অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বহুমূত্ৰত মাতৃত্বৰ সংকট

ভাৰতবৰ্ষত সম্প্ৰতি প্ৰায় ৬৩ নিযুত বহুমূত্ৰ ৰোগীৰে ভৰি পৰিছে| চিন্তনীয় বিষয় যে পাঁচগৰাকী গৰ্ভৱতী মহিলাৰ মাজৰ এগৰাকীৰ বহুমূত্ৰ আগৰে পৰা অথবা গৰ্ভাৱস্থাত দেখা দিয়াৰ সম্ভাৱনা থাকে| বহুমূত্ৰই গৰ্ভাৱস্থাত মাতৃ আৰু শিশু উভয়কে কু-ফল জাপি দিয়াৰ উপৰি প্ৰসৱোত্তৰ কাললৈকে বিপদ কঢ়িয়াই আনিব পাৰে| সেয়ে আগৰে পৰা বহুমূত্ৰ থকা সকলৰ গৰ্ভাৱস্থাৰ পুৰ্বে যথোপযুক্ত চিকিৎসা আৰু পৰামৰ্শ গ্ৰহণৰ জৰিয়তে গৰ্ভধাৰণ কৰাবলৈ স্বামী-স্ত্ৰীক পৰামৰ্শ দিয়া হয়| অৱশ্যে যি সকল বহুমূত্ৰ ৰোগীৰ (মাতৃৰ) চকুৰ ৰেটিনা আৰু বৃক্ক আক্ৰান্ত সেইসকলৰ সংখ্যাগৰিষ্ঠক বাদ দিহে কথাটো কোৱা হৈছে| অৰ্থাৎ গৰ্ভধাৰণ কৰিবলৈ কোৱা হৈছে| গৰ্ভাৱস্থাৰ আগৰে পৰা বহুমূত্ৰ থকা সকলৰ ভ্ৰ্ণৰ গঠন প্ৰথম ডেৰ মাহত বিজুটি ঘটে আৰু যিসকলৰ গৰ্ভাৱস্থাতহে নতুনকৈ বহুমূত্ৰ হোৱা দেখা যায়, সেই সকলৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ দুমাহৰ পাছত বহুমূত্ৰ আৰম্ভ হোৱা হেতু ভ্ৰণৰ গঠনৰ বিজুতি যেনে-হাৰ্ট, মগজু আৰু হাড়ৰ গঠনৰ বিজুতি, ওঁঠ আৰু তালু ফটা, শৌচাদ্বাৰ ভালকৈ তৈয়াৰ নোহোৱা অৱস্থা আদিৰ সম্ভাৱনাৰ পৰা সাৰি যায়| এইসকলৰ ক্ষেত্ৰত সন্তানৰ মুখৰ অৱয়ব মাথোন ডাঙৰ সম্ভাৱনা বেছি থাকে|

মাতৃগৰাকীৰ সম্ভাৱ্য জটিলতা

এনে এগৰাকী মাতৃৰ নিজে নিজে গৰ্ভ নষ্ট হোৱা, উলম্ব ৰস বৃদ্ধি পোৱা, বাঘিনী প্ৰসূতা, প্ৰসৱৰ নিৰ্দ্দিষ্ট কালতকৈ আগতে প্ৰসৱ হোৱা আৰু চিজাৰিয়ান হোৱাৰ সম্ভাৱনা বেছি হয়| গৰ্ভধাৰণৰ আগৰে পৰা বহুমুত্ৰ ৰোগৰ মাতৃগৰাকীৰ দৃষ্টিপটলৰ বিকাৰ থাকিলে সন্তানৰ অন্ধ হোৱাৰ সম্ভাৱনা আৰু বৃক্ক আক্ৰান্ত থকাসকলৰ বৃক্কৰ বিকলতাৰ সম্ভাৱনা বাঢ়ে| দৃষ্টিপটলৰ বিকাৰ হোৱা সকলৰ বহুমুত্ৰৰ বাবে হৃদ-মাংসপেশী আক্ৰান্ত হোৱাৰ সম্ভাৱনাৰ হেতু মৃত্যুৰ সম্ভাৱনা জড়িত হৈ থাকে| ভ্ৰণ গঠনৰ পাছলৈ ছুগাৰ নিয়ন্ত্ৰণ নহ’লে নৱজাতক মেদবহুলতাৰ চিকাৰ হয়| ফলশ্ৰুতিত প্ৰসৱৰ জটিলতাই দেখা দিয়াৰ উপৰি নৱজাতকক শৈশৱতে বহুমুত্ৰই আক্ৰান্ত কৰাৰ সম্ভাৱনা বাঢ়ি যায়|

বহুমূত্ৰৰ সম্ভাৱনা থকা তথা গৰ্ভাৱস্থাত ইয়াৰ সম্ভাৱনা থকাসকলক চিনাক্তকৰণ:- পুৰ্বতে গৰ্ভ নষ্ট হোৱাৰ ইতিহাস থকা, উলম্ব ৰস বেছি থকা, উচ্চ ৰক্তচাপৰ উপস্থিতি, আৰু ডাঙৰ আকৃতিৰ নৱজাতকৰ জন্ম দিয়া মাতৃসকলক বিশেষ ভাৱে নিৰীক্ষণ কৰাৰ দৰকাৰ| তদুপৰি বয়সস্থ মাতৃ, মেদবহুল আৰু কেইবাটাও সন্তান জন্ম দিয়া মাতৃসকলক আৰু পৰিয়ালত বহুমূত্ৰ ৰোগী থকাসকলক নিৰীক্ষণ কৰাটো দৰকাৰ| ইয়াৰ বাবে মাতৃ গৰাকী প্ৰথম স্বাস্থ্য পৰীক্ষালৈ আহোতেই অনাহাৰ অৱস্থাত তেজত ছুগাৰ পৰীক্ষা কৰি 126mg/dl বা তাৰ ওপৰত ছুগাৰ ধৰা পৰিলে মাতৃ গৰাকীক পুৰ্বৰে পৰা ছুগাৰ থকা ৰোগী বুলি ভৱা হয় আৰু ছুগাৰৰ পৰিমাণ 92mg/dl তকৈ বেছি থকা সকলক গৰ্ভাৱস্থাত বহুমূত্ৰত আক্ৰান্ত হোৱা বুলি বিবেচনা কৰা হয়| এই অৱস্থাত ধৰা নপৰাসকলক ২৪-২৮ সপ্তাহ গৰ্ভকালত ৭৫ গ্ৰাম গ্লুক’জ খোৱাই ২ ঘণ্টাৰ পাছত তেজৰ শৰ্কৰা পৰীক্ষা কৰি চোৱা হয় আৰু ফলাফল যদিহে 140mg/dl তকৈ বেছি ওলায় তেন্তে ইয়াক গৰ্ভাৱস্থাৰ বহুমূত্ৰ বুলি ধৰা হয়| অনাহাৰ অৱস্থাত তেজৰ ছুগাৰ 92mg/dl থকাটোকে গৰ্ভাৱস্থাত ছুগাৰ থকাৰ মাপকাঠী হিচাপে যে গণ্য কৰা হ’ল, তাৰ কাৰণ-গৰ্ভধাৰণ কৰা এগৰাকী মাতৃয়ে প্ৰথম কেইসপ্তাহত ইষ্ট্ৰ’জেন প্ৰজেষ্টৰণ নামৰ দুবিধ হ’ৰমনৰ অভাৱত মাতৃ গৰাকীৰ দেহত বিটাকোষৰ সংখ্যা বাঢ়ি ইনছুলিনৰ নি:সৰণ বাঢ়ে| সেয়ে মাতৃ গৰাকীৰ অনাহাৰ অৱস্থাত তেজত ছুগাৰৰ পৰিমাণ কম থাকে| তিনি মাহৰ পাছৰ পৰা গৰ্ভফুলৰ হৰমন, এইচ পি এল, প্ৰলেক্টিন আৰু কৰ্টিচল নামৰ হৰমন আদি বৃদ্ধি ঘটি দেহত ইনছুলিন প্ৰতিৰোধী অৱস্থাৰ সৃষ্টি কৰে| সেই অৱস্থাত ইনছুলিন বেছিকৈ নি:সৰণ হোৱাৰ সুফলকো চেৰাই মাতৃ গৰাকীক বহুমূত্ৰলৈ ধাৱমান কৰায়, বিশেষকৈ ২৪-২৮ সপ্তাহত|

গৰ্ভকালত দেখা দিয়া ছুগাৰ নিয়ন্ত্ৰণ

খোৱা-বোৱাৰ নিয়ন্ত্ৰণ আদিৰ জৰিয়তে বহুক্ষেত্ৰত ছুগাৰ আহাৰ খোৱাৰ পাছত (PPBS) 120mg/dl আৰু অনাহাৰ অৱস্থা (FBS) 92mg/dl লৈ আহে| ছুগাৰ নিয়ন্ত্ৰণলৈ নহাসকলক ইনছুলিন প্ৰদান কৰি তেজৰ ছুগাৰ 90mg/dl পৰা ১২০ বা 140mg/dl ৰ ভিতৰত ৰখাৰ চেষ্টা কৰিব লাগে| মাতৃগৰাকীৰ বাবে তেজত ছুগাৰ কম বা বেছি থকা দুয়োটাই নৱজাতক বা কেচুৱাটোৰ বাবে বেয়া| ছুগাৰ কম থাকিলে নৱজাতকৰ বিকাশত বাধা আহে| গতিকে গৰ্ভকালত তেজৰ ছুগাৰ নিৰ্দ্দিষ্ট মাত্ৰাত ৰখাটো অতি জৰুৰী কথা|

ব্যায়াম

মাতৃ গৰাকীক নিয়মিত ব্যায়াম কৰিবলৈ দিব লাগে যাতে দেহৰ ওজন ঠিকে থাকে আৰু ছুগাৰ নিয়ন্ত্ৰণত যাতে সহায়ক হয়| গধুৰ বস্তু উঠোৱা বা সম্মুখলৈ ঠেলা কাম আদি কৰিব দিব নালাগে| যিহেতু ই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে|

ঔষধৰ প্ৰয়োগ

গৰ্ভাৱস্থাত প্ৰথমে দেখা দিয়া বহুমূত্ৰত ২ সপ্তাহ খাদ্যৰ জৰিয়তে তেজৰ ছুগাৰ যদি অনাহাৰ অৱস্থাত 92mg/dl আৰু আহাৰ খোৱাৰ পাছত 120mg/dl ৰ তললৈ নমাই আনিব নোৱাৰিলে মাতৃগৰাকীক ইনছুলিন প্ৰয়োগ কৰা হয়| এনে অৱস্থাত প্ৰয়োগ কৰিব পৰা ইনছুলিন কেইবিধ হ’ল- Regular Insuline (eg Huminsulin R) আৰু NPH, Insulin Degludec (eg Trashiva, Novorapid Ryzodeg) Novappid আদি ইনছুলিন ব্যৱহাৰ কৰিব পাৰি| প্ৰয়োজন অনুসৰি ৩-৪ বাৰ ইনছুলিন প্ৰয়োগ কৰিও ছুগাৰ নিয়ন্ত্ৰণ নোহোৱা সকলক ইনছুলিন পাম্প দি ছুগাৰ নিয়ন্ত্ৰণ কৰিব লাগে|

গৰ্ভাৱস্থাত কি কি নিৰীক্ষণ কৰা উচিত

আলট্ৰাছাউণ্ডৰ জৰিয়তে সন্তানৰ গঠনৰ বিচ্যুতি, সন্তানৰ অৱয়ব, সন্তান জীয়াই থকাৰ সম্ভাৱনা আদি চোৱা হয়| লগতে মাতৃৰ গৰ্ভত উলম্ব ৰসৰ পৰিমাণ, গৰ্ভফুল আদি চোৱাৰ উপৰি তেজত গ্লুক’জৰ সমতা ৰক্ষা হৈছে নে নাই সূচীমতে তেজৰ ছুগাৰ চোৱাৰ উপৰি মাহেকত দুবাৰকৈ গ্লাইকেটেড হিম’গ্লবিন নামৰ পৰীক্ষা, গ্লুকচাইমিন আদি পৰীক্ষা কৰি ছুগাৰ নিয়ন্ত্ৰণত ৰখাৰ উপৰি মাতৃৰ ৰক্তচাপ প্ৰস্ৰাৱত এলবুমিন নি:সৰণ, প্ৰস্ৰৱত কিটন নি:সৰণ (মাতৃৰ আহাৰত কাৰ্বহাইড্ৰেটৰ খোৰাক কম হ’লে বাঢ়ে) হৈছে নেকি পৰীক্ষা কৰা হয়| প্ৰয়োজন সাপেক্ষে চকুৰ ফান্দাচ আৰু বৃক্কৰ কাৰ্য পৰীক্ষা কৰোৱা হয়|

ডা: নগেন্দ্ৰ নাথ ডেকা

শেহতীয়া উন্নীতকৰণ: : 5/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate