অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিউট্ৰোন কনিকা নোবেল বটাঁ আৰু ভাৰতবৰ্ষ

নিউট্ৰোন কনিকা নোবেল বটাঁ আৰু ভাৰতবৰ্ষ

বিশ্বব্ৰক্ষাণ্ডৰ পাতনিত মহাবিষ্ফোৰনৰ সময়ছোৱাত এক নিউট্ৰিনো হল পদাৰ্থ পৰমানু নিউক্লিয়াছৰ পৰা ওলোৱা তৃতীয়তম মৌলিক কনিকা(elementary particle)। অষ্ট্ৰিয়াৰ পদাৰ্থ বিজ্ঞানী ওলফগেং পাউলিৰ নিউট্ৰোন প্ৰকল্প অনুসৰি অসুস্থিৰ তেজষ্ক্ৰিয় পদাৰ্থ মৌলৰপৰা স্বত:ষ্ফৰ্তভাৱে বিটা কনিকা নিৰ্গমন প্ৰ্ক্ৰিয়াত চমুকৈ তেজষ্ক্ৰিয়তাত বৈদ্যুতিক আধানযুক্ত মৌলিক কনিকাৰ উপৰি এক ভৰবিহীন আধাৰশূন্য মৌলিক কনিকাৰ সৃষ্টি হয়।১৯৩১ চনত বিজ্ঞানী ওলফগেং পাউলীয়ে তেনে ভৰবিহীন বিদ্যুৎ নিৰপেক্ষ নিউট্ৰিনো মৌলিক কনিকাৰ নাম থৈছিল ইলেক্ট্ৰন-নিউট্ৰিনো।বিজ্ঞানী ওলফগেং পাউলীয়ে নিউট্ৰিনো প্ৰকল্পৰ ভিত্তিত ইটালীয়ে নিউক্লিয় পদাৰ্থ বিজ্ঞানী এনৰিকো ফাৰ্মি য়ে ১৯৩৮ চনত কৃত্ৰিম তেজষ্ক্ৰিয়তাৰ সৃষ্টি কৰি বিটা বৰ্নালীৰ জৰিয়তে ভৰবিহীন আৰু আধানহীন নিউট্ৰিনো কনিকাৰ অস্তিত্ব প্ৰ্মান কৰিলে যে প্ৰ্তি ছেকেণ্ডত প্ৰতিবৰ্গ চেন্টিমিটাৰত প্ৰায় ৬০ লাখ নিউট্ৰিনো কনিকাৰ সৃষ্টি হয়।

এনে পৰিঘটনা নিশ্চয় শৃংখল বিক্ৰিয়াৰ জৰিয়তে হয়।যি বিক্ৰিয়া স্বয়ংক্ৰিয়ভাৱে অতি দ্ৰূতগতিৰে পদে পদে আগুৱাই গৈ থাকে আৰু ব্যাপক হাৰত পুনৰবৃত্তি ঘটে তেনে বিক্ৰিয়াই হল শৃংখল বিক্ৰিয়া। এনে শৃংখল বিক্ৰিয়া অনিয়ন্ত্ৰিতভাৱে বাঢ়ি গৈ থাকি বিষ্ফোৰন ঘটাব পাৰে কাৰন এই বিক্ৰিয়াত দ্ৰুত বিয়োজনত জ্যামিতিক হাৰত নিউট্ৰনৰ সৃষ্টি হোৱাৰ লগতে নিউ্ৰ্ট্ৰিনৰো সৃষ্টি হয়। সেয়া আছিল ১৯৩৯ চনৰ কথা। নিউক্লীয় শৃংখল বিক্ৰিয়াক নিয়ন্ত্ৰন কৰা পদ্ধতিত নিউক্লিয় ৰিয়েক্টৰ সজুলিঁ বিজ্ঞানী ফাৰ্মিৰদ্বাৰা নিৰ্মান হোৱাৰ পিছত লছ আলমোছ পৰীক্ষাগাৰত ১৯৫৮ চনত আমেৰিকা যুক্তৰাজ্যৰ বিজ্ঞানীয়ে ক্লেইড কোৱান আৰু ৰাইনাছে লগে লগে টেলিগ্ৰামযোগে বিজ্ঞানী পাউলিক জনালো আমি আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ গৱেষনাৰ পৰীক্ষাগাৰত ইলেট্ৰন-নিউট্ৰিনো ধৰা পৰিছে।

একেই সময়তে ১৯৩৯ চনতে জাৰ্মান বিজ্ঞানী হান্স আলব্ৰেখট বেথে তাত্বিকভাৱে দেখুৱায় যে সুৰ্যসম নক্ষত্ৰসমুহৰ অন্তৰ্ভাগত নিউক্লিয় স্ংযোজন নামৰ প্ৰ্ক্ৰিয়া যেনে প্ৰ্টন শৃংখল বিক্ৰিয়া আৰু কাৰ্বন নাইট্ৰজেন অক্সিজেন বিক্ৰিয়া চক্ৰৰ জৰিয়তে কল্পনাতীত হাৰত শক্তি উৎপন্ন হোৱাৰ লগতে নিউট্ৰিনো কনিকাৰ সৃষ্টি পৃষ্ঠ পায় আৰু পিছত সূৰ্যপৃষ্ঠৰপৰা নিউট্ৰিনো আহি পৃথিৱীৰ ৱয়ুমণ্ডলত প্ৰ্ৱেশ কৰে।

১৯৫৯ চনত মিউঅন-নিউট্ৰ্নো আৱিস্কাৰ হোৱাৰ কথা ৰুছ বিজ্ঞানী বি পন্টাকাৰ্ভো ৱে ঘোষনা কৰে।কলোম্বিয়া বিশ্ববিদ্যালয়ৰ বিজ্ঞানী আমেৰিকা যুক্তৰাজ্যৰ বিজ্ঞানীত্ৰয় ক্ৰ্মে লিয়ন লিডাৰমেন মেলভিন শ্বোৱাৰ্টজ আৰু জেক ষ্টেইনবাৰ্গৰ আগতে জ্ঞাত থকা নতুন ধৰনৰ নিউট্ৰ্নো-মিউঅন-নিউট্ৰ্নো আৱিস্কাৰ কৰাৰ লগতে উপ-পাৰমানৱিক কনাৰ অধ্যয়নৰ বাবে ১৯৮৮ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বটাঁ তিনিওজন আমেৰিকান বিজ্ঞানীয়ে যচা হয়।১৯৭৬ চনত টাও নিউট্ৰ্নো আৱিস্কাৰ হোৱাৰ পিছত ১৯৮৯ চনত CERN:European Centre for Nuclear Research গৱেষনাগাৰৰ পৰীক্ষাই প্ৰ্মান কৰিলে যে নিউট্ৰিনো পৰিয়ালৰ সদস্য স্ংখ্যা হল তিনিটা।যেনে ইলেক্টন,নিউট্ৰ্নো,মিউঅন নিউট্ৰিনো আৰু টাও নিউট্ৰিনো।এনে ধৰনৰ গৱেষনাৰ বাবেই ১৯৯৫ চনতো পদাৰ্থ বিজ্ঞানৰ নোবেল বটাঁ আমেৰিকান বিজ্ঞানীদ্বয় মাৰ্টিন এল পাৰ্ল আৰু ফ্ৰেডেৰিক ৰাইনছক প্ৰ্দান কৰা হয়।

বিভিন্ন পৰীক্ষাত্মক গৱেষনাৰপৰা পোৱা তথ্য অনুসৰি নিউট্ৰিনো পৰিয়ালৰ ভৰ শক্তিৰ সমতুল্যতাৰ সূত্ৰ E=mc2 অৰ মতে শক্তি আৰু ভৰৰ তালিকাখন এনে ধৰনৰ:

তালিকা:নিউট্ৰিনোৰ ভৰ শক্তি

নিউট্ৰিনো(কনিকাৰ নাম)

শক্তি(ইলেক্টন ভল্ট)

ভৰ(গ্ৰাম)

১।ইলেক্টন-নিউট্ৰিনো

১০-32

২।মিউঅন-নিউট্ৰিনো

১০০

২X10-27

3।টাও-নিউট্ৰিনো

১০০

৫x10-26


মিউঅন-নিউট্ৰিনো আৱিস্কাৰৰ দহ বছৰৰ পিছত বিজ্ঞানী পণ্টাকাৰ্ভোৱে ইলেক্টন-নিউট্ৰিনো মিউঅন নিউট্ৰিনো আৰু টাও-নিউট্ৰনো কনিকা তিনিটাই প্ৰ্ত্যোকেই ৰুপ সলায় বুলি ১৯৬৮ চনত তাত্বিকভাবে ব্যাখা কৰে।নিউট্ৰিনো কনিকা তিনিটাই প্ৰ্ত্যোকেই ৰুপ সলোৱা প্ৰ্ক্ৰিয়াটোক পদাৰ্থ বিজ্ঞানৰ ভাষাত কোৱা হয়-নিউট্ৰিনোদোলন বিজ্ঞান।পন্টাকাৰ্ভোৱে কনলৈ বিচাৰিছিল যে সৌৰ পৃষ্ঠৰপৰা ইলেট্ৰন-নিউট্ৰিনো পৃথিৱীলৈ আহোতে এটা নিদিষ্ট দূৰত্ব অতিক্ৰ্ম কৰাৰ পিছত ই বাটত মিউঅন-নিউট্ৰিনো বা টাও নিউট্ৰিনোলৈ পৰিৱৰ্তন হয় অৰ্থাৎ তাৰ ৰুপ সলনি হয়।এনে পৰিৱৰ্তন বা দোলন সম্ভৱ যদিহে প্ৰ্তিটো পৰিৱৰ্তনত অংশগ্ৰহন কৰা নিউট্ৰিনৰো যোৰবোৰ ভাৰযুক্ত হয়।আন কথাত দোলায়িত ইলেক্টন নিউট্ৰিনো বা মিউঅন-নিউট্ৰিনোবোৰৰ অন্তত এটা ভৰ থাকিব লাগিব।পৰীক্ষনীয়ভাৱে নিউট্ৰিনো দোলনৰ সত্যাসত্যতা বিচাৰি পালে বাস্তৱ ক্ষেত্ৰত টিউট্ৰিনো কনিকা ভৰযুক্ত হয় বুলি প্ৰমানিত হ’ব।

কুৰি শতিকাৰ সত্তৰ দশকত নিউট্ৰিনো দোলনৰ ওপৰত কেইবাটাও পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছিল।জাপানক ছুপাৰকে অৰ্থাৎ অতি কেমিওকাণ্ডে(Ksuper Komiokande)নামৰ খনিৰ তলত ৫০ হাজাৰ টনৰ পানীৰ টেংক এটাই হ’ল এনে গৱেষনাৰ মুখ্য গৱেষনাগাৰ।এই গৱেষনাগাৰৰ বিজ্ঞানীসকলে ছুপাৰ কেৰদ্বাৰা নিশ্চিত হৈছিল যে মিউঅন-নিউট্ৰিনো আন প্ৰকাৰৰ যেনে ইলেক্ট্ৰ্ন-নিউট্ৰিনো বা টাও নিউট্ৰিনোলৈ পৰিৱৰ্তন হয়। এনে পৰিৱৰ্তন বা ৰুপ সলোৱা প্ৰ্ক্ৰিয়াই অৰ্থাৎ নিউট্ৰিনো দোলনে প্ৰ্মান কৰে যে নিউট্ৰিনৰো ভৰ আছে। এনেদৰেই গৱেষনাগাৰত ভৰবিহীন নিউট্ৰিনো ভৰযুক্ত নিউট্ৰিনো হৈ পৰিল।জাপানৰ অতি কেমিওকাণ্ডেৰ অন্যতম বিজ্ঞানী টাকাকি কাজিটাই ১৯৯৮ চনতে বায়ুমণ্ডলৰ ওপৰত মুখ্য মহাজাগতিক ৰশ্মিয়ে সৃষ্টি কৰা মিউঅন-নিউট্ৰিনৰো সুগন্ধ দোলন(Flavour oscilation)আৱিস্কাৰ কৰাৰ কথা ঘোষনা কৰিছিল আৰু কানাডাৰ বিজ্ঞানী অৰ্থাৰ মেকডোনালডে সূৰ্য্যৰপৰা অহা ইলেক্ট্ৰন নিউট্ৰিনৰো দোলনৰ কথা পৰীক্ষনীয়ভাৱে ব্যক্ত কৰি নিউট্ৰিনৰো ভৰ যে আছে সেই কথাটো নিশ্চিত কৰাৰ বাবে ২০১৫ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বটাঁ দূয়োগৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হয়।

নিউট্ৰিনো কনাৰ ওপৰত গৱেষনা কৰি পদাৰ্থ বিজ্ঞানৰ নোবেল বটাঁ লাভ কৰা বিজ্ঞানীসকলৰ তালিকাখন এনে ধৰনৰ:

তালিকা:নিউট্ৰিনৰো ওপৰত গৱেষনা কৰি নোবেল বটাঁ লাভ কৰা বিজ্ঞানীসকলে হ’ল

বিজ্ঞানীৰ নাম

খ্ৰীষ্টাব্দ

দেশৰ নাম

বিষয়

১। লিয়ন লিডাৰমেন

২।মেলভিন শ্বোৱাৰ্টজ

৩।জেক ষ্টাইনবাৰ্গ

১৯৮৮

আমেৰিকা যুক্তৰাজ্য

উপ-পাৰমানবিক নিউট্ৰিনো কনা ব্যৱহাৰ কৰি উপ-পাৰমানৱিক কনাৰ অধ্যয়ন।আগেয়ে অজ্ঞাত থকা নতুন ধৰনৰ নিউট্ৰিনো কনাৰ আৱিস্কাৰ।

২।:মাৰ্টিন এল পাৰ্ল

:ফ্ৰেডেৰিক ৰাইনছ

১৯৯৫

আমেৰিকা যুক্তৰাজ্য

টাও লেপ্টন কনাৰ আৱিস্কাৰ আৰু নিউট্ৰিনৰো গৱেষনা।

৩।:ৰিকাডো গিয়াকনি

:ৰেমণ্ড ডেভিছ,কনিষ্ঠ

:মাছাটছি কছিৱা

২০০২

আমেৰিকা যুক্তৰাজ্য জাপান

মহাজাগতিক এক্স ৰশ্মিৰ উৎসৰ আৱিস্কাৰ

৪।:টাকাকি কাজিটা

: আৰ্থাৰ মেকডোনালড

২০১৫

জাপান

কানাডা

আৰু নিউট্ৰিনো দূৰবীন নিৰ্মান মিউঅন-নিউট্ৰিনৰো সুগন্ধ দোলন আৰু সূৰ্য্যৰপৰা অহা ইলেক্ট্ৰন নিউট্ৰিনোৰ দোলন পৰীক্ষাৰ লগতে নিউট্ৰিনোৰ ভৰ নিশ্চিতকৰন।

 

নিউট্ৰিনোৰ গৱেষনাৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় বিজ্ঞানীসকলে পাছপৰি থকা নাচ্ছিল আৰু পাছপৰি থকা নাই।২০০০ চনত সিদ্ধান্ত লোৱা আই এন অ(INO)প্ৰকল্পটো তামিলনাডু থেনি জিলাৰ পট্ৰিপুৰমত থকা কামত বৰ্তমানৰ ভাৰতবৰ্ষৰ প্ৰ্ধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনৰ ২৪ ডিচেম্বৰত ইয়াৰ বাবে আনুষ্ঠানিক অনুমোদন জনোৱাত প্ৰ্কল্পটোৰ বিশেষ গতি লাভ কৰিছিল আৰু এনে নিউট্ৰিনো গৱেষনা বিষয়ক প্ৰ্কল্পটোৰ কাম-কাজ ২০১৯ চনৰ মাজভাগতে সমাপন হব বুলি ইনষ্টিটিউট অব মেথেমেটিকেল ছায়েন্সে নিশ্চিত কৰি দিছে।২০১২ চনত আমেৰিকা যুক্তৰাজ্যৰ এজন বিজ্ঞানীয়ে নিউট্ৰিনো কণিকাৰ জৰিয়তে কঠিন শিলৰ মাজেৰে বাৰ্তা পঠিয়াই সফলতা অৰ্জন কৰাৰ দৰে নিউট্ৰিনো কণিকাৰ গৱেষনাই বৈজ্ঞানিক দিশ কিছুমান সামৰাৰ লগতে তৈলখাদৰ সন্ধান কাৰ্যতো বেছ অৰিহনা যোগাব বুলি আমাৰ ভাৰতীয় বিজ্ঞানীসকলৰ বিশ্বাস।ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী ছাৰৰ সূৰতে সূৰ মিলাই আমিও বিজ্ঞানী অমল দিংঘেই দিয়া মন্তব্য এটা সংযোগ কৰিব বিচাৰিছোঁ।গৱেষক ভাৰতীয় বিজ্ঞানী অমল দিংঘেই নিউট্ৰিনো কণিকাৰ সম্পৰ্কত দিয়া মন্তব্যটো এনে ধৰনৰ:আমি পৃথিৱীৰ সিটো ফাললৈ এটা সংকেত পঠিয়াব লগা হলে সেই সংকেত কৃত্ৰিম উপগ্ৰহ বা বায়ুমণ্ডলীয় স্তৰ আয়ন মণ্ডলৰ জৰিয়তে পৃথিৱীৰ ওপৰৰে ঘূৰাই পঠিয়াব লগা হয়।কিন্ত নিউট্ৰিনো কণিকাৰদ্বাৰা স্ংকেত পঠালে সি উপস্থিতি হব লাগিব।নিউট্ৰিনো গৱেষনাৰ জৰিয়তে ভাৰতীয় বিজ্ঞানীসকলে নোবেল বটাঁ পোৱাৰ সপোন দেখিলে মিছাইল মেন আব্দুল কালামৰ সপোনৰ মোৰ সবল ভাৰত ধাৰনা সাৰ্থক হব।

লিখক: মহানন্দ পাঠক, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate