অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এণ্টিবায়োটিক প্ৰতিৰোধী হ’লে বিপদ অনিবাৰ্য

এণ্টিবায়োটিক প্ৰতিৰোধী হ’লে বিপদ অনিবাৰ্য

এণ্টিবায়োটিক ঔষধৰ প্ৰতি প্ৰতিৰোধ ব্যৱস্থা শৰীৰত গঢ়ি উঠাটো এক অতি ভয়াবহ লক্ষণ আৰু এই অৱস্থাটোক ভয়াবহ সন্ত্ৰাসবাদীৰ আক্ৰমণ, ভয়াবহ বিষাক্ত গেছযুক্ত আগ্নেয়গিৰিৰ উদ্‌গিৰণ, উপকূলত হোৱা সাগৰীয় বান আৰু অতি সংক্ৰামক ইনফ্লুয়েঞ্জাৰ স্ংক্ৰমনতকৈ বহুগুণে ভয়াবহ হ’ব পাৰে বুলিবিজ্ঞানীসকলে মন্তব্য কৰিছে। ইংলেণ্ডৰ মুখ্য স্বাস্থ্য বিষয়া, প্ৰফেচৰ ডেম মেলী ডেভিছৰ মতে এণ্টিবায়োটিক ঔষধৰ প্ৰতিৰোধী অৱস্থাটো এটাটাইম বোমাতকৈ বেছি ভয়াবহ হ’ব পাৰে। আজি সমগ্ৰ বিশ্বতে হস্পিতালত ভৰ্তি হোৱা ৰোগীৰ সাত শতাংশই হৈছেঔষধ প্ৰতিৰোধী হোৱাৰ ফলত স্ংক্ৰমণত ভোগা ৰোগী। যদি ক্ৰমবৰ্দ্ধিত ঔষধ প্ৰতিৰোধী অৱস্থাটো হ্ৰাস কৰিব পৰা নাযায়, তেনেহ’লে অদূৰ ভৱিষ্যতে অৰ্থাত অহা ২০ বছৰৰ ভিতৰত সামান্য এটা অস্ত্ৰোপ্ৰচাৰৰ ফলতে বীজাণুৰ সংক্ৰমণ ঘটি সঘনাই বহু লোকৰ মৃত্যু ঘটিব।ব্যক্তি এজনৰ আঙুলি এটাত সমান্য ভাৱে কটা ঘা এডোখৰৰ ফলতো ৰোওগীজনে জীৱন-মৰণৰ যুজ দিব লগা হ’ব পাৰে। ই-কলাই আৰু ক্লেবছিয়েলা প্ৰজাতিৰ বেক্টেৰিয়াৰ স্ংক্ৰমণ সমগ্ৰ বিশ্বতে দুই-তৃতীয়াংশলৈ বৃদ্ধি পাইছে। ৰক্তপ্ৰবাহত বীজাণুৰ স্ংক্ৰমণ হোৱা ৰোগীৰ স্ংখ্যা ২০১১-১২ চনত ইংলেণ্ড, ৱেলচ আৰু উত্তৰ আয়াৰলেণ্ডত ৯৯০০০জনলৈ বৃদ্ধি পাইছে। বছৰি এণ্টিবায়োটিক প্ৰতিৰোধী বীজানুৰ স্ংক্ৰমণৰ ফলত প্ৰায় পাঁচ হেজাৰ ৰোগীৰ মৃত্যু হয়।অধ্যাপক ডেভিচে প্ৰকাশ কৰিছে যে যোৱা ৩০ বছৰ ধৰি প্ৰায় প্ৰতি বছৰে ন ন স্ংক্ৰামক ৰোগ উদ্ভৱ হৈ আহিছে কিন্তু তাৰ বিপৰীতে ১৯৮৭ চনৰ পৰা আজিলৈকে কোনো ধৰনৰ নতুন এণ্টিবায়োটিক ঔষধ উদ্ভাৱন হোৱা নাই। নতুনকৈ উদ্ভৱ হোৱা ৰোগবোৰ ক্ৰমে পূৰ্বৰ ঔষধবিলাকৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা আহৰণ কৰি লৈছে, সেয়ে এতিয়া মানৱ জাতিটোৱে ক্ৰ্মে নিজৰ প্ৰতিৰক্ষাৰ সামৰ্থ হেৰুৱাই অহিছে। স্ংক্ৰামক ৰোগৰ বীজাণুবিলাক যিহেতুঅধিক ঔষধ প্ৰতিৰোধী হৈ উঠিছে, সেয়ে তপিনাৰ হাড়ৰ অস্ত্ৰোপ্ৰচাৰ, অংগ প্ৰতিস্থাপন বা স্ংৰোপণৰ দৰে আজিৰ সহজ অপাৰেচনবিলাক্ক বিপজ্জনক হৈ উঠিব পাৰে, কাৰণ তেনেবিলাক অপাৰেচনৰ লগে লগে ৰোগ স্ংক্ৰমণ অপ্ৰতিৰোধ্য হৈ উঠিব। সেয়ে সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশৰে চৰকাৰ, বিশ্ব স্বাস্থ্য স্ংস্থা আৰু জি-এইটৰ দৰে স্ংস্থাবিলাকে এই ক্ষেত্ৰ্ত কৰ্যকৰী ব্যৱস্থা লোৱা দৰকাৰ। এক সূত্ৰমতে যিহেতু ভাৰতীয় লোকসকলে ফাৰ্মাচীৰ পৰা ঔষধ নিজে কিনি আনি খোৱাৰ অভ্যাস কৰে, সেয়ে ভাৰততো এণ্টিবায়োটিক ঔষধ প্ৰতিৰোধী অৱস্থাটোৱে এতিয়া বিপদসীমা অতিক্ৰম কৰিছে। আনকি বিশ্ব স্বাস্থ্য স্ংস্থাই এক সতৰ্ক বাণী শুনাইছে যে-সমগ্ৰ বিশ্বই এতিয়া এণ্টিবায়োটিক যুগ অতিক্ৰম কৰিছে, সেয়ে সৰু-সুৰা ৰোগবিলাকৰ নিৰাময়ৰ ব্যৱস্থা শেষ হৈ আহিছে।

স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate