মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মধুমেহ বা ডায়েবেটিছ / মধুমেহ বা বহুমূত্ৰ ৰোগৰ বিষয়ে আলোচনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মধুমেহ বা বহুমূত্ৰ ৰোগৰ বিষয়ে আলোচনা

মধুমেহ বা বহুমূত্ৰ ৰোগৰ বিষয়ে আলোচনা

মধুমেহ বা বহুমূত্ৰ ৰোগৰ বিষয়ে ভাৰতবৰ্ষৰ চিকিৎসকসকল খ্ৰীষ্টপূৰ্ব ১৫০০ বা তাৰো আগৰ পৰা অৱগত আছিল বুলি জনা যায়। প্ৰস্ৰাৱত মধু বা মিঠা পদাৰ্থ নিৰ্গত হোৱাত আৰু সেই প্ৰস্ৰাৱত পিপৰা জাতীয় কীটৰ আগমনেই ৰোগৰ প্ৰাৰম্ভিক পৰিচয় আৰু মধুমেহৰ কাৰণৰ কাৰক হৈ পৰে। ডায়েবেটিছ ৰোগীৰ সংখ্যা বৰ্তমান সমগ্ৰ বিশ্বত ১৫০ নিযুত (মিলিয়ন)। বৰ্তমান ভাৰতবৰ্ষত এই ৰোগীৰ সংখ্যা ৬৭ নিযুত। ইয়াৰ লগত ৩০ নিযুত প্ৰি-ডায়েবেটিক লোকৰ সংখ্যাকো উলাই কৰিব নোৱাৰি। ২০৩০ চনত ভাৰতবৰ্ষ বিশ্বৰ ডায়েবেটিছৰ ৰাজধানী হৈ উঠিব বুলি আশংকা কৰা হৈছে। কেৱল তেজত ছুগাৰৰ পৰিমাণ বৃদ্ধিতেই ডায়েবেটিছ সীমাবদ্ধ বুলি ভাবিলে ভুল হ’ব কাৰণ এই ৰোগে কিডনী, হৃদযন্ত্ৰ, চকুৰ ৰেটিনা, স্নায়ুতন্ত্ৰ আদিৰ গুৰুতৰ বিসংগতি কৰাৰ উপৰি ডায়েবেটিক কমালৈ নি ৰোগীৰ প্ৰাণৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে। আজিৰ আলোচনাত থুলমূলকৈ বহুমূত্ৰ বা ডায়েবেটিছ ৰোগৰ কাৰণ, প্ৰকাৰ, লক্ষণসমূহ, ল’বলগীয়া সতৰ্কতা আৰু খাদ্যৰ বিষয়ে দুআষাৰ চৰ্চা কৰা হ’ব। পশু বিজ্ঞানীসকলৰ মতে, কুকুৰ আৰু মেকুৰীৰো বহুমূত্ৰ ৰোগ হয়।

মানৱৰ শৰীৰৰ পেটৰ ভিতৰত অৱস্থিত পেনক্ৰিয়াজ নামৰ গ্ৰন্থিয়ে কেবাবিধো হৰম’ন নিৰ্গত কৰে। সেইবিলাকৰ ভিতৰত আইলেটচ অৱ লেংগাৰহেনৰ বিটা চেলৰ পৰা ওলোৱা ইনচুলিন নামৰ হৰম’নে আমাৰ তেজৰ ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি ৰাখে। যদি পেনক্ৰিয়াজ গ্ৰন্থিৰ পৰা যথেষ্ট পৰিমাণৰ ইনচুলিন নোলায় নাইবা শৰীৰৰ কোষবিলাকত ইনচুলিনৰ প্ৰভাৱ কমি যায়। তেতিয়া মানৱ দেহৰ তেজত চুগাৰৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত ৰোগৰ লক্ষণসমূহ দেখা দিয়ে। ঘাইকৈ বেছিকৈ প্ৰস্ৰাৱ লগা, বেছি পিয়াহ লগা আৰু ভোক বেছিকৈ লগা এই তিনিটা বহুমূত্ৰ ৰোগৰ প্ৰমুখ লক্ষণ।

ঘাইকৈ ডায়েবেটিছ তিনি প্ৰকাৰৰ। পেনক্ৰিয়াজ গ্ৰন্থিয়ে ইনচুলিন উৎপাদন কৰাত ব্যৰ্থ হ’লে টাইপ ১ বা ইনচুলিন নিৰ্ভৰশীল ডায়েবেটিছ হয়। সাধাৰণতে কিশোৰ অৱস্থাতে এই ৰোগ ধৰা পৰে বাবে ইয়াক জুভেনাইল ডায়েবেটিছ আখ্যা দিয়া হয়। বিজ্ঞানীসকলে অনুমান কৰা মতে ভাইৰাচ (যেনে কস্কেকি বি-৪) বা কোনো বিষাক্ত পদাৰ্থ (টক্সিন) নাইবা অটোইমিউন ডিজিজৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত পেনক্ৰিয়াজ গ্ৰন্থিৰ অহিত হোৱাৰ ফলত ইনচুলিনৰ উত্পাদন বিঘ্নিত হয়। সাধাৰণ অৱস্থাত ইনচুলিন হৰম’নে শৰীৰৰ গ্লুক’জক শক্তিলৈ ৰূপান্তৰিত কৰি কোষক যোগান ধৰে। এতিয়া ইনচুলিন উৎপাদন বিঘ্নিত হোৱাত তেজত গ্লুক’জ বা চুগাৰৰ পৰিমাণ বাঢ়ি যায় আৰু ৰোগৰ লক্ষণসমূহ পৰিস্ফুট হ’বলৈ ধৰে।

প্ৰাপ্তবয়স্কৰ (সাধাৰণতে ৪০ বছৰৰ অধিক বয়সৰ) হোৱা টাইপ-২ ডায়েবেটিছ বা ইনচুলিন অনিৰ্ভৰশীল ডায়েবেটিছ- ইনচুলিনৰ কোষসমূহৰ ওপৰত কাৰ্যকৰী ক্ষমতা কমি গ’লে নাইবা পেনক্ৰিয়াজ গ্ৰন্থিয়ে ইনচুলিন উত্পাদন কমকৈ কৰিলে, নহ’লে বা ইনচুলিন ৰেচিষ্টেণ্স হ’লে এনে প্ৰকাৰৰ ডায়েবেটিছ হ’ব পাৰে।

টাইপ-২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা কাৰ বেছি ?

  • নিষ্ক্ৰিয় জীৱন-যাপন, কোনো কচৰত বা ব্যায়াম নকৰা লোক।
  • উচ্চ ৰক্তচাপ থাকিলে। মেদবহুলতা আৰু চৰ্বিজনিত ৰোগ (ডিচলিপিডেমিয়া)।
  • ধূম্ৰপান।
  • অতিমাত্ৰা টেনচন।
  • মানসিক ৰোগ।
  • পৰিয়ালৰ বংশানুগতি।

ডায়েবেটিছ নথকা কিছুমান মহিলাৰ গৰ্ভধাৰণ কৰাৰ লগে লগে বহুমূত্ৰৰ লক্ষণ দেখা দিয়ে- এনে অৱস্থাক প্ৰসৱকালিন ডায়েবেটিছ বোলে।

এই তিনিবিধৰ উপৰি জেনেটিক বিসংগতিৰ ফলতো জন্মগত ডায়েবেটিছ ৰোগ হ’ব পাৰে। ষ্টেৰইডৰ অপপ্ৰয়োগেও ডায়েবেটিছ ৰোগ কৰিব পাৰে।

টাইপ-১ ডায়েবেটিছৰ লক্ষণসমূহ হ’ল

বেছি প্ৰস্ৰাৱ হোৱা, বেছি পিয়াহ লগা, বেছি ভোক লগা, অকাৰণত ক্ষীণাবলৈ ধৰা, চেতনাৰ তাৰতম্য অনুভৱ হোৱা, দৃষ্টিশক্তি হ্ৰাস হোৱা, যিকোনো ঘা শুকাওঁতে পলম হোৱা, হাত-ভৰি জিনজিনোৱা, ভৰিৰ তলুৱাৰ চেতনা হ্ৰাস হোৱা, মুড সঘনে সলনি হোৱা, স্বভাৱ খিংখিঙীয়া হোৱা, শুষ্ক চৰ্ম, পেট বিষ, বমি হোৱা, মুখ শুকাই থকা, নিশ্বাসত ফলৰ ঘ্ৰাণ পোৱা আদি।

টাইপ-২ ডায়েবেটিছৰ লক্ষণসমূহ হ’ল

ওপৰৰ লক্ষণসমূহৰ উপৰি এইকেইটা লক্ষণ টাইপ-২ দেখা যাব পাৰে- সঘনাই যিকোনো ৰোগৰ সংক্ৰমণ, সৰু-সুৰা খহুৰ পৰা আৰম্ভ কৰি টি.বি. ৰোগত এনে ৰোগী সহজে ভুক্তভোগী হ’ব পাৰে। জননেন্দ্ৰিয়ৰ খজুৱতি। অলপতে ভাগৰ লগা।

এনে ৰোগীয়ে মনত ৰখা উচিত টাইপ-২ ডায়েবেটিছ এবিধ জীৱনজোৰা ক্ৰনিক ব্যাধি হ’লেও ইয়াক উপযুক্ত দৰব আৰু পৰিচালনাৰে ৰাখি সাধাৰণ স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত ৰখাটো সম্পূৰ্ণ সম্ভৱপৰ। পুনৰাই উল্লেখ কৰা হ’ল- তেজৰ বৰ্ধিত গ্লুক’জে বিভিন্ন ৰক্তপ্ৰৱাহী নলী আৰু স্নায়ুতন্ত্ৰৰ গুৰুতৰ বিজুতি ঘটোৱাৰ ফলতেই নানাধৰণৰ জটিলতাসমূহে দেখা দিয়ে। ফলত চকু, কিডনী, মগজু, হৃদযন্ত্ৰ, স্নায়ুতন্ত্ৰৰ নানা উপসৰ্গ দেখা দিয়ে। হাড়ৰ অষ্টিঅ’পৰোচিত ভৰিত ঘা-গেংগ্ৰিন, ছালত-মুখমণ্ডলত বেক্টেৰিয়া ফাংগাচৰ সংক্ৰমণ হ’ব পাৰে। গৰ্ভৱতীৰ সন্তান মৃত প্ৰসৱ বা বিনষ্ট হ’ব পাৰে। মুঠতে এই জটিলতাসমূহ গাই শেষ কৰিব নোৱাৰি। এটা কথা উল্লেখ নকৰিলে লেখাটো অপূৰ্ণ হ’ব- কেতিয়াবা একো একোজন লোক লক্ষণবিহিনো থাকিব পাৰে। চাকৰি বা ইঞ্চুৰেঞ্চ সংক্ৰান্তত তেজ পৰীক্ষা কৰাওঁতেহে তেজত উচ্চ পৰিমাণৰ গ্লুক’জ ধৰা পৰে। এনে লোকেও নিজৰ তেজৰ গ্লুক’জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখাটো বাঞ্ছনীয়।

ৰোগৰ চিকিৎসা টাইপ-১ত ডায়েবেটিছত ইনচুলিন আৰু টাইপ ২-ৰ বাবে ছুগাৰ নিয়ন্ত্ৰণ কৰা ঔষধ। কিন্তু এটা বাক্যতে ইয়াক শেষ কৰিব নোৱাৰি। ডায়েবেটিছৰ চিকিৎসা এক বৃহত্ অধ্যায়। ৰোগী ভেদে ইনচুলিন আৰু দৰবো ভিন্ন ভিন্ন হয়। জীৱন ৰক্ষাকাৰী ইনচুলিন বেজীৰ আৱিষ্কাৰ ১৯২১ চনত হয়। ইয়াক বেজীৰ সলনি খোৱাৰ ঔষধলৈ সলনি কৰাৰ প্ৰয়াস ভাৰতবৰ্ষৰ বিজ্ঞানীসকলে কৰি আছে আৰু তেওঁলোকে সোনকালেই এই প্ৰয়াসত সফল হ’ব বুলি জনাইছে। আনহাতে আজিকালি যথেষ্ট সংখ্যক ছুগাৰ নিয়ন্ত্ৰণ কৰা খোৱা ঔষধ বজাৰত উপলব্ধ হৈছে। ছুগাৰ নিয়ন্ত্ৰণ কৰা খোৱা ঔষধৰ প্ৰধান বিপদ (পাৰ্শ্বক্ৰিয়া স্বৰূপে) হাইপোগ্লাইচেমিক ক’মা এই নতুন দৰববিলাকৰ ক্ষেত্ৰত অতি কম। হাইপোগ্লাইচেমিক ক’মা হ’ল তেজত ছুগাৰৰ পৰিমাণ বিপজ্জনকভাৱে কমি ৰোগীক অচেতন কৰি দিয়া। আনহাতে ডায়েবেটিক ক’মা বা হাইপাৰগ্লাইচেমিক ক’মাত তেজত ছুগাৰৰ পৰিমাণ সাংঘাটিকভাৱে বাঢ়ি ৰোগীক অচেতন কৰি দিয়া। হাইপোগ্লাইচেমিক ক’মা তুলনামুলকভাৱে বেছি বিপজ্জনক। যিকোনো জৰুৰীকালীন অৱস্থাত (যেনে- অপাৰেচনৰ প্ৰয়োজন হ’লে, কোনো গুৰুতৰ সংক্ৰমণ হ’লে) টাইপ-২ ডায়েবেটিছৰ ৰোগীকো হ্ৰস্বকালীনভাৱে ইনচুলিনেৰে চিকিৎসা কৰা হয়। শেহতীয়া সংবাদমতে মেদবহুল বহুমূত্ৰ ৰোগীৰ অপাৰেচন কৰি সুফল লাভ কৰাটো প্ৰমাণিত হোৱাত এই চিকিৎসাৰ প্ৰতি দিনে দিনে অধিক লোক আকৰ্ষিত হ’বলৈ ধৰিছে।

চমুকৈ কেইটামান লাগতিয়াল কথা পাঠকসকলক জনাব খুজিছো। ৰোগ চিনাক্ত হ’লে ভীতিগ্ৰস্ত নহৈ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ হেলা নকৰিব। আপোনাৰ জীৱন-ধাৰণৰ পদ্ধতিত প্ৰয়োজনীয় সংশোধনী আনিবলৈ প্ৰয়াস কৰক। ফাষ্টফুড, শীতল ড্ৰিংক্ছ, ধূম্ৰপান, সুৰাপান বৰ্জন কৰক। এটা গ্লুকোমিটাৰ কিনি সময়ে সময়ে নিজৰ ছুগাৰ পৰীক্ষা কৰি লিখি ৰাখক আৰু আপোনাৰ চিকিৎসকক সময়ত অৱগত কৰাওক। ডায়েবেটিছ ৰোগীয়ে ভৰিকেইটা আঘাত নোপোৱাকৈ পৰিষ্কাৰ কৰি সযতনে ৰাখিব। সময়ে সময়ে চকু পৰীক্ষা কৰাব নাপাহৰিব। খাদ্য নিয়ন্ত্ৰণ আৰু ব্যায়ামৰ দ্বাৰা শৰীৰৰ ওজন নৰ্মেল বি এম আইৰ ওচৰত ৰাখিবলৈ যত্নপৰ হওক। বিজ্ঞাপনত ভোল গৈ কবিৰাজ বা পাবত গজা তথাকথিত ডাক্তৰৰ কাষ চাপি জীৱন বিপদাপন্ন নকৰিব। প্ৰত্যেকজন ডায়েবেটিছ ৰোগীয়ে কেইটিমান নৰ্মেল লেভেল জনাৰ আৱশ্যক। খালী পেটত (ফাষ্টিং) ছুগাৰ হ’ল ৭০-১১০, আকস্মিক (ৰেণ্ডম) ছুগাৰ হ’ল ১৪০-১৬৫, খোৱাৰ পিছত (পি পি) ১৬৫-১৮০। ডায়েবেটিছ ৰোগীৰ গ্লাইক’ছাইলেটেড হিম’গ্লবিন ৬.৫ শতাংশৰ ওপৰত থাকে।

এইবাৰ খাদ্যৰ বিষয়ে দুআষাৰ কোৱা হ’ল

কি কি খাব

যি খাদ্যই কাৰ্ব’হাইড্ৰেটৰ শৰীৰত প্ৰৱেশত বিলম্ব ঘটায়, তেনে খাদ্য প্ৰচুৰ পৰিমাণে খাব লাগে। উদাহৰণ- গাজী, বুট বা মাহ, বীন, মটৰ, চালাদৰ পাত, পচলা, কলডিল আৰু আন আন আঁহ থকা শাক-পাচলি। দুটা ভেণ্ডি ডোখৰ ডোখৰকৈ কাটি ৰাতি আধা গিলাচ পানীত তিয়াই থৈ তাৰ পানী খালে কাৰ্ব’হাইড্ৰেটৰ শৰীৰত প্ৰৱেশত বিলম্ব ঘটে আৰু ফলত তেজত ছুগাৰ নিয়ন্ত্ৰণত সহায়ক হয়। কেইবছৰমানৰ আগলৈকে ভাৰতবৰ্ষৰ জগত ফাৰ্মা নামৰ কোম্পানীয়ে কাৰবোটাৰ্ট নামৰ এবিধ পাউডাৰ বজাৰত উপলব্ধ কৰিছিল। ছুজিৰ নিচিনা সেই পাউডাৰ পানীত মিহলাই ভাত খোৱাৰ আধাঘণ্টা আগতে খালে ছুগাৰ নিয়ন্ত্ৰণত সহায়ক হৈছিল। একেদৰেই বিহাৰীসকলৰ প্ৰিয় খাদ্য চাটুগুৰি আৰু ডলিয়াই কাম কৰে। মধুমেহৰ ৰোগীয়ে খালে লাভৱান হ’ব। ঢেঁকীয়া, লাই, মৰীচা, কলডিল, পচলা, গোমধান বা আন আঁহ থকা শাক-পাচলি ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ খোৱা উচিত। আৰৈ চাউলৰ পৰিৱৰ্তে উখোৱা ভাত খাব লাগে। এসাঁজ ভাত, এসাঁজ ৰুটি খোৱাৰ অভ্যাস কৰিব লাগে। মাছ, মাংস, কণী খাব পাৰিব। ৰন্ধনত অলিভ অইল নহ’লে ছানফ্লাৱাৰ তেল ব্যৱহাৰ কৰিব। যিকোনো চৰ্বীজাতীয় খাদ্য পৰিত্যাগ কৰিব। কম চৰ্বীযুক্ত গাখীৰহে খোৱা ভাল। দৈ খাব, ক্ৰীম খোৱা বাদ দিব। সুৰাপান আৰু ধূমপান বৰ্জনীয়। ডায়েবেটিছ ৰোগীয়ে চকলেট, আইচক্ৰিম আৰু সকলোধৰণৰ শীতল পানীয়ৰ মোহ পৰিত্যাগ কৰিব।

উৎস: গণখবৰ।

3.16216216216
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top