খাওঁতে কিঞ্চিৎ সাৱধান হ’লে ওজন বহুখিনি কমাব পাৰি। মেদবহুলতাৰ পৰা মুক্ত হ’বলৈ খাদ্য বিশেষজ্ঞসকলৰ এই পৰামৰ্শকেইটা আপুনি মানি চলিব পাৰে।
আলম আৰু দৈ মিহলাই খালেও চৰ্বি হ্ৰাস পায় বুলি খাদ্য বিশেষজ্ঞসকলে ক’ব খোজে। দৈত ভিটামিন ডি পৰ্য্যাপ্ত থাকে। আনহাতে আলমণ্ডত থাকে ডি ভিটামিন। এই দুই ভিটামিনযুক্ত খাদ্যই শৰীৰত ওজন হ্ৰাস কৰিব পাৰে।
বহু লোকে আলু খালে শকত হয় বুলি বিশ্বাস কৰে যদিও প্ৰকৃততে ভাত খোৱাতকৈ আলু নিৰাপদহে। আলুত পটাচিয়াম থাকে। আনহাতে জালুকত থকা পিপেৰিন নামৰ পদাৰ্থবিধে শৰীৰত নতুনকৈ চৰ্বি জমা হোৱাত বাধা প্ৰদান কৰে। মুঠতে আলু খালেও জালুকৰ গুড়ি মিহলাই খাবলৈ নাপাহৰিব।
ডালচেনিয়ে চৰ্বিৰ পৰা মানুহক মুক্ত কৰাত সহায় কৰে। ডালচেনি খোৱাত সোৱাদযুক্ত যদিও ই কেলৰিমুক্ত। পুৱা কফি খাওঁতে কফিত কিঞ্চিৎ ডালচেনিৰ গুড়ি মিহলাই খালে অকল সুগন্ধিয়ে নাপায়, লগতে চৰ্বিৰ পৰা মুক্ত হোৱাৰ সমাধানো পোৱাৰ সম্ভাৱনা আছে।
উৎস: সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 12/8/2018
ওজন কমাবলৈ শিশুৰ দৰে খাদ্য গ্ৰহণ কৰক
শৰীৰৰ ওজন কমাবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব ?
খোজকাঢ়ো আহক
ক্ষীণকায়সকলে কেনেকৈ শৰীৰৰ ওজন বঢ়াব