অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপোনাৰ মুখমণ্ডলৰ যত্ন লওঁক

মানুহৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দৰ্শনীয় অংগ হ’ল মুখমণ্ডল। প্ৰথম চিনাকিতেই আকৰ্ষণ কৰিব পৰা এখন সুশ্ৰী মুখমণ্ডল গঢ়ি তুলিবলৈ যত্ন কৰক। মুখমণ্ডল বা ত্বকৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে কেইটামান সাধাৰণ কথা মনত ৰাখিব লাগে। যেনে-

  • মানুহৰ শৰীৰৰ কাৰণে টোপনি এবিধ ভাল টনিক। টোপনি ক্ষতি কৰিলে মানুহৰ শৰীৰৰ ক্ষতি হয়। ছালৰ উজ্জ্বলতা কমে। সেইবাবে অন্তত: আঠ ঘন্টা ভাল টোপনি হোৱাৰ দৰকাৰ।
  • মুখমণ্ডল সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। হাত-ভৰিৰ নখ নিয়মিতভাৱে কাটি থাকিব লাগে।
  • ভজা-পোৰা বেছিকৈ খালে শৰীৰৰ ছাল ৰুক্ষ হয়। মছলা দিয়া খাদ্যও পৰিমাণত কমাই খাব লাগে। কেঁচা শাক-পাচলি বেছিকৈ খাব লাগে। মুখমণ্ডলৰ ছাল শুকান হোৱাৰ কেবাটাও কাৰণ আছে। অনিয়মিত পায়খানা, ভালকৈ হজম নোহোৱা আদি কাৰণতেই মুখমণ্ডলৰ ছাল শুকান হয়। বেছিকৈ সিজোৱা বস্তু খালে সহজতে হজম হয় আৰু কোষ্ঠবদ্ধতা কমে, ফলত মুখমণ্ডলৰ ছালৰ ৰুক্ষতা কমে।
  • খোজ কঢ়া এটা বৰ ভাল অভ্যাস। পুৱা শুই উঠি আৰু গধূলি মুকলি বতাহত খোজ কাঢ়িলে সৰ্বশৰীৰত সজীৱতা আহে।
  • মানুহৰ শৰীৰ নিৰোগী কৰি ৰাখিবলৈ হ’লে পানী প্ৰচুৰ পৰিমাণে খাব লাগে। দিনটোৰ ভিতৰত বিশুদ্ধ পানী অন্তত: ৮/১০ গিলাচ খাব লাগে।

মুখ ধোৱাতে প্ৰথমে কুহুমীয়া পানীৰে ধুব লাগে। কিয়নো তেনে কৰিল নোমৰ গুৰিত জমা হোৱা ধূলি-মাকতি আঁতৰি গৈ পৰিষ্কাৰ হৈ পৰে। তাৰ পিছত ঠাণ্ডা পানী ব্যৱহাৰ কৰক। দেখিব আপোনাৰ মুখমণ্ডলৰ ছালৰ মসৃণতা আহিছে।

ত্বক বা ছাল সাধাৰণতে চাৰি প্ৰকাৰৰ

১) তৈলাক্ত ছাল।

২) শুকান বা ৰুক্ষ ত্বক।

৩) স্বাভাৱিক ত্বক।

৪) মিশ্ৰ ত্বক।

ত্বকৰ প্ৰকাৰ নিৰূপণ

প্ৰতিটো সমস্যাৰে সমাধান থাকে। চিন্তাৰ কোনো কাৰণ নাই। পুৱা শুই উঠি মুখ ধোৱাৰ আগতে এটুকুৰা টিছু কাগজ মুখৰ ওপৰত পেলাই লৈ চেপা মাৰি ধৰক। এইবাৰ টিছু কাগজখন সাৱধানে মুখমণ্ডলৰ পৰা উঠাই আনি লক্ষ্য কৰক। কাগজখন যদি অতিৰিক্তভাৱে তৈলাক্ত হয় তেনেহ’লে জানিব আপোনাৰ ত্বক বা ছাল তৈলাক্ত। ঠায়ে ঠায়ে অলপ অলপ তেলেতীয়া আৰু ঠায়ে ঠায়ে শুকান হ’লে জানিব আপোনাৰ ত্বক স্বাভাৱিক আৰু কাগজখনত একেবাৰে তেলেতীয়া ভাব নাথাকিলে জানিব আপোনাৰ ত্বক শুকান। কিছুমানৰ আকৌ মুখমণ্ডলৰ ত্বকৰ প্ৰকৃতি বেলেগ বেলেগ ধৰণৰ, যেনে ধৰক নাক আৰু কপাল তেলেতীয়া, গাল একেবাৰে ৰুক্ষ আৰু শুকান তেনেকুৱাবোৰ মিশ্ৰ ত্বকৰ ভিতৰত পৰে।

ত্বকৰ পৰিচৰ্য্যা

আমি আগতে কৈ আহিছো যে ত্বক কেইবা প্ৰকাৰৰো আছে। প্ৰকাৰভেদে ত্বকৰ পৰিচৰ্য্যাৰ উপায়ো আছে। প্ৰথমতে ত্বকৰ পৰিচৰ্য্যাৰ বিষয়ে আলোচনা কৰো।

তৈলাক্ত ত্বকৰ পৰিচৰ্য্যা

আগতে উল্লেখ কৰা পদ্ধতিৰে, আপোনাৰ ত্বক কোন প্ৰকাৰৰ ভিতৰত পৰে নিৰূপণ কৰি লওঁক। তাৰ পিছত তলত দিয়া ধৰণে ত্বকৰ পৰিচৰ্য্যা কৰিবলৈ আৰম্ভ কৰক।

  • মুখখনত কোনো ব্ৰণ আদি নাথাকিলে দেখিবলৈ শুৱনি হয়। বেছিকৈ ওলাই তৈলাক্ত ত্বকতহে। গতিকে তৈলাক্ত ত্বক বুলি নিৰূপিত হোৱাৰ পিছতেই আপোনাৰ মুখমণ্ডলৰ ত্বকৰ যত্ন লওঁক। উতলা গৰম পানীত কেইটামান তুলসী পাত পেলাই দিয়ক। সেই ভাপ সপ্তাহত এবাৰকৈ মুখত লওঁক। ভাপ লোৱাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুই পেলাব।
  • ৰাতি শোৱাৰ আগতে কুহুমীয়া গৰম পানী আৰু চাবোনেৰে মুখখন ধুব লাগে। মন কৰে যদি তৈলাক্ত ত্বকৰ উপযোগী কিবা ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে।
  • অতিৰিক্ত তৈলাক্ত ত্বকৰ কাৰণে চাবোন বৰ সুবিধাজনক নহয়। সেইবাবে চাবোনৰ সলনি মটৰ দাইলৰ মিহি গুড়ি মুখত ব্যৱহাৰ কৰিব পাৰে। নেমু মিশ্ৰিত চাবোন নাইবা চন্দন চাবোন ব্যৱহাৰ কৰিব পাৰে। আজিকালি বজাৰত বিভিন্ন ত্বকৰ বিভিন্ন প্ৰসাধন পোৱা যায়। ভাল কোম্পানীৰ এট্ৰিনজেন্ট লোচন ব্যৱহাৰ কৰিব পাৰে।

স্বাভাৱিক ত্বক আৰু মিশ্ৰ ত্বকৰ পৰিচৰ্য্যা

তৈলাক্ত ত্বকৰ দৰে স্বাভাৱিক ত্বক আৰু মিশ্ৰ ত্বকৰ বিশেষ কোনো সমস্যা নাই। ইয়াক মসৃণ আৰু সতেক কৰি ৰাখিবলৈ হ’লে তলত দিয়া ধৰণে সাধাৰণ ব্যৱস্থা ল’লেই হ’ল।

  • কণীৰ হালধীয়া অংশ অলিভ অইলৰ লগত মিহলাই মুখত লগাব। সপ্তাহত অন্তত: তিনিদিনকৈ। পৰাপক্ষত চাবোন ব্যৱহাৰ নকৰাই ভাল। চাবোনৰ সলনি বেচন ব্যৱহাৰ কৰিব পাৰে।
  • ৰাতি শোৱাৰ আগতে মুখখন পৰিষ্কাৰ কৈ ধুইহে শুব লাগে। অন্তত: দিনত মুখত সনা মেক্‌আপ যাতে নাথাকে। পৰিষ্কাৰকৈ ধোৱাৰ পিছত ময়শ্চাৰাইজাৰ বা বেবী লোচন সানি থ’ব।
  • মুখমণ্ডল সতেজ কৰি ৰাখিবলৈ হ’লে দিনত মাজে মাজে ঠাণ্ডা পানীৰ ছিটা মাৰক। চাবোনৰ সলনি বেচন ব্যৱহাৰ কৰিলে বেছি ভাল।
  • গৰম পানীৰ ভাপ মুখৰ ত্বকৰ কাৰণে বৰ ভাল। এই ভাপ লোৱাৰ ফলত নোমৰ গুৰিত জমা হোৱা ধূলি-মাকতি পৰিষ্কাৰ হৈ তেজ চলাচলত সহায় হয়। ইয়াৰ ফলত ব্ৰণ আদি হোৱাৰ পৰা মুক্ত হয়।
  • মুখমণ্ডলৰ ত্বক উজ্জ্বল আৰু মসৃণ কৰি ৰাখিবলৈ হ’লে আৰু এটা উপায় আছে। মুখ ধোৱাৰ পিছত স্কীন টনিক বা উৎকৃষ্ট ক্ৰীম ব্যৱহাৰ কৰক।

ৰুক্ষ বা শুকান ত্বকৰ পৰিচৰ্য্যা

তৈলাক্ত ত্বক আৰু স্বাভাৱিক ত্বকতকৈ ৰুক্ষ বা শুকান ত্বকৰ কাৰণে অধিক পৰিচৰ্য্যাৰ প্ৰয়োজন। মুখৰ ৰুক্ষ ত্বক সোনকালে সোঁতোৰা পৰে।

  • শুকান মুখখনৰ সতেজতা আনিবলৈ হ’লে মুখখন ধুই স্কীন টনিক লগাব। যিকোনো মেক্‌আপ কৰাৰ আগে আগে সদায় ময়শ্চাৰাইজাৰ লগাব লাগে।
  • ব্ৰণ সাধাৰণতে তৈলাক্ত ছালতহে বেছি হয়। শুকান ছালত ব্ৰণ বেছি নোলায়। সেইবাবে গৰম পানীৰ ভাপ মাহেকত এবাৰ ল’লেও হয়।
  • সকলোৱে জানে গাখীৰৰ সৰ ঘঁহিলে গাল মসৃণ আৰু কোমল হয়। কিন্তু অকল গাখীৰৰ সৰ ঘঁহিলে যি ফল পোৱা যায় গাখীৰৰ সৰৰ লগত ময়দা, চেনি বা নিমখ অকণ মিহলাই ঘঁহিলে বেছি ফল পোৱা যায়। নিয়মিত ব্যৱহাৰ কৰিব পাৰিলে বেছি ভাল।
  • শুকান ত্বকত ক্ৰীম বৰ উপকাৰী। এবাৰ বা ততোধিক বাৰ ক্ৰীম ব্যৱহাৰ কৰিব পাৰি। অলিভ অইল নিয়মিতভাৱে ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায় অৰ্থাৎ ছালখন অতি কোমল হয় আৰু মুখৰ ৰেখাবোৰ অদৃশ্য হৈ পৰে।
  • আগতে কৈ অহা হৈছে চাবোন ব্যৱহাৰ কৰাতকৈ বেচন আদিৰে মুখ ধুলে মুখৰ উজ্জ্বলতা বাঢ়ে। যিসকলে চাবোনেৰে মুখ নোধোৱাকৈ থাকিব নোৱাৰে সেইসকলে গ্লিচাৰিণ জাতীয় চাবোনেৰে মুখ ধুলে ভাল হয়।
  • কণীৰ কুহুম আৰু অলিভ অইল মিহলাই গালত ঘঁহিব পাৰে। এনেকৈ ১০-২০ মিনিট পৰ্যন্ত থাকি তাৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওঁক, দেখিব আপোনাৰ মুখৰ ৰং উজ্জ্বল হৈ পৰিছে। এনেদৰে সপ্তাহত অন্তত: তিনিদিনকৈ কৰিব।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate