মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গ্ৰীষ্ম কালত লব লগা সতৰ্কতাৰ বিষয়ে দুআষাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গ্ৰীষ্ম কালত লব লগা সতৰ্কতাৰ বিষয়ে দুআষাৰ

পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গ্ৰীষ্ম কালত লব লগা সতৰ্কতাৰ বিষয়ে দুআষাৰ

চাবোন আজি আমাৰ জীৱনৰ অপৰিহাৰ্য্য দ্ৰব্য৷ ইয়াৰ বুৰঞ্জী অতি প্ৰাচীন৷ খৃষ্টপূৰ্ব ২৮০০ চনৰ বেবিলন সভ্যতাৰ দিনৰ পৰা চাবোন মানুহৰ সংগী হৈ থকাৰ প্ৰমাণ পোৱা গৈছে৷ তেতিয়া ইয়াক তৈয়াৰ কৰা হৈছিল জন্তুৰ চৰ্বিক ছাইৰ সৈতে উতলাই৷ খৃষ্টপূৰ্ব ২২০০চনত জন্তুৰ চৰ্বিৰ সলনি কেচিয়া গছৰ তেলক পানী আৰু খাৰৰ সৈতে মিহলাই সিজাই চাবোন তৈয়াৰ কৰা পদ্ধতিৰ আৰম্ভ হ’ল৷ খৃষ্টপূৰ্ব ৫৫৬−৫৩৯ চনত বেবিলন সভ্যতাৰ শেষ সম্ৰাট নবোনিডাচৰ দিনত চাইপ্ৰাচ তেল, চিচামি তেল আৰু ছাইৰ দ্বাৰা তৈয়াৰী চাবোন দাসীবিলাকক শিলৰ আচবাব পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব দিয়া হৈছিল৷

SOAP শব্দটো লেটিন SAPO ৰ পৰা উদ্ভৱ হৈছে৷ খৃষ্টপূৰ্ব ৩১২ চনৰ পৰা প্ৰচলিত এটি কাহিনী অনুসৰি ৰোমানসকলে চেপো পৰ্বতত নানা জন্তু উৎসৰ্গা কৰিছিল৷ মুকলি জুইত জন্তুৰ মাংস সিজাওঁতে চৰ্বিবিলাক জুইত পৰি ছাইৰ সৈতে মিহলি হৈছিল৷ বৰষুণৰ পানীৰ সৈতে সেই ছাই উটি গৈ টিবাৰ নৈৰ পলসৰ সৈতে মিলি গৈছিল৷ ৰোমান মহিলাসকলে সেই পলস মাটি ব্যৱহাৰ কৰিছিল অনায়াসে শৰীৰ পৰিস্কাৰ আৰু উজ্বল কৰিবলৈ৷

ইয়াৰ পিছত দিন বাগৰিল৷ অষ্টম শতিকাত ইটালি, স্পেইন, ফ্ৰান্স আৰু জাৰ্মানী চাবোন নিৰ্মাতা হিচাবে বিখ্যাত হৈ উঠিল৷ ১২শতিকাত ব্ৰিটেইনত চাবোনৰ উত্পাদন আৰম্ভ হ’ল৷ ১৬শতিকাত ইউৰোপ আৰু আমেৰিকাত চাবনৰ প্ৰচলন আৰম্ভ হ’ল৷ ১৭৮৯ চনত প্ৰথম পাৰদৰ্শী (Transparent) চাবোন লণ্ডনত উত্পাদৃত হ’ল৷ ১৮৭৯ চনত প্ৰক্টাৰ এণ্ড গেম্বল কোম্পানীয়ে হাতী দাঁতৰ নিচিনা বগা চাবোন তৈয়াৰ কৰি উলিয়ালে৷ ১৮৯৫চনত ব্ৰিটিছ লিভাৰ কোম্পানীয়ে “লাইফবয়” নামেৰে চাবোন বজাৰত মেলি দিলে৷ ইয়াৰ মাজতে ১৮৬৫ চনত ৱিলিয়াম চেফাৰ্ড নামৰ এজন ব্যক্তিয়ে জুলীয়া চাবোন উত্পাদনৰ বাবে পেটেন্ট লাভ কৰে৷ আমাৰ চিনাকী “কলগেট” টুথপেষ্ট ১৮৭৭ চনত বজাৰলৈ আহে৷ সেই একে কোম্পানীয়ে ১৮৯৮ চনত পাম তেল আৰু অলিভ তেলক মিলাই বনোৱা “পালমোলিভ” চাবোনৰ উৎপাদন আৰম্ভ কৰে৷ জাৰ্মানীৰ প্ৰক্টাৰ এণ্ড গেম্বল কোম্পানীয়ে ১৯১৬ চনত ∀কাচকেড∀ নামেৰে চিনথেটিক ডিটাৰজেন্ট উত্পাদন কৰিবলৈ লয়৷ ১৯৩০ চনত আমেৰিকাই ঘৰুৱা ব্যৱহাৰৰ উপযোগী ডিটাৰেন্ট চাবোন উত্পাদন কৰে৷

দ্বিতীয় শতিকাত বিখ্যাত গ্ৰীক চিকিৎসক গেলনে মানৱ জাতিক চাবোনৰ উপযোগিতা সম্পৰ্কে অৱগত কৰায়৷ পোনতে মহঙা হোৱা বাবে ইয়াৰ ব্যৱহাৰ ধনীবৰ্গৰ মাজতে সীমিত আছিল যদিও কালক্ৰমত ই সুলভ মূল্যৰ হৈ পৰাত বিশ্বৰ সৰ্বত্ৰে সকলো শ্ৰেনীৰ লোকৰ জীৱনৰ এৰাব নোৱৰা সাৰথি হৈ পৰিল৷

ৰাসায়ন শাস্ত্ৰৰ মতে চাবোন হ’ল এবিধ ফেটি এচিডৰ চল্ট৷ বনস্পতি বা জন্তুৰ চৰ্বিৰ তেল হ’ল এবিধ ট্ৰাইগ্লিচাৰাইড (৩বিধ ফেটি এচিড আৰু এটা গ্লিচাৰলৰ মিশ্ৰণ)৷ ইয়াক যেতিয়া খাৰুৱা (এলকেলি) পদাৰ্থৰে ক্ৰিয়া কৰোৱা হয় (Saponification বোলে) তেতিয়া ফেটি এচিডে এলকেলিৰ লগ লাগি চাবোনৰ সৃষ্টি কৰে৷ বাইপ্ৰডাক্ট হিচাবে ওলায় গ্লিচাৰিন৷ চাবোনত জীৱাণুসমূহ বা আন মলিয়ন তত্বসমূহ লাগি আমাৰ শৰীৰৰ পৰা আঁতৰ হয়৷ এই ক্ৰিয়াক Surfactant action বোলে৷

হাত দুখন পৰিস্কাৰ কৰি ৰাখিলে মানুহে বহুতবোৰ ৰোগৰ পৰা বাচিব পাৰে৷ ২০০৯ চনত বিশ্ব স্বাস্থ্য সংস্থাই এই ধাৰণাটো সৰ্বসাধাৰনৰ মাজলৈ নিয়াৰ সিদ্ধান্ত লয় ৷ সেই মৰ্মে ২০১২ চনৰ ৫ মে তাৰিখে তৃতীয় বিশ্ব হস্ত পৰিচ্ছন্নতা দিবস (World Hands Hygiene Day) পালন কৰা হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ ঘোষিত নীতিটো হ’ল− ∀হাত দুখন পৰিষ্কাৰ কৰি জীৱনক সুৰক্ষা দিয়ক∀৷ হাত দুখন পৰিষ্কাৰ কৰি ৰাখি আমি কি দৰে নানান সংক্ৰমণ আৰু ৰোগৰ পৰা নিজকে বচাব পাৰো সেই বিষয়ে দুআষাৰ চৰ্চা কৰিম৷

পোনতেই জানক হাত কেতিয়া ধুব লাগে ? বাথৰুমত শৌচ−প্ৰসাব কৰাৰ পিছত হাত পৰিষ্কাৰ কৰাৰ কথাটো নকলেও হব৷ খাবলৈ লোৱাৰ আগতেও হাত পৰিষ্কাৰ কৰি ধুই লব লাগে৷ কিন্তু প্ৰায় বিলাক লোকেই আমি লক্ষ্মী জ্ঞান কৰা মুদ্ৰা বা কাগজৰ টকা চোৱাৰ পাচত হাত নুধুওঁ৷ সেই মুদ্ৰা আৰু নোটত ইতিমধ্যে বহুজনৰ স্পৰ্শ পৰিছে − গতিকে তাত বীজাণু লাগি থকাৰ পূ্ৰ্ণ সম্ভাৱনা থাকে৷ কাৰোবাৰ সৈতে কৰমৰ্দন কৰাৰ পিছতো হাত ধুব লাগে − কাৰণ আপুনি নাজানে আপোনাৰ সৈতে হাত মিলোৱা লোকজনৰ হাতখন কিমান পৰিষ্কাৰ৷ বাচত, ৰিক্সাত, ৰেলত ভ্ৰমণ কৰাৰ পিছত, চিনেমা বা থিয়েটাৰ হলৰ পৰা ওলোৱাৰ পিছত হাত ধুৱাটো অত্যন্ত আৱশ্যক৷ কিয়নো আমি নজনা−নেদেখাকৈ অনেক বীজাণুৰ মাজত পৰিভ্ৰমণ কৰি আহিলোঁ৷ আমাৰ হাতখনে আমাৰ অজানিতে চকু−মুখ স্পৰ্শ কৰি ৰোগৰ বীজাণুক আমাৰ শৰীৰত সুমুৱাই দিব পাৰে৷ বিশেষকৈ চকুৰ অসুখ কনজাংকটিভাইটিচ এইদৰেই সোঁচৰে৷ ৰন্ধন শালত যি কোনো কাম আৰম্ভ কৰাৰ আগত হাত দুখন পৰিষ্কাৰ কৰি লোৱাটো গোটেই পৰিয়ালৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে অতি আৱশ্যক৷ ঘৰৰ পোহনীয়া জীৱ−জন্তুক আদৰ বা স্পৰ্শ কৰাৰ পিছত, বাৰীৰ কাম কৰি অহাৰ পিছত, কেচুৱাৰ পানী−কাপোৰ বা ডাইপাৰ সলনি কৰাৰ পিছত, আনকি লাইটৰ চুইচ স্পৰ্শ কৰিলেও হাত দুখন সুৰক্ষাৰ খাতিৰত ধুব লাগে৷ ৰ’দ−বতাহ সোমাব নোৱাৰা ঘৰৰ বন্ধ কোঠাত বা যি কোনো প্ৰেক্ষাগৃহৰ বায়ুৰ কণিকাত বেক্টেৰিয়া আৰু ভাইৰাচ ভাঁহি থাকে৷ ৰোগাক্ৰান্ত ব্যক্তিয়ে হাঁহিলে, কাঁহিলে, হাঁচিয়ালে, জোৰেৰে কথা কলে, থুই −খেকাৰ পেলালে নানান ৰোগৰ কীটাণু কোঠালিৰ বায়ুত সিঁচৰিত হৈ যায়৷ এনেদৰে ৰোগ বিয়পাৰ পদ্ধতিক Droplet Infection বোলে৷ গতিকে তেনে সংক্ৰমণ কঢ়িয়াই আনিব পৰা ঠাইৰ পৰা আহিলে আমি গা ধুই পৰিষ্কাৰ হোৱাটো ভাল৷ এইবিলাক অতি সহজে মানিব পৰা স্বাস্থ্যৰ সুৰক্ষাৰ কিটিপ৷ গা ধুওঁতে আমি আমাৰ শৰীৰৰ ছালখন নাইলন কাপোৰৰ ব্ৰাছেৰে নাইবা ভোলৰ বাকলিৰে খচি খচি পৰিষ্কাৰ কৰি ধুব লাগে৷ ভৰিৰ গোৰোহা, কিলাকুটি আদি ঠাইৰ ডাঠ ছাল মিহি শিলেৰে চাফা কৰিব লাগে৷ এনে কৰিলে শৰীৰৰ ছালৰ ছিদ্ৰসমূহ মুক্ত হৈ থাকে৷ ইয়াৰ অন্যথাই ∀ফলিকুলাইটিছ∀ৰোগ উৎপন্ন হয়৷ নাপাহৰিব −দীঘল অপৰিষ্কাৰ নখেও বীজানুক আশ্ৰয় দি থাকে৷

আমি বাস কৰা জগতখনত বেক্টেৰিয়া, ভাইৰাচ আৰু পেৰাচাইত − এই তিনি বিধ শত্ৰুৱে আমাক অহৰ্নিশে ঘেৰি ৰাখিছে৷ এই শত্ৰুসেনাই অপেক্ষা কৰি থাকে এটি সুযোগৰ৷ অসাবধানতাবশত: আমি নিজৰ ভুলেৰে সেই তিনি বিধ শত্ৰুক আমাৰ দেহত প্ৰবেশ কৰাৰ সুবিধা কৰি দিওঁ৷

ডায়েৰিয়া, বমি −ওকালি, গেষ্ট্ৰএন্টাৰাইটিচ, ভাইৰেল জণ্ডিচ, টাইফয়েড, ফুড পয়জনিং, প্ৰসাবত হোৱা ই−কলাইৰ ইনফেকচন আদি ব্যাধিৰ সংক্ৰমনৰ এক গুৰুত্বপূৰ্ণ কাৰণ হ’ল অপৰিষ্কাৰ হাত৷ হাত আৰু দেহৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱত উফি−ওকনি, ৰিংৱৰ্ম, স্কেবিজ, এলাৰ্জি, খৰ−খহু, নানা বিধ খজুৱতি, পেলু−কৃমিজনিত আৰু বিভিন্ন চৰ্মৰোগে শৰীৰত বাঁহ লয়৷
এতিয়া আহোঁ গ্ৰীষ্মকালত লবলগীয়া কেইটিমান স্বাস্থ্যৰ সুৰক্ষাৰ কথালৈ৷ গৰমৰ দিনত কমেও দুবাৰ পৰিষ্কাৰকৈ চাবনেৰে ঘঁহি−পিহি গা ধুব লাগে৷ পাতল ৰঙৰ আৰু কম গধুৰ বস্ত্ৰ পিন্ধিব লাগে৷ যাৰ ভৰিৰ মোজা গোন্ধায় − তেওঁলোকে দৈনিক মোজা সলনি কৰিব লাগে৷ জোতাযোৰ পৰিষ্কাৰ কৰি এঘন্টামান ৰ’দত দিব লাগে৷ মোজাত আৰু জোতাৰ ভিতৰত ∀ফুট পাউদাৰ∀ চতিয়াই লব৷

গ্ৰীষ্মকালত ঘামচি, মিজলচ আৰু চিকেন পক্সৰ সৈতে সততে মুখামুখি হোৱা যায়৷ ঘামচি হ’ল অতিমাত্ৰা গৰম আৰু আদ্ৰ বতৰ (Humid weather)ৰ ফলত হোৱা ছালৰ প্ৰতিক্ৰিয়া৷ ধাৰণা কৰা মতে ছালত সাধাৰণতে থকা বেক্টেৰিয়াই ঘাম ওলোৱা পথ বন্ধ কৰি দিয়াৰ ফলত ঘামচিৰ উৎপত্তি হয়৷ যেতিয়া নোম ছিদ্ৰত ইয়াতকৈ জটিল সংক্ৰমন হয় তেতিয়া “ফলিকুলাইটিচ” ৰোগ হয়৷ সৰু লৰা ছোৱালীৰ ঘাম গ্ৰন্থি বিলাক কম বিকশিত হোৱা হেতুকে ডাঙৰৰ তুলনাত কম বয়সীয়া লোকৰ বেছি ঘামচি হোৱা দেখা যায়৷ তিনি চাৰিদিনত নিজে নিজে ঘামচিৰ উপশম হয় ৷ কিন্তু কেতিয়াবা অতিমাত্ৰা খজুৱতি হলে এন্টি এলাৰ্জিক ঔষধৰ (Loratidine বা Cetrizine) প্ৰয়োজন হয়৷ একেদৰে সাধাৰণতে ছালত একো লগাবৰ প্ৰয়োজন নহয়, যদিও কেতিয়াবা সৰু লৰা−ছোৱালীৰ কষ্ট লাঘব কৰিবলৈ কেলামিন বা হাইড্ৰকৰ্টিচন ক্ৰিম লগাবলৈ পৰামৰ্শ দিবলগীয়া হয়৷ অন্যথাই ঘামচিত তেল বা আন প্ৰসাধন লোচন লগোৱাটো অপকাৰী৷ গা ধুওতে কোমল চাবন ( যেনে ড’ভ) প্ৰয়োগ কৰিব আৰু কোমল টাৱেলেৰে গা শুকুৱাব৷ দিনে ২৷৩বাৰ শীতল পানীৰে গা ধুব৷ সম্ভৱপৰ হলে এ.চি.ত থাকিব নহলে অন্তত: গৰম আৰু বেচি আদ্ৰ পৰিবেশৰ পৰা আঁতৰি শীতল ঠাইত আশ্ৰয় লব৷ Hexachlorophene নামৰ এন্টিচেপ্তিক দ্ৰব্যৰ প্ৰয়োগৰে ঘামচি নিৰ্মূল কৰাৰ প্ৰচেষ্টা বৰ্তমান চলি আছে৷

লৰালিকালত মিজলচৰ ছিতা দিয়াৰ ফলত আজিকালি এইবিধ ভাইৰাচজনিত ৰোগ কমকৈ হোৱা পৰিলক্ষিত হয়৷ ছালৰ লক্ষনসমূহৰ ওপৰিও কাঁহ, চৰ্দি, কনজাংকটিভাইটিচ, কপলিক্ স্পটৰ সহায়ত মিজলচ ৰোগীক অনায়াসে চিনাক্ত কৰা হয়৷ চিকেনপস্ক হয় ভেৰিচেলা জষ্টাৰ ভাইৰাচৰ সংক্ৰমণৰ ফলত৷ এই দুয়োবিধেই হ’ল সংক্ৰামক ৰোগ৷ ৰোগীক পৰিয়ালৰ আন সদস্যৰ পৰা নিলগাই পৰিচৰ্য্যা কৰিব লাগে৷ গা ধুবলৈ নিম পাত উতলোৱা পানী ব্যৱহাৰ কৰিলে ভাল৷ ছালত কেলামিন লোচন লগাব আৰু চিকিৎসকৰ পৰামৰ্শমতে এন্টি ভাইৰেল দৰব(Acyclovir) খাব৷ চিকন পস্কৰ ভেকচিন লোৱা সকলে দুটা বেজী ললে ইয়াৰ পৰা আজীৱন সুৰক্ষা পায়৷ বেজী দুটাৰ মাজত সাধাৰণতে ৬−১০ সপ্তাহ ব্যৱধান থকা ভাল৷

গৰমত ৰ’দত কাম কৰা লোকসকলৰ মাংশপেশীৰ সংকোচন (Muscle Cramp), গৰমৰ ফলত অৱস হোৱা নাইবা অতি বিপদজনক হিট ষ্ট্ৰোক (Heat Stroke) হব পাৰে৷ ইয়াৰ পৰা বাচিবলৈ হলে আমি নিযমীয়াকৈ ২৪ ঘন্টাত খাবলগীয়া দুই লিটাৰ পানীৰ পৰিবৰ্তে কমেও দুগুণ পানী খাব লাগিব৷ প্ৰতি আধা ঘন্টাৰ মূৰে মূৰে পানী খাওক আৰু কামৰ মাজে−মাজে কিছু জিৰণী লৈ শৰীৰটোক বতৰৰ লগত খাপ খুৱাই কামত অগ্ৰসৰ হওঁক৷ ইলেকট্ৰেল(ORS) পাউদাৰ পানীত মিহলাই খাওক৷ ডাবৰ পানী, নেমু বা মৌচুম্বীৰ চৰবত খাওক৷ বতৰৰ ফল আৰু ফলৰ ৰস প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰক৷ তৰমুজ, লিচু, পনিয়ল, জামুক, মধুৰী, লেতেকু, আম, কল, ডালিম, আপেল আদি ৰসাল ফল বেচিকৈ বাচি লওঁক৷ এইবিলাকত পাব শৰীৰৰ বাবে লাগতিয়াল ভিটামিন, খনিজতত্ব, সুৰক্ষাদায়ী এন্টিঅস্কিডেন্ট আদি৷ গ্ৰীষ্ম কালত খাদ্যৰ ক্ষেত্ৰত পৰাপক্ষত নিৰামিষ ভোজন কৰা ভাল৷ আমিষ খাদ্য গুৰুপাকী বাবে হজম হবলৈ অধিক সময় লাগে আৰু এনে খাদ্যই শৰীৰত অতিৰিক্ত উত্তাপ উৎপন্ন কৰে৷ নানাবিধ শাক আৰু পাচলিৰ ওপৰিও দৈ ভোজনৰ সৈতে অৱশ্যে লওক৷ পৰাপক্ষত বাহী খাদ্য নাখাব আৰু অতি ভোজনো নকৰিব৷

ডা: ভূপেন শইকীয়া

3.11764705882
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top