অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপোনাৰ শিশুটিৰ বাবে

আপোনাৰ শিশুটিৰ বাবে

  • আপোনাৰ শিশুটিক অনবৰত ধমকি দি ভয় নুখুৱাব। শিশুটি যাতে খঙাল, পেনপেনীয়া হ’বলৈ সুযোগ নাপায়, তাৰ ব্যৱস্থা কৰিব। তাৰ কিটিপ নিজৰ হাততে।
  • সিহঁতক দৈত্য-দানৱ্য-ভূত আদিৰ সাধু কৈ ভয় নুখুৱাব। ভুল কথা শিকাৰ সুবিধা নাপায় যাতে তালৈ লক্ষ্য ৰাখিব।
  • শিশুটিৰ গাৰ ক’লা-বগা বৰণৰ কথা শিশুটিৰ আগত পতা নহয় যাতে।
  • ঘৰৰ ডাঙৰৰ মাজত কাজিয়া লাগি সৰুবোৰক কেতিয়াও অবাবত মাৰকিল কৰা নহয় যাতে। ই সাংঘাতিক অমানৱীয়-অন্যায় ঘটনা।
  • শিশু সন্মুখত আন লোক বা পৰিয়ালৰ লোকে শিশুৰ পিতৃ-মাতৃৰ সমালোচনা নকৰে যাতে।
  • কন্যা-সন্তান-পুত্ৰ সন্তান দুয়োৰে প্ৰতি একেই মৰম, একেই দায়িত্ব পালন কৰা হয় যাতে। তেতিয়াহে তেনে পৰিৱেশত ডাঙৰ হোৱা পুত্ৰ-কন্যা সমানে উপযুক্ত, আত্মবিশ্বাসী হৈ উঠিব।
  • পিতৃ-মাতৃ কামলৈ ওলাই যোৱাৰ পাছত যিসকল শিশু ককাক-আইতাকৰ লগত থাকে, সেইসকল ককাক-আইতাকৰ মৰম যাতে অন্ধ নহয়।
  • আজিকালি স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে কণমানি ছাত্ৰ-ছাত্ৰীৰ বহু ওজৰ আপত্তি পিতৃ-মাতৃক দিয়ে। তাৰ বাবে শিশুটিৰ ওপৰত ঘৰত জপিয়াই নপৰিব। আপোনাৰ সন্তানটিক আপুনিয়েই বুজে। সেই কথা মনত ৰাখিব।

লেখিকা: ৰাণু দাস চৌধুৰী।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate