মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / ব্যক্তিত্বৰ প্ৰতি সজাগ হওঁক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্যক্তিত্বৰ প্ৰতি সজাগ হওঁক

ব্যক্তিত্বৰ প্ৰতি সজাগ হওঁক

  • মাৰ্জিত আচৰণ আৰু চাল-চলনতেই নাৰীৰ ব্যক্তিত্ব ওলাই পৰে। সেয়েহে নাৰী সৰ্বদাই সচেতন হোৱাৰ দৰকাৰ।
  • স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক। ব্যক্তিত্ব বঢ়োৱাত স্বাস্থ্যইও আপোনাক সহায় কৰিব।
  • আপোনাৰ ব্যক্তিত্ব মোহনীয় হ’ব যদিহে আপুনি সকলোৰে প্ৰতি আন্তৰিক ব্যৱহাৰ কৰে।
  • ব্যক্তিত্ব গঢ়িবলৈ অত্যাধুনিক প্ৰসাধন, উৎকট ৰঙৰ সাজ-পোছাক পিন্ধাৰ প্ৰয়োজন নাই। বয়সৰ লগত খাপ খুৱাই মাৰ্জিত ৰুচিৰ সাজ-পোছাক পিন্ধিলেহে আপোনাৰ ব্যক্তিত্ব অধিক মোহনীয় হ’ব।
  • নিজৰ ব্যক্তিত্বৰ আকৰ্ষিত কৰিবলৈ প্ৰথমে নিজে শান্ত, সৌম্য হ’ব লাগিব। যিমান পাৰে সংযত হ’বলৈ চেষ্টা কৰক।
  • আনকো যোগ্য অনুসাৰে সন্মান দিবলৈ শিকক। তেতিয়াহে আপোনাৰ ব্যক্তিত্ব প্ৰকট হৈ উঠিব।
  • নিজৰ আচৰণত উৎসাহ-উদ্দীপনা দেখুৱাব তেতিয়াহে আপুনি আনক আকৰ্ষিত কৰিব পাৰিব।
  • পৰিমিত শব্দ, সুললিত কন্ঠ, মধুৰ কথা বতৰাতহে আপোনাৰ ব্যক্তিত্ব মোহনীয় হ’ব।
  • মাষ্টাৰ নলেজ থাকিলেহে যে ব্যক্তিত্ব বাঢ়ে এনে নহয়, বন্ধু বান্ধৱৰ লগত পতা কথা বতৰাত অংশগ্ৰহণ কৰিব পৰা কিছু জ্ঞান থকা উচিত। এনেবোৰ জ্ঞান আহৰণৰ বাবে আজিকালি টি.ভি, ৰেডিঅ’ আৰু নানা ধৰণৰ আলোচনী, কাকত আদি ওলাইছে।
  • আনে আপোনাক কৰা সহায় আৰু উপকাৰৰ কাৰণে কৃতজ্ঞ হওঁক।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

3.11111111111
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top