প্ৰেচাৰ, চুগাৰ, কলেষ্টৰ’ল, মেদবহুলতা,গাউট (বৰ্ধিত ইউৰিক এচিড থকা) থকা লোকে কণী খোৱাটো সমীচিন হয়নে? আন নিয়মীয়া স্বাস্থ্যৰ লোকে দিনে কেইটা কণী খোৱা উচিত? ‘চানডে হো য়া মনডে ৰোজ খাৱো অণ্ডে’ নাইবা ‘ৱান এগ এ ডে কিপচ ডা ডক্তৰ এৱে’- এনে শ্লোগান কিমানদূৰ সত্য ? হাফ বইল বা কেঁচা কণী খোৱাটো নিৰাপদনে ? কণীৰ বগাখিনি ভালনে ভিতৰৰ হালধীয়াখিনি ভাল ? আকৌ দেখিবলৈ বগা কণীতকৈ মুগা বৰণৰ কণী বেচি গুণবত্ত নেকি? ফ্ৰাই, সিদ্ধ, গুড়ি ভাজি নে প’চড (poached) – কণী কেনেদৰে খোৱাটো বেচি স্বাস্থ্যসন্মত ? খোৱাৰ বাহিৰে আন কি কি কামত কণীৰ প্ৰয়োগ হয়? কণীৰে বনোৱা কেক কাষ্টাৰ্ড বা পুডিং আপুনি খাই কেনে পায়? কণীৰ খোলাটো কিবা কামত আহেনে? কণীৰ ভাল বেয়া কেনেকৈ চিনাক্ত কৰিব? বইল কণীৰ বাকলি কেনেকৈ সহজতে গুচাব? মূৰ্গীৰ কণী আৰু হাঁহৰ কণীৰ ভিতৰত কোনবিধ বেচি ভাল? কণীত স্বাস্থ্যৰ উপযোগী কি কি তত্ব থাকে নো? পাঠকৰ মনত সচৰাচৰ উদয় হোৱা এই সম্ভাব্য কৌতুহলসমূহ সাঙুৰি এই আলোচনাটো আগবঢ়াব খুজিছোঁ৷
পোনতে কণীৰ বিষয়ে বুৰঞ্জীৰ পাত লুটিয়াই চাওঁ আহক৷ যুগ যুগান্তৰ পৰা মানুহে বিভিন্ন পক্ষীৰ কণী ভক্ষণ কৰি আহিছে বুলি জনা যায়৷ অনুমানিক খৃষ্টপূৰ্ব ৭৫০০ৰ পৰা ভাৰত আৰু দক্ষিণ পূৱ এছিয়াত সভ্যতাৰ ক্ৰম বিকাশৰ লগত সংগতি ৰাখি চিকাৰী আদিম মানুহে লাহে লাহে পক্ষী আৰু জীৱক পোহনীয়া কৰি পালিবলৈ আয়ত্ত কৰিলে৷চীন আৰু ইজিপ্তত খৃষ্টপূৰ্ব ১৫০০,গ্ৰীচ আৰু ইউৰোপত খৃষ্টপূৰ্ব ৮০০ৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হয়৷ কলম্বচে ১৪৯৩চনত আমেৰিকাত ভাল প্ৰজাতিৰ মূৰ্গীৰ সঁচ মেলিছিল বুলি জনা যায়৷ বৰ্তমান বিশ্বত ২০০বিধ কুকুৰাৰ প্ৰজাতি আছে৷তাৰে সৰ্বোত্তম বিধ পক্ষীয়ে বছৰত ২৫০ৰ পৰা ২৮০টা কণী পাৰে৷ ১৭শতিকাত ফ্ৰান্সত কণী আৰু ফলৰ ৰসৰ মিশ্ৰণ এটা সময়ত জনপ্ৰিয় খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল৷ ১৯ শতিকাৰ পৰা কণীৰ ঔদ্যোগীকৰণ আৰম্ভ হয়৷ কানাডাৰ ব্ৰিটিচ কলম্বিয়াৰ জোচেফ কয়’লে ১৯১১চনত ভঙা কণী বিষয়লৈ বিক্ৰেতা আৰু গ্ৰাহকৰ মাজৰ বিবাদ সমাপ্ত কৰিবলৈ কণীৰ কাৰ্টন আৱিস্কাৰ কৰে৷ আজি বিশ্বত শীৰ্ষস্থানত থকা কণী উৎপাদনকাৰী দেশকেইখন হ’ল- চীন,আমেৰিকা,ভাৰত,জাপান আৰু ৰাচিয়া৷ কেৱল চীনৰ উৎপাদন ক্ষমতা বাকী চাৰিখন দেশৰ যোগফলৰ প্ৰায় দুগুণ৷ বিজ্ঞানীসকলে কণীৰ গুণাগুণ সম্পৰ্কে নিৰন্তৰ গৱেষণা চলাই আহিছে আৰু নানান তথ্য অৱগত কৰি কণীৰ বিষয়ে সামাজিক সচেতনতা বৃদ্ধি কৰিছে৷ ২০১২চনৰ পৰা অক্টোবৰ মাহৰ দ্বিতীয় শুকুৰবাৰে ‘বিশ্ব ডিম্ব দিবস’ দেশে-বিদেশে পালিত হৈ আহিছে৷
আপুনি শুনি বিস্মিত হ’ব কণীৰ খোলাটোত আমি খালি চকুৰে মনিব নোৱৰা কেইবা শ (প্ৰায় ১৭০০) ক্ষুদ্ৰ ছিদ্ৰ থাকে৷ এই ছিদ্ৰইদি কাৰ্বন ডাইঅক্সাইডৰ বহিৰ্গমণ হয় অৰ্থাৎ জীৱন্ত কণীয়ে ইয়াৰ মাধ্যমেৰে শ্বাস-প্রশ্বাস লয়৷ খোলাৰ তলত দুখন পাতল জাল (মেমব্ৰেন) থাকে৷ মেমব্ৰেন দুখনৰ মাজত কিছু পৰিমানে বায়ুকোষ থাকে৷ ইয়াৰ ভিতৰলৈ ক্ৰমে বগা এলবুমিনৰ তৰপ আৰু হালধীয়া কুহুমৰ তৰপ থাকে৷ কাচিৎ দুটা কুহুম নাইবা বিনা কুহুমৰো কণী ওলায়৷ সেয়া বিসংগতি৷
জলৰ বাহিৰে আমাৰ শৰীৰে আহৰণ কৰা আন খাদ্য তত্বসমূহক দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি৷ ১-মেক্ৰনিউট্ৰিয়েন্ট * প্ৰটিন, কাৰ্বোহাইড্ৰেট আৰু ফেট ২- মাইক্ৰনিউট্ৰিয়েন্ট * ভিটামিন, মিনাৰেল আৰু ট্ৰেচ এলিমেন্টট৷ কণী হ’ল এনে এবিধ প্ৰাকৃতিক উপাদন য’ত এই সকলোবোৰ তত্ব থাকে৷ এতিয়া পৃথকে পৃথকে কণীৰ ভিন্ন ভিন্ন অংশত কি থাকে জানো আহক৷
কণীৰ বাহিৰৰ গোটা অংশটো অৰ্থাৎ খোলাটো কেলচিয়াম কাৰ্বনেটেৰে গঠিত৷ কুকুৰাৰ কণীতকৈ হাঁহৰ কণীৰ খোলা বেচি ডাঠ৷ গতিকে তুলনামূলকভাবে হাঁহৰ কণীৰ ভালে থকাৰ ম্যাদ বেচি৷ কণীৰ ভিতৰখন খাদ্য হিচাবে ব্যৱহাৰ হোৱাৰ পিছত খোলাটোৰে নানাবিধ ঘৰত সজোৱা বস্তু কলা সন্মতভাবে তৈয়াৰ কৰিব পাৰি৷কণীৰ খোলাৰ ৰং বগাই হওক বা মূগাই হওক, তাৰ গুণগত মান একেই থাকে৷কণীৰ জুলীয়া বগা অংশটোৰ ৯০শতাংশ হ’ল পানী৷ এই জুলীয়াখিনি হ’ল ৰাসায়নিকভাবে এলকেলাইন৷ বাকী ১০শতাংশ প্ৰটিন হ’ল এটা কণীত থকা মুঠ প্ৰটিনৰ অৰ্ধেক৷ কণীত ৪০বিধ ভিন্ন ধৰণৰ প্ৰটিন থাকে৷কণীৰ এই প্ৰটিন হজম হ’বলৈ সময় লাগে৷ সেয়ে কণী খোৱাৰ পিছত আমাৰ উদৰ বেচ কিছু সময়লৈ পূৰ হৈ থকা যেন লাগে৷ গতিকে কণীয়ে আমাক অতি-ভোজনৰ (overeating) পৰা ৰক্ষা কৰে৷ কণীৰ এই বগা অংশত ফেট মুঠেই নাথাকে৷ কাৰ্বোহাইড্ৰেটত থাকে এক শতাংশৰো কম ৷ এটা ৫০গ্ৰামৰ কণীত এই বগা এলবুমিন অংশৰ ওজন হব ৩৩ গ্ৰাম৷
এটা ৫০গ্ৰামৰ কণীৰ হালধীয়া অংশটোৰ (কুহুমৰ) ওজন হব ১৭ গ্ৰাম ৷ কণীৰ কুহুমৰ হালধীয়া বা ৰঙচুৱা বৰণটো লেচেথিন, জিয়াজেনথিন নাইবা জেনথোফাইলিন নামৰ তত্বৰ বাবে হয়৷ এই লেচিথিন নানাবিধ কচমেটিকত ব্যৱহৃত হয়৷ কুহুমত থাকে ফেট,কলেষ্টৰল আৰু ফেট চলিবল ভিটামিনসমূহ (ডি,ই,কে,এ)৷ এটা কণীত থকা ৮০কেলৰিৰ ৬০কেলৰি আহে কুহুমৰ পৰা আৰু ২০কেলৰি আহে এলবুমিন অংশৰ পৰা৷
প্ৰটিন আমাৰ মাংসপেশীৰ শ্ৰীবৃদ্ধিৰ বাবে লাগতিয়াল৷গৰ্ভৱতী মহিলাৰ ভ্ৰুণৰ বিকাশত কণী অতি উপকাৰী৷ কণীৰ এমাইন এচিডে শৰীৰৰ ষ্টেমিনা বঢ়ায়৷ আমেৰিকাৰ কেমিকেল চ’চাইটিয়ে ২০১৩চনতে এটা বিজ্ঞপ্তিযোগে জনাইছিল কণীৰ এলবুমিনত থকা এবিধ তত্ব ৰক্তচাপ কমোৱাত সহায়ক হয় – ঠিক কম পৰিমাণৰ কেপ্তপ্ৰিল নামৰ দৰবৰ ক্ৰিয়াৰ নিচিনাকৈ৷গতিকে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত কণী সহায়ক বুলি সিদ্ধ হৈছে৷
কণীত ভিটামিন-এ থকা বাবে চকুৰ দৃষ্টিশক্তিৰ নানাধৰণেৰে সহায়ক হয়৷ ভিটামিন-ডিয়ে হাঁড়,চুলি আৰু নখক উপকৃত কৰে৷ বেচিকৈ শালমন লোৱাৰ লোকৰ বাবেও কণী উপকাৰী বুলি জনা যায়৷
অমেগা ৩ ফেটি এচিডে স্বাস্থ্যৰ উপকাৰী এইচ ডি এল বৃ্দ্ধি কৰে৷
হাভাৰ্ড স্কুল অৱ পাব্লিক হেল্থৰ অধ্যয়ণমতে কণীত থকা কেৱলিন নামৰ তত্বই তেজ চলাচল সুচাৰু ৰাখি ষ্ট্ৰক (stroke ) হোৱাত বাধা দিয়ে৷ এটা কণীত থাকে৩০০মাইক্ৰগ্ৰাম কেৱলিন৷
কণীত থকা ৱাটাৰ চলিবল ভিটামিন-বি গোটৰ কলিন শৰীৰৰ বাবে অত্যন্ত উপকাৰী সিদ্ধ হৈছে৷ কলিনে শৰীৰত হ’মচিষ্টিন নামৰ শৰীৰৰ বাবে ক্ষতিকাৰক তত্ব বিধ সৃষ্টিত বাধা দিয়ে৷ হ’মচিষ্টিনৰ আধিক্যই আমাৰ শৰীৰৰ বিভিন্ন কোষৰ ইনফ্লেমেচন কৰি ক্ষতিসাধন কৰে৷ গতিকে কণীত থকা কলিন আমাৰ স্নায়ুতন্ত্ৰ আৰু ৰক্তপ্ৰবাহী প্ৰণালীৰ বাবে সহায়ক৷ কণী খোৱা ৪৪শতাংশ মহিলাই বক্ষৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা লভে৷ এটা কণীত থাকে ১০০মাইক্ৰগ্ৰাম কলিন৷
কণীৰ ট্ৰেচ এলিমেন্টসমূহে শৰীৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷
এটা কণীৰ কুহুমত থাকে ১৮৬ মিলিগ্ৰাম কলেষ্টৰল৷ সাধাৰণতে মানৱ দেহক দৈনিক প্ৰয়োজন হোৱা ৩০০মিলিগ্ৰাম কলেষ্টৰল শৰীৰে নিজেই উৎপাদন কৰি লয়৷ শৰীৰক কলেষ্টৰলৰ প্ৰয়োজন হয় হৰমোন আৰু নানাবিধ এনজাইমৰ সৃষ্টিৰ বাবে৷
এতিয়া প্ৰশ্ন হয় আমি নিতৌ কেইটা কণী খোৱা উচিত ?
সৰ্বসাধাৰণ লোকে সপ্তাহত ৬টা কণী খোৱাটো ভাল৷ এই পৰিমাণত গোটা কণী খালেও শৰীৰত কলেষ্টৰল নাবাঢ়ে৷ অন্যথাই তেজৰ বেচি কলেষ্টৰল থকালোকে কণীৰ বগা অংশটো নিৰ্ভয়ে খাব৷ খাদ্যত সঠিক পৰিমাণৰ কণীয়ে মেদবহুলতা নকৰে৷ মনত ৰাখিব এদিনত একেলগে ২টাৰ বেচি কণী খালে কিডনি আৰু লিভাৰৰ কষ্ট হয়৷ আগতে বিশেষজ্ঞসকলে হৃদৰোগীসকলক সপ্তাহত ২টা কণী খাবলৈ পৰামৰ্শ দিছিল এতিয়া সেই পৰিমাণ ৪টালৈ বঢ়োৱা হৈছে৷ কিডনি ভালে থকা ডায়েবেটিজৰ ৰোগীয়ে সপ্তাহত ৫টা কণী খাব পাৰে৷বহুতৰ ডায়েবেটিজ আৰু উচ্চ ৰক্তচাপ একেলগে থাকে৷ তেনে লোকসকলে কণীৰ বগা অংশটো সপ্তাহত ৫দিন খাব পাৰিব৷
যেহেতু কণীত বিশেষ পিউৰিন নাথাকে- তেজত বৰ্ধিত ইউৰিক এচিড থকলোকেও কণী খাব পাৰে৷বৰঞ্চ কণীৰ অমেগা-৩ গাউট ৰোগীৰ বাবে লাভজনক৷ বাত ৰোগীৰ বাবে কণীত থকা ভিটামিন-ডি আৰু অমেগা-৩ দুয়োটাই লাগতিয়াল উপকাৰী তত্ব৷
সুখৰ বিষয় আজিকালি স্বাস্থ্যৰ বাবে কণীৰ উপযোগিতা বহুলাংশে জনসাধাৰণৰ জ্ঞাত হোৱাত এক শ্ৰেণীৰ নিৰামিষ ভোজীলোকেও কণীক সহজভাবে খাদ্য-তালিকাত অন্তৰ্ভুক্ত কৰি লৈছে৷
কণী কেনেকৈ খোৱাটো বেচি স্বাস্থ্যসন্মত ?
কোনো কাৰণতে কেঁচা বা আধা সিজোৱা কণী খাব নালাগে৷ কণীত (বিশেষকৈ হাঁহৰ) চালমোনেলা এন্টাৰাইটিডিচ বেক্টেৰিয়া থাকিব পাৰে- এই জীৱাণু ভালদৰে গৰম পালেই বিনষ্ট হয়৷
ৰুচি অনুসৰি মানুহে কণী সিদ্ধ বা বইল, প’চ, আমলেট নাইবা গুড়ি ভাজি ( আজিকালিৰ প্ৰচলিত শব্দ ‘ভূজিয়া’) কৰি খায়৷ কেক,পুডিং নাইবা কাষ্টাৰ্ড বনোৱাতো কণী ব্যৱহৃত হয়৷ কণীৰ ৰোল,কণীৰ চপ আৰু কণীৰ বিৰিয়ানি বহুতৰ প্ৰিয় খাদ্য৷ আলুৰ দমৰ লগত ভজা সিদ্ধ কণী বহুতে খাই ভাল পায়৷ কিন্ত এই সকলোবোৰ বনোৱা পদ্ধতিৰ ভিতৰত সৰ্বত্তম হ’ল সিদ্ধ কৰা কণী – য’ত কণীৰ গুণসমূহ সম্পূৰ্ণ অটুট থাকে৷ ঘিউ (অপকাৰী ট্ৰান্সফেট) বা তেল দি ভজাৰ লগে লগে কণীৰ গুণ হ্ৰাস পায়৷
কণীৰ ভাল বেয়া পৰীক্ষা কৰাৰ সহজ পদ্ধতি
এটা পাত্ৰত লুনীয়া পানীত কণীটো দি চাওক৷ পানীত নুডুবি ওপঙা কণীটো বেয়া৷ ফ্ৰিজত কণী ৩সপ্তাহলৈ ভালে থাকে৷ বেচি গৰম পৰিলে ফ্ৰিজৰ বাহিৰত থকা কণী ২৪ ঘন্টাতে বেয়া হ’ব পাৰে৷ কণী সহজে বেয়া হয় আৰু দূষিত কণী শৰীৰৰ পাক প্ৰণালীৰ বাবে ক্ষতিকাৰক৷ কণী সেয়ে পৰাপক্ষত বাতানুকুলিত দোকানৰ পৰা কিনাটো ভাল৷উন্নত দেশসমূহৰ উৎপাদিত প্ৰতিটো কণীৰ ওপৰত বেচ্চ নম্বৰ, উৎপাদনৰ তাৰিখ, ম্যাদ ওকলাৰ তাৰিখ আৰু প্ৰস্তুতকৰ্তাৰ নাম মোহৰ মাৰি উল্লেখ কৰা থাকে৷
বইল কণীৰ বাকলি গুচোৱাৰ সহজ পদ্ধতি
১) কণীকেইটা উতলোৱাৰ আগতে বেজীৰে সৰু ছিদ্ৰ একোটাকৈ কৰি দিয়ক৷
২) নাইবা সিদ্ধ কণীকেইটা ৫মিনিট ঠাণ্ডা পানীত ডুবাই থব৷
কণীৰ প্ৰয়োগৰ বিষয়ে আমি নজনা কেইটিমান কথা
প্ৰায় সকলোৱে জানে কণীৰে নানাবিধ সৌন্দৰ্য্যৰ উপাদান প্ৰসাধন,শ্বেম্পু আদি তৈয়াৰ হয়৷ঘৰুৱাভাবে আজিও মহিলাসকলে দৈ, জেতুকা,জবাফুলৰ পাত নাইবা নেমুৰ ৰস আদিৰ সৈতে কণী মিহলাই বা অকলে কণীৰ চুলিত প্ৰলেপ লগায়৷ কিন্ত আমোদৰ কথা বহুতবোৰ মদৰ উজ্বলতা আহে মদত কণীৰ এলবুমিন মিহলোৱাৰ পিছতহে৷ ইনফ্লুৱেঞ্জা ভেকচিন বনাবলৈ কণীৰ এলবুমিনৰ ব্যৱহাৰ হয়৷ আহোম ৰজাসকলে কাৰেংঘৰ,তলাতল ঘৰৰ নিৰ্মাণত কণীৰ ব্যৱহাৰ কৰিছিল নেকি সেয়া বুৰঞ্জীবিদসকলে সঠিককৈ কব পাৰিব৷এটা সময়ত বুক বাইণ্ডিঙত কিতাপৰ বেটুপাতত উজ্বলতা আনিবলৈ কণী ব্যৱহাৰ কৰা হৈছিল৷ হাঁহৰ কণী কুকুৰাৰ কণীতকৈ আকাৰত ডাঙৰ হোৱাত তাত প্ৰটিন, ফেট,কলেষ্টৰল, মিনাৰেল, ভিটামিন আৰু কেলৰিৰ পৰিমাণ অধিক৷ ১০০গ্ৰাম হাঁহৰ কণীত ১৮৫ কেলৰি থাকে৷হাঁহৰ কণীত চালমোনেলাৰ সম্ভাৱনা বেচি৷হাঁহৰ কণী খালে নানা পুৰণি বেমাৰে উক দিয়ে বুলি গ্ৰামাঞ্চলত এটা বিশ্বাস প্ৰচলিত আছে৷ এই কথাটোৰ সত্যতা নাই৷ মাত্ৰ ভালকৈ নিসিজা বা কেঁচা কণীৰ যোগেদি চালমোনেলাৰ সংক্ৰমণ হব পাৰে৷ হাঁহৰ কণী কাৰোবাৰ বাবে এলাৰ্জিৰ কাৰকো হব পাৰে৷লক্ষ্যনীয় কথাটো হ’ল- হাঁহৰ কণীত যিদৰে প্ৰটিন, ভিটামিন বেচি থাকে- একেদৰে কলেষ্টৰলো বেচি থাকে৷ গতিকে যাৰ ইতিমধ্যে তেজত কলেষ্টৰলৰ আধিক্য তেওঁৰহে হাঁহৰ কণীয়ে অপকাৰ কৰিব৷
সকলো খাদ্যৰে অতিমাত্ৰাই ক্ষতিকাৰক৷ অনিয়ন্ত্ৰিতভাবে কণী গ্ৰহণ কৰিলে হ’ব ডিচলিপিডেমিয়া,মেদবহুলতা, সন্তানহীনতা,ভৰিৰ বিষ আদি বিকাৰ৷
কিছুমান শিশু বা প্ৰাপ্তবয়স্কৰো হাঁহৰ নাইবা কুকুৰাৰ কণীৰ এলাৰ্জি, বদহজমি আদি দেখা যায় – তেনেলোকে সেইবিধ পৰিহাৰ কৰি চলাই মংগলজনক৷
ডা০ ভূপেন শইকীয়া
শেহতীয়া উন্নীতকৰণ: : 3/8/2020
আহাৰ আৰু বনৌষধিৰে আমাৰ স্বাস্থ্য
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ
আহাৰ আৰু স্বাস্থ্য
অতিভোজনৰ ফলত হ’ব পৰা বিপদৰ বিষয়ে আলোচনা কৰা হৈছে।