হৃদৰোগ বৰ্তমান মৃত্যুৰ এটা ডাঙৰ কাৰক৷ প্ৰতিবছৰে পৃথিৱীত ২৯ শতাংশ মৃত্যুৰ কাৰক হিচাপে ঠাৱৰ কৰা হৈছে হৃদৰোগক৷ সেয়েহে হৃদৰোগ প্ৰতিৰোধ কৰিবলৈ প্ৰত্যেকেই চেষ্টা কৰা উচিত৷ ধঁপাত সেৱন আৰু ধূমপানৰ পৰা বিৰত থকা, খাদ্য তালিকাৰ পৰা অতিৰিক্ত চৰ্বিজাতীয় খাদ্য, বিশেষকৈ প্ৰাণীজ চৰ্বি আৰু অতিৰিক্ত লৱণ বহিৰ্ভূত কৰা, প্ৰচুৰ শাক-পাচলি আৰু ফল-মূল অন্তৰ্ভুক্ত কৰা, শাৰীৰিক পৰিশ্ৰম কৰা, সময়ে সময়ে ৰক্তচাপ, তেজত থকা গ্লুকজ, কলেষ্টেৰল আদি পৰীক্ষা কৰোৱা আদিৰ দ্বাৰা হৃদৰোগক নিয়ন্ত্ৰণত ৰাখিব পাৰি৷
কিন্তু হৃদৰোগ বাঢ়ি যোৱাৰ সামাজিক তথা আৰ্থ-সামাজিক কাৰণবোৰলৈয়ো আমি এবাৰ চকু দিয়া উচিত৷ এই কাৰণবোৰৰ ভিতৰত সামগ্ৰিকভাৱে জীৱন শৈলীৰ পৰিবৰ্তনৰ কথা আছে৷ তাৰ ভিতৰত আমি ঘাইকৈ খাদ্যৰ বিষয়েই আলোচনা কৰিম৷ বৰ খৰতকীয়াভাবে পৃথিৱীৰ মানুহৰ আহাৰৰ তালিকাখন সলনি হ’বলৈ লৈছে নেকি বাৰু? কথাটোৰ উহ বিচাৰি আমি ১০০ বছৰমান পাচলৈ ঘূৰি যাওঁ আহক৷
উত্তমাশা অন্তৰীপ ইংৰাজসকলে অধিকাৰ কৰি লোৱাৰ পাছত তাত থকা ওলন্দাজ বা বোৱাৰসকলে নিজৰ ভেটি-মাটি এৰি এটা সময়ত অ’ৰেঞ্জ আৰু ভাল নদীৰ পাৰত দুখন ৰাজ্য স্থাপন কৰি স্বাধীনভাবে থাকিবলৈ লয়৷ পিছলৈ ভাল নদীৰ পাৰৰ ট্ৰান্সভালত সোণ আৰু হীৰাৰ খনি আবিষ্কাৰ হ’ল৷ সাম্ৰাজ্যবাদী ইংৰাজসকলে সেই ঠাইও অধিকাৰ কৰাৰ চেষ্টা কৰিলে৷ কিন্তু ১৮৮৪ৰ পৰা ১৯০১ চনৰ ভিতৰত ইংৰাজসকল কেইবালানিও যুদ্ধত বোৱাৰসকলৰ লগত বৰ বেয়াকৈ পৰাস্ত হয়৷ এই শোচনীয় পৰাজয়ে ইংৰাজসকলক চিন্তিত কৰি তুলিলে৷ তেওঁলোকৰ শক্তিশালী সাম্ৰাজ্যখন তিষ্টি থাকিবগৈ নে? তেওঁলোকে অনুভৱ কৰিলে তেওঁলোকৰ সৈন্যদলৰ আগৰ শৌৰ্য-বীৰ্য যেন নোহোৱা হৈ আহিছে৷ ১৮৫০ৰ সেই ১.৮ মিটাৰ উচ্চতাৰ হৃষ্ট-পুষ্ট সৈনিকবোৰৰ তুলনাত মাত্ৰ ১.৫ মিটাৰ ওখ, শেঁতা পৰা মুখেৰে এইসকল যেন একো একোজন নিস্তেজ কিশোৰহে ! নব্য স্কটলেণ্ডৰ মহানগৰীৰ শ্ৰমিক শ্ৰেণীৰ দ্ৰুত বংশবৃদ্ধিৰে সৃষ্ট সৈন্য দল যেন পূৰ্বৰ অভিজাত ইংৰাজ সৈন্যতকৈ বংশগতভাবেই দুৰ্বল এই ধাৰণা শিপাবলৈ ধৰিলে৷
তেনেতে ফ্ৰেডাৰিক গৌলেণ্ড হপকিন্সে (Fredarik Gowland Hopkins, ১৮৬১-১৯৪৭) ট্ৰিপট’ফেন নামৰ এমিন’ এচিড আৰু ভিটামিনৰ আবিষ্কাৰ কৰে৷ বৈজ্ঞানিক পৰীক্ষাৰ দ্বাৰা তেওঁলোকে দেখুৱালে যে অতিৰিক্ত গাখীৰ,মাখন আৰু চেনি খোৱা শিশুসকলৰ ওজন আৰু উচ্চতা দুয়োটাই বৃদ্ধি পায়৷ আন এজন বিখ্যাত পুষ্টি বিজ্ঞানী বইড অৰেও(Boyd Orr, ১৮৮০- ১৯৭১) কাৰ্নেজীৰ জৰীপ ভিত্তিক পৰীক্ষাৰ( Carnegie Survey) দ্বাৰা দেখুৱালে যে উপযুক্ত খাদ্যৰ অভাৱত ভোগা দুখীয়া শ্ৰেণীৰ শিশুসকল ক্ষীণ, চাপৰ আৰু ৰক্তহীন হয়৷ বৃটিছ প্ৰশাসনৰ দৃষ্টি ঘূৰিল৷ বংশগতিৰ অমোঘ নিয়ম নহয় ! সৈন্যদলৰ শক্তি ঘূৰাই আনিব পৰা যাব ! ই যে হাতৰ মুঠিত !
সেয়া দ্বিতীয় মহাসমৰৰ আৰম্ভণি সময়ৰ কথা৷ ইংৰাজৰ খাদ্য ভৰ্তি বহুকেইখন জাহাজ জাৰ্মানসকলে ধ্বংস কৰিছিল৷ অনিয়মীয়া খাদ্যৰ যোগানৰ বাবেই ইংৰাজসকল যদি পৰাস্ত হয়? এই আশংকাৰ বাবেই খাদ্যৰ যোগানৰ ওপৰত বিশেষভাবে চকু দিয়া হ’ল৷ বৃটিছ প্ৰধান মন্ত্ৰী উইনষ্টন চাৰ্চিলে বইড অ’ৰৰ কাৰ্নেজী জৰীপ পৰীক্ষাৰ কথা মনত ৰাখি গৰ্ভৱতী আৰু প্ৰসূতি তথা শিশুসকলক অতিৰিক্ত গাখীৰ, কমলাৰ ৰস, কডলিভাৰ তেল আদিৰ যোগান সুনিশ্চিত কৰিলে৷ এনেদৰে জাতিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থতে পুষ্টি সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষা তথা গৱেষণাবোৰে আগস্থান পাবলৈ ধৰিলে৷
যি কাৰণতেই নহওক,অৱশেষত ইংৰাজ সাম্ৰাজ্যৰ অস্তিত্ব ৰক্ষা পৰিল৷ ভিটামিনৰ আবিষ্কাৰক হপকিন্সলৈ ১৯২৯ চনত আৰু পৰিপুষ্টি সম্পৰ্কীয় গৱেষণাৰ বাবে বইড অ’ৰলৈ ১৯৪৯ চনত আগবঢ়োৱা হ’ল সন্মানিত ন’বেল পুৰস্কাৰ৷ গাখীৰ, মাখন, মাংস আৰু কণীয়ে যে মানৱ শৰীৰক সমৃদ্ধিশালী কৰে, সেই কথাত বিশ্ববাসী পতিয়ন গ’ল৷ প্ৰয়োজনীয় প্ৰ’টিন, শক্তি, ভিটামিন আৰু খনিজ লৱণৰ উৎস হিচাবে এইবোৰৰ উৎপাদন বৃদ্ধিত প্ৰচুৰ গুৰুত্ব দিয়া হ’ল৷ জাতীয় নিৰাপত্তাৰ স্বাৰ্থতে এইবোৰৰ উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন প্ৰকল্প হাতত লোৱা হ’ল৷ ইউৰোপীয় সাধাৰণ কৃষি নীতিয়ে এইটো নিশ্চিত কৰিলে যাতে কৃষকসকলে প্ৰচুৰ পৰিমাণে এইবোৰৰ উৎপাদনত গুৰুত্ব দিয়ে৷ ফলস্বৰূপে গাখীৰ, মাংস, মাখন আৰু পৰিশোধিত চেনি(Purified sugar) – যিবোৰ এটা সময়ত অধিকাংশ লোকৰ বাবেই বিলাসী খাদ্যৰূপে পৰিগণিত হৈছিল, সেইবোৰ সৰ্বসাধাৰণৰ বাবেও সহজলভ্য হৈ পৰিল৷ আগেয়ে বিভিন্ন প্ৰকাৰৰ প্ৰাচুৰ্যময় কে’ক,বিস্কুট, মিঠাই, ট্ৰিফ’লছ আদি বছেৰেকৰ মূৰত হয়তো এদিন পাইছিল – জন্মদিনৰ দিনা৷ সেইবোৰ এতিয়া সাপ্তাহিক বা দৈনিক তালিকাত অন্তৰ্ভুক্ত হ’ল৷ ইতিমধ্যে প্ৰচুৰ পৰিমানে উৎপাদিত প্ৰাণীজ খাদ্যৰ ভিত্তিত বহু উদ্যোগো গঢ় লৈ উঠিছিল৷ এই উদ্যোগবোৰ আৰু লগতে পৰিপুষ্টি বিজ্ঞানীৰ যৌথ আহ্বানক সঁহাৰি জনাই সকলো লোকেই নতুনকৈ উৎপাদিত শক্তিঘন, মুখৰোচক খাদ্যবোৰ অতি আগ্ৰহেৰে আদৰি লৈছিল৷ খাদ্য তালিকালৈ অহা এনে আকস্মিক পৰিবৰ্তনে লাহে লাহে হৃদৰোগক আমন্ত্ৰণ জনালে৷ আৰু দেখা গ’ল ১৯৫০ৰ দশকৰ পৰা পশ্চিমীয়া দেশবোৰত মহাঘাতকৰ ৰূপত অৱতীৰ্ণ হ’ল হৃদৰোগ৷ ইতিমধ্যেই খাদ্য উদ্যোগবোৰৰ শক্তিও প্ৰচুৰ পৰিমানে বাঢ়ি গৈছিল৷ ইউৰোপীয় বাণিজ্যৰ এক শকত অংশৰ ৰাজহ দেশে লাভ কৰিছিল কেৱল খাদ্য উদ্যোগবোৰৰ পৰাই৷
তাৰ পিছৰ কাহিনী আমাৰ অতিকে চিনাকি৷ আমি জানো কেনেকৈ ঔপনিবেশিক শাসনৰ হাত ধৰি আমাৰ দেশতো এই খাদ্যাভ্যাসবোৰ এখোজ-দুখোজকৈ সাধাৰণ মানুহৰ মাজলৈও সোমাই আহিছিল৷ কেনেকৈ এইবোৰৰ গতিবেগ অধিক তৰান্বিত হৈছিল পাছৰ কাল চোৱাত৷ মুক্ত বাণিজ্যৰ ৰঙা দলিচাৰে এই পশ্চিমীয়া দেশৰ খাদ্য উদ্যোগবোৰ সোমাই পৰিছিলহি আমাৰ দৰে দুখীয়া দেশবোৰতো৷
খাদ্যাভ্যাসৰ পৰিবৰ্তন হ’ল, জীৱনশৈলীৰ পৰিৱৰ্তন হ’ল৷ লগে লগে হৃদৰোগ, উচ্চ-ৰক্তচাপ, মেদবহুলতা, মধুমেহ আদি জীৱনশৈলীজাত ৰোগেও জুমুৰি দি ধৰিলেহি দুখীয়া দেশৰ নাগৰিকসকলক৷ অপুষ্টিৰ পূৰ্বৰ সমস্যাবোৰ যেনে প্ৰ’টিন-কেল’ৰীৰ অভাৱ, ৰক্তহীনতা, ভিটামিন এ’ৰ অভাৱত হোৱা দৃষ্টিহীনতা সেইবোৰৰ লগত নতুনকৈ যোগ হ’ল এই অতিপুষ্টিৰ সমস্যাবোৰ৷ এইদৰে একেখন দেশতে একে সময়তে দুয়োটা সমস্যা বৰ্তি থকা পৰিৱেশটোক পৰিপুষ্টি বিজ্ঞানৰ ভাষাত কোৱা হয় অপুষ্টিৰ দ্বিগুণ বোজা (Double burden of mal-nutrition)৷
বজাৰ অৰ্থনীতিত মানুহৰ স্বাস্থ্যতকৈ ডাঙৰ কথা মুনাফা৷ গতিকে মুনাফাৰ বাবে খাদ্য উদ্যোগবোৰে এনে কিছুমান কাৰ্য-কৌশলৰ আশ্ৰয় ললে যাতে তেওঁলোকেই গ্ৰাহকৰ খাদ্যাভ্যাস সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে৷ খাদ্য উদ্যোগবোৰে গ্ৰহণ কৰা তেনে পোন্ধৰতা কাৰ্য-কৌশলৰ ভিতৰত মাত্ৰ দুটামান উদাহৰণ দিলেই কথাটো ঠাৱৰ কৰিব পৰা যায় (উৎস: Fifteen strategies to improve profitability in the food industry, Essentials of human nutrition, OXFORD, p-257)৷ তেনেকুৱা দুটামান কাৰ্য-কৌশল এনেকুৱা -
নকলেও হ’ব যে এই সকলো কাৰ্যপন্থা খাদ্য উদ্যোগবোৰে অতি নিষ্ঠাৰে পালন কৰি আহিছে আৰু সেইবাবে আশাতীতভাৱে মুনাফা লাভো কৰিছে৷ আন নালাগে কেৱল খাদ্যৰ বিজ্ঞাপনৰ বাবতেই পৃথিৱী ব্যাপি খৰচ হোৱা ধনৰ পৰিমাণ ৪০বিলিয়ন ডলাৰ৷ এই ধন পৃথিৱীৰ ৭০ শতাংশ দেশৰেই মুঠ আয়তকৈ অধিক৷ চৰকাৰসমূহে জনসাধাৰণৰ পৰিপুষ্টিৰ উন্নয়নৰ বাবে যিমান ধন ধাৰ্য কৰে, তাতকৈ ৫০০ গুণে বেছি ধন খাদ্য উদ্যোগবোৰে ব্যয় কৰে গ্ৰাহকৰ বাবে শক্তিঘন পশ্চিমীয়া খাদ্য উৎপাদনত৷
এতেকে এই কথা খুব স্পষ্টকৈ ক’ব পাৰি যে পুঁজিবাদী উন্নয়নৰ অৱধাৰিত অভিশাপৰূপেই হৃদৰোগৰ প্ৰাদুৰ্ভাৱ ইমান বাঢ়ি গৈছে৷ কেৱল হৃদৰোগেই নহয় জীৱনশৈলীজাত আন কিছুমান ৰোগেও একেদৰেই নাগৰিকক জুৰুলা কৰিছেহি৷ উদাহৰণস্বৰূপে ১৯৪৮ চনত ভাৰতৰ মধুমেহ ৰোগীৰ সংখ্যা আছিল ৩০ নিযুত৷ সেই সংখ্যা বাঢ়ি ২০১০ চনত হ’লগৈ ৫০.৮ নিযুত৷
বিজ্ঞানৰ অন্বেষণ কেতিয়াও স্থবিৰ নহয়৷ এটা সময়ত পৰিপুষ্টি বিজ্ঞানে এই কথাও প্ৰমাণ কৰিলে যে সংপৃক্ত চৰ্বিযুক্ত খাদ্যৰ পৰিমাণৰ সতে হৃদৰোগৰ এটা প্ৰত্যক্ষ সম্পৰ্ক আছে৷ ১৯৫৮ চনৰ পৰা ৫০ বছৰৰো ওপৰ কাল কেইজ (Ancel Keys) নামৰ বিজ্ঞানীজন আৰু তেওঁৰ সহ বিজ্ঞানীসকলে চলোৱা পৰীক্ষাৰ দ্বাৰা এই কথাটো দৃঢ়ভাৱে প্ৰমাণিত হ’ল৷
এইবাৰ খাদ্য উদ্যোগবোৰে এই নতুন তথ্যও কামত লগোৱাৰ চেষ্টা কৰিলে৷ ব্যক্তিগত কোম্পানীৰ অধীনৰ খাদ্য উদ্যোগবোৰ গ্ৰাহকৰ হৃৎপিণ্ডৰ সুস্থতাকলৈ বৰ চিন্তিত হৈ পৰিল ! দেখা গ’ল ২০০৬ চনৰ পৰা ২০১০ চনৰ ভিতৰত বজাৰত কম চৰ্বি, কম চেনিযুক্ত (low fat, low calorie ) সামগ্ৰীৰ ঔদ্যোগিক উৎপাদন প্ৰচুৰ পৰিমানে বাঢ়ি গ’ল৷ ২০০৬ত এই উৎপাদন আছিল ৩.৮৪ বিলিয়ন পাউণ্ড, ২০১০ত হ’লগৈ৫.৩৩ বিলিয়ন পাউণ্ড৷
এনেকুৱা অৱস্থাত সহজেই অনুমান কৰিব পাৰি যে হৃদৰোগৰ প্ৰাদুৰ্ভাৱৰ সতে ওতপ্ৰোতভাৱে ৰাজনীতি জড়িত হৈ আছে৷ সেয়েহে ইয়াক নিৰ্মূলকৰণৰ প্ৰশ্নটোতো ৰাজনীতিক এৰাই চলিব পৰা নাযায়৷ গ্ৰাহকৰ হৃৎপিণ্ডৰ চাবি-কাঠী যেতিয়ালৈকে ব্যক্তিগত কোম্পানীৰ হাতত থাকিব তেতিয়ালৈকে সুস্থ হৃৎপিণ্ডৰ স্পন্দন প্ৰকৃতাৰ্থত দুৰুহ হৈয়েই থাকিব৷
প্ৰসঙ্গ পুথি :
লিখক: বৰ্ণালী বৰুৱা
শেহতীয়া উন্নীতকৰণ: : 4/20/2020