অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্যৰ বিষয়ে জানি থওঁক

খাদ্যৰ বিষয়ে জানি থওঁক

শৰীৰ সুস্থ কৰি ৰাখিবৰ কাৰণে অকল আসন বা ব্যায়াম কৰিলে নহ’ব। নিয়মিত যোগ আসনে শৰীৰৰ সুস্থতা আনিবলৈ বা যোগাসনৰ সুফল পাবলৈ হ’লে খাদ্যৰ প্ৰতিও নজৰ ৰাখিব লাগিব। প্ৰয়োজনীয় খাদ্য অবিহনে শৰীৰৰ সুস্থতা অকল যোগাসনে আনিব নোৱাৰে। খাদ্যৰ প্ৰতি নজৰ নাথাকিলে অৰ্থাৎ শৰীৰৰ বাবে কি কি খাদ্যৰ প্ৰয়োজন, সেই জ্ঞান নাথাকিলে যোগাসন বা শৰীৰ চৰ্চাৰ পৰা সুফল পোৱাতো সম্ভৱপৰ নহয়। সেইবাবে কিছু আভাস তলত দিয়া হ’ল।

শৰীৰৰ বাবে তিনিবিধ প্ৰ’টিন বা শৰ্কৰা বা শ্বেতসাৰ আৰু চৰ্বি বা স্নেহপদাৰ্থ। শৰীৰৰ গঠনৰ বাবে প্ৰ’টিন অতি লাগতিয়াল বস্তু। ইয়াৰ অভাৱ হ’লে শৰীৰ ক্ষীণ আৰু চাপৰ হয়। যিবোৰ কোষেৰে দেহ গঠিত হয়, সেই কোষৰ মূল জৈৱক্ৰিয়া নিৰ্ভৰ কৰে প্ৰ’টিনৰ ওপৰত। প্ৰ’টিন এইবোৰ খাদ্যত পোৱা যায় যেনে-মাছ, মঙহ, কণী আৰু গাখীৰ, চয়াবিন, দালি, বাদাম, বুট, ঘেঁহু, মটৰমাহ, নাৰিকল আদি।

তেল, ঘিউ, মাখন, চৰ্বি আদিত স্নেহ পদাৰ্থ পোৱা যায়। শৰ্কৰা জাতীয় খাদ্যই দেহৰ ভিতৰত চেনিলৈ ৰূপান্তৰিত হৈ তেজৰ লগত মিলি যায়। চাউল, চেনি, কল, আলু, গুড় আদিত খাদ্যৰ শৰ্কৰা থাকে। ইয়াৰোপৰি শৰীৰৰ কাৰণে কিছুমান খাদ্যপ্ৰাণ প্ৰয়োজন। সেইবোৰ যথাক্ৰমে খাদ্য প্ৰাণ ‘এ’। শৰীৰত ‘এ’ ভিটামিন নহ’লে কিছুমান বেমাৰ হয়। কুকুৰীকণা, দেহৰ ছালৰ ৰুক্ষতা, শ্বাসকাৰ্য আৰু পৰিপাক ক্ৰিয়াত বাধা হয়।

খাদ্যপ্ৰাণ ‘বি’ ৰ অভাৱত মানসিক অৱসাদ, কোষ্ঠকাঠিন্যৰ প্ৰৱণতা, স্নায়ৱিক বেমেজালি আদিয়ে দেখা দিয়ে।

খাদ্যপ্ৰাণ ‘চি’ ৰ অভাৱত দুৰ্বলতা, অৱসাদ, ভৰিৰ বিষ, দাঁতৰ পাৰিৰে তেক ওলোৱা, মাংসপেশী আৰু আভ্যন্তৰীণ দৈহিক যন্ত্ৰও তেজ ওলোৱা আদি বেমাৰে দেখা দিয়ে। সতেজ উদ্ভিদ, নেমুটেঙা, বিলাহী, বন্ধাকবি, পিয়াঁজ, মৌচম্বী, সুমথিৰা, জাম, আপেল, আমলখি, কেঁচা জলকীয়া আদিত ভিটামিন ‘চি’ থাকে।

গাখীৰ, কণী, মাখনত খাদ্যপ্ৰাণ ‘ডি’ থাকে।

গজালি ওলোৱা বুট, মঙহ, কণী আদিত খাদ্যপ্ৰাণ ‘ই’ থাকে।

গাজৰ, বন্ধাকবিত ‘কে’ খাদ্যপ্ৰাণ থাকে।

ওপৰোক্ত খাদ্যৰ গুণাগুণ অনুযায়ী আহাৰ গ্ৰহণ কৰিলে শৰীৰত কোনো এটা খাদ্যপ্ৰাণৰেই অভাৱ নাথাকিব। তেতিয়াহে শৰীৰ চৰ্চা বা ব্যায়ামত সুফল পোৱা যাব।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 4/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate