অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিকল চেল এনিমিয়া

চিকল চেল এনিমিয়া

৩১ আগষ্ট, ২০১৪ তাৰিখৰ ইণ্ডিয়ান এক্সপ্ৰেছ, দি হিন্দু, টাইমচ অৱ ইণ্ডিয়া আদি সংবাদপত্ৰত গুৰুত্ব সহকাৰে এটি বাতৰি প্ৰকাশিত হৈছিল৷ তাত কোৱা হৈছিল – জাপান ভ্ৰমণৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ক’য়টো ইউনিভাৰ্চিটিলৈ গৈ ২০১২ চনৰ ন’বেল বঁটা বিজয়ী শ্বিন্যা য়ামানাকাক সাক্ষাৎ কৰে৷ ষ্টেম-চেলৰ অগ্ৰণী এই গবেষকজনৰ প্ৰয়োগশালাত মোডীয়ে মাইক্ৰস্ক’পত চকু দিয়ে৷ আলোচনাত মোডীয়ে ভাৰতবৰ্ষৰ জনজাতীয় জনতাৰ মাজত ব্যাপ্ত চিকল চেল এনিমিয়াৰ প্ৰতিকাৰৰ ক্ষেত্ৰত জাপানৰ প্ৰযুক্তিৰ সহায় বিচাৰে৷ অসমৰ সংবাদ পত্ৰসমূহত এই বাতৰিটো ওলোৱা আমাৰ চকুত নপৰিল৷ কাৰোবাৰ দৃষ্টিগোচৰ হৈছিল যদি আমাৰ ভ্ৰান্তি দূৰ কৰে যেন৷

SICKLE CELL

প্ৰশ্ন হ’ল ‘চিকল চেল এনিমিয়া বা চিকল চেল ডিজিজ’নো কি ?

অসমৰ চাহ বাগানৰ বনুৱাৰ মাজত আৰু সামান্য কিছু পৰিমানে আন লোকৰ মাজতো চিকল চেল এনিমিয়া আছে বুলি জনা যায়৷ ভাৰতবৰ্ষৰ গুজৰাট, মহাৰাষ্ট্ৰ, ওৰিষ্যা, মধ্যপ্ৰদেশ, ছত্তিছগড়,তামিলনাডু আৰু কেৰেলাৰ ট্ৰাইবেল লোকৰ মাজত এইবিধ ৰোগ দেখা যায়৷ বিশ্বৰ অন্যান্য ৰোগাক্ৰান্ত অঞ্চলসমূহ হ’ল – আফ্ৰিকা, ভূমধ্য সাগৰীয় অঞ্চল, চৌডি আৰব, ৱেষ্ট ইণ্ডিজ, উত্তৰ আৰু মধ্য আমেৰিকা, ব্ৰাজিল, কিউবা, ফ্ৰান্স আদি৷ ই হ’ল এটি বংশানুক্ৰমে চলা জেনেটিক ৰোগ৷ চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক্ ‘Autosomal recessive inheritance’ বুলি কয়৷ সহজ ভাষাত ক’বলৈ হ’লে পিতৃ আৰু মাতৃ উভয়ৰে পৰা বিজুতি থকা জিন সন্তানলৈ আহিলে সন্তানৰ গাত ৰোগে দেখা দিয়ে৷ পিতৃ-মাতৃৰ ভিতৰৰ এজনে চিকল চেল জিন সন্তানলৈ প্ৰেৰণ কৰিলে সন্তানজন অসুখত নোভোগে, বৰঞ্চ তেওঁ ৰোগৰ বাহক (Carrier) হৈ পৰে৷ তেওঁৰ ৰক্তত স্বাভাবিক হিমগ্লবিন থকাৰ ওপৰিও কিছু পৰিমাণে বিজুতিযুক্ত চিকল চেলো থাকে৷ এনে অৱস্থাক “চিকল চেল ট্ৰেইট” বোলে৷ চিকল চেল ট্ৰেইট থকা লোকে নিজৰ সতি-সন্তানলৈ বিজুতি থকা জিন প্ৰেৰণ কৰে৷ আকৌ দুজন চিকল চেল ট্ৰেইট থকা দম্পত্তিৰ সন্তানৰ ২৫শতাংশ চিকল চেল এনিমিয়াৰ ৰোগী; ২৫শতাংশ স্বাভাবিক হিমগ্লবিন যুক্ত; ৫০শতাংশ কেৰিয়াৰ হোৱা পৰিলক্ষিত হয়৷ তলৰ সংলগ্ন চিত্ৰসমূহ চালে কথাখিনি পাঠকৰ সহজে বোধগম্য হ’ব৷

আফ্ৰিকান আমেৰিকানসকলৰ প্ৰতি ৫০০ নৱজাতকৰ ভিতৰত এজনৰ চিকল চেল এনিমিয়া ৰোগ হোৱা পৰিলক্ষিত হয়৷ আকৌ প্ৰতি ১২জনৰ ভিতৰত এজন আফ্ৰিকান আমেৰিকানৰ ‘চিকল চেল ট্ৰেইট’ দেখা যায়৷ আজিকালি আমেৰিকাত প্ৰত্যেক নৱজাতকৰ তেজৰ ইলেকট্ৰ’ফৰেচিচ কৰি হিমগ্ল’বিনৰ প্ৰকাৰ নিৰ্ণয় কৰে৷

পাঠকসকলক এই চেগতে জনাব খোজোঁ যে প্ৰাপ্তবয়স্কৰ স্বাভাবিক হিমগ্লবিন হ’ল Hb-A ৷ ভ্ৰুণত আৰু নৱজাতকৰ হিমগ্লবিনৰ টাইপটো হ’ল Hb –F৷ কিছুমান প্ৰাপ্তবয়স্কৰ Hb- A2 কম পৰিমানে দেখা যায়৷থেলাচেমিয়া ৰোগীৰ Hb-A কম আৰু Hb-F বেচি দেখা যায়৷ অসমত বুজন সংখ্যক লোকৰ থেলাচেমিয়া আছে৷ কমেও ৩৫০বিধ অস্বাভাবিক হিমগ্ল’বিনৰ ভিতৰত কিছুমান হ’ল : Hb -S চিকল চেল ডিজিজৰ সৈতে জড়িত৷ Hb – D কিছুমান চিকল চেল ডিজিজত দেখা যায়৷ Hb – C য়ে অক্সিজেন ভালদৰে বহন কৰিব নোৱাৰে৷ Hb -E কিছমান দক্ষিণ পূৱ এচিয়াৰ লোকৰ তেজত দেখা যায়৷ ইলেকট্ৰ’ফৰেচিচৰ দ্বাৰা হিমগ্লবিনৰ প্ৰজাতি চিনাক্ত কৰা হয়৷swasthya_SICKLE CELL 2
আশ্চৰ্য্যজনক কথা পশ্চিম আফ্ৰিকাৰ আদিবাসীলোকৰ মাজত কেইবা শতিকাৰ পৰা চিকল চেল ডিজিজৰ বিষয়ে জ্ঞান আছিল আৰু এই ৰোগক নানা থলুৱা দোৱানেৰে মাতিছিল৷ ১৯১০চনত আমেৰিকান চিকিৎসক জেমছ বি হেৰিকে ৱেষ্ট ইণ্ডিজৰ এজন এনিমিয়া হোৱা ৰোগীৰ কাঁচি আকৃতিৰ ৰক্তকোষ থকা বুলি পোন প্ৰথম বাৰৰ বাবে নিজৰ লিখনিত ব্যক্ত কৰিছিল৷ এইখিনিতে পাঠকসকলক জনাওঁ যে তেজৰ ৰক্ত কণিকাৰ (Red Blood Cellৰ ) আকৃতি ঘূৰণীয়া, ই কোমল আৰু অতি সহজে তেজৰ ক্ষুদ্ৰ নলী সমূহৰ মাজেৰে প্ৰৱাহিত হব পাৰে৷ তেজৰ ৰক্ত কণিকাৰ কাম হ’ল হাওঁফাওঁৰ বিশুদ্ধ অস্কিজেনক শৰীৰৰ বিভিন্ন কোষলৈ লৈ যোৱা৷ ইয়াৰ বিপৰীতে যেতিয়া ইয়াৰ আকৃতি কাঁচিৰ দৰে (Sickle-shaped) হয়, ই কঠুৱা, সহজে ভংগুৰ আৰু ক্ষুদ্ৰ নলী সমূহৰ মাজেৰে সহজে প্ৰৱাহিত হ’ব নোৱাৰা হৈ সমস্যাৰ অৰ্থাৎ ৰোগৰ লক্ষণসমূহ উৎপন্ন কৰে৷ কাঁচিৰ আকৃতিৰ কণিকা ভাঙি গলে সহজে গোট মাৰে বা লডা বান্ধে (Clot formation)৷ ইয়াৰ ওপৰিও স্বাভাবিক ৰক্তকণিকাৰ আয়ু ১২০দিন, কিন্ত চিকল চেলৰ আয়ু বৰ বেচি কুৰি দিন৷ যাৰ ফলত ৰক্তহীনতা বা এনিমিয়াই দেখা দিয়ে আৰু ৰোগীয়ে সকলো সময়তে ক্লান্তিবোধ কৰে৷
১৯২২ চনত ভেমে মেচন নামৰ বিজ্ঞানীজনে চিকল চেল এনিমিয়াৰ পুনৰ বৰ্ণনা আগবঢ়ায়৷ এই ৰোগ বংশগতিৰ লগত জড়িত বুলি ১৯৪০-১৯৫০চনত চিনাক্ত কৰা হয়৷ ১৯৯৫ চনত হাইড্ৰক্সিইউৰিয়া নামৰ ঔষধে চিকল চেল এনিমিয়া ৰোগত বহুলাংশে উপকাৰ কৰাৰ কথা প্ৰমাণিত হয়৷ ২০০৭চনত ব’ন মেৰো ট্ৰান্সপ্লান্টে (Bone Marrow Transplant) এই ৰোগৰ চিকিৎসাৰ নতুন সম্ভাৱনাৰ দুৱাৰ উন্মোচন কৰে৷

চিকল চেল ডিজিজৰ লক্ষণসমূহ জন্মৰ ৬মাহ মানৰ পিছৰ পৰা এটা দুটাকৈ দেখা দিব ধৰে৷ আগৰ দিনত এনে ৰোগীৰ আয়ুস কষ্টপ্ৰদ জীৱনৰ সৈতে দেড়কুৰি হোৱাৰ বিপৰীতে আজিৰ আধুনিক চিকিৎসাৰ ফলত কম কষ্টদায়ক আয়ুস আঢৈ কুৰিৰ ওপৰ হোৱাটো সম্ভৱপৰ হৈছে৷ লক্ষণসমূহ হস্ৰকালীন বা দীৰ্ঘকালীন, সাধাৰণ বা গুৰুতৰ হব পাৰে৷ যি কোনো গুৰুতৰ অৱস্থাক সংকট কাল বা ‘ক্ৰাইচিচ’ বুলি আখ্যা দিয়া হয়৷

এনিমিয়াৰ পিছত দেখা পোৱা জৰুৰী লক্ষণ হ’ল বিষ৷ চিকল চেলে বুকুৰ, পেটৰ, গাঠিৰ তেজৰ ক্ষুদ্ৰ নলীসমূহ অৱৰোধ কৰাৰ ফলত বুকুত, পেটত, গাঠিত, হাঁড়ত বিষ অনুভৱ হব পাৰে৷ বিষত তীব্ৰতা সামান্যৰ পৰা চিকিৎসালয়ত ভৰ্তি হবলগীয়াকৈ বেচি হব পাৰে৷ হাত বা ভৰি ফুলি উঠাতো কোনোবা ৰোগীৰ চিকল চেল ডিজিজৰ প্ৰথম লক্ষণো হ’ব পাৰে৷সঘনাই হোৱা সংক্ৰমন (Infection ) চিকল চেল ডিজিজৰ এক লক্ষণ৷ ৰোগ প্ৰতিৰোধত অৱদান আগবঢ়োৱা প্লীহাৰ ক্ষতিৰ ফলত এনে হ’ব পাৰে৷ ৰোগ প্ৰতিৰোধক ছিটা আৰু এন্টিবায়টিকৰ ব্যৱহাৰ সেয়ে অতি জৰুৰী৷ অন্যথাই সাধাৰণ নিউমোনিয়া অসুখেও জীৱন বিপদাপন্ন কৰি তুলিব পাৰে৷ চিকল চেল ডিজিজৰ জটিল ৰূপ হ’ল – ষ্ট্ৰকৰ (Stroke ) ফলত হোৱা নানা পৰ্যায়ৰ পক্ষাঘাত৷ ‘একিউট চেষ্ট চিনড্ৰম’ত উশাহ লোৱাত কষ্টহৈ মৃত্যু পৰ্যন্ত হব পাৰে৷ ৰেটিনা বিনষ্ট হোৱাৰ ফলত অন্ধতা, কিডনি বা আন যি কোনো অংগৰ গুৰুতৰ ক্ষতি, পুংজননান্দ্ৰৰ ক্ষতিৰ ফলত যৌন অক্ষমতা, জণ্ডিচ আৰু পিত্তত পাথৰ হোৱা, ভৰিত ঘা হোৱা আদি৷
থুলমুলকৈ এই ৰোগৰ চিকিৎসাৰ এটি আভাস এতিয়া দাঙি ধৰিম – যথোপযুক্ত এন্টিবায়টিক, বিষনাষক ননষ্টেৰইডেল এনালজেচিক, সময়ে সময়ে অক্সিজেন আৰু ৰক্ত প্ৰদান, প্ৰতিষেধক ছিটাৰ দ্বাৰা সুৰক্ষা, ফলিক এচিড, ভিটামিন আৰু লাগতিয়াল নানাধৰণৰ সহায় যেনে চকুৰ চিকিৎসা, অপাৰেচন আদি৷ হাইড্ৰ’ক্সিইউৰিয়া নামৰ ঔষধৰ দৈনিক প্ৰয়োগে সংকটকাল (Crisis) হ্ৰাস কৰে৷ এইবিধ দৰবে Hb -F উৎপন্ন হবলৈ সহায় যোগায় যাৰ ফলত তেজত Hb-S কম হবলৈ ধৰে৷ হাইড্ৰ’ক্সিইউৰিয়া ব্যৱহাৰ কৰিলে ৰক্তদানৰ আৱশ্যকতা কম হয়৷ মুঠতে চিকল চেল ডিজিজৰ জটিলতা ৰোধ কৰাত এইবিধ ঔষধ উপযোগী সিদ্ধ হৈছে৷ব’ন মেৰ’ ট্ৰান্সপ্লান্ট বা ষ্টেম-চেল থিৰাপি এই ৰোগৰ এক যুগান্তকাৰী চিকিৎসা পদ্ধতি৷ পোনতে কেম’থিৰাপি বা ৰেডিয়েচন দি চিকল চেলসমূহ বিনষ্ট কৰি লোৱা হয়৷ তাৰ পিছত ইন্ট্ৰাভেনাচ পদ্ধতিৰে শৰীৰত সুস্থ দাতাৰ পৰা সংগ্ৰহ কৰা ষ্টেম-চেল প্ৰদান কৰা হয়৷ ৰোগীৰ হাঁড়ৰ মজ্জাৰ পৰা এটা সময়ত স্বাভাবিক হিমগ্ল’বিন উৎপন্ন হবলৈ ধৰে৷ ট্ৰান্সপ্লান্টৰ পিছত ৰোগীয়ে চিকিৎসকৰ তত্বাৱধানত থাকি কিছুমান দৰব সেৱন কৰিবলগীয়া হয় যাতে ষ্টেম-চেলখিনি অগ্ৰাহ্য (Rejection) নহয়৷

ইয়াৰ ওপৰিও দেখা গৈছে তেজত চৰ্বি কমোৱা ‘ষ্টেটিন’ জাতীয় দৰবে চিকলচেল এনিমিয়াৰ তেজ চলাচলৰ বিজুতি হ্ৰাস কৰে৷নাইট্ৰিক এচিড গেছৰ প্ৰয়োগে ৰোগীৰ তেজৰ নলীৰ অৱৰোধ খোলাত সহায়ক হ’ব নেকি তাৰো প্ৰয়োগ কৰি থকা হৈছে৷আজিকালি গৰ্ভৱতী মহিলাৰ ‘এমনিয়’টিক ফ্লুইড’ পৰীক্ষা কৰিও গৰ্ভস্থ সন্তানৰ হিমগ্ল’বিন টাইপ চিনাক্ত কৰি প্ৰয়েজনসাপেক্ষে ভবিষ্যৎ পৰিয়াল পৰিকল্পনা কৰা হয়৷ মোখনিত এটা কথাই উল্লেখ কৰিম যে আজিকালি বিজ্ঞানীসকলে জিন থিৰাপিৰ দ্বাৰা চিকল চেল ডিজিজ জাতীয় জেনেটিক ৰোগৰ চিকিৎসাৰ দিশত মনোনিবেশ কৰিবলৈ ধৰিছে আৰু অনাগত ভবিষ্যতত সুফলৰ প্ৰতীক্ষা কৰিছে।

লিখক: ডা০ ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate