অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্যায়ামৰ বাবে উত্তম উপায় ৰাতিপুৱা নে সন্ধ্যা?

ব্যায়ামৰ বাবে উত্তম উপায় ৰাতিপুৱা নে সন্ধ্যা?

এক সমীক্ষামতে জনা গৈছে যে, ৰাতিপুৱা ব্যায়াম কৰিলে হেনো ৰক্তচাপ কমি যায় আৰু টোপনিও ভাল হয়। কোন সময়ত ব্যায়াম কৰিলে মানুহৰ উপকাৰত আহে, সেই বিষয়টো লৈ এপালাচিয়ান ষ্টেট ইউনিভাৰ্ছিটীৰ ডাঃ স্কট কলিয়াৰ নামৰ গৱেষক এজনে গৱেষণা কৰিছিল। এই গৱেষণাত ডাঃ কলিয়াৰৰ আন দুজন সহযোগী গৱেষকো আছিল, তেওঁলোকৰ নাম হ’ল- কিম্বার্লি ফেয়াৰ ব্ৰাদাৰ আৰু বেন কার্টনাৰ। এই গৱেষকসকলে ৪০ বছৰ বয়সৰ পৰা ৬০ বছৰ বয়সৰ এদল লোকৰ ৰক্তচাপ আৰু টোপনিৰ গতি-বিধিৰ ওপৰত গৱেষণা চলাইছিল। এইসকল লোকে প্রতি সপ্তাহত ৩০ মিনিটকৈ ৩ দিন ব্যায়াম কৰিছিল। পিচে তেওঁলোকে দিনটোৰ একেটা সময়তে ব্যায়াম কৰা নাছিল- তেওঁলোকৰ মাজৰে কোনোবাই ৰাতিপুৱা কোনোবাই দুপৰীয়া আৰু কোনোবাই আকৌ সন্ধিয়া সময়তহে ব্যায়াম কৰিছিল। গৱেষণাৰ ফলাফলত গম পোৱা গ’ল যে, যিসকলে ৰাতিপুৱা সময়ত ব্যায়াম কৰিছিল তেওঁলোকৰ উচ্চ ৰক্তচাপ শতকৰা ১০ ভাগ কমি গৈছিল। গোটেই দিনটো ধৰি এই কমি যোৱা ৰক্তচাপৰ প্ৰভাৱটো তেওঁলোকৰ শৰীৰৰ ওপৰত পৰিছিল। নিশা তেওঁলোকৰ শৰীৰৰ ৰক্তচাপ শতকৰা ২৫ ভাগ পর্যন্ত কমি গৈছিল। আনহাতে, নিশা তেওঁলোকৰ ভাল টোপনি আহে।

দিনটোৰ শেষত কৰা ব্যায়ামো উপকাৰী

চিকাগো বিশ্ববিদ্যালয়ৰ ক্লিনিকেল ৰিছাৰ্চ চেণ্টাৰৰ গৱেষণাই আকৌ এক বিপৰীত ঘোষণাহে কৰিছে। এই গৱেষণাত ২০ বছৰ বয়সৰ পৰা ৩০ বছৰ বয়সৰ ৪০ জন লোকক অন্তর্ভুক্ত কৰা হৈছিল। তেওঁলোকক ৫টা দলত ভাগ কৰি ৪টা দলক ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া পৰত ব্যায়াম কৰিবলৈ নির্দেশ দিয়া হয়। এটা দলক ব্যায়াম কৰিবলৈ দিয়া নহৈছিল। শেষত তেওঁলোকৰ তেজত এণ্ড ক্রিন হৰম’ন’কটিছল আৰু টাইৰোট্রপিনৰ মাত্রা কিমান আছে তাক পৰীক্ষা কৰাৰ অৰ্থে তেওঁলোকৰ প্রত্যেকৰে তেজৰ নমুনাও সংগ্রহ কৰা হয়। গম পোৱা গ’ল যিসকল লোকে ৰাতি ব্যায়াম কৰিছিল, তেওঁলোকৰ তেজত উক্ত দুয়োবিধ হৰমনৰেই মাত্রা সুন্দৰভাবে বাঢ়ি গৈছে। তদুপৰি তেওঁলোকৰ তেজত গ্লুকোজৰ মাত্রা কমি গৈছে।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate