অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাৰ মেদবহুলতাত ভিটামিন ‘ডি’ ৰ অভাৱ :

মহিলাৰ মেদবহুলতাত ভিটামিন ‘ডি’ ৰ অভাৱ :

 

মেদবহুলতা আজিৰ দিনত এক সাধাৰণ সমস্যা হৈ পৰিছে । কিছুসংখ্যক মহিলাই এই কথা ভাবি যথেষ্ট চিন্তিত হয়, ইমান কম খোৱাৰ পিচতো শৰীৰত ওজন কিদৰে বৃদ্ধি পায় । তদুপৰি দৈনন্দিন ঘৰুৱা কাম-কাজৰ লগতে আপুনি যদি কৰ্মৰত মহিলা, তেন্তে অফিচৰ কাম কাজত ব্যস্ত থকাৰ পিচতো শৰীৰত মেদ হ্ৰাস নাপায় । আচলতে মেদ বৃদ্ধি পোৱাৰ একমাত্ৰ কাৰণ অধিক খোৱাৰ ফলত নহয় । ইয়াৰ অন্তৰালত শৰীৰত এবিধ ভিটামিন কম হোৱাৰ বাবেও মহিলাসকল শকত হ’বলৈ ধৰে । গতিকে আজিৰ সংখ্যাত আমি জানোচোন আহক কোনবিধ ভিটামিনৰ অভাৱৰ বাবে মহিলাসকল শকত হ’বলৈ ধৰে।

ব্ৰিটিছ মেডিকেল জাৰ্নালৰ এক অধ্যয়ন মতে, ভাৰতীয় মহিলাৰ মেদবহুলতা আৰু ডায়েবেটিছ বৃদ্ধিৰ কাৰণ শৰীৰত ‘ডি’ ভিটামিনৰ অভাৱ । এই অধ্যয়ন অনুসৰি পোৱা তথ্যমতে ভাৰতৰ ৬৮.৮ শতাংশ মহিলাৰে ভিটামিন ডিৰ অভাৱ, লগতে ২৬ শতাংশ মহিলাৰে ভিটামিন ডিৰ পৰিমাণ প্ৰয়োজনতকৈ কম পোৱা গৈছে । লগতে আপুনি এই কথা জানি আচৰিত হ’ব যে দেশত মাত্ৰ ৫.৫ শতাংশ মহিলাৰহে পৰ্যাপ্ত ভিটামিন ডিৰ পৰিমাণ পোৱা গৈছে । এইমছ, ডায়েবেটিছ ফাউণ্ডেচন অব ইণ্ডিয়া এণ্ড নেচনেল ডায়েবেটিছ আৰু অবেচিটি এণ্ড কলেষ্টেৰল ফাউণ্ডেচনৰ এক মিলিত অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে । দৰাচলতে বৰ্তমান সময়ত শৰীৰত ভিটামিন ডি কম হ’বলৈ ধৰাটো এক সাৰ্বজনীন স্বাস্থ্য সমস্যা হিচাপে পৰিগণিত হৈছে । এতিয়ালৈকে বহু অধ্যয়নৰ পৰা প্ৰমাণ হৈছে যে ভাৰতত অধিকসংখ্যক মহিলাৰে শৰীৰত ভিটামিন ডিৰ অভাৱ পোৱা গৈছে আৰু ইয়াৰ বাবে সহজে মেদবহুলতাৰ চিকাৰ হ’বলগীয়া হৈছে মহিলাসকল । শেহতীয়াকৈ মহিলাসকলক লৈ উল্লিখিত সংস্থাসমূহেই চলাইছিল এক স্বাস্থ্য সম্পৰ্কীয় অধ্যয়ন । এই অধ্যয়নৰ মতে ভাৰতীয় মহিলা মেদবহুলতাৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে অধিক সময় ধৰি ঘৰৰ ভিতৰত সোমাই থকা আৰু তেওঁলোকৰ সাজ-পাৰ পৰিধান কৰাৰ ধৰণৰ বাবে সূৰ্যৰ পৰা নিৰ্গত ভিটামিন ডিৰ অভাৱ শৰীৰত নপৰে । দৈনিক ঘৰতে সোমাই থকাৰ লগতে কৰ্মৰত মহিলাসকলে অফিচত সোমাই থকাৰ ফলতো মহিলাসকলৰ শৰীৰত পৰ্যাপ্ত ভিটামিন ডিৰ অভাৱ ঘটে । ইপিনে বহু মহিলাই ৰ’দত ওলাবলগীয়া হ’লেও সূৰ্যৰ প্ৰখৰ তাপত ক’লা পৰিব বুলি ভাবিও বাহিৰলৈ ওলাবলৈ সংকোচ কৰে। আচলতে এনে মানসিক প্ৰৱণতাও মহিলাসকলৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক । যিসকল মহিলাই ৰ’দৰ উত্তাপত ওলাব নোৱাৰে,  তেওঁলোকে ভিটামিন ডিৰ ছাপ্লিমেণ্ট গ্ৰহণ কৰিব লাগে । ইয়াৰ দ্বাৰা আমি নিশ্চিত হ’লো যে মহিলাসকলে যিমান পাৰে ৰ’দৰ উত্তাপ শৰীৰত পৰিবলৈ দিয়া উচিত । ৰ’দৰ উত্তাপ অবিহনে তথা ভিটামিন ডিৰ অভাৱৰ ফলত মহিলাসকলক সহজে মেদবহুলতাৰ চিকাৰ হোৱাৰ লগতে শৰীৰত ডায়েবেটিছ ৰোগ সৃষ্টি হোৱাৰ সম্ভাৱনীয়তা প্ৰৱল ।

লেখিকা: প্ৰাৰ্থনা হাজৰিকা

উৎস : দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 3/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate