অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্পিংক -১ আৰু ইয়াৰ ডায়েবেটিছৰ লগত ইয়াৰ সম্পৰ্ক

সঠিকভাৱে ৰোগ চিনাক্ত কৰণ নিহিৱা মৃত্যু মুখী ৰোগীৰ ৰোগ নিৰ্ণয় কৰিবলৈ তিনি চাৰি বছৰ বহুত দীঘলীয়া সময় হ’ব পাৰে। কিন্ত Asian Institute og Gynaecology (AIG) Centre for Cellular and Molecular Biology (CMB), Hyderabad- ৰ সাত জনীয়া দলটোৱে ৰোগৰ মূল কাৰকটো চিনাক্ত কৰণৰ বাবে তিনি-চাৰি বছৰ অপেক্ষা কৰি এক ফলপ্ৰসু সূত্ৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল। তেওঁলোকে SPINK – 1 নামৰ মাৰাত্মক জিনটোক চিনাক্ত কৰি এক ইতিহাস ৰচাই নহয়, আমাৰ মানৱ জাতি বিশেষকৈ ডায়েবেটিক সকলৰ বাবে সুখৰ দিন কঢ়িয়াই আনিছে বুলি ক’ব পাৰি।

স্পিংক – ১ (SPINK – 1) নো কি?

SPINK – 1 হৈছে এটা জিন, যি Tropical Calcific Pancreatitis (TCP)ৰ কাৰণে প্ৰধানকৈ দায়ী। পৰীক্ষা কৰি দেখা গৈছে যে যিবিলাক ৰোগী TCP-ত ভূগি থাকে, তেওঁলোকৰ এই জিনটোৰ উৎপৰিৱৰ্তন (Mutation) হয় আৰু তাৰ ফলত এটা উৎসেচক ক্ষৰণ হয়, যি অগ্ন্যাশয় গ্ৰন্থটোক লাহে লাহে ধ্বংস কৰে আৰ উফলত জীৱনত সোনকালেই ডায়েবেটিছৰ আগমণ ঘটে।

অগ্ন্যাশয়ে দেহত দুটা উল্লেখযোগ্য কাম কৰে-

(১) এটা হ’ল Trypsinogen নামৰ এন্‌জাইম (উৎসেচক)টো উৎপন্ন কৰে আৰু ই খাদ্য পাচনত সহায় কৰে।

(২) ইনচুলিন (Insulin) নামৰ হৰমনটো উৎপন্ন কৰে। এই হৰমন বিধৰ অভাৱ হ’লেই আমাৰ দেহত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায় আৰু তেতিয়াই মধুমেহ বা ডায়েবেটিছ ৰোগ হয়।

Trypsinogen- এ  নিজে কেতিয়াও খাদ্য পাচনত সহায় নকৰে কাৰণ ই এক নিষ্ক্ৰিয় পদাৰ্থ। কিন্ত ই ক্ষুদ্ৰান্তত ত্ৰিপচিন (Trypsin) নামৰ এক সক্ৰিয় অৱস্থালৈ পৰিৱৰ্তন হয় আৰু তেতিয়াহে ই খাদ্য পাচনত সহায় কৰে। বিপদটো আৰম্ভ হয় সেই খিনিতেই, যেতিয়া ত্ৰিপচিনোজেন ক্ষুদ্ৰান্তৰ সলনি অগ্ন্যাশয়তে ত্ৰিপচিনলৈ পৰিৱৰ্তন হৈ সক্ৰিয় হৈ উঠে আৰু তেতিয়াই বাৰে বাৰে পেনক্ৰিয়াটাইটিছ (Pancreatitis attack) নামৰ ৰোগটোৱে অগ্নাশয়ত আক্ৰমণ কৰে। এই গোটেই প্ৰক্ৰিয়াটো সংঘটিত হয়, যেতিয়া SPINK – 1 নামৰ জিনটোৱে ভালদৰে কাম নকৰে (e.g. when it gets mutated)। স্বাভাৱিক আৰু সুস্থ SPINK – 1 নামৰ জিনটোৰ নিৰ্দেশত শৰীৰত Pancreatic secretory Trypsin Inhibitor নামৰ এটা প্ৰোটিন উৎপন্ন হয় আৰু এই প্ৰোটিন বিধে অগ্ন্যাশয়ত  Trypsin উৎসেচকটোক উৎপন্ন হবলৈ নিদিয়ে। ফলত অগ্ন্যাশয়ৰ স্বপাচন (auto-digestion) নহয় অৰ্থাৎ ধ্বংস নহয়।

পেনক্ৰিয়াটাইটিছ (Tropical Calcific Pancreatitis. TCP)-ৰ লক্ষণবোৰ কেতিয়া আৰু কেনেকৈ দেখা দিয়ে?

এই ৰোগৰ লক্ষণ বিলাক ল’ৰালি কালতেই দেখা দিয়ে। আৰম্ভণিতে পেটৰ বিষ হয় আৰু তাৰ পিছত ডায়েবেটিছে দেখা দিয়ে। যৌৱন কালত আৰু শেষত চল্লিছ বছৰ মান বয়সত ৰোগীৰ মৃত্যু হয়। অন্যহাতেদি আমি ক’ব পাৰো যে Tropical Celcific Pancreatitis-এ গ্ৰন্থিটোক লাহে লাহে ধ্বংস কৰে আৰু ইয়েই অগ্ন্যাশয়ৰ কেন্সাৰ, ডায়েবেটিছ আৰু কিডনিৰ (বৃক্ক) জটিলতা বৃদ্ধি কৰে।

SPINK – 1 চিনাক্ত কৰণৰ বাবে হোৱা সুবিধা

এ, আই, জিৰ সঞ্চালক ডাঃ ডি, নাগেশ্বৰ ৰেড্ডিয়ে কৈছে- ‘এতিয়া ৰোগীক চিনাক্ত কৰি বেমাৰৰ প্ৰাৰম্ভিক অৱস্থাতেই উপযুক্ত ঔষধ আৰু এণ্ডোস্কোপিৰ সহায়ত চিকিৎসা কৰি তেওঁলোকক আৰোগ্য কৰিব পৰা হৈছে। SPINK – 1 নামৰ জিনটোক আৱিষ্কাৰ কৰা বিজ্ঞানী দলটোক ডাঃ ৰেড্ডিয়ে নেতৃত্ব দিছিল। দলটোৰ আন সদস্য সকল হ’ল ডাঃ জি, ভি, ৰাও, ডাঃ পি, ভি, শ্ৰীৰাম, (AIG-ৰ সদস্য) আৰু ডাঃ জি, আৰ, চন্দক (CCMB-ৰ সদস্য)। ৰোগৰ লক্ষণ প্ৰকাশ পোৱা ৰোগীৰ ল’ৰালি কালতেই জিনতোৰ চিনাক্ত কৰি ৰোগটোৰ পৰা হাত সাৰি থাকিব পৰা আগতীয়া সাৱধানতা সম্প্ৰ্কে চিকিৎসকে উপদেশ দিব পাৰিব বুলি এই বিজ্ঞানী সকলে মত প্ৰকাশ কৰিছে। চিকিৎসকৰ উপদেশ মতে প্ৰয়োজনীয় সানধানতা খিনি মানি চলিলে পেনক্ৰিয়াটাইটিছ আৰু ডায়েবেটিছ ৰোগৰ পৰা ৰোগী বাচি থাকিব পাৰিব।

তেওঁলোকে চলোৱা অধ্যয়নত প্ৰমাণিত হৈছে যে বহুতো ভাৰতীয় ৰোগৰ জিনীয় ভিত্তিক (Genetic basis) ইউৰোপত হোৱা সেই একেই ৰোগৰ জিনীয় ভিত্তিতকৈ বেলেগ। ইউৰোপত পেনক্ৰিয়াটাইটিছৰ প্ৰধান কাৰণ হ’ল এলক’হলহে। কিন্ত TCP ৰ প্ৰধান কাৰণ হ’ল Mutated CPINK – 1.

TCP ৰ জিনীয় ভিত্তি জনাৰ পিছত ইয়াৰ দ্বাৰা মাত্ৰ ৰোগীৰ আগতীয়া চিকিৎসা কৰাই নহয়, ইয়াৰ দ্বাৰা ভৱিষ্যৎ প্ৰজন্মত হ’ব পৰা ডায়েবেটিছ ৰোগো ৰোধ কৰিব পৰা যাব পাৰে। অদূৰ ভৱিষ্যতে চিকিৎসা বিজ্ঞানী সকলে হয়তো অস্বাভাৱিক জিনটো মাকৰ গৰ্ভত থকা সন্তানৰ শৰীৰৰ পৰা আঁতৰাই এটা নতুন আৰু সুস্থ জিনৰ কপি যোগান ধৰি ভৱিষতে নিৰোগী সন্তান এটি জন্ম দিব পাৰিব।

TCP ক’ত আৰু কিয় বেছিকৈ হয়?

AIG আৰু CCMBৰ সাত জনীয়া বিজ্ঞানীৰ দলটোৰ অধ্যয়নৰ পৰা দেখা গ’ল যে TCP বেছিকৈ হয় কেৰেলা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু ৰাজ্যত। বিশেষকৈ কেৰেলাৰ কুট্টায়াম আৰু ক’লাম নামৰ অঞ্চলত বেছিকৈ হয়, য’ত প্ৰতি হাজাৰ মানুহৰ ভিতৰত এজনে এই বেমাৰত ভোগে (1:1000)।

যিহেতু এই বেমাৰত ভোগা বেছি ভাগ লোকেই দক্ষিণ ভাৰতৰ, গতিকে প্ৰথমতে এই বেমাৰ Cassava আৰু Jewar নামৰ খাদ্যৰ পৰা আৰু কেৰাচিন ইন্ধনৰ পৰা হয় বুলি ভবা হৈছিল। প্ৰথম অৱস্থাত ৰোগটোৰ কাৰণ নিৰ্ণয় কৰিব নোৱাৰি বিজ্ঞানী সকল বিবুধিত পৰিছিল আৰু বিভিন্ন গৱেষণা পাত্ৰত এই ৰোগৰ কাৰণ খাদ্য, জীৱন শৈলী আৰু পৰিৱেশ বুলিয়েই উল্লেখ কৰিছিল।

শেষত, ডাঃ ৰেড্ডিইৰ কথাৰে কওঁ, ভাৰতত বিভিন্নআন্ত্ৰিক ৰোগ জিন মিউটেশ্বন বা উৎপৰিৱৰ্তনৰ ফলতেই হোৱা বুলি এই প্ৰথম বাৰলৈ উদ্ভাৱন কৰা হ’ল আৰু এনেধৰণৰ ৰোগ বিলাক একমাত্ৰ ভাৰততেই ভালদৰে অধ্যয়ণ কৰাৰ প্ৰয়োজন হৈছে।

শেষত, যিকি নহওক, SPINK – 1 ৰ আৱিষ্কাৰে আমাৰ পেনক্ৰিয়াটাইটিছ আৰু ডায়েবেটিছ ৰোগত ভোগা ৰোগী সকলৰ বাবে সুখৰ দিন কঢ়িয়াই আনিব বুলিয়েই ক’ব পাৰি, কিয়নো ভৱিষ্যতে ইয়াৰ (SPINK – 1) আৱিষ্কাৰৰ সহায়ত হয়তো ভুক্তভোগী সকলক চিকিৎসা কৰি আৰোগ্য কৰিব পৰা যাব।

লেখক: ডাঃ বিশ্ব লোচন মৰাং, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate