এজন সুস্থ সবল প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত থকা তেজৰ পৰিমাণ পাঁচ লিটাৰ। প্ৰতি এশ কিউবিক চেণ্টিমিটাৰ তেজত লোহিত ৰক্তকণিকাৰ স্ংখ্যা পঞ্চাশ লাখৰ ওচৰা-ওচৰি। এই ৰক্তকণিকাসমূহৰ ভিতৰত নব্বৈ শতাংশই হিম’গ্লবিনৰ দ্বাৰা তৈয়াৰী। হিম’গ্লবিনৰ প্ৰধান উপাদান হৈছে লোহা। আমাৰ শৰীৰত যিকোনো কাৰণতেই লোহাৰ অভাৱ হ’লেই আয়ৰণ ডেফিচিয়েঞ্চি জনিত এনিমিয়াই বা লোৰ অভাৱজনিত ৰক্তাল্পতাই দেখা দিয়ে। বিশ্বৰ ত্ৰিশ শতাংশতকৈও অধিক মানুহে লোৰ অভাৱজনিত এনিমিয়াত ভোগে। এনিমিয়া কিয় হয়
তেজ, বিশেষকৈ লোহিত কণিকা তৈয়াৰ কৰাৰ বাবে প্ৰয়োজন হোৱা উপাদানসমূহ হ’ল- লোহা, ফলিক এচিড, মেগনেচিয়াম, জিঙ্ক, ভিটামিন-বি ইত্যাদি। ইয়াৰে যিকোনো এটাৰ অভাৱ হ’লেই লোহিত কণাত হিম’গ্লবিনৰ পৰিমাণ কমিবলৈ আৰম্ভ্ কৰে। তাৰ ফলতেই এনিমিয়া বা ৰক্তহীনতাই দেখা দিয়ে। কিন্তু প্ৰশ্ন হ’ল হিম’গ্লবিনৰ পৰিমাণ কিমান কমিলে ৰক্তহীনতাই দেখা দিছে বুলি ধৰিব পাৰি? বিশ্ব স্বাস্থ্য স্ংস্থাৰ হিচাপ অনুসৰি ৬ মাহৰ পৰা৬ বছৰলৈকে ১০৫ মি;গ্ৰা:, ৬ বছৰৰ পৰা ১৬ বছৰলৈকে ১১৫ মি:গ্ৰা:, ১৬ বছৰ উৰ্দ্ধৰ সকলো পুৰুষৰে ১২৫ মি:গ্ৰা: ঋতুমতী সকলো মহিলাৰে ১১৫ মি:গ্ৰা: আৰু গৰ্ভৱতী নাৰীৰ তেজত ১০৫ মি:গ্ৰা: পৰিমাণৰ হিম’গ্লবিন থাকিব লাগে। তাতকৈ কম হ’লেই এনিমিয়া বুলিকব পাৰি। প্ৰসঙ্গত: উল্লেখযোগ্য যে, এজন পূৰ্ণবয়স্ক মানুহৰ শৰীৰত ১৪৫ মি:গ্ৰা: হিম’গ্লবিন থাকে।
- আয়ৰণ ডেফিচিয়েঞ্চিয়েই হ’ল এনিমিয়াৰ প্ৰধান কাৰণ। দৈনিক আহাৰত প্ৰয়োজনীয় আয়ৰণৰ অভাৱ হ’লেই এজন মানুহৰ দেহত ৰক্তহীনতাৰ লক্ষণে দেখা দিব পাৰে। এজন পূৰ্ণবয়স্ক পুৰুষক দৈনিক ১ মি: গ্ৰা: আৰু ঋতুমতী ছোৱালীক দৈনিক ১৫ মি:গ্ৰাম আয়ৰণৰ প্ৰয়োজন হয়। তাৰোপৰি আমি খোৱা লোহযুক্ত আহাৰৰ পৰা মাত্ৰ দহ শতাংশহে শৰীৰে শোষণ কৰে। গতিকে খোৱা খাদ্যৰ পৰা প্ৰতিজন পুৰুষে যাতে ১০ মি; গ্ৰা: আৰু মহিলাই ১৫ মি:গ্ৰা: আয়ৰণ পায়, সেই কথাটোৰ প্ৰতি মনোযোগ দিয়া প্ৰয়োজন। আচলতে সুষম খাদ্য সম্পৰ্কে আমাৰ ধাৰণা এতিয়াও স্পষ্ট নহয়। নিৰামিষহাৰীসকলৰ ধাৰণা, গাখীৰ খালেই সকলো পুষ্টি সাধন হয়। অথচ গাখীৰত একেবাৰে আয়ৰণ নাথাকে। সেইবাবেই চাৰিমাহ বয়সৰ পাছতো কেৱল গাখীৰ খুৱাই থকা শিশুৰ ক্ষেত্ৰতো ৰক্তহীনতাই দেখা দিব পাৰে। ৰক্তহীনত অৱস্থা হোৱাৰ বিভিন্ন কাৰণবোৰ এনেধৰণৰ-
হুকৱৰ্ম বা হাঁকোটা পেলু
- এই কৃমিবিধে মানুহৰ ডিওডেনাম আৰু অন্ত্ৰৰ পৰা তেজ শুহি খায়। ফলত শৰীৰৰ তেজ কমি ৰক্তহীনতাই দেখা দিয়ে।
- হঠাত কিবা কাৰণত প্ৰচুৰ পৰিমাণে ৰক্তপাত হ’লে হাঁকোটা পেলু, ফিটা পেলু, পাইলচ্ (কেচুমুৰীয়া), আলচাৰ ইত্যাদি অসুখত হোৱা নিয়মিত ৰক্তপাতৰ কাৰণেও আয়ৰণ ডেফিচিয়াঞ্চি জনিত ৰক্তাল্পতাৰ সম্ভাৱনা বাঢ়ি যায়।
- খাদ্যত পৰ্যাপ্ত পৰিমাণৰ আয়ৰণ থকাৰ্সত্বেও শৰীৰে সেইবোৰ কিবা কাৰণত গ্ৰহণ কৰিব নোৱাৰিলেও ৰক্তাল্পতা হ’ব পাৰে।
- ডিওডেনামৰ টিউমাৰ, আলচাৰ বা ট্ৰ্পিকেল স্প্ৰু হ’লেও আয়ৰণ ডেফিচিয়েঞ্চি জনিত এনিমিয়া হব পাৰে।
- ক্ষুদ্ৰান্ত, বৃহদান্ত্ৰ বা মলদ্বাৰত পলিপ বা কেন্সাৰ হ’লেও প্ৰাথমিক লক্ষণ হিচাপে লোৰ অভাৱজনিত এনিমিয়াই দেখা দিব পাৰে।
- অত্যধিক ঋতুস্ৰাৱ বা মেনোৰেজিয়াও এই ৰোগৰ এটা ডাঙৰ কাৰক।
- গৰ্ভাৱস্থাত আৰু কেচুৱাক গাখীৰ খুৱাই থকাৰ সময়ত শৰীৰত আয়ৰণৰ চাহিদা বাঢ়ি যায়। উক্ত সময়ত পৰ্যাপ্ত লৌহযুক্ত আহাৰ নাখালেও এনিমিয়া হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে।
- কফৰ লগত তেজ ওলালে তেজ বমি বা শৌচৰ লগত তেজ গ’লেও এনিমিয়া হয়।
মহিলা সলেই বেছিকৈ এনিমিয়াত ভোগে-যিকোনো বয়সৰ যিকোনো লোকেই এনিমিয়া হোৱাৰ সম্ভাৱনা থাকিলেও সমীক্ষা মতে মহিলাসকলেই বেছিকৈ এই ৰোগত ভোগা দেখা যায়। ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিছাৰ্চৰ এটা সমীক্ষাত প্ৰকাশ যে, ১৪ বছৰৰ পৰা ৫০বছৰ বয়সৰ মহিলাসকলৰ মাজত শতকৰা ৬০ গৰাকীয়েই আয়ৰণ ডেফিচিয়েঞ্চি এনিমিয়াৰ চিকাৰ হয়। ৫ বছৰৰ পৰা ১৪ বছৰৰ প্ৰায় পঞ্চাশ শতাংশ শিশুও এনিমিয়াত আক্ৰান্ত হ্য়।
ৰক্তহীনতাৰ উপসৰ্গসমূহ হ’ল-
ৰক্তাল্পতা সামান্যভাৱে হ’লে অলপতে ভাগৰ লগাৰ বাহিৰে অন্য কোনো ধৰণৰ লক্ষণ প্ৰকাশ নাপাব পাৰে। অন্যান্য সাধাৰণ লক্ষণবোৰ হ’ল এনেধৰণৰ-
- মূৰ ঘূৰোৱা ।
- জ্বৰ জ্বৰ ভাৱ, জ্বৰ হবও পাৰে,খোৱা-বোৱাত অনিচ্ছা।
- নিশ্বাসত কষ্ট হোৱা, বুকু ধপ ধপ কৰা, বুকুৰ বিষ।
- মন:স্ংযোগ আৰু যৌনমিলনত অনিছুক হোৱা।
- গৰ্ভধাৰণত অক্ষমতাই দেখা দিয়া।
- চুলি সৰা, চুলি আৰু ছালৰ স্বাভাৱিক উজ্জ্বলতা নষ্ট হোৱা।
- তাৰোপৰি-যিটো অসুখৰ বাবে ৰক্তহীনতাই দেখা দিব দিছে(যেনে আলচাৰ, পাইলচ্ ইত্যাদিত) সেইসমূহ ৰোগৰ লক্ষণ প্ৰকাশ পায়।
- দীৰ্ঘদীন ধৰি এনিমিয়া হৈ থাকিলে হৃদপিণ্ডৰ আকাৰ বাঢ়ি যাব পাৰে। হাৰ্টৰ অস্বাভাৱিক ধ্বনি শুনা যায়।