন ৰিছাৰ্চ চেন্টাৰ আৰু আমেছ লেবৰেটৰীৰ পাঁচজনীয়া এটা বিজ্ঞানীৰ দলে সম্পন্ন কৰা এই গৱেষণাৰ ফলাফল ‘ছায়েন্স এড্‌ভান্সেছ’ নামৰ জাৰ্নেলখনত যোৱা ২০ নবেম্বৰ তাৰিখে প্ৰকাশ পাইছে।

লিখক: বিপুলজ্যোতি শইকীয়া, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate