অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভৱিষ্যত সুস্থ প্ৰজন্মৰ বাবে সন্তানটিৰ যত্ন লওক

নৱজাতক শিশু বুলিলে আমি শিশুটিৰ জন্মৰ পিছৰ পৰা সম্পূৰ্ণ এমাহ বয়স হোৱা সময়খিনিকে বুজো। এই সময়ছোৱাত শিশুটিৰ ক্ষেত্ৰত ল’বলগীয়া যতন সম্বন্ধে প্ৰতিগৰাকী মাতৃয়ে কিছু পৰিমাণে জ্ঞাত। কিন্তু শিশুটিৰ পূৰ্ণাংগ বিকাশৰ ক্ষেত্ৰত ল’বলগীয়া যতন বা সাৱধানতা প্ৰকৃতাৰ্থত আৰম্ভ হয় এটি কিশোৰীৰ পূৰ্ণ বিকাশৰ ওপৰত। এই কথা আমি জানো যে এগৰাকী সুস্থ, সবল মাতৃয়ে এটি সুস্থ শিশুৰ জন্ম দিব পাৰে। অন্যহাতে এগৰাকী গৰ্ভৱতী মাতৃয়ে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ গোটেই নমাহ আৰু দহদিন শিশুটিক নিজৰ গৰ্ভত সম্পূৰ্ণ নিৰাপত্তা দিব পাৰিব যদিহে সেই গৰাকী মাতৃ কিশোৰী অৱস্থাৰ পৰা শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল শৰীৰ আৰু মনৰ অধিকাৰী হয়। বিশেষকৈ কিশোৰী অৱস্থাৰ পৰাই আমি প্ৰতিগৰাকী কন্যাসন্তানৰ শাৰিৰীক আৰু মানসিক দিশত যতন ল’লেহে ভৱিষ্যতে বিবাহৰ পাছত এগৰাকী সুস্থ মাতৃ হিচাপে পৰিগণিত হ’ব। আহাৰৰ ক্ষেত্ৰত লৌহজাতীয় বস্তুৰ নিয়মীয়া যোগান আৰু ঋতুস্ৰাৱৰ সময়ত দেখা দিয়া বিসংগতি আদি সম্বন্ধে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিব লাগিব। শাৰিৰীক দিশৰ লগতে মানসিক দিশৰ প্ৰতিও সমানে মন কৰিব লাগিব।

প্ৰথম পৰ্য্যায়ৰ যতন

নৱজাতক শিশুৰ যতন বুলিলে প্ৰথম পৰ্য্যায়ত আহে-কন্যাসন্তানৰ সৰ্বাংগীন উন্নতিসাধন। পৰিপুষ্টি, আহাৰ আৰু সময় উপযোগী প্ৰতিষেধক ছিটা আৰু ইয়াৰ লগে লগে উন্নত শিক্ষা-দীক্ষাৰ ক্ষেত্ৰতো মনোযোগ দিব লাগিব। কিশোৰী অৱস্থাৰ পৰাই ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰাক্‌ বৈবাহিক পৰীক্ষা নিৰীক্ষা কৰোৱ, মাম্‌চ, ৰুবেলা, টিটেনাছ আদি ৰোগৰ প্ৰতিষেধক ছিটা সময়মতে দিয়া ইত্যাদি। মানসিক দিশটোলৈ সমানে মন দিব লাগিব। প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাৰ অবিহনে কিশোৰীগৰাকীক মানসিকভাৱে সৱল কৰিব পৰা নাযায়। সেয়ে সাহস আৰু মনোবলৰ দ্বাৰাহে ভৱিষ্যতৰ সমস্যাবহুল সংসাৰখনৰ পৰা নিজকে আৰু ইয়াৰ লগে লগে নিজৰ শিশুটিক ৰক্ষা কৰিব পাৰিব।

দ্বিতীয় পৰ্য্যায়ৰ যতন

দ্বিতীয় পৰ্য্যায়ৰ যতন হিচাপে-ভূমিস্থ হোৱাৰ ঠিক পিছ মূহুৰ্তৰ সময়খিনিকে বুজায়। শিশুটিয়ে মাতৃগৰ্ভৰ সময়খিনিকে বুজায়। শিশুটিয়ে মাতৃগৰ্ভৰ এক নিৰাপদ স্থানৰ পৰা পৃথিৱীলৈ অহা পথছোৱা সুচাৰুৰূপে পাৰ কৰিব পাৰিছেনে নাই এই কথালৈ লক্ষ্য ৰাখিব লগা হয়। কিয়নো শিশুটিয়ে মাতৃগৰ্ভৰ এক নিৰাপদ, বীজাণুমুক্ত, সমতাপযুক্ত পৰিৱেশৰ পৰা বৰ্হিপৃথিৱীলৈ অৱৰ্তন কৰোঁতে শ্বাস-প্ৰশ্বাস আদিৰ ক্ষেত্ৰত বিসংগতিয়ে দেখা দিয়াৰ সম্ভাৱনা থাকে আৰু এই সম্বন্ধে আগতীয়াকৈ সময় উপযোগী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিয়নো এনে ধৰণৰ বিসংগতিসমূহ সঠিক সময়ত আঁতৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে শিশুটি ভূমিস্থ হোৱাৰ পাছতে মৃত্যুৰ মুখত পৰিব পাৰে আৰু ভৱিষ্যতে পংগু হৈ পৰিব পাৰে। এই ক্ষেত্ৰত প্ৰথমে মন কৰিবলগীয়া দিশ হৈছে শিশুটিয়ে স্বত:ফূৰ্তভাৱে শ্বাস-প্ৰশ্বাস ল’বলৈ আৰম্ভ কৰিছেনে নাই। ইয়াৰ লগে লগে শিশুটিক অত্যাধিক চেঁচা পৰি নাযাবলৈ আগতীয়াকৈ গৰম কৰি লোৱা পৰিস্কাৰ কোমল কাপোৰখন আঁতৰাই নতুন এখন পৰিষ্কাৰ গৰম কাপোৰেৰে মূৰৰ পৰা ভৰিলৈকে মেৰিয়াই দিব লাগে। জন্মৰ প্ৰথম আঘাঘন্টাৰ ভিতৰতে শিশুটিয়ে নাকান্দিলে বা ভালদৰে শ্বাস-প্ৰশ্বাস নল’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শমতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

শিশুটিৰ উশাহ-নিশাহ স্বাভাৱিক হোৱাৰ পাছত নাভিডাল এখন নতুন পৰিস্কাৰ ব্লেডৰ সহায়ত চাৰি-পাচ ইঞ্চি দূৰত্বত কাটি বীজাণুমুক্ত সূতাৰে গাঁঠি বান্ধি দিব লাগে। ইয়াৰ পাছতে শিশুটিৰ জন্মৰ ওজন লোৱা হয়। কিয়নো শিশুটিৰ জন্মৰ সময়ৰ ওজনৰ ওপৰতে নিৰ্ভৰ কৰিব- শিশুটিক মাতৃৰ লগত একেলগে ৰখা হ’বনে নহয়। নিৰ্ধাৰিত ওজনতকৈ কম হ’লে ‘বিশেষ যতন’ ৰ প্ৰয়োজন হ’ব। ওজনৰ লগে লগে শিশুটিৰ লিংগ চিহ্নিত কৰিব লাগে। প্ৰসূতি কোঠাত ল’বলগীয়া অন্যান্য সাৱধানতাসমূহৰ ভিতৰত এটা দিশ হৈছে শিশুটিক গা ধুওৱা। জন্মৰ প্ৰথম ২৪ ঘন্টাৰ ভিতৰত শিশুটিক গা ধুওৱা নিষেধ। কিয়নো ইয়াৰ দ্বাৰা শিশুটি অত্যাধিক চেঁচা পৰি যাব পাৰে নতুবা বিভিন্ন বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰো সম্ভাৱনা থাকে।

তৃতীয় পৰ্য্যায়ৰ যতন

এই ক্ষেত্ৰত শিশুটিৰ জন্মৰ প্ৰথম কেইঘন্টামানৰ ভিতৰত লব’লগীয়া দিশসমূহ অন্তৰ্ভূক্ত হৈছে। ভূমিস্থ হোৱাৰ কেইঘন্টামান সময়লৈ শিশুটিক নিৰীক্ষণৰ মাজত ৰখা হয়। কিয়নো নৱজাতক শিশুৰ অৱস্থাটো হৈছে এক ৰোগমুক্ত অৱস্থাৰ পৰৱৰ্তীকাল। এই সময়ত শিশুটিক চেঁচা নপৰাকৈ ৰাখিবলৈ গৰম কাপোৰেৰে মূৰৰ পৰা ভৰিলৈকে মেৰিয়াই মাকৰ লগত একেখন বিছনাতে ৰাখিব লাগে। ইয়াৰ দ্বাৰা শিশু আৰু মাতৃ দুয়োৰে মাজত মানসিক বন্ধন সুদৃঢ় হোৱাত সহায়ক হয় আৰু মাতৃদুগ্ধ পান কৰাত অসুবিধা নহয়। প্ৰথম দিনা গা ধুওৱাৰ পৰিৱৰ্তে শিশুটিৰ গাৰ কিছুমান বিশেষ অংগ কুহুমীয়া পানীত কোমল কাপোৰ তিয়াই মোহাৰি দিব লাগে। জন্মৰ দ্বিতীয় দিনা শিশুটিৰ বিভিন্ন ধৰণৰ গঠনগত জোখ মাপ লৈ সেইবিলাক লিপিবদ্ধ কৰিব লাগে। ইয়াৰ লগে লগে শিশুটিক সম্পূৰ্ণৰূপে পৰীক্ষা নিৰীক্ষা কৰি কোনো ধৰণৰ জন্মগত খুঁত বিচাৰ কৰি পিতৃ-মাতৃক অৱগত কৰাব লাগে। জন্মৰ প্ৰথম  দিনাখনৰ পৰাই মাতৃদুগ্ধ পানৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জন্মৰ আঘাঘন্টাৰ ভিতৰতে দুগ্ধপান কৰোৱা, দুগ্ধপানৰ ক্ষেত্ৰত ল’বলগীয়া নিয়মাৱলীবোৰ সুচাৰুৰূপে পালন কৰা, প্ৰতি ঘন্টাৰ মূৰে মূৰে গাখীৰ খাবলৈ দিয়া এই কথাবোৰৰ ক্ষেত্ৰত মাতৃগৰাকীক প্ৰয়োজনীয় দিহা পৰামৰ্শ দি মাতৃগৰাকীৰ মনোবল অটুট ৰাখিবলৈ চেষ্টা কৰিব লাগে।

চতুৰ্থ পৰ্য্যায়ৰ যতন

নৱজাতক যতনসমূহৰ ভিতৰত ল’বলগীয়া যতনসমূহ, জন্ম হোৱাৰ পৰা কিছুদিনলৈ অৰ্থাৎ এমাহৰ ভিতৰত ল’বলগীয়া যতনকে চতুৰ্থ পৰ্য্যাতৰ যতন বুলি কোৱা হয়। এই সময়ছোৱাত মাতৃগৰাকীক দুগ্ধপানৰ ক্ষেত্ৰত দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে শিশুটিৰ ক্ষেত্ৰত দেখা দিব পৰা অস্বাভাৱিকতা, অংগ-প্ৰত্যংগৰ কোনো বিসংগতি, গাৰ বৰণৰ সাল-সলনি, নতুবা অন্যান্য যিকোনো ধৰণৰ বিসংগতিৰ ক্ষেত্ৰত অৱগত কৰোৱা হয়। এই সময়ছোৱাত বিশেষভাৱে মন কৰিবলগীয়া মন কৰিবলগীয়া দিশটো হৈছে দুগ্ধপানৰ ক্ষেত্ৰত দেখা দিব পৰা অসুবিধাসমূহ। সাধাৰণতে শিশুটিয়ে প্ৰতিবাৰ গাখীৰ খোৱাৰ পাছতে শুই পৰে। এই ক্ষেত্ৰত সময় সাপেক্ষে শিশুটিক জগাই দি হ’লেও গাখীৰ খাবলৈ দিব লাগে। মাতৃদুগ্ধ পান সুচাৰুৰূপে কৰা শিশু এটিয়ে দিনত ৬-৮  বাৰলৈ প্ৰস্ৰাৱ কৰিব পাৰে আৰু পনীয়া হালধীয়া বৰণৰ পায়খানা ১০-১২ বাৰলৈ কৰিব পাৰে। তাৰ বাবে মাতৃগৰাকীয়ে অনাহকত ভয় খাব নালাগে।

জন্মৰ এমাহৰ ভিতৰত দেখা দিব পৰা শিশুদেহৰ বহুতো লক্ষণ বা প্ৰতিক্ৰিয়া স্বাভাৱিক হ’ব পাৰে। এই বিষয়ে মাতৃগৰাকীয়ে আগতীয়াকৈ উৎকন্ঠিত হ’ব লগা নহয়। শিশুটিৰ নিয়মীয়া যতনসমূহৰ উপৰিও সময়মতে দিবলগীয়া প্ৰতিষেধক ছিটাৰ বিষয়েও বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। জন্মৰ ঠিক পিছমুহুৰ্ততে ল’বলগীয়া ছিটাসমূহ হৈছে অৰেল পলিঅ’, বি চি জি আৰু হেপাটাইটিছ-বি ৰ ছিটা।

প্ৰতিগৰাকী গৰ্ভৱতী মাতৃয়ে নৱজাতক শিশুটিৰ বাবে ল’ব লগা যতন আৰু সম্ভাব্য সৰু-সুৰা ৰোগ আদিৰ বিষয়ে আগতীয়াকৈ জ্ঞান আহৰণ কৰা দৰকাৰ। কাৰণ শিশুটিৰ সম্পূৰ্ণ নিৰাপত্তা মাতৃগৰাকীৰ ওপৰতে নিৰ্ভৰ কৰে। অৱশ্যে এই ক্ষেত্ৰত গৰ্ভৱতী মাতৃগৰাকীক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ-সবল কৰি ৰখাত পৰিয়ালৰ অন্যান্য সদস্য সকলেও সহযোগিতা কৰা বাঞ্ছনীয়। সকলোৰে সহায় সহযোগিতাৰে দ্বাৰাহে মাতৃগৰাকীৰ লগতে পৰিয়ালটোৱে বা সমাজখনে এটি সুস্থ সবল শিশু লাভ কৰিবলৈ সক্ষম হ’ব।

লেখিকা: ডা: নীৰুপ্ৰভা চহৰীয়া, শিশু বিশেষজ্ঞা, অসম চিকিৎসা মহাবিদ্যালয়। স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate