অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেডমিয়ামৰ বিষক্ৰিয়া

কেডমিয়ামৰ বিষক্ৰিয়া

কেডমিয়াম এটা অতিশয় বিষাক্ত ধাতৱ মৌল। এই ধাতুৰ বিষক্ৰিয়াৰ বিষয়ে ১৯৪৮ চনৰ আগলৈকে মানুহ জ্ঞাত নাছিল। এই চনৰ পৰাহে কেডমিয়ামৰ বাষ্প উশাহত সেৱন আৰু খাদ্যৰ লগত কেডমিয়াম শৰীৰত প্ৰৱেশ কৰে আৰু ইয়াৰ ফলত ভোগা ৰোগীৰ তীব্ৰ বিষক্ৰিয়াৰ কথা জানিব পৰা গৈছে। ১৯৪৭ চনত জাপানৰ টয়ামা নামৰ ঠাইত জিণ্টুছ নদীৰ পাৰত বাস কৰা গাঁওবাসীৰ ৪৪ জন ৰোগীৰ ক্ষেত্ৰত বাত ৰোগৰ দৰে অস্বাভাৱিক ধৰণৰ বিষময় ৰোগ ধৰা পৰে। এই ৰোগটোৱেই পিছলৈ ‘ইটাই-ইটাই’ ৰোগ নামেৰে জনাজাত হৈ পৰে। এই ৰোগত আক্ৰান্ত ৰোগীসকল অত্যন্ত বিষত ভোগাৰ উপৰি হাত-ভৰি কোঙা হৈ যোৱাও দেখা গৈছিল।

এই ৰোগত আক্ৰান্ত হোৱা ১০০ জন লোক মৃত্যুমুখত পৰিছিল। ১৯৬১ চনলৈকে ‘ইটাই-ইটাই’ ৰোগৰ কাৰণ বিজ্ঞানী আৰু চিকিৎসকসকলৰ কাৰণে অজ্ঞাত আছিল। সেই সময়ছোৱাৰ ভিতৰত এই মাৰাত্মক ৰোগ সৃষ্টিত যে কেডমিয়াম ধাতুৱে প্ৰধান ভূমিকা লয়, সেই কথা পোহৰলৈ আহে। জাপান চৰকাৰৰ স্বাস্থ্য আৰু জনকল্যাণ বিভাগৰ উদ্যোগত বহু পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণাৰ অন্তত ১৯৬৮ চনত ঘোষণা কৰে যে দেহত সঞ্চিত কেডমিয়ামৰ বিষক্ৰিয়াৰ বাবেই ‘ইটাই-ইটাই’ ৰোগ সৃষ্টি হয়। তেওঁলোকৰ গৱেষণাত এই কথাও ধৰা পৰে যে গৰ্ভৱতী, কেঁচুৱাক গাখীৰ খোৱাই থকা তিৰোতা, বয়স বৃদ্ধিৰ লগে লগে দেহত কেলছিয়ামৰ পৰিমাণ কমি যোৱা আদিয়েই দেহত কেডমিয়াম সঞ্চিত হোৱাৰ সহায়কাৰী কাৰক।

ইটাই-ইটাই ৰোগৰ লক্ষণ আৰু তাৰ লগত দেহৰ সঞ্চিত কেডমিয়ামৰ সম্পৰ্ক থকা বুলি নিশ্চিত হোৱাৰ লগে লগে বিশ্বৰ বহু উন্নত দেশত এই সম্পৰ্কীয় বিশদ পৰীক্ষা-নিৰীক্ষা আৰম্ভ হয়। যাৰ ফলত অতি কম দিনৰ ভিতৰত নিউয়ৰ্কৰ হাডছন্ নদীৰ উপকুল অঞ্চলত নিকেল-কেডমিয়াম বেটাৰী নিৰ্মান কৰা কাৰখানাৰ পৰা হোৱা কেডমিয়াম প্ৰদূষণ আৰু নিউয়ৰ্ক, জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী আদি ঠাইৰ পৰাও কেডমিয়াম ব্যৱহাৰ কৰা কাৰখানা আদিৰ পৰা ওচৰৰ বাসিন্দাসকলৰ মাজতো ইটাই-ইটাই ৰোগৰ প্ৰাদুৰ্ভাৱ হ’বলৈ ধৰে। লগে লগে গোটেই বিশ্বতে কেডমিয়াম এটা অতিশয় বিষাক্ত ধাতৱ মৌল বুলিও স্বীকৃত হয়।

শৰীৰৰ ওপৰত কেডমিয়ামৰ ক্ষতি

সামান্য পৰিমাণৰ কেডমিয়ামেই শৰীৰৰ যথেষ্ট ক্ষতি সাধন কৰে। শুকান ধঁপাতৰ প্ৰতি গ্ৰামত এক মাইক্ৰ’গ্ৰাম কেডমিয়াম শৰীৰত প্ৰৱেশ কৰে। উশাহত শৰীৰত প্ৰৱেশ কৰা কেডমিয়ামৰ প্ৰধান উত্স হ’ল চিগাৰেট সেৱন আৰু ইয়াৰ ধোঁৱা। দেহত ৩৫০ মিলিগ্ৰামতকৈ অধিক কেডমিয়ামে মৃত্যু ঘটায়। কেডমিয়াম প্ৰধানকৈ যকৃত্ আৰু বৃক্কত সঞ্চিত হয়। বৃক্কৰ সিৰাত গড় হিচাপত প্ৰতিগ্ৰামত ২৫-৫০ মাইক্ৰ’গ্ৰাম কেডমিয়াম থাকে।

জিংক আৰু কেলছিয়াম এই দুয়োটা ধাতুৱেই কেডমিয়ামৰ বিষক্ৰিয়াৰ বিৰুদ্ধে শৰীৰক সুৰক্ষা প্ৰদান কৰে। আহাৰত কেলছিয়ামৰ অভাৱ ঘটিলে কেডমিয়াম দেহত সঞ্চিত হ’বলৈ আৰম্ভ কৰে। সেইবাবে বয়সস্থ লোক, গৰ্ভৱতী, কেঁচুৱাক গাখীৰ খুৱাই থকা অৱস্থাৰ তিৰোতা আদিয়েই কেডমিয়ামমুক্ত আহাৰ খোৱা বাঞ্চনীয়। ‘ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড ইনষ্টিটিউট’-ৰ মতে খোৱা পানীত কেডমিয়াম থাকিব নালাগে।

নিকেন-কেডমিয়াম বেটাৰী নিৰ্মাণ কৰা কাৰখানা, ফছফেটযুক্ত সাৰ উত্পাদন কৰা কাৰখানা, খাৰুৱা তেল উদ্ঘাটন আৰু ছালফাইড আকৰিকৰ পৰা ধাতু নিষ্কাশন আদি কাৰ্যৰ পৰা শৰীৰৰ কেডমিয়াম প্ৰৱেশ কৰি প্ৰদূষণ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু পৰিৱেশ সংৰক্ষণৰ দায়িত্ত্বত থকা বিভাগবোৰে আৰু সংস্থাবোৰে এনে উদ্যোগবোৰৰ চৌপাশৰ জলাশয়ৰ পানী, কৃষি, মাটি আৰু উদ্ভিদৰ বিভিন্ন অংশত কেডমিয়ামৰ পৰিমাণ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্ণয় কৰি জনসাধাৰণক অৱগত কৰি থকা উচিত।

ভূ-পৃষ্ঠত কেডমিয়ামৰ পৰিমাণ প্ৰতি নিযুত ভাগত মাত্ৰ ০.১১ ভাগ, কিন্তু প্ৰদূষিত মাটিত ০.৮ ভাগ পৰ্যন্ত কেডমিয়াম পোৱা গৈছে। মাটিত কেডমিয়ামৰ পৰিমাণ বৃদ্ধি হোৱাটো চিন্তাৰ কাৰণ। ফছফৰাছযুক্ত সাৰবোৰত কেডমিয়াম মিহলি হৈ থাকে, সেয়ে ফছফেটযুক্ত সাৰ সঘনাই ব্যৱহাৰ কৰি থকা কিছুমান কৃষি মাটিত প্ৰতি নিযুত ভাগত ০.৫৭ ভাগপৰ্যন্ত কেডমিয়াম পোৱা গৈছে। এনেবোৰ কাৰণতেই বৰ্তমান গোটেই বিশ্বত কেডমিয়ামৰ পৰিৱেশ প্ৰদূষণ সমস্যাটো এটা প্ৰধান চিন্তাৰ কাৰণ হৈ পৰিছে।

লেখকঃ উপেন দত্ত, আমাৰ অসম।

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate