আমাৰ শৰীৰত যকৃত, বৃক্ক আদিৰ দৰে গুৰুত্বপূৰ্ণ অংগবোৰ বিকল হোৱাজনে অকালতে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গৱেষকসকলে দীৰ্ঘদিন জুৰি পৰীক্ষাগাৰত এনে অংগৰ বিকাশ সম্ভৱ কৰি তুলিবলৈ যুঁজ দি আহিছে। ইয়াৰেই পৰিণতি স্বৰূপে অতি শেহতীয়াকৈ জাপানৰ য়’কোহোমা চিটী ইউনিৰ্ভাৰ্ছিটি গ্ৰেজুৱেট স্কুল অব্ মেডিচিনৰ গৱেষকৰ এটি দলে ছাল তথা ৰক্তৰ ষ্টেম চেলৰ পৰা পৰীক্ষাগাৰত যকৃতৰ বিকাশ সাধন সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে। অধ্যয়ন কালত গৱেষকগণে ছাল তথা ৰক্তৰ ষ্টেম চেলৰ পৰা তিনিটা বেলেগ বেলেগ ধৰণৰ কোষ বিকাশ কৰি উলিয়ায়। উল্লেখ্য যে এই কোষ তিনিটা সাইলাখ সেই কোষ বিকশিত হৈ এটি ত্ৰিকোণীয় সংৰচনাৰ সৃষ্টি হয় যাক লিভাৰ বাড্ছ আখ্যা দিয়া হয়। এই সংৰচনাই আগলৈ গৈ এটি পূৰ্ণ পৰ্য্যায়ৰ যকৃতৰ ৰূপ ধাৰণ কৰে। এই কৃত্ৰিম যকৃত প্ৰত্যক্ষ কৰি লণ্ডনস্থিত কিংছ কলেজৰ ষ্টেম চেল বিশেষজ্ঞ ডা: ডস্কো ইলিকে এইবুলি মত ব্যক্ত কৰে যে কেইবছৰমানৰ আগলৈ গৱেষকসকলে যিধৰণৰ কৃত্ৰিম যকৃতৰ কল্পনা কৰিছিল নকৈ বিকশিত যকৃতটো হুবহু তেনেকুৱাই। অৱশ্যে এই কৃত্ৰিম যকৃত মানুহৰ শৰীৰত প্ৰত্যাৰোপণ কৰিবলৈ আৰু প্ৰায় দহ বছৰ সময়ৰ প্ৰয়োজন হ’ব বুলি গৱেষকগণে প্ৰকাশ কৰিছে।
উৎস: দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 10/6/2018
ষ্ট্ৰকৰ বিষয়ে
আমলখি
চিকল চেল এনিমিয়া
এই শিতানত শৰীৰতাত্বিক ৰোগসমূহৰ বিষয়ে আলোচনা কৰা হৈ...