অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লিভাৰৰ ৰোগ আৰোগ্যৰ ঘৰুৱা দিহা :

 

মানৱ জীৱনটো অমূল্য। এই অমূল্য জীৱনটো সুকলমে পাৰ কৰিব পৰাকৈ প্ৰকৃতিয়ে মানৱ শৰীৰটো পাৰ্যমানে নিখুঁত আৰু নিৰোগী কৰি স্ৰজন কৰিছে। জন্মগতভাৱে এনে এটা নিৰোগী শৰীৰক আমি কিছুমান ভুল অভ্যাস, ভুল জীৱন-শৈলী আৰু ভুল খাদ্য খাই ৰুগ্ন কৰি পেলাওঁ।

শৰীৰটোক বিভিন্ন ৰোগে আক্ৰমণ কৰিবলৈ আমিয়ে সুবিধা কৰি দিওঁ। জানি বা নেজানি হ’লেও আমি এনে কিছুমান খাদ্য সেৱন কৰো, যিবিলাক খাদ্যই আমাৰ লিভাৰটো সোনকালেই নষ্ট কৰি পেলায়।

লিভাৰটো শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ বুলি জানিও আমি বৰ বেছি গুৰুত্ব নিদিওঁ বা দুৰ্বল হৈ পৰিলেও আমি চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰো।

আমাৰ পানী লাগিলে যেনেকৈ নাকেৰে পানী বৈ অহা বা ডিঙি খচখচাই থকা আদি লক্ষণে দেখা দিয়ে, ঠিক তেনেকৈ লিভাৰটো বেয়া হ’বলৈ ধৰিলেও কিছুমান আনুসংগিক লক্ষণে দেখা দিয়ে।

এই লক্ষণবিলাক বৰ বেছি গুৰুতৰ নহ’লেও এনেবিলাক লক্ষণক অৱহেলা কৰিব নেলাগে আৰু তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ গৈ চিকিৎসা কৰালে লিভাৰটো নষ্ট হোৱাৰ পৰা বচাব পৰা যায়।

যদি শৰীৰত তলত দিয়া ধৰণৰ লক্ষণবোৰে দেখা দিয়ে, তেনেহ’লে জানিব লিভাৰটো ক্ৰমে নষ্ট হ’বলৈ ধৰিছে।

লক্ষণ বিলাক -

অধিক ভাগৰুৱা অনুভৱ কৰা:

কোনো ধৰণৰ শাৰীৰিক শ্ৰম নকৰাকৈয়ে যদি আপুনি অধিক ভাগৰুৱা অনুভৱ কৰিছে, তেনেহ’লে জানিব আপোনাৰ লিভাৰটো অসুস্থ হৈ পৰিছে।

যদি এনে ধৰণৰ লক্ষণ দেখা পাইছে, তেনেহ’লে তৎক্ষণাত কোনো লিভাৰ ৰোগৰ বিশেষজ্ঞ চিকিৎসকক দেখুওৱাৰ ব্যৱস্থা কৰক।

হঠাতে শৰীৰৰ ওজন কমি যোৱা:

আপোনাৰ যদি আন একো অসুখ-বিসুখ নথকাকৈয়ে হঠাতে শৰীৰৰ ওজন কমি গৈছে অৰ্থাৎ যদি আন একো কাৰণ নথকাকৈয়ে আপুনি ক্ষীণাই গৈছে, তেনেহ’লে জানিব আপোনাৰ লিভাৰটো ৰুগ্ন হৈ পৰিছে অৰ্থাৎ লিভাৰটোৱে ভালদৰে কাম কৰা নাই। এনে অৱস্থা হ’লে অনতিপলমে চিকিৎসকক দেখুৱাই চিকিৎসা গ্ৰহণ কৰক।

হাত আৰু ভৰি ফুলি উঠা:

সাধাৰণতে লিভাৰটো বেয়া হ’লে শৰীৰৰ ওজন কমি যায় আৰু হাত-ভৰিবোৰ ক্ষীণাই যায়। কিন্তু লিভাৰ বেয়া হ’লে আপোনাৰ হাত আৰু ভৰিবোৰ উখহি উঠে। হাত আৰু ভৰি উখহি উঠাৰ লক্ষণ দেখা পালেও আপুনি জানিব যে আপোনাৰ লিভাৰ নষ্ট হৈছে।

কাৰণ লিভাৰ বেয়া হ’লে, তেজত বিষাক্ত দূষিত পদাৰ্থবোৰ জমা হৈ যায়। তাৰ ফলত হাত আৰু ভৰিবোৰ ফুলি উঠে।

লেখিকা: লাৱণ্য বৰপূজাৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

লিভাৰৰ সকলো সমস্যা দূৰ কৰাৰ ঘৰুৱা উপায় -

মানৱ শৰীৰটোত থকা প্ৰায় প্ৰতিটো অংগই অতি গুৰুত্বপূৰ্ণ। এইবিলাক অংগ সুস্থ-সবল আৰু কৰ্মক্ষম কৰি ৰখাত শৰীৰৰ ভালেমান অংগৰে অতি প্ৰয়োজনীয় ভূমিকা আছে। এই সকলোবিলাক অংগৰ ভিতৰত লিভাৰটোক অতি বেছি গুৰুত্বপূৰ্ণ বুলি কোৱা হয়।

কাৰণ শৰীৰৰ পাচন ক্ৰিয়াত লিভাৰৰ ভূমিকা অতি উল্লেখনীয়। লিভাৰটোত কিছুমান অতি প্ৰয়োজনীয় তৰল দ্ৰব্য উৎপন্ন হয় আৰু এইবিলাকে পাচন তন্ত্ৰ দুৰ্বল আৰু তেওঁলোকে সঘনাই বদহজম জাতীয় বিকাৰত ভোগে।

যিসকল লোকৰ লিভাৰ প্ৰায় ৮০ শতাংশই বেয়া হৈছে বা তাৰ স্বাভাৱিক কৰ্মক্ষমতা হেৰুৱাইছে, তেওঁলোকৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ৰসায়নৰ উৎপাদন, শক্তিৰ অফুৰন্ত ভাণ্ডাৰ, শৰীৰত বিষাক্ত দ্ৰব্য শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই পঠিওৱা আদি লিভাৰৰ অন্যতম প্ৰধান কামবিলাক ব্যাহত হয়।

আজিকালি এক মুহূৰ্তও জিৰণি ল’ব নোৱাৰাকৈ অতি ব্যস্ততাপূৰ্ণ জীৱন শৈলী আৰু অস্বাস্থ্য সন্মত খাদ্য খোৱাৰ প্ৰৱণতাৰ ফলত লিভাৰ ক্ৰমে দুৰ্বল হৈ পৰিবলৈ ধৰিছে আৰু বহু লোকে লিভাৰৰ এনে ৰুগ্ন অৱস্থালৈ কেৰেপ নকৰি নিয়ন্ত্ৰণৰ সীমা পাৰ কৰি লিভাৰটোক অধিক অৱনতিৰ ফালে আগবঢ়াই দি আছে।

লিভাৰটো বেয়া হৈ পৰাৰ আৰু এটা গুৰুতৰ কাৰণ হৈছে বহু লোকে সুৰা সেৱন, চিগাৰেট আৰু ধপাত জাতীয় দ্ৰব্যও সেৱন কৰে আৰু এনেবিলাক দ্ৰব্য সেৱন নিয়ন্ত্ৰণৰ সীমা পাৰ হৈ যায়। এনে ধৰণৰ অভ্যাস নিজৰ লিভাৰটোৰ ওপৰত অতিমাত্ৰা অত্যাচাৰৰ নামান্তৰ মাত্ৰ। লিভাৰটোৱে মানুহৰ স্বেচ্ছাকৃত অত্যাচাৰ এক নিৰ্দিষ্ট মাত্ৰালৈ সহ্য কৰিব পাৰে আৰু এনেধৰণৰ অত্যাচাৰ বন্ধ হ’লে লিভাৰত হোৱা ক্ষতি ই নিজে নিজে কিছুমান পৰিমাণে পূৰণ কৰি ল’ব পাৰে।

কিন্তু সীমা চেৰাই গ’লে লিভাৰটোও দুৰ্বল হৈ পৰে আৰু ইয়াৰ ক্ষতি কোনো কালে পূৰাব নোৱাৰা হয়। এটা কথা মনত ৰাখিব যে, যদি লিভাৰটো এবাৰ বেয়া হৈছে, তেনেহ’লে ইয়াক পুনৰ কাৰ্যক্ষম কৰি তোলাৰ কোনো উপায় নেথাকে আৰু মানুহজন জীয়াই থকাটোও অসম্ভৱ হৈ পৰে।

লিভাৰৰ সমস্যা সমাধানৰ কাৰণে বিভিন্ন ধৰণৰ ঔষধ বজাৰত পোৱা যায় আৰু সেইবিলাক ঔষধ মানুহে ব্যৱহাৰো কৰি আছে। কিন্তু সেইবিলাক ঔষধ বহু দামী আৰু এই দামী ঔষধবোৰ দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিবলগীয়া হোৱাৰ বাবে ৰোগীৰ হাতৰ পৰা বহু পৰিমাণৰ অৰ্থ ওলাই যায়। সেয়ে সকলো ৰোগীয়ে সেইবিলাক ঔষধ ব্যৱহাৰ কৰিব নোৱাৰে।

আজি আমি এই চুটি লেখাটোৰ যোগেদি আপোনাৰ লিভাৰটো সুস্থ কৰি ৰখাৰ কাৰণে কেইটিমান ঘৰুৱা দিহা দিবলৈ লৈছো। এইকেইটা দিহা মানি চলিলে আপোনাৰ দুৰ্বল হৈ পৰা লিভাৰটো পুনৰ সুস্থ হৈ উঠিব।

তলত কেইটিমান সহজতে পাব পৰা কম দামী ঘৰুৱা দ্ৰব্যৰ বিষয়ে যৎসামান্য বৰ্ণনা কৰা হৈছে -

তিতা কেৰেলা:

কেৰেলাৰ নাম শুনি আপোনাৰ মনত চাগে বেলেগ বেলেগ চিন্তা আহিবলৈ ধৰিলেই। ভাবিছে চাগে কেৰেলাইনো লিভাৰটো কেনেকৈ ঠিক কৰি ৰাখিব পাৰিব? পাচলি কেৱল তিতা পাচলি আৰু এইবিধ পাচলি কেৱল তিতা সোৱাদটোৰ বাবেই বহুতে পছন্দ নকৰে। কিন্তু তিতা হ’লেও কেৰেলাৰ এটা স্বকীয় সোৱাদ আছে। কেৰেলাৰ সোৱাদ তিতা হ’লেও ই লিভাৰৰ কাৰণে বৰ উপকাৰী। প্ৰ্তিদিনে এগিলাচকৈ কেৰেলাৰ ৰস সেৱন কৰিলে ফেটি লিভাৰৰ(লিভাৰৰ কাষত জমা হোৱা চৰ্বি) সমস্যা নিৰাময় হয় আৰু আপোনাৰ লিভাৰটো সুস্থ হৈ উঠে।

আমলখি:

আমলখি সোৱাদত কেহা হ’লেও এইবিধ ফল আমাৰ শৰীৰৰ ভালেমান ৰোগৰ বাবে উত্তম ঔষধ স্বৰূপ। আমলখি যিমানেই কেহা হয়, ইয়াৰ ঔষধি গুণ সিমানেই বৃদ্ধি পায়। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে লিভাৰটোক সুস্থ কৰি ৰখাৰ সকলো ঔসধি উপাদান এই ফলত আছে।

আনহাতে আমলখিত ভিটামিন ‘চি’ পৰ্যাপ্ত মাত্ৰাত থাকে বাবে এইবিধ ভিটামিনৰ অভাৱত ভোগা ৰোগীয়ে কেৱল আমলখি ফল বা আমলখিৰ সতেজ ৰস খালেই এই অভাৱ দূৰ কৰিব পাৰে। আমলখিৰ মোৰব্বা বা ৰস খাই থাকিলে আপোনাৰ ছাল, চুলি, চকু আৰু লগতে লিভাৰটোও সুস্থ আৰু কৰ্মক্ষম হৈ থাকিব।

যাদুকৰী গুণসম্পন্ন গ্ৰীণ টি:

আপোনালোকে হয়তো টেলিভিছনৰ পৰ্দাত দেখা পাইছে যে শৰীৰৰ বৰ্ধিত চৰ্বিৰ লগতে শৰীৰৰ ওজন বৃদ্ধি পালে গ্ৰীণ টি সেৱন কৰি বৰ্ধিত ওজন আৰু মেদ হ্ৰাস কৰিব পাৰি।

গ্ৰীণ টিয়ে শৰীৰৰ ওজনতো কম কৰেই লগতে ইয়াত থকা এন্টি অক্সিডেন্টে শৰীৰৰ উৎপন্ন হোৱা বিষাক্ত দ্ৰব্য বিলাকো সম্পূৰ্ণৰূপে নষ্ট কৰি শৰীৰৰ পৰা বাহিৰ কৰি দিয়াত সহায় কৰে। সদায় পুৱা একাপকৈ গ্ৰীণ টি খাই থাকিলে ফেটি লিভাৰৰ সমস্যাও নাইকিয়া হয়। অৱশ্যে পুৱা খালী পেটত গ্ৰীণ টি নেখাব।

হালধিৰ গুণ:

হালধি এন্টিচেপ্টিক আৰু এন্টি অক্সিডেন্ট গুণযুক্ত দ্ৰব্যৰে সমৃদ্ধ এবিধ দৈনন্দিন ব্যৱহাৰ্য্য সামগ্ৰী। সেয়ে প্ৰতিদিনে হালধি খাদ্যৰ লগত সেৱন কৰা উচিত। হালধিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট পৰিমাণে আছে। সেইকাৰণে হেপাটাইটিছ ‘বি’ আৰু ‘চি’য়ে সৃষ্টি কৰা ভাইৰাছ নিয়মীয়াকৈ হালধি খাই থাকিলে নষ্ট হয়। দৈনিক গাখীৰত মিহলাই হালধি গুড়ি খাই থাকিলে লিভাৰৰ সকলো সমস্যা নিৰাময় হয়।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate