নিচাজাতীয় দ্ৰব্য মৰ্ফিন, আৰ্ফিং, কোডেইন আদিৰ বিষক্ৰিয়া হ’লে প্ৰথমে মূৰ ঘূৰণি, বমি বমি ভাব বা বমি হোৱা, ভীষণ দুৰ্বলতা আৰু টোপনি টোপনি ভাব আদিয়ে দেখা দিয়ে। খুব বেছি মাত্ৰাত নিচাজাতীয় ঔষধ গ্ৰহণ কৰিলে-গভীৰ টোপনি, অজ্ঞান অৱস্থা আদিয়ে দেখা দিয়ে। আৰু ইয়াৰ পৰিণতিস্বৰূপে শ্বাস-প্ৰশ্বাস কেন্দ্ৰ, ৰক্তশিৰা আৰু গতিসঞ্চালন কেন্দ্ৰৰ পক্ষাঘাতে দেখা দিয়ে। দুৰ্দশাগ্ৰস্ত অতিকৈ শেঁতা পৰি যায়, ওঁঠ নীলা পৰে, চকুৰ মণি সংকুচিত হয় আৰু শ্বাস-প্ৰশ্বাসৰ খেলি-মেলি লাগে।
বিষক্ৰিয়া হ’ব পৰা পৰিমাণৰ মদ্যপান কৰিলে দুৰ্দশাগ্ৰস্তৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে। ইথাইল স্পিৰিটৰ প্ৰাণঘাটি মাত্ৰা হ’ল শৰীৰৰ ওজনৰ প্ৰতি কিলোগ্ৰাম অনুপাতে ৮ চি.চি এলক’হল। এই পৰিমাণৰ এলক’হলে-হৃৎপিণ্ড, ৰক্তবাহী শিৰা, পাকস্থলী, অন্ত্ৰ পথ, যকৃত, বৃক্ক আৰু বিশেষকৈ কেন্দ্ৰীয় স্নায়ৱিক তন্ত্ৰৰ ওপৰত ক্ৰিয়া কৰে।
অধিক মদ্যপান কৰি খুব মাতাল হ’লে শুই পৰে আৰু পাছলৈ সেই টোপনি জ্ঞান লোপ পোৱাৰ নিচিনা হয়। ঘন ঘন বমি আৰু অসাৰে প্ৰস্ৰাৱ নিৰ্গত হোৱা দেখা যায়। শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া অতিকৈ ব্যাহত হয়।
লিখক: ডা: ৰফিক আলী।
শেহতীয়া উন্নীতকৰণ: : 7/4/2020