আধুনিক যুগত শব্দৰ প্ৰদূষণ দিনক দিনে বাঢ়ি গৈছে। সঁচা কথাত কোলাহলেৰে ভৰা এই পৃথিৱীত নীৰৱতা যেন দুষ্প্রাপ্য হৈ উঠিছে। কাৰখানা, মটৰ গাড়ী, ৰে’ল, বিমান আদিৰ চলাচলত সৃষ্টি হোৱা শব্দবোৰৰ বাহিৰেও আমি নিজেও গান শুনি, টিভি চাই, ৰেডিঅ’ত বাতৰি শুনি আন কিছুমান শব্দ-কোলাহলৰ কিন্তু দৈনিক সৃষ্টি কৰি থাকে। ২০১১ চনত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) শব্দ প্ৰদূষণক আধুনিক প্লেগ বুলি অভিহিত কৰি ঘোষণা কৰিছে যে, পৰিৱেশগত কোলাহলে যে জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্রভাৱ পেলায় তাৰ নিশ্চিত প্রমাণ পোৱা গৈছে। আপুনি নিজেও চিন্তা কৰি চাওকচোন যে, দৈনিক কিমান সময় আপুনি নীৰৱে অর্থাৎ নীৰৱতাৰ মাজত থাকে। আমাৰ মগজুৰ বাবে নীৰৱতা কিমাননো উপকাৰী, তাক জানি লওঁ, আহকচোন!
(১) নীৰৱতাই আমাৰ মানসিক চাপ কমোৱাত সহায় কৰে:
শব্দ, কোলাহলে মানুহৰ মগজুৰ ওপৰত কেনেকৈ প্রভাৱ পেলায়, তাক লৈ গৱেষণা কৰা হৈছিল। দেখা গ'ল যে,উচ্চ মাত্ৰাৰ শব্দই আমাৰ মগজুত থকা এমিগডালা নামৰ অংশটোক সক্ৰিয় কৰি তোলে, যাৰ ফলত আমাৰ কৰ্টিচল্ নামৰ 'ষ্ট্ৰেচ' বা চাপ হৰম'নৰ সৃষ্টি হয় আৰু মানুহৰ মানসিক চাপ বাঢ়ি যায়। সেই একে গৱেষণাতেই দেখা গৈছে যে, নীৰৱতাই ইয়াৰ বিপৰীত ক্রিয়াহে কৰে অর্থাৎ কর্টিচল হৰমনৰ সৃষ্টি বন্ধ কৰি আমাক মানসিক চাপৰ পৰা মুক্ত কৰি ৰাখে। ২০০৬ চনত প্রকাশিত 'হার্ট’ নামৰ মেডিকেল জার্নালখনত উল্লেখ কৰা হৈছে যে, ৰক্তচাপ আৰু মগজুৰ তেজ চলাচলৰ ওপৰত পৰীক্ষা চলাই গম পোৱা গৈছে যে,মানসিক চাপ কমাবলৈ আমি গান শুনাতকৈ দুই মিনিট সময় নীৰৱতাৰ মাজত কটালে সি অধিক ফলপ্রসূ হয়।
তাহানিৰ উনবিংশ শতাব্দীতে ইংৰাজ শুশ্ৰুষাকাৰিণী তথা সমাজসেৱিকা ফ্লোৰেন্স নাইটিংগেলে লিখি থৈ গৈছে যে, কোলাহলৰ মাজত থকা ৰোগীসকল পলমকৈ আৰোগ্য হয়, তেওঁলোকৰ টোপনি কমি যায় আৰু ৰোগৰ যন্ত্রণা বৃদ্ধি পায়। তেওঁৰ মতে শব্দৰ কোলাহল হৈছে—সুস্থ বা অসুস্থ উভয় লোকৰ কাৰণে এক নির্যাতন সদৃশ। শব্দৰ প্ৰদূষণৰ কাৰণে মানুহৰ উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্র বিকল হোৱাৰ আশংকা বহুত বৃদ্ধি পায়।
(২) নীৰৱতাৰ মাজত থাকি মানসিক সম্পদ বঢ়াওক:
প্ৰতিজন ব্যক্তিয়েই নিজ নিজ ধৰণৰ মানসিক চাপত অহৰহ ভুগিবই লাগিছে, তাৰ ফলত মানুহৰ চিন্তা-চৰ্চাবোৰো বিক্ষিপ্ত হৈ পৰে। আমি যদি শব্দৰ কোলাহলৰ পৰা আঁতৰি যাব পাৰো, আমাৰ মগজুৱে এক নির্দিষ্ট সমস্যাৰ সমাধানৰ কাৰণে মনোযোগ দিবলৈ সক্ষম হয়। আধুনিক জীৱনৰ অবিৰাম দাবীবোৰে (চিন্তা, সিদ্ধান্ত গ্রহণ আৰু সমস্যাৰ সমাধান আমাৰ মগজুটোৰ প্রি-ফ্ৰণ্টেল কর্টেক্স'ৰ ওপৰত চাপৰ সৃষ্টি কৰে, যাৰ ফলত আমাৰ মনোযোগ কমি যায়, মনোযোগ কমি গ'লে আমি বিভ্রান্ত হওঁ আৰু মানসিকভাৱে পৰিশ্ৰান্ত হৈ পৰো। গতিকে আমাৰ মনোযোগক কেন্দ্রীভূত কৰা, সমস্যাৰ সমাধান কৰা আৰু নতুন কিবা ধাৰণাৰ সৃষ্টি কৰিবলৈকো আমি যথেষ্ট কষ্ট কৰিবলগীয়া হয়। নীৰৱতাৰ মাজত থাকিলে মনোযোগ দিয়াত সুবিধা হয়, মগজুৱে তাৰ জ্ঞান বা বিশ্লেষণক পুনৰুদ্ধাৰ কৰিব পাৰে। নীৰৱতা বিচাৰি দূৰলৈ নগ’লেও হয়, তাৰ পৰিবর্তে আপুনি কিছু সময় ধৰি অকলে খোজ কাঢ়িলেও কামত আহিব।
(৩) নীৰৱতাই আৱেগ-অনুভূতিক জগাই তোলে:
মগজুত পৰা নানান মানসিক চাপৰ ফলত মানুহে অস্থিৰ হৈ নানা ধৰণৰ সপোন বা চিন্তাবোৰ বিক্ষিপ্তভাবে কৰিবলৈ লয়। মগজুটোৱে অস্থিৰ অৱস্থাৰ সলনি যদি স্থিৰ অৱস্থাত থাকে তেতিয়াহে মানুহৰ মনত নানা গঠনমূলক চিন্তা, আৱেগ, স্মৃতি আৰু বিভিন্ন ধাৰণাৰ সৃষ্টি হ’ব পাৰে। তাৰ ফলত ব্যক্তিজনে নিজৰ অভিজ্ঞতাবোৰৰ অৰ্থবোৰ বুজিবলৈ সক্ষম হয়, আনৰ সৈতে ঠিক মতে মতামত বিনিময় কৰিব পাৰে, সৃজনশীল হয় আৰু তেওঁৰ কথা বতৰাত মানসিক আৱেগবোৰ প্রতিফলিত হয়। এই ধনাত্মক কথাবোৰৰ সৈতে কিন্তু নীৰৱতা যথেষ্টভাৱে জড়িত হৈ থাকে। হার্মান মেনভিল নামৰ গৱেষকজনৰ মতে আমাৰ সকলো অন্তৰ্নিহিত আৰু আৱেগপূর্ণ সিদ্ধান্তবোৰ নীৰৱতাৰ মাজতেহে লোৱাটো সম্ভৱপৰ হয়।
(৪) মগজুৰ কোষবোৰক নীৰৱতাই পুনৰুজ্জীৱিত কৰি তোলে:
এন্দুৰৰ ওপৰত নীৰৱতাৰ কেনেধৰণৰ প্রভাৱ পৰে, সেই বিষয়ে গৱেষণা চলোৱা হৈছিল। এই গৱেষণাৰ বিষয়ে ২০১৩ চনত প্ৰকাশিত ব্ৰেইন জাৰ্নালত এক প্ৰতিবেদন প্ৰকাশ হয়। সেই প্রতিবেদনত লিখা হৈছিল যে, নীৰৱতাই আমাৰ মগজুৰ কোষবোৰক সক্রিয় কৰি বৃদ্ধি কৰে। এই গৱেষণাত এন্দুৰবোৰক দৈনিক দুই ঘণ্টা সময় নীৰৱতাৰ মাজত ৰাখি দেখা গৈছিল যে, মগজুৰ হিপ্পোকেম্পাছ নামৰ অংশটোত নতুন কোষৰ উৎপন্ন হয়। আনহাতে, হিপ্পোকেম্পাছ অংশটো শিক্ষা, স্মৃতি আৰু আৱেগ-অনুভূতিৰ সৈতে জড়িত হৈ আছে। বিষণ্ণতা আৰু আলঝেইমাৰত ভোগা ব্যক্তিসকলৰ বাবে নীৰৱতাই এক মহৌষধৰ দৰে হেনো কাম কৰে।
উৎস: সাদিন।
শেহতীয়া উন্নীতকৰণ: : 4/22/2020
উৎকৃষ্ট পোহৰ আৰু সুস্থ জীৱন
খাদ্যৰ বিষয়ে জানি থওঁক
উদ্ভিদজ পথ্যই কলেষ্ট্ৰৰেলৰ সমস্যা মুক্ত কৰিব?
ভাৰতীয় সুস্থ কৃষি পৰম্পৰা