অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰ্কট ৰোগ আৰু ইয়াৰ বিকল্প চিকিৎসা

কৰ্কট ৰোগ আৰু ইয়াৰ বিকল্প চিকিৎসা

সাম্প্ৰতিক সময়ত কৰ্কট ৰোগৰ বিকল্প চিকিত্‍সা সম্পৰ্কে যথেষ্ট আলোচনা আৰু বিতৰ্কৰ সৄষ্টি হৈছে। ই জনসাধাৰণৰ মাজত উত্‍সুকতাৰ লগতে আশাৰো সঞ্চাৰ কৰিছে। কৰ্কট ৰোগৰ ভয়াবহতাৰ বিষয়ে দুনাই উনুকিওৱাৰ প্ৰয়োজন নাই। এইখিনিতে আহি পৰা প্ৰশ্নটো হ’ল কৰ্কট ৰোগৰ বিকল্প চিকিত্‍সা কি আৰু ই আৱশ্যকীয় হৈ পৰিছে নেকি? এই বিষয়ে বিস্তৃত আলোচনা কৰাৰ আগতে থোৰতে কৰ্কট ৰোগৰ বিষয়ে দুআষাৰমান পাতি লওঁ আহক।

প্ৰাচীন গ্ৰীক আৰু ৰোমান সকলে কৰ্কট ৰোগ মানৱ শৰীৰৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গত টেমুনা হিচাপে দেখা দিয়া বুলি উল্লেখ কৰি গৈছে। গ্ৰীক শব্দ “কাৰ্কিন’ছ” (Karkinos) আৰু লেটিন শব্দ “কেঞ্চাৰ” (cancer=crab) ৰ পৰা কৰ্কট শব্দৰ উ‍ত্‍পত্তি হৈছে। কেঁকোৰাৰ দৰেই ই এঠাইৰ পৰাই আন ঠাইলৈ ইয়াৰ হাত সম্প্ৰসাৰিত কৰে আৰু চেপি ধৰে। গ্ৰীক সকলে স্তন কেঞ্চাৰৰ মানুহৰ বাচি থকাৰ সম্ভাৱনা  (prognosis) যে কম সেই পূৰ্বানুমান কৰিব পাৰিছিল আৰু ৰোগগ্ৰস্ত অংশটো কাটি পেলালে ৰোগৰ উপশম হয় বুলি  বিধান দি গৈছে।

কৰ্কট ৰোগ হ’ল শৰীৰৰ কোনো দেখা দিয়া অনিয়ন্ত্ৰিত কোশৰ বংশ বৄদ্ধিৰ ফলত জন্ম হোৱা টেমুনা বা উখহি উঠা অংশ। আমাৰ শৰীৰৰ সকলো অংশৰ বিকাশ আৰু পৰিচালনা, জন্মৰ পৰা মৄত্যুলৈকে এক সুশৄংখলিত পদ্ধতিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ  থাকে। যেতিয়াই এই নিয়মৰ হীন-দেৰি ঘটে তেতিয়াই দেহত গঢ় লৈ উঠে নিয়ম নমনা কিছুমান কোষৰ আৰু যাৰ ফলত শৰীৰৰ কিছু কোষে ইয়াৰ ভাৰসাম্য হেৰুৱাই পেলায় । কিছু নতুন পৰিৱৰ্তনৰ ফলত দেহত থকা শৰীৰ ৰক্ষাকাৰী কোষবোৰেও ইয়াৰ চিনাক্তকৰণত ব্যৰ্থ হয়। আৰু অবিৰত গতিত চলি থাকে বংশবৃদ্ধিৰ কাৰ্য্য। এই কোষ বোৰকেই আমি কৰ্কট কোষ বুলি কওঁ, যি জন্ম দিয়ে কৰ্কট ৰোগৰ।

থূলমূলকৈ এয়াই হ’ল এই ৰোগৰ বিৱৰণ। সকলো টেমুনাই কৰ্কট ৰোগ নহয়। গতিকে এই টেমুনা বোৰক দুটা ভাগত ভগাব পাৰি| বেনাইন টিউমাৰ, (benign Tumour) বা  যিবোৰ টিউমাৰৰ  কৰ্কট ৰোগলৈ পৰিৱৰ্তন হোৱাৰ আশংকা নাই।  দ্বিতীয় বিধ হ’ল  মেলিগন্টেট টিউমাৰ  (malignant tumour)  বা কৰ্কট ৰোগৰ টেমুনা।

১৮৩৬ চনত জোহানেচ মোলাৰে পোন  প্ৰথম বাৰৰ বাবে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত বেনাইন টিউমাৰ আৰু মেলিগন্টেট টিউমাৰৰ মাজত থকা পাৰ্থক্য ধৰা পেলায়। ইয়েই ১৯শ শতিকাত বিভিন্ন ধৰণৰ কেঞ্চাৰৰ চিনাক্তকৰণতো সহায় কৰে।

বিংশ শতিকাত কৰ্কট ৰোগ কেনেকৈ হয় ইয়াৰ কাৰণ সম্পৰ্কে বহুতো গৱেষণা আৰম্ভ হয়। ক্ৰমজমৰ বিসংগতি তত্ব, পেশীত অক্সিজেনৰ অভাৱ তত্ব ইত্যাদি নতুন তত্বৰ প্ৰস্তাৱনা কৰা  হয়।  ১৯৪৪ চন ফ্ৰিড্ৱাল্ড আৰু ৰ’চে দুটা প্ৰক্ৰিয়াত কৰ্কট ৰোগৰ বৄদ্ধি হয় বুলি মত আগবঢ়ালে…

১) আৰম্ভণি

২) প্ৰৱৰ্তন।

১৯৭১ চনত নাড্চনে “টু হিট থিয়ৰি” আগবঢ়ায়। ইয়াৰ মতে কৰ্কট ৰোগ হ’বলৈ দুটা   ঘটনাৰ   আৱশ্যক। এটা বংশগত ত্ৰুটি , যিটো বংশগত বা  আৰ্জিত। আৰু আনটো পিছৰ পৰ্য্যায়ত হোৱা এটা কাৰ্চিনোজেনিক পৰিঘটনা  যি আকৌ বংশগত বা  আৰ্জিত হ’ব পাৰে। লাহে লাহে অণু-পৰমাণু স্তৰত  হোৱা পৰীক্ষা-নিৰীক্ষাই  ইয়াক প্ৰমাণ কৰিলে যে বহুতো  টিউমাৰ কাৰক জিন বা অঙ্ক’জিন আৰু টিউমাৰ বাধক জিন বা অৱদমন কাৰক জিন এই প্ৰক্ৰিয়াটোৰ লগত জড়িত।
এতিয়া এটা কথা পৰিষ্কাৰ হৈ উঠিছে যে এটা সুস্থ কোষ কৰ্কট কোষলৈ পৰিৱৰ্তন হ’বলৈ লাগে, বহুতো সৰু সৰু বংশগত কাৰকৰ সমষ্টিৰ দ্বাৰা নিৰ্মিত এটা জটিল প্ৰচেষ্টাৰ |”

সকলো ধৰণৰ টেমুণাৰ, কৰ্কট (মেলি্গনন্ট) বা সাধাৰণ(benign) ই হওক, ইয়াৰ উত্‍স হ’ল জিন (gene) ৰ বিশংগতি| সাধাৰণ (benign) টেমুণা বিলাক সেই ঠাইতে আবদ্ধ থাকে আৰু ই গঠিত হয়, নিৰোগী কোষৰ দ্বাৰা, কেবল অসানুপাতিক ভাৱে আৰু অস্বাভাবিক ভাৱে ইয়াৰ বংশ বৄদ্ধি হয় |
ইয়াৰ তিনিটা প্ৰধান বৈশিষ্ট হ’ল
১) নিয়ন্ত্ৰিত বৄদ্ধি (limited growth)
২) বাহিৰৰ টান আৱৰণৰ খোলা ( capsule)
৩) চাৰিওকাষৰ পেষী লৈ বিস্তৄত নোহোৱা বা দূৰৰ ঠাইলৈ নোযোৱা | (Non-invading /non metastasizing)

কিছুমান বেনাইন টিউমাৰ নিজে নিজেই ঠিক হৈ যায়| প্ৰায় ভাগ ক্ষেত্ৰতে এটা আকাৰলৈ বৄদ্ধি হৈ তাৰ পাছত আৰু বৄদ্ধি নহয় বা খুউব ক’মকৈ বৄদ্ধি হয়|

মেলিগনেন্ট টিউমাৰৰ বৈশিষ্ট হ’ল:
১) অনিয়ন্ত্ৰিত ভাৱে বাঢ়ি অহা ৰুগীয়া কোষৰ বংশ বৄদ্ধি
২) চাৰিওকাষৰ ক’লাক আক্ৰমণ
৩) দূৰৰ অঙ্গ-প্ৰতঙ্গলৈ লিম্ফেটিক বা তেজৰ দ্বাৰা বিয়পি যোৱা

কৰ্কট ৰোগৰ কাৰণ সমূহ :
প্ৰায় সকলো বিলাক কৰ্কট ৰোগতেই , ইয়াৰ কাৰণ বিচাৰি উলিওৱাটো এটা দূৰহ কাম| বহু সময়ত দেখা গৈছে যে বংশগত কাৰকে (genetic abnormality) ইয়াত প্ৰভাৱ পেলায়|

পাৰিপাশ্বিক কাৰক যেনে এচবেচটচ মেজ’থেলিওমাৰ কাৰকেণে, চিগাৰেট সেৱন হাঁও-ফাঁওৰ কৰ্কট ৰোগ, আলত্ৰা ভায়লেট ৰশ্মিয়ে ছালৰ, ৰেডিওএক্তিভ অনু হাওঁ-ফাওঁৰ কৰ্কট ৰোগ আদিৰ কাৰক হিচাবে চিনাক্ত কৰা হৈছে|

বহুতো ভাইৰাচ আৰু বেক্টেৰিয়াও কৰ্কট ৰোগৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে| তাৰ ভিতৰত
আৰ এন এ (RNA) ভাইৰাচ, ডি.এন,এ ভাইৰাচ ইত্যাদি | হিউমেন পেপিলোমা ভাইৰাচ জৰায়ুৰ গ্ৰীবাৰ, ইচোফেগাচৰ কৰ্কট ৰোগত, এবস্টিন বাৰ ভাইৰাচ ( EB virus) লিম্ফোমা আৰু মূখ আৰু দিঙিৰ সংযোগ স্থলৰ (nasopharyngeal carcinoma) কৰ্কট ৰোগৰ লগত সংযুক্ত থকাৰ উপযুক্ত প্ৰমাণ পোৱা গৈছে| হেপাটিটিচ বি লিভাৰ কাৰচিনোমাৰ অন্যতম কাৰণ| হাৰপিচ ভাইৰাচ, ভাচকুলাৰ টিউমাৰ যেনে কাপচিচ চাৰকোমা, আৰু আন এইডচ ৰোগত হোৱা লিম্ফোমাতো দেখা পোৱা গৈছে|

পাকস্থলীৰ কৰ্কট ৰোগ আৰু পাকস্থলীৰ স্ট্ৰ্মেল টিউমাৰত (GISTs) হেলিকো বেক্টৰ পাইলোৰি নামৰ বেক্টেৰিয়া বিধে বহুল প্ৰভাৱ পেলায়|

কৰ্কট ৰোগক প্ৰধানত তিনি ভাগত ভগাব পাৰি:
১) গ্ৰেড I ( well differentiated)
২) গ্ৰেড II ( Moderately Differentiated)
৩) গ্ৰেড III ( Poorly Differentiated)

আচৰণ

উপযুক্ত চিকিত্‍সা নোপোৱা যি কোনো কৰ্কট ৰোগীৰ মৄত্যু অৱধাৰিত| তথাপিও কিছুমান কৰ্কট ৰোগৰ বিস্তাৰ খুউব লাহে লাহে হ্য়

কিছুমান খুউব খৰকৈ বৄদ্ধি হ্য়| তথাপি প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত ইয়াৰ কিছু পৰিমাণে হীন দেড়ি ঘটে|

ভৌগলিক পৰিসীমা আৰু বিপদজনক কাৰকসমূহ

শিশু আৰু কিশোৰৰ ক্ষেত্ৰত কৰ্কট ৰোগৰ প্ৰাধান্য অকল ৫% মানহে | কিন্ত ৫০ বছৰৰ ওপৰৰ সকলো মানুহৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৄদ্ধি পায়| ইয়াকো ক’ব পাৰি যে বাঢ়ি অহা বয়স এই ৰোগৰ আন এটা কাৰক| ইয়াৰ কাৰণ খুউব সম্ভৱ বয়সৰ লগে লগে কোষ বিলাকৰ বংশগত নিয়ন্ত্ৰন অস্বাভাবিক হৈ পৰে| আন এটা কাৰণ হ’ল বয়সৰ লগে লগে মানুহৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা লোপ পাই আহে|

কিছুমান কৰ্কট ৰোগ কিছুমান ঠাই বিশেষে দেখা যায় | যেনে পাকস্থলীৰ কৰ্কট ৰোগ জাপানীজ লোকৰ ক্ষেত্ৰত খুউব সঘনাই দেখা যায়|

ডিঙি আৰু ইচোফেগাচৰ কৰ্কট ৰোগে চীনা লোকৰ মাজত প্ৰাধান্য পায়| প্ৰস্টেট গ্ৰন্ঠিৰ কাৰচিনোমা আমেৰিকা যুক্তৰাস্ট্ৰ্ত বেছি|

কৰ্কট কোষৰ অমৰত্ব

১৯৬৫ চনত হেফ্লিকে আঙুলিয়াই দিয়ে যে এটা স্বাভাৱিক কোষৰ জীৱ্ন কাল থাকে আৰু ই ৫০ পুৰুষৰ পাছত মৄত্যু বৰণ কৰে| কিন্ত কৰ্কট  কোষৰ ক্ষেত্ৰত এইটো নাখাতে আৰু কৰ্কট কোষক একপ্ৰকাৰ অমৰ কোষ বুলি কোৱা হয়| উপযুক্ত পৰিবেশত ই চিৰজীৱন জীয়াই থাকে| ইয়াৰ এটা কাৰণ হয়তো এই যে , এই কোষ বিলাকৰ জিনত(gene) থকা নিয়ন্ত্ৰ্ন ব্যৱস্থা ব্যাহত হ্য়| আৰু এই ডি.এন এ নিয়ন্ত্ৰন কাৰ্য্যত বংশগত ত্ৰুটি থাকে|

সম্ভৱত কৰ্কট কোষ বিলাকৰ নিজা উন্নত ব্যৱস্থা আছে যাৰ দ্বাৰা সিহঁতে নিজে মূৰ পোলোকা মাৰি বৄদ্ধত্বৰ পৰা সাত সাৰে|

কৰ্কটজনক বা কাৰ্চিনো’জেন (carcinogen)

কাৰ্চিন’জেন  হ’ল এনে এবিধ পদাৰ্থ, দীৰ্ঘ দিন ধৰি যাৰ সংস্পৰ্শত থাকিলে কেঞ্চাৰ ৰোগ হ’ব পাৰে , আৰু এই বিলাক পৰিহাৰ কৰিলে কেঞ্চাৰ ৰোগ ৰোধ কৰিব পৰা যায়|তলত কিছু কাৰ্চিনোজেনৰ বিষয়ে আলোচনা কৰা হৈছে…

১) ধুমপান

বিড়ি বা চিগাৰেট  সেৱনে, ধূমপায়ী সকলৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা অধূম্ৰপায়ী সকলতকৈ  দহ গুণে বঢ়াই তোলে|অবশ্যে ইয়াৰ লগত প্ৰত্যক্ষভাবে জড়িত আছে- চিগাৰেট সেৱনৰ সংখ্যা, ধূমপান আৰম্ভ কৰা বয়স  আৰু ধূমপানৰ অভ্যাস সমূহ (প্ৰতিটো চিগাৰেটত কিমান হোপা দিয়া হ’য়, ফিল্টাৰ যুক্ত হ’য় নে নহয় ইত্যাদি) অন্ধ্ৰপ্ৰদেশৰ গোদাৱৰী অঞ্চলত পৰুষ আৰু মহিলাই স্থানীয় ভাবে বনোৱা চিগাৰেটৰ (চুট্টা) জ্বলি থকা অংশটো মুখৰ ভিতৰলৈ নি হোপা মাৰে, এই মানুহখিনিৰ কিছুমানৰ মুখৰ কৰ্কট ৰোগ হয়গৈ |ধূম্ৰপায়ী সকলৰ সংস্পৰ্শত থকা মানুহ খিনিৰ ওপৰতো ধোঁৱাৰ প্ৰভাৱ পৰে|বিশেষকৈ শিশু আৰু মহিলাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে আৰু এই বাতাবৰণত নথকা লোকতকৈ তেওঁলোকৰ সংশয় বেছি হয়গৈ|

২)  আমাৰ দেশৰ মানুহৰ দুটা সাধাৰণ অভ্যাস ধঁপাত সেৱন আৰু পাণ-তামোল চোবোৱাটোৱে মুখৰ ভিতৰৰ কেঞ্চাৰ কৰিব পাৰে|চূনৰ লগত মিহলি হৈ ই মুক্ত অক্সিজেন কণা নিৰ্গত কৰে|

যিহেতু তামোল পান আমাৰ সমাজৰ এক এৰাব নোৱাৰা অঙ্গ , সেয়ে ইয়াৰ কাৰচিনোজেন কেইটা উল্লেখ কৰা হ’ল…….

Table I. Major carcinogenic and genotoxic agents in pan masala and

gutkha

Products Ingredients        Genotoxic agents/carcinogensa

Gutkha Tobacco              NNN, NNK

Areca nut                   arecoline, MNPN

Areca nut + lime             ROS

Catechu + lime               ROS

Pan masala Areca nut       Arecoline, MNPN

Areca nut + lime              ROS

Catechu + lime              ROS

NNN, N¢-nitrosonornicotine; NNK, 4-(methylnitrosamino)-1-(3-pyridyl)-1-

butanone; MNPN, 3-(methylnitrosamino)propionitrile; ROS, reactive oxygen

species, O±´, H2O2, OH´.

Carcinogenic nitrosamines that could be derived from major ingredients of pan masala (areca nut) and gutkha (areca nut and tobacco).  NNN, N¢-nitrosonornicotine, which could also be formed from the minor   tobacco alkaloid nornicotine; NNK, 4-(methylnitrosamino)-1-(3-pyridyl)-1-  butanone; MNPN, 3-(methylnitrosamino)proprionitrile.

৩)এচবেচ্ট্‍চ, ইউৰেনিয়াম, আৰ্চেনিক, আলকাতাৰা আদিত মিহলি হৈ থকা ৰাসায়নিক দ্ৰ্যব সমূহে কেঞ্চাৰ সৄষ্টি কৰে বুলি জনা গৈছে| সেয়ে এই উদ্যোগ সমূহৰ কৰ্মী সকলৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বেছি|

৪) ৰঞ্জন ৰশ্মি বোৰ কৰ্কটজনক আৰু গৰ্ভাৱস্থাত বিশেষকৈ প্ৰথম তিনি মাহত ৰঞ্জন ৰশ্মি পৰিহাৰ কৰাটো একান্তই উচিত  কাৰণ ই ভ্ৰণৰ ক্ষতি সাধিব পাৰে|বহুতো খনিত কেঞ্চাৰ কৰিব পৰা তেজস্ক্ৰিয় পদাৰ্থ পোৱা  যায়| পাৰমানৱিক আৰু হাইড্ৰ’জেন বোমাৰ বিকিৰণে কেঞ্চাৰ কৰে বুলি জনা গৈছে|জাপানত হিৰশ্বিমা আৰু নাগাছাকিৰ বিস্ফোৰণৰ ফলত হাজাৰ হাজাৰ ব্যক্তিৰ কেঞ্চাৰ হৈছে|

পাৰমানবিক  বিজুলি কেন্দ্ৰ আৰু পৰমাণু অস্ত্ৰ-শস্ত্ৰ তৈয়াৰী উদ্যোগৰ ওচৰত থকা ব্যক্তি সকলৰ বেছিকৈ কেঞ্চাৰ বিশেষকৈ লিউকেমিয়া হোৱাৰ কথা প্ৰতিবেদনত প্ৰকাশ পাইছে| অষ্ট্ৰেলিয়া, নিউজিলেন্ড, আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কিছু ঠাইত সৌৰ-বিকিৰণৰ প্ৰভাৱ বেছি, সেয়ে তাৰ বাসিন্দা সকল সৌৰ ৰশ্মিৰ কু-প্ৰভাৱত পৰে আৰু ছালৰ কেঞ্চাৰত ভূগে|

৫)  প্ৰসাধন সামগ্ৰী, জন্ম-নিয়ন্ত্ৰক বড়ি, কীট-পতঙ্গ নাশক দ্ৰব্য,- যেনে ডি,ডি,টি, এলড্ৰিন, ডিয়েলড্ৰিন, পাৰা আদিয়েও কেঞ্চাৰ কৰিব পাৰে|  কেঞ্চাৰৰ এক সুপ্ত কাল থাকে, ই প্ৰাথমিক অৱস্থাৰ  অঙ্কুৰণৰ পৰা সম্পূৰ্ণ প্ৰকাশ হোৱালৈকে প্ৰায় পাঁচৰ পৰা চল্লিশ বছৰ কাল সুপ্ত অৱস্থাত থাকিব পাৰে|

৬) বহুতো অধ্যয়নে দেখুৱাইছে যে বৃহদান্ত্ৰ, স্তন, অগ্নাশয়, আৰু প্ৰষ্টেটৰ কেঞ্চাৰৰ লগতখাদ্যত চৰ্বী, মাংশৰ আধিক্য আৰি আঁহ জাতীয় আৰু ধান জাতীয় শয্যৰ হ্ৰাসৰ সমন্ধ আছে|

সংশয় কাৰকসমূহ

সাধাৰণ জনসমষ্টিৰ সংশয় স্তৰৰ ওপৰত কিছুমান কাৰকে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা  বঢ়ায় , এই বিলাক হৈছে ..

১)জিন

জিন বিলাক হৈছে বংশগতিৰ একক  আৰু ইঁহতে অস্বাভাৱিক বিকাশ প্ৰভাৱিত কৰে| কোষৰ ক্ৰমজমত থকা জিন বোৰে বিশেষ  স্থান ল’ব পাৰে. য’ৰ পৰা এই ৰোগ স্থানান্তৰিত হ’ব পাৰে| প্ৰবাদ মতে নেপোলিয়নৰ মৄত্যু হৈছিল পাকস্থলীৰ কৰ্কট ৰোগৰ পৰা| তেওঁৰ ককাক, পিতাক, ভায়েক, ভনীয়েক –আটাইয়েৰে মৄত্যু হৈছিল পাকস্থলীৰ কৰ্কট ৰোগৰ পৰা|

এইদৰে কিছুমান কেঞ্চাৰৰ গোষ্ঠীগত প্ৰবৄত্তি আছে| পাঁচৰ পৰা সাত শতাংশ স্তনৰ কেঞ্চাৰৰ বংশগত প্ৰভাৱ আছে| যেতিয়া এই বংশগত ৰোগৰ লক্ষণ সমূহ চিনাক্ত কৰিব পৰা যায় তেতিয়া ৰোগী আৰু পৰিয়াল  বৰ্গক সতৰ্ক কৰি দিয়া উচিত|

২)হ’ৰমন বা গ্ৰন্থিৰস

কৰ্কট ৰোগৰ বিকাশত হ’ৰমন বিলাকৰ প্ৰভাৱ আছে|যেনে স্তন কেঞ্চাৰৰ ক্ষেত্ৰত নিম্নোক্ত মহিলা সকলৰ স্তন হোৱাৰ সম্ভাৱনা বে্ছি

১) অবিবাহিতা মহিলা

২) শিশুক পিয়াহ নুখুওৱা মাতৄ বা ৩০ ব্ছৰৰ পিছত প্ৰথমটো সন্তানৰ জন্ম দিয়া

৩) দীঘলীয়া ৰজ:জীৱন (সোনকালে ৰজ:আগমন আৰু পলমকৈ অহা ৰজ:অৱসান)

৪) ওজন বেছি থকা তিৰুতা আৰু চিষ্টিক মাষ্টাইটিছ নামৰ স্তন ৰোগেও কেঞ্চাৰৰ সংশয় বৄদ্ধি কৰে|

৩)পুষ্টিকাৰক খাদ্য

সুখাদ্য স্বাস্থ্যৰ মূল উপাদান| প্ৰটিন , শ্বেতসাৰ, ভিটামিন, খনিজ পদাৰ্থ আৰু পানী থকা সুষম খাদ্যই স্বাস্থ্য ভালে ৰখাত সহায় কৰে|অত্যাধিক চৰ্বি বা তেল যুক্ত আহাৰ ব্যৱহাৰ কৰিলে মেদবহুল লোকৰ শৰীৰৰ কলাত চৰ্বিজাতীয় পদাৰ্থ জমা হ্য় আৰু এওঁলোকৰ জৰায়ু, পিত্তাশয় , বৄহদান্ত্ৰ, অগ্নাশয়, প্ৰষ্টেটৰ  কেঞ্চাৰ হোৱাৰ সংশয় বৄদ্ধি পায়|

৪)সামাজিক , অৰ্থনৈতিক আৰু প্ৰাকৄতিক কাৰণ

বিভিন্ন কেঞ্চাৰৰ লগত সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ ওত:প্ৰোত সমন্ধ আছে|উদাহৰণ স্বৰূপে উচ্চ বা মধ্যবিত্ত মহিলাৰ ক্ষেত্ৰত স্তন কেঞ্চাৰ আৰু নিম্ন মধ্যবিত্ত মহিলাৰ ক্ষেত্ৰত পাকস্থলী, ছাল, আৰু গৰ্ভাশয় গ্ৰীবাৰ কেঞ্চাৰ বেছিকৈ দেখা যায়|

৫)পাৰিপাৰ্শ্বিকতা

প্ৰদুষিত বায়ুমন্ডলে মানুহৰ কেঞ্চাৰ ৰোগ বৃদ্ধি কৰাত সহায় কৰিব পাৰে|প্ৰদুষিত

প্ৰদুষিত বায়ু মন্ডলৰ কণিকা লৈ প্ৰাণীৰ ওপৰত চলোৱা পৰীক্ষাই দেখুৱাইছে যে ছালৰ বেনাইন টিউমাৰ মেলিগন্টেট টিউমাৰলৈ পৰিবৰ্তিত হ’ব পাৰে|

কেঞ্চাৰলৈ পৰিবৰ্তন হ’ব পৰা কিছুমান ৰোগ

কিছুমান সাধাৰণ ৰোগ কেঞ্চাৰলৈ পৰিবৰ্তন হ’ব পাৰে, যেনে স্তনৰ এবিধ ৰোগ ডিসপ্লাছিয়া, মূখৰ ভিতৰত বগা পৰা ৰোগ,(leukoplakia, submucous fibrosis), পাকস্থলীৰ প্ৰদাহ ৰোগ, থাইৰয়ড গ্ৰন্থিৰ গ্ৰথবুৰ্দ (adenoma), পিত্তাশয়ৰ পূৰণা প্ৰদাহ, বৄহ‍ত্‍অন্ত্ৰৰ পলিপ ,  আদি| এই সকল ৰোগীয়ে নিয়মিত ভাবে পৰীক্ষা কৰাতো প্ৰয়োজনীয় যাতে প্ৰথম অবস্থাতে কেঞ্চাৰ প্ৰতিৰোধ কৰিব পৰা যায়|

বিপদ সঙ্কেত

আন সকলো ৰোগৰ দৰে কেঞ্চাৰ ৰোগো অতি সোনকালে নিৰ্ণয় কৰি চিকি‌‍ত্সা কৰোৱাটো আৱশ্যকীয়, কাৰণ প্ৰাথমিক পৰ্যায়তে চিনাক্ত হ’লে নিৰাময়ৰ আশাও বাঢ়ি যায়|কেঞ্চাৰে শৰীৰক আক্ৰমণ কৰাৰ ফলত শৰীৰত কিছু বিজুতিয়ে দেখা দিব পাৰে যাক ৰোগীয়ে সূক্ষ্ম পৰ্য্যবেক্ষণৰ দ্বাৰা উপলব্ধি কৰিব পাৰে|নিম্নোক্ত লক্ষণ সমূহ দেখা দিলে ত‌ত্ক্ষনাত চিকিত্‍কৰ কাষ চাপক | যদিও এই লক্ষণ সমূহ কেঞ্চাৰৰ নহবও পাৰে তথাপিও কথিত আছে যে -

“দহোটা মিছা বিপদ সংঙ্কেত -এটা পলমকৈ পোৱা নিৰ্ণয়তকৈ ভাল|” এই চিন আৰু লক্ষণ সমূহক (উপলব্ধি আৰু পৰ্য্যবেক্ষণ কৰা) “বিপদ সংঙ্কেত”বুলি কোৱ হ’য় আৰু এই বিলাক এনেধৰণৰ হ’ব পাৰে…..

১) শৌচ-প্ৰস্ৰাৱৰ প্ৰ্কৄতিৰ পৰিবৰ্ত্তন

আগৰ স্বাভাৱিক শৌচ হোৱাৰ পৰিবৰ্তে শৌচ কচা বা পনীয়া হ’ব পাৰে|যি বৄহদান্ত্ৰৰ কেঞ্চাৰৰ এক আগতীয়া সূচনা হ’ব পাৰে| মূত্ৰতন্ত্ৰৰ কেঞ্চাৰৰ চিন হিচাবে সঘনাই প্ৰস্বাৱ হোৱা, প্ৰস্বাৱৰ সোঁত কমি যোৱা, প্ৰস্বাব জমাহৈ থ্কা , প্ৰস্বাৱৰ লগত তেজ যোৱা ইত্যাদি প্ৰস্বাৱৰ প্ৰকৄতি সলনি হ’ব পাৰে|

২) নুশুকুৱা ঘা

উন্নত চিকি‍ত্‍সা সত্বেও শৰীৰৰ যিকোনো অংশৰ নুশুকুৱা ঘা, কেঞ্চাৰৰ পূৰ্বাভাস হ’ব পাৰে|

৩)শৰীৰৰ কোনো অংশৰ পৰা অস্বভাৱিক পৰিমাণৰ তেজ যোৱা

দেহৰ যিকোনো অংশৰ পৰা অস্বভাৱিক পৰিমাণৰ তেজ বা স্ৰাৱ যোৱা , শৌচ-প্ৰস্ৰাৱ, বমি-কাঁহৰ লগত তেজ গলে তাৰ সঠিক কাৰণ উলিয়াবলৈ সম্পূৰ্ণ আৰু সঠিক পৰীক্ষা কৰোৱা উচিত| তেজৰ পৰিমাণ বা তেজ যোৱাৰ পৌন:পৌনিকতাৰ ওপৰত কেঞ্চাৰ হ্য় নে নহয় সেয়া নিৰ্ভৰ নকৰে|

৪)স্তন বা শৰীৰৰ যি কোনো অংশ ডাঠ হৈ যোৱা বা ফুলি উঠা

শৰীৰৰ যি কোনো অংশত ডাঠ হৈ যোৱা বা ফুলি উঠা, টেমুনা উঠা, স্তনাগ্ৰৰ পৰা স্ৰাৱ ওলালে বা তাৰ আকৄতিৰ পৰিবৰ্তন ঘটিলে, বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰোৱা উচিত (সেয়ে, বিশেষকৈ স্ত্ৰীৰ ক্ষেত্ৰত স্তনৰ নিজে কৰা পৰীক্ষা বা self examination of  Breast ত ইমান গুৰুত্ব দিয়া হয়)

৫) বদহজমী হোৱা বা গিলোতে অসুবিধা হোৱা

বদহজমী হোৱা বা গিলোতে অসুবিধা হোৱা, হজম নোহোৱা, পেটৰ ওপৰ ভাগত বিষ বা অসুবিধা হোৱা, ভোক নোহোৱা, বমি ভাৱ হোৱা, অন্য কোনো কাৰণ নোহোৱাকৈ এইবোৰ বিশংগতিও কেঞ্চাৰৰ আগতীয়া লক্ষণ হ’ব পাৰে|

৬) আচিনাই বা মাহৰ চকুত পৰা পৰিবৰ্তন

আমাৰ শৰীৰত থকা আচিনা বা মাহৰ চকুত লগা পৰিবৰ্তন, আকাৰ বৃদ্ধি, বিশেষকৈ চুলি নথকা মাহৰ, ৰঙ বা প্ৰকৄতি সলনি হ’য়, খহটা হৈ যায়, বা তেজ ওলাবলৈ ধৰে, ,তেনেহলে ততালিকে চিকিত্‍সকৰ পৰামৰ্শ লোৱা উচিত|

৭)অস্বস্তিকৰ কাঁহ বা মাত সলনি হোৱা

দীৰ্ঘদিনিয়া চিকিত্‍সা সত্বেও ভাল নোপোৱ কাঁহ, বা দুসপ্তাহৰ বেছি দিন ধৰি থকা ভগা মাত সযতনে পৰিক্ষা কৰাব লাগে|

কোৱা বাহুল্য যে ওপৰত উল্লেখ কৰা বিপদ সঙ্কেত সমূহৰ এটাও শৰীৰত কেঞ্চাৰ ৰোগ নিৰ্ণয়ৰ বাবে অপৰিহাৰ্য্য নহয়|ই কেৱল এক সচেতনতা জাগ্ৰত কৰাৰ প্ৰচেষ্টা হে যে আমি যথেষ্টা চিকিত্‍সা কৰাৰ পাছতো সুফল নাপালে এজন বিশেষজ্ঞৰ সহায়ত সন্দেহ নিৰ্মূল কৰাৰ প্ৰচেষ্টা কৰা উচিত|ৰোগী আৰু চিকিত্‍কৰ সচেতনতাই সোনকালে এই ৰোগ নিৰ্ণয় কৰিব পাৰিলে ৰোগী এজনে ৭০-৮০%উপশম আশা কৰিব পাৰে|

ডাঃ বৰ্ণালী দেউৰী

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate